Home কবিতা আকাশ

আকাশ

by admin
0 comment

ৰ’দে শুকাই নিয়া আশা

বৰষুণে ধুই নিয়া আশা

তাৰ পাছে পাছে দৌৰি আমি

আমিবোৰ সুখ আৰু দুখৰ এক সমাহাৰ

তৰাহীন আকাশক চাই প্ৰশ্ন কৰো

আছেনে জীৱনৰ সৌন্দৰ্য তাত

আমিবোৰ মানুহ

জীৱনৰ শেষত স্মৃতি হয় সকলো।

— বিকাশ জ্যোতি শইকীয়া

 

শ্ৰীৰামবিজয়
লেখক: শ্ৰীমন্ত শঙ্কৰদেৱ

॥ নমো ভগৱতে শ্ৰীকৃষ্ণায়॥
প্ৰথম শ্লোক
যন্নামাখিল লোকশোকশমনং যন্নাম প্ৰেমাস্পদম
পাপাপাৰ পায়োধি তাৰণবিধৌ যন্নামপীনপ্লৱঃ।
যন্নামশ্ৰৱণাত্ পুনাতিশ্বপচঃ প্ৰাপ্নোতিমোক্ষং ক্ষিতৌ
তং শ্ৰীৰাম মহং মহেশবৰদং ৱন্দে সদা সাদৰম্॥ ১॥
অপিচ
যেনাভাজি ধনুঃ শিৱস্য সহসা গীতা সমাশ্বাসিতা।
যেনাকাৰি পৰাভৱো ভৃগুপতেৰামস্য ৰামশ্চমঃ।
বৈদেহ্যা বিধিৱদ্বিৱাহমকৰোত্ নিৰ্জিত্য যঃ পাৰ্থিবান।
যুষ্মাকং বিতনোতুশং হি ভগৱান শ্ৰীৰমাচন্দ্ৰশ্চিৰম্॥

নান্দী গীত॥ ৰাগ সুহাই॥ মান একতালি॥

ধ্ৰুং॥ জয় জয় জগজীৱ ৰাম। কয়লো পৰিণাম॥
পদ॥ যাহে গুণ নাম মুহেগাই। পাপী পৰম পদ পাই॥
ওহি ভৱ তাপ অপাৰা। যাহে স্মৰণে কৰু পাৰা॥
অজগৱ ভঞ্জন কাৰী। পাৱল জনক কুমাৰী॥
নৃপসৱ ছেদল বাণে। কৃষ্ণ কিঙ্কৰে এহু ভাণে॥
॥ নান্দ্যন্তে সূত্ৰধাৰঃ॥
অলমতি বিস্তৰেণ॥ প্ৰথমং মাধৱো মাধৱ ইত্যুক্ত্বা শ্ৰীৰামচন্দ্ৰং প্ৰণম্য সভাসদঃ সম্বোধ্যাহ॥
শ্লোক॥
ভো ভো সামাজিকাঃ য়ুয়ং শৃণুধ্বমধুনা বুধাঃ।
শ্ৰীৰাম বিজয় নাম নাটকং মুক্তিসাধকম্॥
॥ অথ ভটিমা॥
জয় জয় ৰঘুকুল কমল প্ৰকাশক
দাসক নাশক ভীতি।
জয় জয় নিজজন যাতন ঘাতন
পাতন পাতক ৰীতি॥
হৰক শৰাসন নাশক শাসন
নৃপসৱ বাণ সন্ধানে।
ছেদল ভেদল খেদল দাপে
তাপে পলাৱত প্ৰাণে॥
ভৃগুবৰ ৰামক বামক কামক
কয়লি দৰপ উপান্ত।
ভৱ ভয় ভঞ্জন সজ্জন ৰঞ্জন
জীৱন জানকী কান্ত॥
যোহি বনমালী বালী ঘালি
ৰাজা কৰু সুগ্ৰীৱ।
যাহেৰি কোপ কটাক্ষ নিৰেখি
কম্পিত জলধিক জীৱ॥
সমৰক নাগৰ নাগৰ সাগৰ
শিলা সেতু কয় বন্ধ।
ভকতক ভীতা সীতা নীতা
যুদ্ধে বিধিয়া দশস্কন্ধ॥
সাফলল বাণী জানি আনি
থাপি বিভীষণ পাট।
যতয়া আতঙ্কা লঙ্কা শঙ্কা
কয়লি পুলু উতপাত॥
জগতক অন্তক অন্তক সন্তক
পূৰল পৰম কাম।
ভূমিক ভাৰ উদ্ধাৱল তাৰল
সুৰ নৰ ৰাজা ৰাম॥
ব্ৰহ্মা মহেশ্বৰ কিঙ্কৰ যাকৰ
পৰি পৰি কৰতু সেৱা।
ত্ৰিভুৱন কাৰণ তাৰণ মাৰণ
যোহি দেৱকু দেৱা॥
সোহি মহেশ্বৰ ৰামক নাটক
শুন মন কয়ো বিশ্বোআস।
যাহেৰ কথনে মথনে কৰয়
কলিমল সকলে বিনাশ॥
অসাৰত সাৰত কাৰত ভাৰত
নৰতনু বিফলেহি যায়।
পদ অৰবিন্দ অনিন্দ্য গোৱিন্দ
হৃদি পঙ্কজে ধৰু ভাই॥
ধন জন জীৱন যৌৱন বিজুৰি
উৰুৰি দেখা না দেখা।
জানৱ কেশৱ দেৱাসে দেৱা
সোহি শিলা কৰু ৰেখা॥
সৱ অপৰাধক বাধক সাধক
সিদ্ধি কৰু হৰিনাম।
কহ কৃষ্ণ কিঙ্কৰ লোক নিৰন্তৰ
ডাকি বোলহু ৰাম ৰাম॥
সূত্ৰ॥ ভো ভো সভাসদ সাধুজন। যে জগতক পৰম ঈশ্বৰ নাৰায়ণ ভূমিক ভাৰ হৰণ নিমত্ত দশৰথে গৃহে অৱতৰল সোহি ভগৱন্ত শ্ৰীৰামৰূপেঃ ওহি সভামধ্যে প্ৰৱেশ কয়কহু সীতা বিৱাহ বিহাৰ নৃত্য পৰম কৌতুকে কৰবঃ তাহে সাৱধানে দেখহ, শুনহ। প্ৰথমে লক্ষ্মন সহিত শ্ৰীৰামক প্ৰৱেশ তদনন্তৰ সখীসৱ সহিত সীতাক প্ৰৱেশ ইতি জ্ঞাত্বা সৰ্ব্বে সাৱধানে স্থিয়তাম্॥
পুনঃ সূত্ৰ॥ আহে সঙ্গী কি বাদ্য শুনিয়ে॥
সঙ্গীবোল॥ সখী, দেৱ-দুন্দভি বাজত,
আহে দেৱ-দুন্দভি বাজত॥
সূত্ৰ॥ অঃ শ্ৰীৰামচন্দ্ৰ মিলল॥
শ্লোক॥
প্ৰৱেশমকৰোত্ কামং ৰামো ৰাজীৱলোচনঃ।
সসোদৰো ধনুষ্পাণি ৰূপেনা প্ৰতিমো ভুবি॥
সূত্ৰ॥ আহে সভাসদ। হামু যাকৰ কথা কহৈছি সে শ্ৰীৰাম লক্ষ্মণ সহিতে এ আৱত, এ আৱত।
গীত॥ ৰাগ সিন্ধুৰা॥ একতালি॥
ধ্ৰুং॥ ভেলি পৰৱেশ পৰমেশ ৰঘুনাথে।
সঙ্গে সোদৰ শৰ ধনু ধৰি হাতে॥
পদ॥ শ্যাম ৰুচিৰ চিৰ পীত পৰকাশ।
পঙ্কজ নয়ন বয়ন মন্দ হাস॥
মণিময় মুকুট কুণ্ডল গণ্ড দোলে।
হেৰি মুৰুতি মন মনমথ ভোলে॥
মাণিক মৌতি জ্যোতি হেমহাৰা।
গগণ উজোৰ যৈচন ৰুচি তাৰা॥
চৰণক ৰঞ্জি মঞ্জিৰ মণি ৰোল।
কৃষ্ণ কিঙ্কৰ ওহি শঙ্কৰ বোল॥
সূত্ৰ॥ ওহি প্ৰকাৰে শ্ৰীৰামচন্দ্ৰ প্ৰৱেশ কয় এক পাশা হুয়া ৰহল। তদনন্তৰ সীতাক প্ৰৱেশ শুনহ॥
আহে সঙ্গী, কি বাদ্য বাজত॥

সঙ্গী বোল॥ আয়ে দেৱ বাদ্য বাজে॥
সূত্ৰ॥ আঃ জনক নন্দিনী সীতা সখীসৱ সহিত মিলল মিলল॥
শ্লোক॥
চকাৰ জানকী কামং প্ৰৱেশং সখী সঙ্গতা।
চিন্তয়ন্তী ৰামচন্দ্ৰ চৰণৌ ৰুচিৰাননা॥
সূত্ৰ॥ হে সামাজিক, সখি মদনমন্থৰা, কণকাৱতী সহিত সে জনকনন্দিনী সীতা ৰামক চৰণ চিন্তি প্ৰৱেশ কয় আৱে, তা দেখহ, শুনহ, নিৰন্তৰে হৰি বোল হৰি বোল॥
গীত॥ ৰাগ সুহাই॥ একতালি॥
ধ্ৰুং॥ আৱে জনকসূতা কয় পৰৱেশ।
পেখিয়ে বদন মদন মন ক্লেশ॥
পদ॥ মাণিক মুকুট কুণ্ডন কৰু কান্তি।
ইষত হাসি চান্দক ৰুচি চোৰ।
নীল অলক লোচন চকোৰ॥
কণক কেয়ূৰ ঝণকিত কাই।
ৰামক চৰণ চিন্তিয়ে চিত্ত লাই॥
পদ পঙ্কজ মণি মঞ্জিৰ ৰোল।
ৰূপে ভুৱন ভুলে শঙ্কৰে বোল॥
সূত্ৰ॥ হে সামাজিক লোক। সে জনকনন্দিনী সীতা, সখীসৱ সহিত নৃত্য কৰিয়ে সে জাতিস্মৰ কন্যা, পূৰ্ব জন্মক কথা চিত্তে পৰল। তাহে সুমৰি, পৰি ক্ৰন্দন কয় ৰহল। তাহে পেখি সখী মদনমন্হৰা, সখী কণকাৱতী বাহু মেলি ধৰি পুচত॥
মদনমন্থৰা কণকাৱতী বোল॥ আহে সখী। তুহু ৰাজনন্দিনী, কোন সম্পত্তি , নাহি থিক। কি নিমিত্ত বাৰম্বাৰ বিলাপ কৰহ। প্ৰাণ সখী, হামাক শপত, তোহাৰ পাৱৰে লাগো, হামাত সত্বৰ কথা কহ।
শ্লোক॥
ততঃ সীতা ৱিনিঃশ্বস্য চৰিতং পূৰ্ব্বজন্মনঃ।
সখীভ্যাং বৰ্ণয়ামাস ৰুদতী সূদতী সতী॥
সূত্ৰ॥ সীতা কতি বেৰি স্বস্থ হয়া, আঞ্চোৰে আখি মুখ মুচি, নিশ্বাস ফোকাৰি সখীসৱক সম্বোধি বচন বোলয়ে লাগল।
সীতা বোল॥ আহে সখীসৱ। পৰম অভাগিীক কি পুচহ। হামু পূৰব জনম ঈশ্বৰ নায়ায়ণক স্বামী ইচ্ছা কয়, অনেক জনম কায় ক্লেশ কৰিয়ে, বহুত বৰিষ তপস্যা কয়লো। তদনন্তৰ আকাশী বাণী শুনলঃ আহে কন্যাঃ তোহোঁ ওহি জনমে স্বামীক ভেট নাহি পাৱবঃ আৱৰ জনমঃ শ্ৰীৰামৰূপে তোহাক বৱাহ কৰাৱব। ইহা জনি হামু অগণি প্ৰৱেশি প্ৰাণ চাড়ল। আহে সখীসৱ, সে দৈৱবাণীয়ে বিফল ভেল। সে শ্ৰীৰাম স্বামীক চৰণ ওহি জনম ভেট নাহি পালো।
সূত্ৰ॥ ওহি বুলিতে সীতাক পৰম তাপ উপজল। হা ৰাম স্বামী বুলি মাটি লুটি যৈচে বিলাপ কয়ল, তা দেখহ, শুনহ, নিৰন্তৰে হৰি বো॥
গীত॥ সুহাই॥ তাল জৌতিমান॥ চুটকলা জামান॥
ধ্ৰু॥ বিলপতি মৈথিলী মাই নীৰ নয়ন ঝুৰাই।
ঘন ঘন শ্বাস ফোকাৰত তনু চেতনু নাই॥
পদ॥ চিৰ বিৰহে দহে দেহা দিশ দেখু আন্ধিয়াৰি।
ৰময়া বিনে মন ঝামৰু পৰু মূৰুচি কুমাৰী॥
হা হৰি হা হৰি জম্পয় জীৱন যৈচন যায়।
ৰাম চৰণে লাগু গতি আৱৰি নাই॥
সূত্ৰ॥ ঐচন সীতাক বিলাপ দেখিয়ে, সখীসৱ প্ৰবোধ কয় বোলল॥
সখীসৱ বোল॥ আহে প্ৰাণসখী। সে ভকতক বান্ধৱ, তোহাক দুখ দূৰ কৰব। পূৰব জনমক তোহাক স্বামী অৱশ্যে পাৱব। হে সখী তাপ চাড়হ॥

সূত্ৰ॥ হে সামাজিক লো। জনকনন্দিনী সীতা, কিঞ্চিত স্বস্থ হুয়া, সখীসৱ সহিত,এক পাশ হুয়া ৰথল। ৰামক চৰণ চিন্তি, বয়নে হাত চৰাই, অধোমুখ হুয়া ৰহল। তদনন্তৰ ৰাজাক প্ৰৱেশ পেখহ॥
শ্লোক॥
প্ৰৱেশকৰোত্ কৃষ্ণদাসো দশৰথস্তদা
ছত্ৰ চামৰসংযুক্তো ধনুষ্পাণি নৃপোত্তমঃ॥
গীত॥ ৰাগ কানাড়া॥ পৰিতাল॥
ধ্ৰুং॥ আৱে দশৰথ পৃথিৱীনাথ।
ঢুলে চামৰ ছত্ৰ ধৰু মাথ॥
পদ॥ দুৰ্জয় বীৰ ধৰি শৰ ছাপ।
কাম্পে ৰিপু গণ যাহে প্ৰতাপ॥
ত্ৰিভুৱন ঈশ্বৰ ৰামক বাপ।
যাহে নেহাৰি দূৰ হৱে তাপ॥

সম্পৰ্কীয় লেখা

Leave a Comment

* By using this form you agree with the storage and handling of your data by this website.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept