Home অনুভৱ অসম ৰত্ন ড০ ভূপেন হাজৰিকাঃ এটি পৰ্যালোচনা

অসম ৰত্ন ড০ ভূপেন হাজৰিকাঃ এটি পৰ্যালোচনা

by admin
0 comment
ড০ ভূপেন হাজৰিকা

ড০ ভূপেন হাজৰিকা

সংগীতসূৰ্য ড০ ভূপেন হাজৰিকা হৈছে পৃথিৱীৰ মানৱ জাতিৰ বাবে এক জ্যোতিষ্মান নক্ষত্ৰ। যি জ্যোতিষ্মান নক্ষত্ৰই পৃথিৱীলৈ নতুন প্ৰভাত আনি নৱযুগৰ সূচনাৰে সংগীতৰ আকাশখনত এক উজ্জ্বল জ্যোতি মানৱক বিলালে আৰু সেই জ্যোতিয়ে অনাগত পৃথিৱীৰ মানৱ জাতিক উদ্ভাষিত কৰি মহীয়ান কৰি তোলাৰ আকাংক্ষা আৰু হেঁপাহেৰে সমাজ সংস্কাৰ কৰিবলৈ বিচাৰিছিল। এইজন মহান ব্যক্তিৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত শদিয়াত। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিছায়া হাজৰিকা।

          শদিয়া আৰু তেজপুৰত তেখেতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা  গ্ৰহণ কৰিছিল। ১৯৪২ চনত কটন কলেজৰ পৰা ইণ্টাৰ মিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৪৬ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগত ডক্টৰেট ডিগ্ৰী লাভ কৰে আৰু চিকাগো বিশ্ববিদ্যালয়ৰ পৰা ফেল’শ্বিপ লাভ কৰে। ১৯৫৪ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপকৰূপে যোগদান কৰে। কিন্তু এবছৰৰ পিছতেই বিশ্ববিদ্যালয় বিসৰ্জন দি কলিকতালৈ যায়। তাৰ পাছত তেওঁ ৰাজনীতিত নামি পৰে আৰু ১৯৬৭ চনৰ পৰা ৭২ চনলৈ নাওবৈচা সমষ্টিৰ বিধায়ক ৰূপে নিৰ্বাচিত হয়। ১৯৫০ চনত গুজৰাটী যুৱতী  প্ৰিয়ম্বদা পেটেলৰ সৈতে নিউয়ৰ্কত যুগ্ম জীৱনৰ পাতনি মেলে।

          কৈশোৰ অৱস্থাতে হাজৰিকাদেৱে ‘কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান, মোৰ গুৰু ঐ পবিত্ৰ বৰদোৱা থান’ গীত ৰচনা কৰি গীতিসাহিত্যৰ নৈ বোৱাই সংগীত প্ৰতিভাৰ পৰিচয় দিছিল। ‘অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ’ গীতটোত তেওঁ অসমী আইৰ যি ৰূপ আৰু বৈশিষ্ট্যৰ ছবি আঁকিলে সেয়া যেন অসমীয়াৰ জাতীয় সংগীতৰ তুল্য। ‘মই এটি যাযাবৰ’, ‘সাগৰ সংগমত’, ‘বুকু হম হম কৰে’, ‘অ’ বিদেশী বন্ধু’ আদিকে ধৰি অজস্ৰ গীতৰ সোৱাদ দিয়ে। অসমৰ বহুকেইখন চলচ্চিত্ৰত তেওঁ সংগীত পৰিচালনা কৰে। ইয়াৰ উপৰি ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাত গীত গায় আৰু সংগীত পৰিচালনা কৰে। তেওঁ প্ৰথম সংগীত পৰিচালনা কৰা চলচ্চিত্ৰখন হ’ল ‘এৰাবাটৰ সুৰ’। অসমীয়াৰ উপৰি তেখেতে ১৯৫৮ চনত ‘মাহুত বন্ধুৰে’ নামৰ বাংলা চলচ্চিত্ৰৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। সেইদৰে ১৯৭৭ চনত ‘মেৰা ধৰম মেৰী মা’ নামৰ হিন্দী চলচ্চিত্ৰৰ পৰিচালক হিচাপে কাম কৰে। অন্যান্য ভাষাৰ ক্ষেত্ৰত ভোজপুৰী, কাৰ্বি, বড়ো আদি চলচ্চিত্ৰতো সংগীত পৰিচালক হিচাপে কাম কৰিছিল। ১৯৬০-৬৭ চনত হাজৰিকাদেৱে ‘শকুন্তলা’ ছবিৰ বাবে, ১৯৬৪ চনত ‘প্ৰতিধ্বনি’ আৰু ১৯৬৭ চনত ‘লটিঘটি’ ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় বঁটা আৰু ১৯৭৭ চনত পদ্মশ্ৰী বঁটা লাভ কৰে। তেওঁ লাভ কৰা বঁটা আৰু কৃতিত্ব সমূহ হ’ল-

  • ১৯৬১ চনত নিৰ্মাণ কৰা ‘শকুন্তলা’ ছবিৰ বাবে ৰাষ্ট্ৰপতি পদক
  • ১৯৬৪ চনত নিৰ্মাণ কৰা ‘প্ৰতিধ্বনি’ ছবিৰ বাবে ৰাষ্ট্ৰপতি পদক
  • ১৯৬৬ চনত নিৰ্মাণ কৰা ‘লটিঘটি’ প্ৰথম অসমীয়া ব্যংগ চলচ্চিত্ৰখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
  • ১৯৭৬ চনত আব্দুল মজিদৰ পৰিচালিত ‘চামেলি মেমচা’ব’ৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে। এই সংগীতৰ বাবে ‘ৰজত কমল বঁটা’
  • ১৯৭৮ চনত দুখন ‘আমি এক যাযাবৰ’ বুলি আঠোটা বঙালী গীতৰ এল পি ৰেকৰ্ড এইছ এম ভি ৰ পৰা এখন এম্বেচেদৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ
  • ১৯৭৭ চনত পশ্চিমবঙ্গৰ ‘বঙালী চলচ্চিত্ৰ পুৰস্কাৰ সমিতি’এ ‘দম্পতী’ ছবিখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ
  • ১৯৭৭ চনত পদ্মশ্ৰী বঁটা
  • ১৯৭৮ চনত ‘সীমনা পেৰিয়ে’ৰ সংগীত পৰিচালনাৰ কাৰণে ‘বাংলাদেশ ফিল্ম ইণ্ডাষ্টিজ’ৰ তৰফৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে সন্মানিত
  • ১৯৭৬ চনৰ ২৬ জানুৱাৰীত অৰুণাচল চৰকা্ৰৰ পৰা ‘মেৰা ধৰম মেৰি মা’ নামৰ হিন্দী ছবি নিৰ্মাণ কৰাৰ বাবে সোণৰ পদক উপহাৰ
  • ১৯৭৯ চনত মহুৱা সুন্দৰী নাটকৰ শ্ৰেষ্ঠ লোকসংগীত শিল্পী বঁটা
  • ১৯৮৭ চনত অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা 
  • ১৯৮৭ চনত সংগীত নাটক একাডেমী বঁটা 
  • ১৯৮৭ চনত ইন্দিৰা গান্ধী স্মৃতি বঁটা 
  • ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিবেশনৰ সভাপতিৰ আসন
  • ১৯৯৩ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • ১৯৯৩ চনত ১৯৯২ চনৰ বাবে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ‘দাদা চাহেব ফাল্কে বঁটা
  • ২০০১ চনত পদ্মভূষণ বঁটা
  • ২০০১ চনত মধ্যপ্ৰদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা 
  • ২০০৮ চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যচাৰ্য সন্মান
  • ২০০৯ অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা
  • ২০১২ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে সন্মানিত
  • ২০১৯ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত

তেওঁৰ গ্ৰন্থপঞ্জী

  • ১৯৬৭ চনত সুন্দৰৰ ন দিগন্ত নামৰ প্ৰবন্ধ
  • ১৯৮০ চনত সুন্দৰৰ সৰু-বৰ আলিয়েদি নামৰ প্ৰবন্ধ
  • ১৯৮১ চনত সময়ৰ পখী ঘোঁৰাত উঠি নামৰ প্ৰবন্ধ
  • ১৯৮৩ চনত সহস্ৰজনে মোক প্ৰশ্ন কৰে নামৰ প্ৰবন্ধ
  • ১৯৯৩ চনত কৃষ্টিৰ পথাৰে পথাৰে নামৰ প্ৰবন্ধ
  • ১৯৯৩ চনত জ্যোতি ককাইদেউ নামৰ প্ৰবন্ধ
  • ১৯৯৩ চনত বিষ্ণু ককাইদেউ নামৰ প্ৰবন্ধ
  • ১৯৯৩ চনত ব’হাগ মাঁথো এটি ঋতু নহয় নামৰ প্ৰবন্ধ
  • ১৯৯৩ চনত বহ্নিমান লুইতৰ পাৰে পাৰে নামৰ প্ৰবন্ধ
  • ১৯৯৩ চনত নন্দনতত্বৰ কৰ্মীসকল নামৰ প্ৰবন্ধ
  • ১৯৯৩ চনত সোঁৱৰণী মোৰ ৰঙালী জীৱনৰ নামৰ প্ৰবন্ধ
  • ১৯৯৩ চনত সম্পাদকীয় নামৰ প্ৰবন্ধ
  • ১৯৯৩ চনত মোৰ দেশ: মোৰ মনৰ কথা নামৰ প্ৰবন্ধ
  • ২০০৬ চনত প্ৰসংগ সুন্দৰৰ নামৰ প্ৰবন্ধ
  • ১৯৫৫ চনত জিলিকাব লুইতৰে পাৰ নামৰ গীত সংকলন
  • ১৯৬২ চনত সংগ্ৰাম লগ্নে আজি নামৰ গীত সংকলন
  • ১৯৬৮ চনত আগলি বাঁহৰে লাহৰি গগনা নামৰ গীত সংকলন
  • ১৯৮০ চনত বহ্নিমান ব্ৰহ্মপুত্ৰ নামৰ গীত সংকলন
  • ১৯৯৩ চনত গীতাৱলী নামৰ গীত সংকলন
  • ১৯৭৬ চনত দিহিঙে-দিপাঙে নামৰ ভ্ৰমণ কাহিনী
  • ১৯৯৩ চনত মই এটি যাযাবৰ নামৰ ভ্ৰমণ কাহিনী
  • ১৯৭৬ চনত ভূপেন মামাৰ গীতে-মাতে অ-আ ক-খ নামৰ শিশুগ্ৰন্থ

          এইজনা মহান পুৰুষৰ কৰ্মৰাজি অৰ্থাৎ আদৰ্শৰে আমি আদৰ্শবাদী হোৱা উচিত। ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনা এইজনা অসমীয়াৰ হিয়াৰ আমঠু শিল্পীয়ে শেষ নিঃশ্বাস ত্যাগ কৰে।

— গীতামনি কাকতি

সম্পৰ্কীয় লেখা

Leave a Comment

* By using this form you agree with the storage and handling of your data by this website.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept