Home চিন্তাশিল্প আমি কিমান শিক্ষিত…

আমি কিমান শিক্ষিত…

by admin
0 comment
satirtha image-23

শিক্ষিত সমাজ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাৰ সমাজলৈ নানা পৰিবৰ্তনৰ পথ মুকলি কৰিলে। এই প্ৰযুক্তিবিদ্যাৰ লগত আমাৰ সমাজৰ লোকসকলে নিজকে শিক্ষিত বুলি পৰিচয় দি আগবাঢ়ি গৈছে। কিন্তু এই শিক্ষিত সমাজখনত যিবোৰ ঘটনা সংঘটিত হৈছে এইবোৰৰ পৰা আমি নিজকে শিক্ষিত বুলি পৰিচয় দিয়াৰ ক্ষেত্ৰত উপযোগী যেন লাগে জানো· এতিয়াও আমাৰ এই শিক্ষিত সমাজখনত ডাইনী হত্যা, সাম্প্ৰদায়িক সংঘৰ্ষ, কন্যাশিশু বধ, নাৰী শোষণ, ধৰ্ষণ ইত্যাদিৰ দৰে ঘটনাবোৰ সংঘটিত হৈ আছে। ভোগবাদী দৰ্শন আৰু পণ্য সংস্কৃতিৰ বাতাবৰণে নাৰীৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰ বৃদ্ধি কৰাত ইন্ধন যোগোৱা দেখা যায়। 

          আমি যে শিক্ষিত হৈছো সেইটো মিছা নহয়, কিন্তু আমি শিক্ষিতৰ নামত কেৱল ডিগ্ৰী লোৱাতহে গুৰুত্ব দিছো। প্ৰকৃত শিক্ষিত হ’বলৈ আমি কেতিয়াও যত্ন কৰা নাই। আমাৰ সমাজখনত এতিয়া যুৱশক্তিটো শিক্ষিতৰ নামত বিপথে পৰিচালিত হৈছে। যুৱ উশৃংখলতা হৈছে সাম্প্ৰতিক সময়ৰ এটা চৰ্চিত বিষয় । যুৱকসকলে  হাই-উৰুমি কৰি ফুৰা , বাইকলৈ অতপালি কৰা , মদ-ভাঙ -চিগাৰেট আদি মাদক দ্ৰব্য সেৱন কৰা, সামাজিক পৰিবেশত কাজিয়া কৰা, জেষ্ঠজন পিতৃ-মাতৃক সন্মান নকৰা, ঘৰত বিশৃংখল পৰিৱেশ সৃষ্টি কৰা আদি কাৰ্যসমূহৰ কথাকে যুৱ উশৃংখলতা বুলিলে ক’ব পাৰি। বহু শিক্ষিত যুৱকে নিজৰ পিতৃ-মাতৃক আমাৰ সমাজত হত্যা কৰাৰ অনেক উদাহৰণ আছে। যৌতুকৰ নামত এতিয়াও বহু শিক্ষিত যুৱকে অথবা ব্যক্তিয়ে নাৰীক জ্বলাই দিয়ে। বহু সন্তানে নিজৰ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত ৰাখে। নিজৰ কামৰ বাবে তেওঁলোকে বৃদ্ধাশ্ৰমত ৰাখিব পাৰে; কিন্তু বৃদ্ধাশ্ৰমত ৰাখিয়েই যে নিজৰ দায়িত্ব আৰু কৰ্তব্য শেষ বুলি ভাৱ।  

           অন্ধবিশ্বাসৰ বলি হৈ বহুলোকক ডাইনী সজাই হত্যা কৰে। সমগ্ৰ বিশ্বৰ অনেক সংস্কৃতিত প্ৰাচীন আৰু আধুনিক কাল জুৰি ডাইনী হত্যা হৈ আহিছে। মানুহ কুসংস্কাৰত আক্ৰান্ত হৈ ডাইনী ভীতিত ডাইনী বা যি ডাইনী বিদ্যা চৰ্চা কৰে তাক হত্যা কৰি আহিছে অথবা বৰ্জন কৰি আহিছে। ডাইনী হত্যা বৰ্তমানেও আধুনিক সমাজত চলি আছে। ডাইনী হত্যাৰ ফলত আতঙ্কজনিত কাৰণত আচল ডাইনী বিদ্যা চৰ্চা কৰা লোকৰ সলনি অন্য সন্দেহজনক ভুল মানুহকো হত্যা কৰা হয়। ডাইনী হত্যাৰ কেইটামান মুখ্য কাৰণ হৈছে

  • অন্ধবিশ্বাস জড়িত প্ৰথা  তথা পৰম্পৰা
  • উপযুক্ত শিক্ষাৰ অভাৱ
  • আধুনিক স্বাস্থ্য-সেৱাৰ অভাৱ
  • দৰিদ্ৰতা 
  • চক্ৰান্ত আদি।

          আমি মনত ৰখা উচিত যে আমি তৃতীয় বিশ্বৰ দেশৰ নাগৰিক। আমি অসমীয়া সমাজত বাস কৰা মানুহ। এতিয়াওঁ আমাৰ সমাজখন ব্যক্তিকেন্দ্ৰিক হৈ যোৱা নাই। অসমীয়া সমাজখনত এতিয়াও পিতৃ আৰু মাতৃক ভগৱানৰূপে জ্ঞান কৰা হয়। কর্মব্যস্ততা, উচ্চাকাংক্ষা, ভােগ-বাসনাই বস্তুবাদী চিন্তা আদিয়ে নিজৰ দায়িত্ব আৰু কর্তব্যত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে সঁচা, কিন্তু এই ব্যস্ততাপর্ণ সমাজ ব্যৱস্থাৰ মাজত টকা-পইচা, ধন-সােণ ঘটাৰ আকাংক্ষাত জন্মদাত্রী পিতৃ -মাতৃক পাহৰি যােৱা উচিত নহয়। ই কেৱল আমাৰ স্বাৰ্থপৰতা, মনৰ সংকীর্ণতা, পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱৰ বাহিৰে আন একো নহয়, সমাজৰ একাংশ শিক্ষিত প্রজন্মৰ জৰিয়তেহে এইসমূহ হােৱা দেখা যায় 

          আমি শিক্ষিতৰ নামত আমাৰ কৃষ্টি-সংস্কৃতি ধ্বংস কৰা উচিত নহয়। মানুহৰ ঘৰে ঘৰে হুঁচৰি গাই বিহুৰ বতৰত গৃহস্থক আৰ্শীবাদ দিয়া, গৰু বিহুৰ দিনা নদীলৈ গৈ গৰুক নোৱাই-ধূৱাই মাহ হালধি ঘঁহি গা ধুউৱা, মাঘৰ বিহুত মেজি, ভেলাঘৰ সাঁজি ভোজ ভাত খোৱা, কাতি বিহুত তুলসীৰ তলত, পথাৰত বন্তি দিয়া আদি পৰম্পৰা প্ৰায়েই নোহোৱা হৈছে৷ বিবাহত আখৈতোলা, গাঁঠিয়ন খুন্দা, দৈয়ন দিয়া, সুৱাঁগুৰি তোলা আদি অনুস্থানসমূহ ক্ৰমে ক্ৰমে নোহোৱা হৈ পৰিছে৷ ভিডিঅ’ গেম, কম্পিউটাৰ, ম’বাইল আদিয়ে সাধু শুনা, সাধু কোৱা আদি প্ৰথাৰ প্ৰচলন কমাই আনিছে৷ ইয়াৰ উপৰিও সাজ-সজ্জা, খাৱন-শোৱন, আ-অলংকাৰ, খেল-ধেমালি, কেশবিন্যাস, প্ৰসাধন, সোধন-পোছন আদিৰ ক্ষেত্ৰতো নতুন নতুন বস্তুৱে চকুৰ চমক লগাবলৈ ধৰিলে৷ ইয়াৰ সৰহ ভাগকেই আমি সময়ৰ পৰিৱৰ্তনৰ ফলত গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ যদিও বেছিভাগেই আকৌ আধুনিক অন্ধ নগৰীয়া আভিজাত্যৰ ফলটো সৃষ্টি নোহোৱাকৈ থকা নাই৷ যিবোৰ ক্ৰমে ক্ৰমে গাঁৱসমূহলৈ প্ৰসাৰিত হৈ গোটেই সংস্কৃতিৰ ভেটিটোকে কপাই তুলিছে৷  খুৰা, মাহী, মামা, মা, দেউতা ইত্যাদি মধুৰ শব্দবোৰ থাকোতে আমি বিদেশী শব্দ ব্যৱহাৰ কৰি নিজকে শিক্ষিত বুলি পৰিচয় দিওঁ। ভাষা শিকাতো বেয়া কথা নহয়। আমাৰ জীৱনটো চলাই নিবৰ বাবে বিভিন্ন ভাষা জনা প্ৰয়োজন; কিন্তু ভাষা শিকাৰ নামত আমি আমাৰ ভাষাটো ধ্বংস কৰা উচিত জানো।

          আমি শিক্ষিত হৈছো কেৱল ডিগ্ৰী ল’বলৈ, ভাল কাম এটা পাবলৈ আৰু নিজকে অত্যাধুনিক বুলি পৰিচয় দিবলৈ। আধুনিক শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমেও ছাত্ৰ-ছাত্ৰীৰ মনত সাংস্কৃতিক প্ৰমূল্যবোধৰ সৃষ্টি কৰিব নোৱাৰাটো মনকৰিবলগীয়া কথা৷ বৰ্তমান  সমাজত দলৈকে শিপাই যোৱা ধৰ্মৰ গোড়ামিয়ে সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে৷ আমি শিক্ষিত হৈ আমাৰ কৃষ্টি-সংস্কৃতি, আমাৰ সমাজ-ব্যৱস্থা আৰু অন্ধবিশ্বাসবোৰ আঁতৰ কৰিবৰ বাবে চেষ্টা কৰিব লাগে।

— প্ৰিয়ংকা বৰা

সম্পৰ্কীয় লেখা

Leave a Comment

* By using this form you agree with the storage and handling of your data by this website.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept