Home অনুভৱ কুঁৱলি, অ’ কুঁৱলি…

কুঁৱলি, অ’ কুঁৱলি…

by admin
0 comment
satirtha image-33

বিবৰ্ণ-ধূসৰ হৈ পৰা এখন যেন পানীৰঙৰ ছবি/

 ছয়াময়া…অস্পষ্ট।

 এখন যেন পুৰাতন যুগৰ নগৰী– বিষণ্ণ…নিঃসঙ্গ/

      চিৰ পৰিচিত পাৰ্থিৱ পৃথিৱীখনক যেতিয়া কুঁৱলিয়ে আৱৰি ৰাখে আপোনাৰো চাগে’ তেনেকুৱাই লাগে। কুঁৱলি ছলনাময়ী, কুঁৱলি বিষণ্ণতাৰ প্ৰতিনিধি। সুউচ্চ বৃক্ষৰ সেউজ-সমুজ্জ্বল পাতবোৰৰ বৰণ সলনি হয়, জয়াল হাবিখনৰ চেহেৰা সলনি হয়… নৈ একোখন মৃতপ্ৰায় হয়… নিস্তেজ হয় বেলিৰ পোহ১…। আপোনাৰ দুচকুৰ পৰিধিত কুঁৱলিয়ে ছলনাৰ খেল খেলাৰ বাবেই সলনি হোৱা যেন লাগে সকলো। চিৰ চেনেহী পথাৰখন, চিনাকি নৈৰ পাৰঘাটটো বিষণ্ণতাত ডুবাই ৰাখিব পাৰে কুঁৱলিয়ে। কুঁৱলিৰ বাবেই পথাৰত হেৰাব পাৰে চিনাকি মাত।

      কুঁৱলি অভিসাৰী… অতৃপ্ত অশৰীৰী/

      কুঁৱলি আৰম্ভণি… বিমৰ্ষ সোঁৱৰণি//

      ছন্দহীন বৈভৱহীন কুঁৱলিৰ আছে মাথো দিগন্তপ্ৰসাৰী কম্পন/

      কুঁৱলি যেন এক ৰহস্যময় নাৰী/

      এই ৰহস্য ভেদ কৰিব নোৱাৰিয়েই জাপানী কবিয়ে লিখিছিল কুঁৱলিৰ কবিতা

অন্তহীন শূন্যলৈ তথালাগি চাওঁ

কুঁৱলিৰ খলপাবোৰত দিগন্ত দোলে।

      কুঁৱলিৰ শুভ্ৰ কণিকাবোৰে যেন বিচাৰি ফুৰে কিবা এটাপোৱা নোপোৱাৰ মধ্যাংশত পেণ্ডুলামৰ দৰে ওলমি ৰোৱা/ কব বিচাৰে প্ৰকৃতিৰ ৰহস্যময় কিছু কথা… শুনাব বিচাৰে কুঁৱলিৰ দৰেই ধূস১… সুপ্ৰাচীন সভ্যতাৰ বিষাদগাথা।

      কুঁৱলি এক ভাসমান অতৃপ্ত অনুভৱ।

      অপ্ৰা¿৫১ অনুভৱ গাঢ় কৰিব পাৰে কুঁৱলিঘন পুৱাবোৰে। কুঁৱলিয়ে বঢ়াব পাৰে শীতাৰ্ত ৰাতিবোৰৰ কলিজাৰ একোণত বাহ সজা দুখৰ নীলা চৰাইজনীৰ বিননি।

      কুঁৱলি মানে আৰম্ভণিশীতৰ/

      কুঁৱলি মানে আৰম্ভণিবিষাদৰ//

      পাত হেৰুওৱাৰ বিষাদত মৌন হৈ পৰে গছবোৰ। কৃøাংগী নৈবোৰ হৈ উঠে বিষণ্ণ…। শইচ হেৰুওৱা পথাৰবোৰৰ বাঢ়ে স্মৃতিকাতৰতা। পাৰাপাৰহীন অপাপ সমুদ্ৰৰ দৰে কুঁৱলিৰ শুভ্ৰ সমদলে কৰে সদম্ভ ঘোষণাশীত আগমনৰ।

এজন বিষণ্ণ কবি আৰু একুঠি কুঁৱলিঃ

এবাৰ মই হাতত লৈছিলো এমুঠি কুঁৱলি

আঙুলিবোৰ মেলি দি পালো এটি পতংগ

জোৰকৈ মুঠি মাৰি পুনৰ খুলি দি পালো এটি চৰাই

আকৌ মুঠি মাৰিলোখুলি দি পালো এজন মানুহ

তেওঁৰ দৃষ্টি আছিল দুখেৰে ধূসৰ

আৰু মূৰটো মাটিলৈ দোঁ-খোৱা।

পুনৰ মুঠিটো বন্ধ কৰি খোলাৰ পিচত

এমুঠি কুঁৱলিৰ বাদে একো নাপালো

মাথোঁ এটা মিঠা সুৰৰ কম্পনে মোক পৰশি গল।

      হয়, এয়া মহা-জীৱনৰ অন্বেষক খলিল জিব্ৰানৰ অনুভৱী মনৰ বহিৰ্প্ৰকাশ ঘটা এটুকুৰা কবিতা। যাৰ বাবে কুঁৱলি আছিল জীৱনৰ এক স্বৰূপ। জীৱন যাৰ বাবে আছিল কুঁৱলিৰ দৰে অল্পস্থায়ী। পৃথিৱীৰ কোনো এক প্ৰান্তৰ পান্থশালত ক্ষণিকৰ বাবে জিৰণি লোৱা পথিক বুলি নিজকে গণ্য কৰা জিব্ৰানে জীৱনচক্ৰক ৰিজাইছিল এমুঠি কুঁৱলিৰ সতে। কবিতাবোৰ শেষ হৈ গলে যিদৰে আঁতৰি যায় কুঁৱলি তেনেদৰেই সুন্দৰৰ সজা এৰি বিশাল নভোমণ্ডলৰ কোনোবা অদেখা প্ৰদেশলৈ গুচি যায় আমাৰ আত্মা/ মাটি আৰু মানুহৰ কবি জিব্ৰানে কাগজৰ ওপৰত চিয়াঁহীৰে কবিতা নিলিখি যেন শিলৰ ওপৰত কুঁৱলিৰে লেখিছিল। শীতৰ লগে লগে কুঁৱলিবোৰ যেতিয়া ঘনীভূত হৈ বৰফৰ আকাৰ ধাৰণ কৰে, তেতিয়া তাত হাত বুলাই জিব্ৰানে সৃষ্টি কৰিছিল কবিতাৰ বিচিত্ৰ মূৰ্তি।যেতিয়া টিউলিপ ফুলে, তেতিয়া হেৰাই যায় সেই বিশ্বখ্যাত কবিৰ অনুভৱকুঁৱলি ক্ষণস্থায়ী…. মায়াবী/

হঠাতে হেৰুওৱা এক বিষণ্ণ অনুভূতি

মৃত্যুৰ কোলাত জীৱন হেৰুওৱাৰ দৰে//

পাহৰণিৰ কুঁৱলি ফালি সোঁৱৰণিঃ

      কুব্জ মানে কুঁজা।

      কুঁৱলিৰ আন এটা নাম কুব্জটিকা।

      লৰালিৰ পাঠশালাত সমনীয়াৰ সতে আওৰাইছিলোঁ কুঁহিপাঠৰ শব্দমালা। তেতিয়া মোৰ বাবে আৰু মোৰ সমনীয়াখিনিৰ বাবে কুঁৱলি আছিল সময়-সংকেত। কুঁৱলি আছিল ভোগালীৰ বতৰা কঢ়িওৱা এক শিহৰণকাৰী অনুভৱৰ নাম। আবেলি কুঁৱলি পৰিলেই জানিছিলোঁ আমিবেছিপৰ নাই আৰু সন্ধিয়া হবলৈ। বেছিপৰ নাই চৰণীয়া গৰু লৈ ঘৰলৈ উভতিবলৈ।

      গোহালিত গৰু বান্ধি হাত-ভৰি ধুই যেতিয়া জুহালৰ কাষত বহোঁগৈ, তেতিয়ালৈ শুকুলা চাদৰ এখন হৈ কুঁৱলিয়ে ঢাকি ধৰে চিনাকি গাঁওখন… পথাৰখন…। জোনাক নিশা কুঁৱলিয়ে ঢাকি ধৰা গাঁওখন অচিনাকি অচিনাকি লাগি যায়। মুকলি পথাৰখন, পাণ-তামোলৰ বাৰীখনকো মায়াময় কৰি তোলে কুণ্ডলী পকোৱা কুঁৱলিবোৰে। ভৰুণ জোনৰ প্ৰভাখিনি যেন কুঁৱলিৰ কণাবোৰে শুহি শুহি  অনুজ্জ্বল কৰি তোলে।

      পুহৰি পুহৰি পুৱাতে যেতিয়া আগদিনা ধানদোৱা বাওধানৰ পথাৰত গজা কুমলীয়া ঘাঁহবোৰ খুৱাবলৈ দেউতা অথবা খুৰাৰ সতে বলদ দুহাল লৈ ওলাই যাওঁ, তেতিয়া এনে লাগেকুঁৱলিয়ে যেন আচ্ছাদিত কৰি ৰাখিব সমস্ত ধৰণী/ চুলিৰ জোপোহানিত বাহ সাজিব খোজা কুঁৱলিৰ কণিকাবোৰ দুহাতেৰে স্পৰ্শ কৰি শিহৰিত হৈ উঠোঁ। কিনো এইবোৰ· ৰ পৰানো আহে এই ধোঁৱা ধেঁাৱা যেন কুঁৱলিবোৰ· হাবিয়াস জাগে কুঁৱলিৰ ৰহস্য ভেদ কৰাৰ। ভয়ে ভয়ে সোধোঁগৈ এদিন পঢ়াশালিৰ চেনীৰাম ছাৰকজাৰকালি আহিলেই আকাশ-পথাৰ ঢাকি ধৰা কুঁৱলিবোৰনো কি· সন্তোষিত হয় চেনীৰাম ছাৰ। কৈ যায় তেওঁ

কুঁৱলি আচলতে একপ্ৰকাৰ ডাৱৰ। ভূপৃষ্ঠৰ সামান্য ওপৰত থকা বায়ুস্তৰসমূহৰ তাপ কম হলে সেই বায়ুৰ আপেক্ষিক আৰ্দ্ৰতা বৃদ্ধি পায়। যাৰ ফলত সংপৃক্ত হয় বায়ু। এনে সংপৃক্ত বায়ুৰ পৰা অতিৰিক্ত জলীয় ভাপ ওলাই আহি ঘনীভৱন হয় আৰু বায়ুমণ্ডলত ওপঙি থকা ধূলিকণাবোৰ লগ লাগি ক্ষুদ্ৰ ক্ষুদ্ৰ জলকণাত পৰিণত হয়। এই ক্ষুদ্ৰ ক্ষুদ্ৰ জলকণাবোৰেই একোটা তৰপ সৃষ্টি কৰি ভাঁহি থাকে বায়ুত। এয়াই কুঁৱলি, কুব্জটিকা, কুহেলিকা কিম্বা কুহকিনী।

      প্ৰিয় পাঠক, পাহৰিব খুজিলেও মনৰ কোনোবা কন্দৰত ৰৈ যোৱা এনে সুখ কথাবোৰ বাৰু নাহেনে মনলেপাহৰণিৰ কুঁৱলি ফালি সতেজ সোঁৱৰণি হৈ/ নাজাগেনে বাসনা এবেলাৰ বাবে হলেও ঘূৰি যাবলৈ লৰালিৰ কুঁৱলিঘন মাদকতাময় পুৱা-গধূলিবোৰৰ কাষলৈ·

দাদুল দেৱকৃষ্ণ বৰুৱা

সম্পৰ্কীয় লেখা

Leave a Comment

* By using this form you agree with the storage and handling of your data by this website.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept