মোৰ প্ৰিয় নাৰীৰ চকুৰ চাৱণি
কি আকৰ্ষণ আছিল তাত…
দ্ৰচেৰাৰ ৰ’দত জলমলাই থকা
আঠাযুক্ত তৰল।
মই…..
মই হয়তো এটা সৰু পৰুৱা।
তোমাৰ সেই আঠাবোৰে অচল কৰিলে
মোৰ সমস্ত শৰীৰ।
এলান্দুৰ দৰে ওলমি থকা আমাৰ কথাবোৰ
ঘৃণাতো নাছিল তাত
আমি কেনেও নাজানিলো
জীৱনটোনো কেতিয়া কেনেকৈ
কৰ্নফ্লেস্কৰ পৰা গল্ডফ্লেক হৈ গ’ল গমকে নাপালো।
তোমাৰ চুলিৰ সেই বতাহ জাকে
নুমুৱাব পাৰিবনে·
জ্বলি প্ৰায় শেষ হ’ব ধৰা মোৰ
জীৱন চিগাৰেটটোক·
— কৌশিক মাধৱ ভূঞা
পাৰিজাত হৰণ
লেখক:
শ্ৰীকৃষ্ণায় নমঃ
শ্লোক
নমঃ কৃষ্ণ বিষ্ণোহচ্যুতানন্তশক্তে।
নমো ৰাম ৰাজীৱনেত্ৰ প্ৰভো তে॥
নমো ব্ৰহ্মমূৰ্তে মুৰাৰে পৰেশ।
নমো বিশ্বৱাস প্ৰসীদ প্ৰসীদ॥
অপিচ
খগেন্দ্ৰেং সমাৰুহ্য নিৰ্জিত্য শক্ৰম্।
মুদা লীলয়া দৈৱকীগৰ্ভজাতঃ॥
প্ৰিয়ং পাৰিজাতং জহাৰ প্ৰিয়াৰ্থং।
পৰেশায় কৃষ্ণায় তস্মৈ নমস্তে॥
সূত্ৰ॥ পহিলেহি শ্ৰীকৃষ্ণক প্ৰণাম কয়কহু সভাসদ লোকক সম্বোধি বোল।
শ্লোক
ভো ভোঃ সামাজিকা ঈশকৃষ্ণস্য জগতঃ পতেঃ।
শ্ৰীপাৰিজাত–হৰণ–যাত্ৰাং সম্প্ৰতি পশ্যত॥
ভটিমা
জয় জয় কৃষ্ণদেৱ নিজ অংশ।
লীলা–নাশিত কংস সবংশ॥
যাকেৰি চৰিত্ৰ ভকত অৱতংস।
কমলা–কেলি–কমল কলহংস॥
তনু ইন্দিবৰ শ্যামল চোৰি।
তথি পৰকাশিত পীত পিচোৰি॥
তড়িত জড়িত যচ নৱ ঘন খণ্ড।
মকৰ–কুণ্ডল–মণ্ডিত গণ্ড॥
কনক কিৰীটি ৰতন অৱ ভাস।
কুঞ্চিত চাৰু চিকুৰ পৰকাশ॥
ৰুচিকৰ কৰ্ণ ভুৱন–মন–ভুল।
নাসা নীল ৰতন তিল–ফুল॥
নয়ন কমল মুহ পঙ্কজ যোৰ।
এহু মিলল যচ চান্দ চকোৰ॥
মাণিক দশন হাস তথি থোৰ।
আৰকত অধৰ বন্দুলি ৰুচি চোৰ॥
ৰুচিৰ চিবুক পেখি হৰু তাপ।
ভ্ৰুৱ–ষুগ গঞ্জি মদনকেৰি চাপ॥
কুটিল অলক তিলক কপোল।
হৃদয়ে হেমক হাৰ অমোল॥
ওতিম মোতিম–মালা লোলে।
কৌস্তুভ কম্বকণ্ঠ সহ দোলে॥
চাৰু উদৰ দৰ হৃদয় বিশাল।
লম্বিত পঞ্চবৰণ বনমাল॥
সঞ্চৰ সঞ্চৰ মধুকৰ লোহে।
শ্ৰীশ্ৰীবত্স উৰথল শোহে॥
চাৰু চতুৰভূজ অঙ্গ ভূৱঙ্গ।
ৰতন কেয়ুৰ উজোৰ তচু সঙ্গ॥
কঙ্কন কনক ঝণক কৰ–মূল।
কৰতল ৰাতা উতপম তুল॥
অঙ্গুলি চাৰু হীৰ হেম মোতি।
নখমণি নিন্দি চান্দক জ্যোতি॥
অৰি অৰবিন্দ কৌমুদী কম্বুপাণি।
কোকিলক কণ্ঠ অমিয়া ঝুৰে বাণী॥
নাভি–কঞ্জ ৰঞ্জ অনুপাম।
বিহিক জনম ভেলি যোহি ঠাম॥
কটিতট কনক কাঞ্চি পৰিৰম্ভ।
উৰু কৰিকৰ বৰ মৰকত–তম্ভ॥
লম্বি নিতম্ব পীত ৰুচি চীৰ।
পদপঙ্কজ ঝাৰে ৰতন–মঞ্জীৰ॥
নীল অঙ্গুলি যচ চম্পক–কোৰ।
নখচয় চাৰু চান্দ উজোৰ॥
কোমল পদতল আকৰত ভান্তি।
ধ্বজ যৱ পঙ্কজ অঙ্কুশ পান্তি॥
পাশ লাস শ্বেত চামৰ ঢোল।
সঞ্চৰে ৰাজহংস দোহো কোল॥
মাথে ছত্ৰ চাৰু শশীকান্ত।
বৰিষে শীকৰ অমিয়া নিতান্ত॥
মধুৰি মুৰুতি ভকত মন পূৰ।
মনমথ কোটি যাহে নুহি ওৰ॥
হোই যৱ নীল নৱঘন খণ্ড।
উৱৰে ৰহ ৰবিকৰ পৰচণ্ড॥
পূৰ্ণিমাক চান্দ দুহো পাশ।
তথি কৰো ইন্দ্ৰচাপ পৰকাশ॥
বহে দুহো ধাৰা সুৰেশ্বৰী নীৰ।
উজুৰি বিজুৰি ৰহত তথি থিৰ॥
অভিনৱ সূৰ উগত তচু মাৰে।
তাহে লম্বি বক–পঙ্কতি বিৰাজে॥
তাৰা জিকমিক কৰু বহু ঠাম।
তৱ হোই সোই মুৰতি–উপাম॥
ৰহু হৃদি পঙ্কজ সোহি মুৰাৰি।
অব সব লোই দেখু বিচাৰি॥
কোটি কল্পতৰু পূৰণ কাম।
ঐচন ঈশ ৰহে নিজ ঠাম॥
তাহে চৰণ চিন্ত চিত লাই।
তনু–চিন্তামণি বিফলহি যাই॥
তাৱে নিকট নিত অন্তক গৰজি।
লেহু হৰি–চৰণে শৰণ বৰজি॥
যো মুহে ৰাম–নাম নাহি অংশে।
কলি–যুগে কাল–ভুজঙ্গম দংশে॥
সোহি কৃষ্ণক নাট উপাম।
পাৰিজাত–হৰণ আহেৰ নাম॥
ভকতিক সাধি শুনহ সৱ লোই।
হৰি বিনে বান্ধৱ আন নাহি কোই॥
কৃষ্ণ–কিঙ্কৰ ওহি শঙ্কৰ বোল।
কৰ অব সৱ নৰ হৰি হৰি বোল॥
সূত্ৰ– আহে সামাজিক লোক, যে জগতক পৰম গুৰু, যাহেৰি স্ৰজনা সকল সংসাৰ, ব্ৰহ্মা–মহেশ–বন্দিত–পাদপদ্ম পৰামপুৰুষ ওহি ৰুক্মিণী সত্যভামা সহিত সভামধ্যে প্ৰৱেশকয়ো নৰকাসুৰ বধ পাৰিজাত–হৰণ লীলা যাত্ৰা কৌতুকে কৰব, তাহে সাৱধানে দেখহ শুনহ। অতঃপৰে পুণ্য কলিত নাহি নাহি জানি নিৰন্তৰে হৰি বোল।
সঙ্গী– আহে! দেৱ–বাদ্য বাজত।
সূত্ৰে–আঃ মিলল।
শ্লোক
প্ৰৱেশমকৰোদ্দেৱো গোবিন্দো গৰুড়াসনঃ।
ৰুক্মিণীসত্যভামাভ্যাং সহ চাৰুশ্চতুৰ্ভুজঃ॥
সূত্ৰ–আহে লোকাই! হামু যে কহল সোহি পৰমেশ্বৰ শ্ৰীকৃষ্ণ সভাৰ্য্যে যাত্ৰা নিমিত্ত এথা আৱতহ। পৰম সাৱধান হুয়া দেখহ শুনহ; নিৰন্তৰে হৰি বোল।
গীত
ৰাগ সিন্ধুৰা–একতালি।
ধ্ৰুং—আৱে গৰুড়কেতু কয় পৰবেশ।
মদনক লাজ হেৰি ৰূপ লেশ॥
পদ—শ্যাম মুৰুতি দীপিতি পীত বাস।
মুকুট কুণ্ডল মণি মুখ পৰকাশ॥
কৰে কঙ্কণ বনমালা উৰে দোলে।
চৰণক মাঝে মঞ্জুৰী কৰ বোলে॥
কৌটি মদন জিনি উজৰ মুৰাৰি।
সঙ্গে সত্যভামা ৰুক্মিণী বৰ নাৰী॥
শৰীৰক জ্যোতি জলয় দিশপাশ।
কহ শঙ্কৰ হৰি–দাসকু দাস॥
সূত্ৰ–আহে সভাসদ লোক, শ্ৰীকৃষ্ণ পত্নীসৱ সহিতে কৌতুকে নৃত্য কয়কহু ৰুক্মিণী সহিতে এক মন্দিৰে ৰহল। সত্যভামা নিজ মন্দিৰৈ ৰহল।
শ্লোক
পশ্চাত্পুৰন্দৰো দেৱো নাৰদেন সহাগতঃ।
প্ৰণম্য কেশৱং সৰ্বং প্ৰোৱাচ ভৌমচেষ্টিতম্॥
সূত্ৰ–তদন্তৰ দেৱতা ইন্দ্ৰ নাৰদ সহিত আসিকহু শ্ৰীকৃষ্মক শিৰে পৰণাম কয় নৰকাসুৰক বিচেষ্টা যৈচে নিবেদল, নাৰদ আশীৰ্বাদ কয় শ্ৰীকৃষ্ণক হাতে যৈচে পাৰিজাত নিবেদল, ৰুক্মিণীক মাথে জগতক নাথে যৈচে পিন্ধাৱল, আহে লোক তাহে দেখহ শুনহ; নিৰন্তৰে হৰি বোল হৰি।
গীত
ৰাগ আশোৱাৰী–পৰিতাল।
ধ্ৰুং—ঐৰাৱত কন্ধে বাসৱ আৱে।
আগহি নাৰদ হৰি–গুণ গাৱে॥
পদ—সুন্দৰী ৰমণী শচী একু পাশে।
চলল ভ্ৰূভঙ্গ লয়লাসে॥
মাথে ছত্ৰ বজ্ৰ এক হাতে।
কহ শঙ্কৰ গতি গোপিনী–নাথে॥
সূত্ৰ–তদন্তৰ নাৰদক দেখি শ্ৰীকৃষ্ণ সভাৰ্য্যে উঠিকহু সপটে প্ৰণাম কয়ল।
নাৰদ-(হাত তুলি) চিৰঞ্জীৱ!
শ্লোক
জয় জয় যদুদেৱো দেৱকীনন্দস্ত্বং
ভূবনপতিঃ সমস্তৈঃ সেবিতাঙঘ্ৰিঃ সদৈৱ।
নিজজন–ভয়হাৰী সৃষ্টিসংহাৰকাৰী
অসুৰ–নৰকতস্ত্বং সাম্প্ৰতং ত্ৰাহি দেৱান্॥
সূত্ৰ–ওহি আশীৰ্বাদ কয় কৃষ্ণক হাতে পাৰিজাত দিয়ে নাৰদ তাহেক মহিমা কহল।
নাৰদ–হে কৃষ্ণ, ওহি পাৰিজাতক গন্ধ তিনি প্ৰহৰক পথ যাই। এহি পাৰিজাত যাহেক গৃহে ৰহে, ধন জন বিভৱ তাহেক ছাড়য়ে নাহি। ওহি দেৱদুৰ্লভ পাৰিজাত যে নাৰী পৰিধান কৰে যে পুষ্পক মহিমায়ে পৰম সৌভাগিনী হয়। তাহাক ছাড়ি স্বামী কথাৱ যাইতে নাহি। আঃ ওহি কুসুমক মহিমা কি কহব!