Home প্ৰবন্ধ ঢেঁকী অসমীয়া লোক-সম্পদ

ঢেঁকী অসমীয়া লোক-সম্পদ

by admin
0 comment
ঢেঁকী

ঢেঁকী অসমীয়া লোক-সম্পদ – আৰম্ভণি

ধান বনা, পিঠাগুৰি খুন্দা, চিৰা খুন্দা, সান্দহ খুন্দা, কোমল চাউল খুন্দা আদি বিভিন্ন কামত ঢেঁকীয়ে অসমীয়া জনজীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

প্ৰচলন

অসমৰ লগতে ওচৰ-চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গত ঢেঁকীৰ প্ৰচলন দেখা যায়। বাংলাদেশতো ঢেঁকীয়ে কিছু ব্যাপকতা লাভ কৰিছিল। কিছু বিভিন্ন সমল তথা গৱেষকৰ তথ্যৰ ভিত্তিত ক’ব পৰা যায় যে, ঢেঁকী হ’ল ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা অতীজৰ বাসিন্দা সকলৰ এক উল্লেখযোগ্য অৱদান। অসমৰ দৰে ব্যাপক ভাৱে ঢেঁকীৰ ব্যৱহাৰ পৃথিৱীৰ কোনো ঠাইতে কৰা নহয় বুলি ক’ব পাৰি। পুৰণি সময়ত ধান বানিবলৈ বেলেগ উপায় নথকাৰ বাবে অসমৰ প্ৰায় প্ৰতিঘৰ মানুহতে ঢেঁকী আছিল।

ব্যৱহাৰ

ঢেঁকীৰ ব্যৱহাৰৰ কথা ক’বলৈ হ’লে প্ৰথমেই ক’ব লাগিব যে, ই কৃষিৰ লগত সম্বন্ধ থকা এবিধ সঁজুলী। বহু পূৰ্বৰে পৰা ঢেকীত ধান, ঘেঁহু, যৱ আদি খুন্দি চাউল, আটা বা চিৰা তৈয়াৰ কৰা হৈছিল। চাউল খুন্দি পিঠাগুৰি তৈয়াৰ কৰা ঢেঁকীৰ অন্যতম কাম। অসমীয়া সমাজত বিহু উৎসৱ অহাৰ লগে লগেই ঢেঁকীৰ গুৰুত্ব বাঢ়ি যায়, আৰু ঢেঁকীটোৱে অকণো ৰ’বলৈ সময় নাপায়। ঘৰৰ জীয়ৰী-বোৱাৰীহঁতে ৰাতি বহুপৰলৈকে লগ লাগি ঢেঁকী দিয়ে। বিহুত ব্যৱহাৰ হোৱা প্ৰায় প্ৰতিটো খাদ্যই ঢেঁকীত খুন্দি তৈয়াৰ কৰা হয়। পিঠাগুৰি, চিৰা, সান্দহ, কোমল চাউল, উখুৱা চাউল খুন্দি আপ্যায়ন কৰা হয়। ইয়াৰ বাহিৰেও মছলা জাতীয় খাদ্য, যেনে- জিৰা, জলকীয়া, ধনীয়া, হালধী বা অন্য মছলা খুন্দিবৰ বাবেও ঢেঁকীৰ ব্যৱহাৰ কৰা হয়।

ঢেঁকীঘৰ বা ঢেঁকীশাল

যিটো ঘৰত বা যি-টুকুৰা ঠাই ঢেঁকী ৰখা হয় সেই ঠাই টুকুৰাক ঢেঁকীঘৰ বা ঢেঁকীশাল বুলি কোৱা হয়। অসম এখন সংস্কৃতিৱান ঠাই। ইয়াত প্ৰতিটো বস্তুকে মৰ্যদা সহকাৰে স্থান দিয়া হয়। ঢেঁকীয়েও অসমীয়া সংস্কৃতিত এক ময্যদাসম্পন্ন স্থান লাভ কৰি আছে। এখন সম্পূৰ্ণ সংস্কৃতিৱান অসমীয়া ঘৰ হ’বলৈ হ’লে পুৰণি সময়ত চ’ৰাঘৰ, আখলঘৰ, গোহালিঘৰ, ভঁৰালঘৰ, তাঁতশাল, দীঘলপদূলি আৰু বাটচ’ৰাৰ লগতে ঢেঁকীঘৰ বা ঢেঁকীশালখনো অপৰিহাৰ্য আছিল। ঢেঁকীশালত ঢেঁকীৰ লগত জড়িত আনুসংগিক সকলো বস্তু হাততে পোৱাকৈ ৰখা হৈছিল। ঢেঁকী লগত সম্পৰ্ক থকা বস্তু বিলাকৰ ভিতৰত খৰাহী, পাচী, চালনী, কুলা, দুলি, ডলা আদিয়েই ›ধান। ঢেঁকীশালখন খেৰৰ চালি দি তৈয়াৰ কৰা হৈছিল। সাধাৰণতে বৰঘৰৰ দাঁতিতে সুবিধাজনক ভাৱে এই ঢেঁকীশালখন পতা হয়।

ঢেঁকীৰ অংশসমূহ

ঢেঁকীৰ প্ৰত্যেকটো অংশৰে এটা নাম আছে। অৱশ্যে ঠাই ভেদে এই অংশসমূহৰ নাম বেলেগ বেলেগ হোৱা দেখা যায়। সাধাৰণভাৱে এটা ঢেঁকীত থকা অংশ সমূহ হ’ল এনেধৰণৰ-
ক) মূল ঢেঁকী
খ) থোৰা
গ) গুলচ বা গুল বা খামা
ঘ) খুবলি
ঙ) ফিছা বা নেজ
চ) আশল শলা বা মলুৱা মাৰি
ছ) কঁতৰা
জ) বৰণি মাৰি
ঝ) ঢেঁকী জৰী
ঞ) সতিনী জৰী ইত্যাদি

ঢেঁকী সজাৰ জোখ-মাখ

ঢেঁকী সাজিবলৈ যথেষ্ট অভিজ্ঞতাৰ প্ৰয়োজন। জোখ-মাখ নাজানি ঢেঁকী সাজিলে ঢেঁকী দিয়াজনৰ শাৰিৰীক ক্ষতি হোৱাৰ লগতে খাদ্য-সামগ্ৰীও নষ্ট হোৱাৰ সম্ভাৱনা অধিক থাকে। এটা সময়ত কোনো আউল নলগাকৈ ঢেঁকী সজাতো অসমীয়া ডেকাৰ কৃতিত্বৰ পৰিচায়ক আছিল। ঢেঁকী সাজিবলৈ সাধাৰণতে কেইটামান কথাৰ ওপৰত বিশেষ গুৰুত্ব হয়। যেনে-
১) ঢেঁকীৰ মূল অংশটো দীঘলে সাতৰ পৰা ন-ফুট হব লাগে।
২) ভৰি দিয়াৰ পৰা কঁতৰা সংযোগী শলখা ডালৰ দুৰত্ব তিনি ফুট।
৩) ইংৰাজী এইছ H আখৰটোৰ দৰেই কঁতৰাযোৰ সজা হয় আৰু ঢেকীটোত এটা ফুটা কৰি শলখাডাল তাৰ মাজেৰে সুমুৱাই দিয়া হয়।
৪) ঢেঁকীৰ মূৰৰ পৰা থোৰাটোলৈ ছাব্বিশ ইঞ্চি দুৰত্ব হয়।
৫) থোৰাটোৰ দৈৰ্ঘ্য সাধাৰণতে প্ৰায় দুই ফুট মান ৰখা হয়।
৬) গুল বা গুলচ বা খামাৰ ব্যাসাৰ্ধ্য হ’ল চাৰি-পাছ ইঞ্চি।
৭) খুৱলীটো সাধাৰণতে পাঁচ ইঞ্চিমান দকৈ খন্দা হয়। ইত্যাদি

ঢেঁকীৰ গঠন

মূল ঢেঁকীটো ভাল কাঠৰ পৰা তৈয়াৰ কৰা হয়, যেনে – নাহৰ, শিলিখা, শাল, কঁঠাল বা আজাৰ আদি। এই কাঠডাল আয়তাকাৰ হয়। ভৰিৰে হেঁচা অংশটো কিছু চেপেটাকৈ, যাক নেজ বা ফিঁচা বোলে আৰু আনটো মূৰ কিছু ডাঙৰকৈ ৰখা হয়, এই অংশটোক ঢেঁকীমূৰ বুলি কোৱা হয়। খুবলিটোকো মূল ঢেঁকীৰ সমানেই গুৰুত্ব দিয়া হয়। খুবলিটো যিটো অংশত থাকে তাক গাঁৰিশালী বুলি কোৱা হয়। গাঁৰিশালীটো শিল বা কাঠেৰে তৈয়াৰী। ইয়াক মাটিৰ সমান্তৰালকৈ ওপৰভাগটো ৰাখি পুতি ৰখা হয়। ইয়াৰ সোঁমাজতে পাঁচ ইঞ্চিমান দকৈ আৰু সুবিধাজনক ভাৱে বহলকৈ খুৱলীটো খোলা হয়। ঢেঁকীৰ মূৰৰ পৰা কিছু তললৈ থোৰা লগোৱা হয়। থোৰা সাধাৰণতে উৎকৃষ্ট কাঠৰ পৰাহে সঁজা হয়। নহ’লে থোৰা ভাঙি দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা থাকে। মূল ঢেঁকীত ঠিয়কৈ ফুটা কৰি খুৱলীত সোমোৱকৈ থোৰা লগোৱা হয়। থোৰাটোৰ মূৰত, খুৱলিত সোমোৱা অংশটোত চাৰি-পাছ ইঞ্চি মান ব্যাসাৰ্ধ্যৰ এটা লোৰ মেৰ লগোৱা হয়। কঁতৰা অংশটো কিছু চাপৰকৈ আৰু ঢেঁকীমূৰটো কিছু ওখকৈ ৰাখিলে চাব দিবলৈ সুবিধা হোৱাৰ লগতে সহজে উঠা-নমা কৰে। নেজৰ পৰা তিনিফুটমান আগলৈ মূল ঢেঁকীটোত পথালীকৈ এটা ফুটা কৰি তাত শলখাডাল সুমুৱাই দিয়া হয়। এই শলখাডাল ইংৰাজী H আখৰটোৰ দৰেই কঁতৰা এযোৰৰ মাজত অৱস্থিত হয়। কঁতৰাযোৰ সাধাৰণকে কাঠ বা ভলুকা বাঁহৰ দ্বাৰাই তৈয়াৰ কৰা হয়। থোৰাৰ দৰে কঁতৰাযোৰ ঢেঁকীৰ লগত স্থায়ীভাৱে সংযুক্ত হৈ নাথাকে। খুৱলীৰ পৰা থোৰাৰে সৈতে ঢেঁকীটো ডাঙি ৰাখিবলৈ ঢেকী ডাং সজা হয়। ঢেঁকীত তৈয়াৰ কৰা সামগ্ৰীসমূহ খুৱলীৰ পৰা উলিয়াবৰ সময়ত ঢেঁকী ডাঙৰ সহায়ত মূৰৰ অংশতো ডাঙি ৰখা হয়। ঢেঁকী দিয়াৰ সময়ত প্ৰয়োজন হোৱা আন এটা সামগ্ৰী হৈছে – বহনি মাৰি। ইয়াৰ দ্বাৰাই ঢেঁকীত চাব দিয়াজনে খুৱলীৰ পৰা আঁতৰি গৈ থকা বস্তুখিনি খুৱলীলৈ চপাই দিয়ে। ইয়াক বাঁহৰ আগ অংশৰ পৰা সঁজা হয়। ইয়াৰ মূৰত কাপোৰেৰে মেৰাই লোৱা হয়। ই দীঘলে প্ৰায় মূল ঢেঁকীটোৰ সমানেই হয়। ঢেঁকী দিওতে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা অতি প্ৰয়োজনীয়, সেয়ে হাতেৰে ধৰি ল’ব পৰাকৈ ওপৰৰ ফালে এডাল ৰচি বান্ধি লোৱা হয়। এইডালক ঢেঁকীজৰি বা খেঁাপনিজৰি বোলে। ঢেঁকী দিবলৈ সাধাৰণতে দুগৰাকী মানুহৰ প্ৰয়োজন হয়। এগৰাকীয়ে ঢেঁকীজৰি বা খেঁাপনিজৰিত ধৰি ঢেঁকীত চাব দিয়ে আৰু আনগৰাকীয়ে খুৱলীৰ ওচৰত বহি খুৱলীৰ কাষত সিঁচৰিত হৈ থকা ধান-চাউল বা অন্য বস্তু খুৱলীলৈ চপাই (বঢ়াই) থাকে। যদি এগৰাকীহে থাকে তেতিয়াই বহনি মাৰিৰ প্ৰয়োজন আহি পৰে। খুৱলীলৈ বঢ়াই থাকিবলৈ ব্যৱহাৰ কৰা আহিলাক – বহনি, লৱনি, কুচি, ওখনীয়া মাৰি আদি বোলা হয়।

লোক-সাহিত্যত ঢেঁকী

পূৰ্বতে উল্লেখ কৰা হৈছে যে, ঢেঁকীয়ে অসমীয়া সমাজ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইয়াৰ ব্যৱহাৰ কেৱল ঘৰুৱা কাম-কাজতে সীমাবদ্ধ নাৰাখি ভাষা-সাহিত্য-সংস্কৃতিৰ বিভিন্ন স্তৰত ইয়াক স্থান দিয়া হৈছে। অতীজৰে পৰা ঢেঁকীক লৈ অনেক প্ৰবাদ, প্ৰবচন, পটন্তৰ, যোজনা প্ৰচলিত হৈ আহিছে। ইয়াৰ বাদেও বিহু বা বিয়ানামতো ঢেঁকীয়ে অন্যতম স্থান গ্ৰহণ কৰি আছে।

পটন্তৰত ঢেঁকী

মাকতকৈ জীয়েক কাঁজী ঢেঁকীথোৰাৰে বাট পাঁজি।
যাৰ নাই কেঁচুৱা ঢেঁকী থোৰা নচুৱা।
অচিন কাঠৰ থোৰা নলগাবা।
ঢেঁকী স্বৰ্গলৈ গ’লেও ধান বানে। ইত্যাদি

সাঁথৰত ঢেঁকী

এদঁতীয়া হাতী ধান খায় পাচি পাচি।
এটা মাথোন নিগনিয়ে শ-পূৰা ধান কাটে, নেজডালত ধৰিলে জাপ মাৰি উঠে। ইত্যাদি।

প্ৰবচনত ঢেঁকী

ঢেঁকী স্বৰ্গলৈ গ’লেও ধান বানিবই লাগিব।
ৰজাই ভাল দেকে যাক ঢেঁকী পখলি নালাগে তাক। ইত্যাদি।

জতুৱা ঠাঁচত ঢেঁকী

ঢেঁকীথুৰীয়া বুদ্ধি।
ঢেঁকীথুৰীয়া মাৰ।
ঢেঁকী থোৰা পাতি নাক কাট।

বিহুনামত ঢেঁকী

নৈ-ত গুমে-গুমাই কোম্পানীৰ জাহাজ ঐ, ঢেঁকীত গুমেগুমাই থোৰা।
ঢেঁ-ঢেঁকী দে, ঢেঁকী দে, অ’ মোৰ লাহৰী।
ঢেঁকী দিথাকোতে পলুৱাই নিনিবা, ভৰিব লাগিব ধন। ইত্যাদি।

বিয়ানামত ঢেঁকী

ঢেঁকীৰে মলখু চালনিত সৰিব, হৰি হে খুন্দিবা ভাখেৰিৰ ধানহে। ইত্যাদি

লোক-বিশ্বাসত ঢেঁকী

আগতেই কোৱা হৈছে যে, ঢেঁকী অসমীয়া সংস্কৃতিৰ এটি চহকী সম্পদ। অতীজৰে পৰা অসমত ঢেঁকী সম্পৰ্ক  অনেক লোক-বিশ্বাস প্ৰচলিত হৈ আহিছে। তাৰে কিছুমান উল্লেখ কৰা হ’ল-
ভাত খোৱাৰ সময়ত আৰু সন্ধিয়া ঢেঁকী দিব নাপায়।
পৰিয়ালত চৰু এটা হ’লে দুটা ঢেঁকী থাকিব নাপায়।
ঢেঁকীৰ লগত বাঢ়নী মাৰি নথলে মাকৰ বুকুত সন্তান নাথাকে বুলি বিশ্বাস কৰা হয়।
ঢেঁকীত খুন্দা খাদ্যৰ কিছু অংশ ঢেঁকী দিওতাজনে নিজে খাব লাগে নহ’লে গাৰ বিষ হয়।
অত্যন্ত খৰাং বতৰত ঢেঁকী চুৰ কৰি আনি পথাৰত পুঁতি থ’লে বৰষুণ হয় বুলি বিশ্বাস। ইয়াৰ লগত কিছু আখ্যানো জড়িত হৈ আছে। এই প্ৰথাক ঢেঁকীপোতা প্ৰথা বোলা হয়।
ঢেঁকীক নাৰদৰ বাহন বুলি গন্য কৰা হয়।
তেজিমলাৰ কাহিনীত উল্লেখিত ঢেঁকীৰ কথা সৰ্বজন বিদিত। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঁঢ়িআইৰ সাধুত ঢেঁকীক খলনায়কৰ ৰূপত পোৱা হৈছে।
বিবাহৰ অনুষ্ঠানত ঢেঁকীত সান্দহগুৰি খুন্দাটো এটা অপৰিহাৰ্য অংগ।
ঢেঁকীশালত শুলে দেৱতাই ধৰে বুলি ভবা হয়।
শিলিখা কাঠৰ ঢেঁকীথোৰা লগালে চোৰে সিন্ধি দিব নোৱাৰে বুলি বিশ্বাস।

ঢেঁকী আৰু অসমীয়া নাৰী

ঢেঁকী আৰু অসমীয়া নাৰীসকলৰ সম্পৰ্ক অতি গাঢ়। পূৰ্বতে ধান বানিবলৈ আন কোনো ব্যৱস্থা নথকাৰ বাবে প্ৰতিঘৰ মানুহৰ প্ৰত্যেকগৰাকী গৃহিনীয়ে ঢেঁকীত বানি চাউল উলিয়াইছিল। বিয়া-সবাহ হ’লে ঢেঁকীৰ গুৰুত্ব বাঢ়ি যায়। গাঁৱৰ জীয়ৰী-বোৱাৰীসকল গোট খাই বিয়াত প্ৰয়োজনীয় সকলো জা-জলপান ঢেঁকীত খুন্দিয়েই তৈয়াৰ কৰে। ঢেঁকীশালতে বিয়ানামো জোৰা হয়। তেওঁলোকৰ জীৱনৰ সুখ-দুখৰ কথাও এই ঢেঁকীশালতেই ওলায় আৰু হাঁহি-স্ফুৰ্টিৰে ঢেঁকীঘৰ গিজগিজাই থাকে। ঢেঁকীশালত গাভৰু জীৱনৰ গোপন ৰহস্য তথা চঞ্চলাময় জীৱনৰ আলখ্যও প্ৰকাশিত হোৱা দেখা যায়। বহু সঁচা-মিছা কাহিনী-উপকাহিনীৰ সৃষ্টিও এই ঢেঁকীশালতেই হয়। বিয়া-সবাহৰ উপৰিও বিহুৰ সময়তো একেই পৰিবেশৰ সৃষ্টি হোৱা দেখা যায়। বহু দূপৰ নিশালৈকে মহিলাসকলে পিঠাগুৰি খুন্দি বিহুৰ বাবে বিধে বিধে পিঠা-জলপান এই ঢেঁকীঘৰতেই প্ৰস্তুত কৰা দেখা যায়। ঢেঁকী দিয়াৰ সময়ত নাৰীসকলৰ মুখৰ পৰা স্বতঃস্ফুটভাৱেই নানান আইনাম, বিয়ানাম, বিহুনাম ওলাই যায়। এই ঢেঁকীশালতেই বহু লোক সাহিত্যৰ সৃষ্টিও হৈছিল বহু পণ্ডিতে ক’ব খোজে। ওপৰোক্ত কথাখিনিৰ পৰাই অসমীয়া নাৰীৰ লগত ঢেঁকীৰ সম্পৰ্কযে অতিকে গাঢ় তাক বুজিবলৈ নিশ্চয় অসুবিধা নহয়।

ঢেঁকী আৰু অসমীয়া পুৰুষ

ঢেঁকীৰ লগত অসমীয়া পুৰুষৰ সম্পৰ্ক সীমিত। কেৱল ঢেঁকীশালখন সুন্দৰভাৱ পাতি দিয়াতেই পুৰুষৰ দায়িত্ব। অৱশ্যে কিছুলোকে ঢেঁকীৰ চাব দিয়াত গৃহিনীগৰাকীক সহায় কৰি দিয়াও দেখা যায়। পূৰ্বতে কোৱা হৈছে যে, ঢেঁকী এটা কোনো জঁট নলগাকৈ পাতি দিব পৰাটো এজন পুৰুষৰ কৰ্মদক্ষতাৰ পৰিচায়ক। ভালকৈ ঢেঁকী পাতিব নজনা ডেকালৈ গাভৰুৰ পৰিয়ালৰ ফালৰ পৰা আপত্তি অহাটো এসময়ত প্ৰচলিত আছিল। পুৰুষসকলৰ ঢেঁকীঘৰৰ লগত আৰু এটা সম্পৰ্কৰ কথা ক’ব পাৰি। ঘৰুৱা জীৱনত প্ৰয়োজনীয় সকলো সামগ্ৰী যেনে, দা-কুঠাৰ, পাচি-খৰাহী, তামোল-পান, নাৰিকল বা অন্য প্ৰায় সকলো যাৱতীয় সামগ্ৰীৰ একপ্ৰকাৰ ভঁৰালঘৰ বুলি ক’ব পাৰি।

সম্পৰ্কীয় লেখা

Leave a Comment

* By using this form you agree with the storage and handling of your data by this website.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept