তাঁতশাল অসমীয়া লোকশিল্প

তাঁতশাল অসমীয়া লোকশিল্প

আৰম্ভণি

অসম কলা-কৃষ্টি-সংস্কৃতিৰে বাৰে ৰহণীয়া এখন দেশ। দৈনন্দিত জীৱন যাপনত ব্যৱহাৰ হোৱা প্ৰয়োজনীয় সামগ্ৰীসমূহ নিজ হাতেৰে তৈয়াৰ কৰি শৈল্পিক পৰিচয় দাঙি ধৰা অসমীয়া সমাজৰ বিশেষ বৈশিষ্ট্য। সভ্য সমাজৰ অন্যতম এক অংগ ৰূপে পৰিচিত সাজ-পাৰো নিজ হাতে তৈয়াৰ কৰি, পৰিধান কৰি এক সুকীয়া সভ্য সমাজ ৰূপে বিশ্ববাসীৰ সন্মুখত  নিজকে প্ৰকাশ কৰাৰ ক্ষেত্ৰত অসমীয়া সকলে কোনো দিন ত্ৰূতি কৰা নাই। এই সাজ-পাৰতেই নিহিত হৈ আছে এটা জাতিৰ শিল্পীমন, সৌন্দৰ্যতা, শালীনতা, স্বাভিমান তথা সুকুমাৰ প্ৰতিভাৰ দক্ষতা।

অসমীয়া সমাজে পৰিধান কৰা সাজ-পাৰ সমূহ তৈয়াৰ কৰিবৰ কাৰণেই, অতি পুৰণি কালত নিজৰ সৃষ্টিশীল দক্ষতাৰে তেওঁলোকে তৈয়াৰ কৰি লৈছিল, অসমীয়া সমাজৰ বাপতিসাহোন তাঁতশালখন। অসমীয়া  শিপিনীয়ে তাঁত শালত সপোন ৰচে – বুলি মহামানৱ মহাত্মা গান্ধীয়ে প্ৰশংসা কৰি গৈছে। নিজৰ সৃষ্টিশীল দক্ষতাৰে স্বকীয়তাৰ গোন্ধ থকা সাজপাৰ তাঁত শালত তৈয়াৰ কৰি অসমীয়াৰ স্বাভিমান ৰক্ষা কৰা অসমীয়া শিপিনী সিদ্ধহস্ত।

অতি প্ৰাচীন কালৰে পৰা অসমত বস্ত্ৰশিল্পৰ উত্থান হোৱা দেখা পোৱা যায়। বিভিন্ন থলুৱা সামগ্ৰীৰ জৰিয়তে বস্ত্ৰ নিৰ্মাণ কৰি তেওঁলোকে সভ্যতাৰ পৰিচয় দাঙি ধৰিছিল। কিন্তু এই বস্ত্ৰ তৈয়াৰ কৰিবলৈ তাঁত শালৰ প্ৰয়োগ কেতিয়াৰ পৰা হৈছিল তাৰ বিস্তৃত তথ্য পোৱা নাযায়। বুৰঞ্জীত উল্লেখিত অনুসৰি আহোম ৰাজত্ব কালত তাঁত শালৰ প্ৰয়োগ হৈছিল বুলি জনা যায়। এই তাঁত শালৰ আবিস্কাৰক কোন বা কেতিয়া ইয়াৰ আবিস্কাৰ হৈছিল, সেই বিষয়েও কোনো সবিশেষ তথ্য নাই।

পুৰাতত্ববিদসকলৰ মতে প্ৰাচীন ইজিপ্তত তাঁতশালৰ ব্যৱহাৰ হৈছিল। পৃথিৱীৰ অন্য দেশ সমূুহতো বস্ত্ৰ শিল্পৰ বিকাশ সাধন হোৱাৰ লগে লগেই তাঁতশাল বা অন্য প্ৰয়োগশৈলীৰ ব্যৱহাৰ হৈছিল বুলি অনুমান কৰিব পাৰি।

অসমীয়া শিপিনী

তাঁত শালত অসমীয়া শিপিনীৰ কৰ্মদক্ষতা অতুলনীয়। অসমৰ প্ৰায় সকলো জনগোষ্ঠী, সম্প্ৰদায়ৰ মহিলাসকলে নিজৰ তথা ঘৰখনৰ প্ৰায় সকলো ব্যৱহাৰ কৰিব লগীয়া বস্ত্ৰ নিজ হাতে তাঁত শালত বৈ লয়। অসমৰ গ্ৰাম্য জীৱনত তাঁত শালখনে এক সুকীয়া গুৰুত্ব লাভ কৰি আহিছে। অতীততে তাঁত ব’ব নজনা মহিলা অসমত প্ৰায় নাই বুলিয়েই ক’ব পাৰি।

যিসকল মহিলা বা জীয়ৰী-বোৱাৰীয়ে তাঁত ব’ব নাজানিছিল তেওঁলোকক থুপৰী বুলি আখ্যা দিয়া হৈছিল। তাঁতৰ ব্যৱহাৰ নাজানিলে ছোৱালীক ল’ৰাই বিয়া কৰাবলৈও অস্বীকাৰ কৰা দেখা গৈছিল। বুৰঞ্জীত অসমীয়া শিপিনীৰ তাঁত শিল্পৰ কৰ্মদক্ষতাৰ বিষয়ে উদাহৰণ পোৱা যায়।

পুৰণি দিনত একে ৰাতিৰ ভিতৰতে সূতা কাটি, তাঁত বাতি কৰি বৈ উলিয়াই সেই বস্ত্ৰ যুদ্ধলৈ যোৱা স্বামীক দি পঠিওৱাৰ কথা পোৱা যায়। গুৰুচৰিত পুথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ছকুৰিহাত দীঘল আৰু তিনিকুৰি হাত বহল বৃন্দাৱনী বৈ উলিওৱাৰ কথা পোৱা যায়। অভিজ্ঞতা সম্পন্ন তাঁতীৰ সহায়ত বৈ উলিওৱা সেই কাৰুকাৰ্যখচিত বস্ত্ৰখনৰ সমপৰ্যায়ৰ কোনো বস্ত্ৰ কোনো শিপিনীয়ে তাঁতশালত বৈ উলিওৱাৰ কথা ভাৱিব পৰা নাই।

আকৃতি

তাঁত শাল বুলি ক’লেই চাৰিটা খুটাৰ ওপৰত প্ৰতিষ্ঠিত, সংলগ্ন অনেক বাঁহ বা কাঠৰ সঁজুলিৰে সৈতে এটা ৰূপ আমাৰ চকুত ভাঁহি উঠে। আনহাতে আৰু এবিধ তাঁত শাল পাহাৰত বসবাস কৰা মহিলাসকলে ব্যৱহাৰ কৰা দেখা যায়। এইখন শাল কোনো খুটাৰ ওপৰত প্ৰতিষ্ঠিত নহয়। ইয়াৰ এটা মূৰ কঁকালত মেৰিয়াই বান্ধি লোৱা হয়।

সঁজুলি

এখন তাঁত শাল বুলি ক’লেই মনলৈ আহে ইয়াৰ লগত জড়িত হৈ থকা অনেক সা-সঁজুলিৰ কথা। ইয়াৰ এবিধ সঁজুলিও নহ’লে শালখন অচল হৈ পৰে। তলত তাঁত শালত ব্যৱহাৰ হোৱা সঁজুলি সমূহৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰা হ’ল-

১) বিশ্বকৰ্মা খুঁটি
২) কুমাৰ খুঁটি
৩) কুৰমূলা খুঁটি চাৰিটা
৪) আগফালৰ সূঁতাৰ টোলোঠা
৫) পাছফালৰ কাপোৰৰ টোলোঠা
৬) দ্ৰোপতী
৭) ৰাচ
৮) মাকো
৯) মহুৰা
১০) বৰ চিৰি
১১) মাজু চিৰি
১২) কণ চিৰি
১৩) দাঙি মাৰি
১৪) বৰ শলি
১৫) সৰু শলি
১৬) ব’ শলি
১৭) বহুনা খুঁটা
১৮) নাচনী জৰী
১৯) বান্দৰী
২০) দোৱা জৰী
২১) অল জৰী
২২) ঘোঁৰা
২৩) পুতল
২৪) জখলা মাৰি
২৫) ককিলা মাৰি
২৬) নাকি শলি
২৭) গেৰেলী কাঁঠি
২৮) নেওঠনি
২৯) কাণ মাৰি
৩০) মাই কাঠি

৩১) নাকতি মাৰি
৩২) চালি মাৰি
৩৩) মেঁৰ খুটি
৩৪) ছাগলি খুটি
৩৫) ঠেপেনা খুঁটি
৩৬) কুকুৰ
৩৭) ফুল বচা কাঠি
৩৮) খাৰুৱা
৩৯) বাঘ মোৰ
৪০) সূঁতা মাকো
৪১) কাণ মাকো
৪২) খৰা
৪৩) কাকৈ
৪৪) নিগনি খুটি
৪৫) লেটাই
৪৬) বৰ চেৰেকী
৪৭) সৰু চেৰেকী
৪৮) মাজু চেৰেকী
৪৯) উঘা
৫০) যঁতৰ
৫১) কুচি কাঁঢ়নি
৫২) হাঁকোটা
৫৩) ব’ তোলা চুঙা
৫৪) ব’ ইত্যাদি

ওপৰত উল্লেখ কৰা সঁজুলিসমূহৰ নাম ঠাই ভেদে কিছু বেলেগ বেলেগ হয় যদিও কাম প্ৰায় একেই। এই সঁজুলি সমূহৰ কিছুমানৰ গঠন আৰু কৰ্ম পদ্ধতি সম্পৰ্কে তলত আলোচনা কৰা হ’ল-

সূঁতা কটা

এখন কাপোৰ ব’বলৈ হ’লে আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰীবিধ হ’ল সূঁতা। পুৰণি কালত প্ৰায়সকল অসমীয়াই এৰিপলু পুহিছিল। এৰি পলুৰ কণী ফুটাৰ পৰা বাহ সজালৈ প্ৰায় একমাহ সময় লাগিছিল। এৰিপলু পোহাৰ দৰে অতি জটিল কামটো প্ৰায়সকল অসমীয়া মহিলাই সুচাৰুৰূপে পালন কৰিছিল। এৰি পলু পঁকাৰ পিছত লেটা কাঢ়ি নেওঠি সূঁতা উলিওৱা হয়। এই সূতাৰ পৰা এৰি কাপোৰ তৈয়াৰ হয়। এৰি সূতাৰ দৰেই পাট পলুৰ পৰা অসমীয়া সকলে পাটসূতা পস্তুত কৰে। ইয়াৰ সহায়ত পাট কাপোৰ তৈয়াৰ কৰা হয়। কপাহী সূতাৰ সহায়ত বৈ উলিওৱা ৰিহাৰ প্ৰচলন অনেক আছিল। মুগা পুহি, সেই মুগাৰ পৰা প্ৰস্তুত কৰা কাপোৰ জগত বিখ্যাত।

তাঁত শালত কাপোৰ বোৱাৰ আগত বিভিন্ন প্ৰক্ৰিয়াৰে বোৱাৰ উপযোগী কৰিবলৈ কৰা ব্যৱস্থাটোক তাঁতবাতি কৰা বুলি কোৱা হয়। এই প্ৰক্ৰিয়াত কেৱল দীঘৰ সূতা সমূহহে সজাই লোৱা হয়। ওপৰত উল্লেখিত আহিলাসমূহৰ বহুখিনি যেনে- উঘা, চেৰেকী, শলি, ৰাচ, খুঁটি আদি তাঁতবাতি কৰাত ব্যৱহাৰ কৰা হয়। এসময়ত কেঁচা সূতাৰ যথেষ্ঠ ব্যৱহাৰ হৈছিল। ইয়াক ব্যৱহাৰ কৰোতে মাড় দিয়া হয়। কেঁচা সূতাৰ সহায়ত অসমীয়া গ্ৰাম্য জীৱনত ব্যৱহাৰ হোৱা প্ৰায় সকলোখিনি বস্ত্ৰ তৈয়াৰ কৰা হয়। পকোৱা সূতাৰ সহায়তো তৈয়াৰ কৰা বস্ত্ৰসমূহ সৰ্বজনবিদিত।

চেৰেকী

চেৰেকী মূলত দুই প্ৰকাৰৰ – বৰ চেৰেকী আৰু সৰু চেৰেকী। কাম কৰাৰ সুবিধাৰ বাবে মাজু চেৰেকী নামৰ আৰু এবিধ চেৰেকী অসমীয়া শিপিনীসকলে ব্যৱহাৰ কৰে।

বৰ চেৰেকী

দুডাল দুডালকৈ চাৰিডাল পাতিৰে আঠ ডাল ঠিয় শলাৰে মাজৰ মূল শলাডালৰ সৈতে চেৰেকী এগৰাকী শিপিনীৰ বাবে অতি প্ৰয়োজনীয় আহিলা। চেৰেকী বাঁহৰ সহায়ত তৈয়াৰ কৰা হয়। আঠডাল ঠিয় শলাৰ প্ৰতিটো মূৰ ধৰি ৰাখিবলৈ দুযোৰ পাতিৰ মূৰত সংলগ্ন কৰা হয়। দুয়োযোৰ পাতিৰ মাজ অংশত ফুটা কৰি মূল শলা ডাল সুমুৱাই দিয়া হয় যাতে আহিলাটো ঘূৰি থাকে। ইয়াৰ লগত সংলগ্ন কৰিবলৈ লোৱা সূতাক নেচা বুলি কোৱা হয়। সূতা নেচা চেৰেকীটোৰ বাহিৰে বাহিৰে মাজ অংশলৈকে সুমুৱাই দিয়া হয়।

চেৰেকীৰ তলৰ পাতিযোৰ কিছু বহলকৈ ৰখা হয়, যাতে সূতা নেচা তললৈ সুলকি নপৰে। বৰ চেৰেকীৰ সহায়ত সূতাসমূহ উঘা বা সৰু চেৰেকীলৈ সূতা নেচাৰ আকাৰ সৰু কৰি ব্যৱহাৰৰ সুবিধাৰ্থে পৰিবৰ্তন কৰা হয়।

সৰু চেৰেকী

সৰু চেৰেকী তৈয়াৰ কৰা পদ্ধতি বৰ চেৰেকীৰ সৈতে একেই। দেখিবলৈও একেই। মাত্ৰ ই বৰচেৰেকীতকৈ ঠেক। ই মূলতঃ কেঁচাসূতাৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়। কেঁচাসূতাৰ মাড় দিয়া নেচাসমূহ বিশেষ কৌশল অৱলম্বন কৰি সৰু নেচালৈ পৰিবৰ্তন কৰে। এই সৰু নেচাসমূহ পাছত তাঁতবাতিৰ সুবিধাৰ বাবে উঘালৈ নিবলৈ সৰু চেৰেকীৰ ব্যৱহাৰ কৰা হয়।

উঘা

উঘা দেখিবলৈ চেৰেকীৰ দৰে প্ৰায় একেই, মাত্ৰ ই সৰু চেৰেকীতকৈ ঠেক। ঠাই ভেদে ইয়াত চাৰিডাল বা আঠডাল দীঘল শলা লগোৱা হয়।

(পৰৰৰ্তী অংশ খুৱ সোনকালেই পাঠকলৈ আগবঢ়োৱা হ’ব ।)

Leave a Comment