জীৱ শ্ৰেষ্ঠ আমি মানুহ
মানুহৰ পৃথিৱীত অমানৱীয় কাণ্ড
অৱহেলিত হৈ ৰয় মাথো নাৰী
অদিকাৰৰ বাবে আৰম্ভ হয় সংগ্ৰাম
নাৰীয়েতো স্বাধীনতা বিচাৰে
জীয়াই থকাৰ স্বাধীনতা
নাৰী অবিহনে থাকিবনে এই পৃথিৱী।
— দিপাশ্ৰী দত্ত
শিশুলীলা
লেখক:
- ।।শিশুলীলা।।
- ।।শ্ৰীশ্ৰীকৃষ্ণায় নমঃ।।
- শ্লোক।।
- শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকীনন্দনায় চ।
- নন্দগোপাকুমাৰায় গোবিন্দায় নমো নমঃ।।
- নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে।
- নমঃপঙ্কজনেত্ৰায় নমস্তে পঙ্কজঙ্ঘয়ে।।
- বসুদেৱসুতং কৃষ্ণং কংস-চানুৰমৰ্দ্দনম্।
- দৈৱকীপৰমানন্দং কৃষ্ণং বন্দে জগতগুৰুম্।।
- হৰি ৰাম ৰাম ৰাম।।
- মুকং কৰোতি বাচালং পুঙ্গুং লঙ্ঘয়তে গিৰিং।
- যত্কৃপা তমহং বন্দে পৰমানন্দমাধমং।।
- ঘোষা৷৷
- কৃষ্ণ গোপাল কৰুণাময় ৰাম ৰাম হৰি৷৷১৷৷
- পদ৷৷
- কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ৷
- শঙ্খ চক্র গদা পদ্ম কৰত তোমাৰ৷৷
- পীত-বস্ত্ৰে শোভে আতি শ্যাম কলেৱৰ৷
- কমল-লোচন চাৰু অৰুণ অধৰ৷৷১৷৷
- সুন্দৰ নাসিকা কৰ্ণে মকৰ-কুণ্ডল৷
- কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জল৷৷
- আপাদ-লম্বিত বন-মালা জ্বলে গলে৷
- শোভে আতি শ্ৰীবৎস বহল বক্ষস্থলে৷৷২৷৷
- চাৰু চাৰি ভুজ জ্বলে আজানু-লম্বিত৷
- কৰিকৰ সম উৰু বৰ্ত্তুল বলিত৷৷
- চৰণ-কমল যেন নৱ পদ্ম-কোষ৷
- যাক দেখি ভকতৰ পৰম সন্তোষ৷৷৩৷৷
- প্ৰসন্ন বদনে জ্বলে অলকা-তিলক৷
- বসুদেৱে দেখিলন্ত অদ্ভূত বালক৷৷
- পৰি দুয়ো প্ৰাণী পাছে কৰিলন্ত তুতি৷
- পিতৃত কহিলা প্ৰভু সমস্তে যুগুতি৷৷৪৷৷
- ভৈলা শিশু-ৰূপ তৈতে প্ৰভু নাৰায়ণ৷
- কোলে লৈয়া বসুদেৱ লৰল তেখন৷৷
- ভাগিল নিহল ভৈল মেলান কপাট৷
- দেখি ভয়ে যমুনা আপুনি দিলা বাট৷৷৫৷৷
- বৰিষে কণিকা মেঘে ওপৰত গাজে৷
- ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে৷৷
- যশোদাৰ তৈতে উপজিলা যোগমায়া৷
- অতি অচেতনে নিদ্ৰা গৈলা নন্দ-জায়া৷৷৬৷৷
- তাহানে শয্যাত নিয়া থৈলন্ত তোমাক৷
- বসুদেৱে আনিলন্ত নন্দৰ কন্যাক৷৷
- শিশুভাৱে গোকুলত ক্রীড়িলা অপাৰ৷
- সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ৷৷৭৷৷
- অচিন্ত্য-মহিমা হৰি পুৰুষ পুৰাণ৷
- লীলা কৰি অনেক দৈত্যৰ লৈলা প্ৰাণ৷৷
- কংসৰ পাঞ্চনি পাই যত দৈত্য আসে৷
- তুমি অগনিত যেন পুৰি মৰে ঝাসে৷৷৮৷৷
- আসিলেক পূতনা মোহিনী নাৰী-বেশে৷
- স্তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে৷৷
- কোলে ধৰি তোমাক দিলেক স্তন দান৷
- স্তন পানে পূতনাৰ শুষিলাহা প্ৰাণ৷৷৯৷৷
- শকটৰ তলে থৈলা যশোদা শুৱাই৷
- লাথি হানি শকট পেহ্লাইলা ওভোতাই৷৷
- হেন দেখি যশোদা সুন্দৰী মহাদুখে৷
- আথে-বেথে কোলে লৈয়া স্তন দিলা মুখে৷৷১০৷৷
- কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে যুগুতি৷
- ৰাম নাম বিনে নাহি কাহাৰো মুকুতি৷৷
- হেন জানি নিৰন্তৰে এড়ি আন কাম৷
- পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম৷৷১১৷৷
- পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে৷৷2
- পদ৷৷
- চক্রবাত অসুৰে কৃষ্ণক নিলা হৰি৷
- আকাশত মাৰিলা গলত চেপি ধৰি ৷৷
- কৃষ্ণক হিয়াত লৈয়া পৰিলা ভূমিত৷
- জুড়াইল তোমাক পায়া যশোদাৰ চিত্ত ৷৷১২
- ছলে হামি তুলি তুমি দেখাইলা মাৱত৷
- মুখৰ ভিতৰে আছে সমস্ত জগত৷৷
- কম্পিল শৰীৰ যশোদাৰ হেন দেখি৷
- পৰম বিস্ময় হুয়া মুদিলন্ত আখি৷৷১৩
- বসুদেৱে পঠাইলা আসিল গৰ্গ ঋষি৷
- গোপ্য কৰি জাতকৰ্ম্ম কৰিলা হৰিষি৷৷
- কহিলা নন্দৰ আগে যত গুণ-গ্ৰাম৷
- বিধিৱতে তোমাৰ থৈলন্ত কৃষ্ণ নাম৷৷১৪
- আণ্ঠু কাঢ়ি ৰিঙ্গা পাৰি ফুৰা ব্ৰজ মাঝে৷
- সোণাৰ ঘুঙ্গৰাচয় কঙ্কালত বাজে৷৷
- বৃষৰ শুনিয়া নাদ চমকি উলটি৷
- আথে-বেথে ধৰা গৈয়া মাৱক সাৱটি৷৷১৫
- থিয়দঙ্গা দিয়া পাছে তুমি দামোদৰ৷
- অনৰ্থ কৰিয়া ফুৰা গোৱালীৰ ঘৰ৷৷
- আনন্দতে সমস্ত গোৱালীগণে আসি৷
- কৃষ্ণৰ অকীৰ্ত্তি যশোদাৰত দেয় হাসি৷৷১৬
- কি ভৈল তোমাৰ ইটো তনয় দুৰ্জ্জন৷
- কৃষ্ণৰ নিমিত্তে আউৰ নৰহে জীৱন৷৷
- গাই নতু দোহন্তে দামুৰি মেলে গই৷
- গৃহ পশি চুৰি কৰি খান্ত দুগ্ধ দই৷৷১৭
- বানৰকো খুৱাৱে গোৱিন্দ কিনো চাণ্ড৷
- ঢুকি যেৱে নপাৱৈ মনত নাহি তুষ্টি৷
- সিকিয়াৰপৰা আনে উড়লত উঠি৷৷১৮
- শৰীৰৰ ৰত্নগণে ফুৰে পসৰাই৷
- আন্ধাৰতো খুকজি পান্ত লুকান নযায়৷৷
- বস্তুক নপাইলে খুজি মাৰন্ত ছৱালি৷
- গৃহত বৰ্চ্ছিয়া পলাই যান্ত বনমালী৷৷১৯
- মাৱৰ কোলাত আছা তুমি জগন্নাথ৷
- সভয়-নয়ন হুয়া চপৰাইলা মাথ৷৷
- হেন দেখি যশোদা পুত্ৰক নোবোলয়৷
- আনন্দে ৰহিলা হাসি পুত্ৰ মুখ চায়৷৷২০
- ডৰিবাক দেখিয়া পুত্ৰক বৰনাৰী৷
- বুকুত সাৱটি ধৰিলন্ত চুমা পাৰি৷৷
- মাধৱৰ শিশুলীলা শুনা সৰ্ব্বলোক৷
- বোলা হৰি হৰি যত পাতক ছাড়োক৷৷২১
- ঘোষা৷৷
- কেশৱ কৃষ্ণ কৰুণাসিন্ধু৷
- ত্ৰাহি জগন্নাথ অনাথ বন্ধু৷৷৩
- পদ৷৷
- এহিমতে ব্ৰজে আনন্দে হৰি৷
- কৰন্ত ক্রীড়া শিশুৰূপ ধৰি৷৷
- যত গোপশিশু বলাই আদি৷
- সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী৷৷২২
- যশোদাৰ আগে দিলেক খল৷
- খাইলেক কৃষ্ণে মাটি একদল৷৷
- শুনিয়া যশোদা সুন্দৰী হাসি৷
- পুত্ৰৰ হাতত ধৰিলা আসি৷৷২৩
- কেনে মাটি কাইলি অৰে গোপাল৷
- কোবাই আজি তোৰ ফাড়িবো ছাল৷৷
- শুনিয়া কৃষ্ণৰ হৰিল মাত৷
- চক্ষু টেৰ কৰি মাৱক চান্ত৷৷২৪
- ভয়তে যেন কাম্পে হাত-ভৰি৷
- যশোদা দেখে পুত্ৰ গৈলা ডৰি৷৷
- মুখক চাহন্তে লাগয় বেথা৷
- কিয় মাটি খাইলি সোধন্ত কথা৷৷২৫
- লগৰ শিশু বোলে সমুদায়৷
- বলায়ো বোলে তোৰ জ্যেষ্ঠ ভাই৷৷
- মাতন্ত কৃষ্ণে যশোদাক চাই৷
- মিছা মাতৈ সৱে শুনিও আই৷৷২৬
- কদাচিতো মঞি নখাওঁ মাটি৷
- দাদা বলভদ্ৰে বোলন্ত ঘাটি৷৷
- পতিয়ান নাই চোৱা বিচাৰি৷
- হেন শুনি মাতে যশোদা নাৰী৷৷২৭
- বায়ো বেন্ত যেৱে মাটি নখাইলি৷
- শুনিয়া শিশু-ৰূপী বনমালী৷৷
- চৱা মুখ বুলি মাৱক মাতি৷
- বাইলন্ত বেন্ত প্ৰকাশিয়া আতি৷৷২৮
- যশোদা সুন্দৰী দেখন্ত পাছে৷
- সমস্ত জগত গৰ্ভতে আছে৷৷
- সাতোখন দ্বীপ সাতো সাগৰ৷
- গিৰি বন নদী গ্ৰাম নগৰ৷৷২৯
- বায়ু সূৰ্য্য শশী দিশ আকাশ৷
- তাৰাগণো তৈতে কৰে প্ৰকাশ৷৷
- সমস্ত জীৱ জ্যোতি তেজ জল৷
- সত্ব ৰজ তম ইন্দ্ৰিয়-বল৷৷৩০
- মন বুদ্ধি কাল কৰ্ম্ম যতেক৷
- সৱাকো গৰ্ভতে দেখে প্ৰত্যেক৷৷
- যতেক ধেনু গোপ গোপীজাক৷
- যশোদা দেখে তৈতে আপুনাক৷৷৩১