পুৰণি অসমীয়া আ-অলংকাৰ

অসমীয়া মানুহৰ সাজ-পোছাক গহীন আৰু জাকজমকীয়া। এই সাজ-পোছাকতেই অসমীয়া জাতিৰ পৰিচয় পোৱা যায়।

আ-অলংকাৰ

          অসমীয়া পুৰুষ আৰু মহিলা উভয়ে অলংকাৰ পৰিধান কৰিছিল। পুৰুষে পিন্ধা অলংকাৰৰ ভিতৰত লোকাপাৰ, মতামণি, কেৰু, আঙঠি, বিৰি, মগৰদানা আৰু গামখাৰু উল্লেখযোগ্য।

লোকাপাৰ

এইবিধ অলংকাৰ পুৰুষে কাণত পিন্ধিছিল। ইয়াৰ মূল চানেকি হ’ল চাৰিটা পাৰ চৰাই আৰু ইহঁত সাৰনাথৰ সিংহৰ দৰে চাৰিওফালে মুখ কৰা। পাৰ চৰাই চাৰিটাৰ পিছফালবোৰ এডাল হাকোটাৰে সংযুক্তি লগোৱা। লোকাপাৰ সাধাৰণতে সোণৰ আৰু বাখৰ-পতোৱা থাকে। ৰজা আৰু ডা-ডাঙৰীয়াসকলেহে ইয়াক ঘাইকৈ ব্যৱহাৰ কৰিছিল।

মতামণি

পুৰুষে ডিঙিত মতামণি পিন্ধিছিল। মতামণিবোৰ সোণৰ বাখৰ-পতোৱা মণি; ভিতৰি ফোপোলা। ভিতৰত লা বা মাটি ভৰোৱা থাকে।

কেৰু

পুৰষে পিন্ধা কেৰু সৰু আৰু পাতল আছিল। এই কেৰুক লং-কেৰু বুলিছিল। ইয়াৰ চানেকি ফুলি থকা পদুম বা বকুল ফুল।

আঙঠি

পুৰুষে সাধাৰণতে আঙুলিত মোহৰৰ আঙুঠি পিন্ধিছিল। মোহৰবোৰ টকাৰপৰা আৰম্ভ কৰি চৰতীয়ালৈকে আছিল। সোণৰ আৰু ৰূপৰ দুয়োবিধ মোহৰ অৱস্থা অনুসৰি ব্যৱহাৰ কৰা হৈছিল।

বিৰি

ডিঙিত পুৰুষে বিৰিও পিন্ধিছিল। বিৰিবোৰ কেতিয়াবা মতামণিত ওলোমাই পিন্ধিছিল।

মগৰদানা

এইবিধ অসমীয়া পুৰুষৰ চকুত লগা অলংকাৰ। মগৰদানা ধাৰৰ দুয়োমূৰে মগৰৰ ফটিক আছে। মাজডোখৰ মাছ বা মগৰৰ বাকলিৰ দৰে। কিছুমানৰ মতে এই মগৰ ফটিক মংগোলীয় [চীনা] ড্ৰেগনৰ ৰূপান্তৰ মাত্ৰ।

গামখাৰু

পুৰুষসকলে হাতত সাধাৰণতে ৰূপৰ আৰু বিশেষ ক্ষেত্ৰত সোণৰ গামখাৰু পিন্ধিছিল। গামখাৰুত লতা, ফুল আদিও খোদিত থাকে। সোণৰ গামখাৰুত বাখৰ পতোৱাও আছিল।

মহিলাসকলে মূৰৰপৰা ভৰিলৈকে নানা ধৰণৰ অলংকাৰ পৰিধান কৰিছিল। মূৰৰ খোপাত অসমীয়া মহিলাসকলে ৰূপৰ ফুল আৰু বনকৰা কাকৈ [ফণি] পিন্ধিছিল। ৰূপৰ ফুলবোৰ মুকলি ফুলৰ ফটিকেৰে সজা। মহিলাৰ কেতবোৰ অলংকাৰ তলত উল্লেখ কৰা হ’ল।

ডিঙিৰ অলংকাৰ

অসমীয়া মহিলাই ডিঙিত গলপতা পিন্ধিছিল। গলপতা ডিঙিত কপকপীয়াকৈ লাগি থাকে। গলপতাডালৰ দুয়োকাষে দুডাল মণি বা শিকলি থাকে। তাৰ মাজত শেৱালি বা গুটিমালী ফুলৰ ফটিকেৰে গাত লগালগিকৈ সোণৰ ফুল থাকে। এই ফুলবোৰ বাখৰ-পতোৱাও হ’ব পাৰে।

ডিঙিত ওলোমাই পিন্ধা আনবোৰ অলংকাৰ হৈছে– হাৰ, ডুগডুগি, মণি, চিপামণি, মটৰমণি, সাতসৰী ইত্যাদি।

গেজেৰা

ই হৈছে খাৰুৰ মাজৰ উঠঙা অংশ অলপ চেপেটা আৰু জোনবিৰিৰ দৰে উভয় মূৰ ঘোৰ খোৱা আৰু গাত বাখৰ পতা অসমীয়া মহিলাৰ ডিঙিৰ অলংকাৰ।

ডুগডুগি

ডিঙিৰ পৰা বুকুলৈ পিন্ধা এবিধ সোণৰ অলংকাৰ। ই দেখিবলৈ পাণ এখিলাৰ দৰে৷ সোণত খচিত ডালিমগুটীয়া বাখৰেৰে ইয়াৰ লটকনটো তৈয়াৰ কৰা হয়৷ ইয়াৰ সৈতে চেইন বা হাৰ লগাই পৰিধান কৰা হয়৷ অসমীয়া গীত-মাতত ইয়াৰ উল্লেখ অনেক ঠাইত পোৱা যায়-
“জোনবিৰি পিন্ধিলি ডুগডুগী পিন্ধিলি
কাণত পিন্ধিলি কেৰু,
মেখেলা পিন্ধি লৈ জাকিত চোলা পিন্ধিলি
নাচোতে নলৰে বুকু৷”

          আগৰ মহিলাসকলে ঢোলবিৰিও পিন্ধিছিল। মালামণি হ’ল সোণৰ মণি। মালামণিবোৰ বাখৰ-পতোৱা। মালামণিত পোৱাল মণিও থাকিব পাৰে। মটৰমণি মটৰমাহৰ দৰে সোণৰ মণিৰ মালা।

কাণৰ অলংকাৰ

          অসমীয়া মহিলাসকলে কাণত কাণফুল, কেৰু, সোণা বা মাকৰি পিন্ধিছিল। কাণফুল সৰু ছোৱালীকহে পিন্ধোৱা হৈছিল।

জাংফাই কেৰু

অসমীয়া মহিলাসকলে লা-জাতীয় জাংফাই কেৰুও পিন্ধিছিল। জাংফাই কেৰুৰ দুয়োমূৰে সোণ খটোৱা আৰু বাখৰ-পতোৱা থাকে। অলপ সৰু কেৰুবোৰক থুৰীয়া বুলিছিল। ই এবিধ জ্লমলীয়া  সৌৰ বৰণীয়া গোটমৰা গছৰ আঠাৰ পৰা তৈয়াৰ কৰা অলংকাৰ। 

চিতি-পাতি

চিতি-পাতি চুলিৰ তলত কপালত পিন্ধা অলংকাৰ। পোনকৈ সেওঁতা ফলা মূৰত, সেওঁতাৰে এধাৰ আৰু দুয়োকাষে দুধাৰ হাৰৰ সমষ্টিয়েই চিতি-পাতি। চিতি-পাতিৰপৰা মাজ কপালত এটা লটকণ থাকে। তিনিও ধাৰ খোপাত বন্ধা হয়।

ইয়াৰ লগতে পঢ়কঃ ১. আধুনিক অসমীয়া সাহিত্যৰ বিকাশত আলোচনীৰ ভূমিকা
২. অসমীয়া সাজপাৰ
৩. অসমৰ লোকবিশ্বাস
8. ঢেঁকী অসমীয়া লোক-সম্পদ

হাত আৰু আঙুলিৰ অলংকাৰ

          অসমীয়া তিৰোতাই হাতত মুঠি খাৰু বা খুচুৰীয়া খাৰু পিন্ধিছিল। মুঠিখাৰুৰ নিচিনা দীঘলীয়া অনেক প্ৰকাৰৰ হাতৰ অলংকাৰ পুৰণি ভাস্কৰ্যত পোৱা যায়। আৰ্থিক সামৰ্থ অনুসৰি মুঠিখাৰু সোণ আৰু ৰূপেৰে সজোৱাই লৈছিল। সোণৰ মুঠি খাৰুত বাখৰ-পতোৱাও আছিল। মুঠি খাৰুৰ বাহিৰে অসমীয়া মহিলাই হাতত গামখাৰু, পটীয়াখাৰু, শলীয়া আৰু গোটা খাৰু পিন্ধিছিল।

          হাতৰ আঙুলিত মহিলাসকলে মোহৰপতা, বাখৰপতা, জেঠীনেজীয়া, শেনপতা, মৰাপহীয়া, পাৰচকুৱা, পদুমকলি, মাছবাকলীয়া, বাবৰিবছা আঙঠি পিন্ধিছিল।

          অসমীয়া তিৰোতাই বাঙুত বাজু পিন্ধিছিল। বাজু এচটা চেপেটা সোণ বা ৰূপেৰে সজা হয়। কিছুমান বাজুৰ ভিতৰটো ফোপোলা আৰু তাৰ ভিতৰত লা বা মাটি ভৰোৱা থাকে। বাজুৰ দুয়োমূৰ সাধাৰণতে মগৰমুখীয়া।

          অসমীয়া মহিলাই কঁকালত কৰধনি পিন্ধিছিল। এসময়ত বিয়াৰ কইনাইহে এইপদ অলংকাৰ ব্যৱহাৰ কৰা দেখা গৈছিল। কৰধনি ৰূপৰ তিনিডাল বা চাৰিডাল হাৰেৰে গঁথা থাকে। অসমীয়া মহিলাই ভৰিত খাৰু আৰু পাজোপ পিন্ধিছিল। ভৰিৰ অলংকাৰ সাধাৰণতে ৰূপৰ। সোণ ভৰিত নিপিন্ধিছিল। ভৰিত পিন্ধা খাৰুবোৰ ফোপোলা আৰু তাৰ ভিতৰত শিলগুটি ভৰোৱা আছিল। এইবিধ খাৰু ভৰিৰ সৰু গাঁঠিত পিন্ধিছিল। খাৰু পিন্ধি খোজ কাঢ়িলে জুনুকাৰ দৰে শব্দ হৈছিল।

          অসমীয়া অলংকাৰৰ এক স্বকীয় বৈশিষ্ট্য আছিল। বৰ্তমান এই অলংকাৰসমূহৰ বহুবিলাক লোপ পালে।

— চন্দ্ৰমা গগৈ

2 thoughts on “পুৰণি অসমীয়া আ-অলংকাৰ”

  1. বৰ ভাল লাগিল শ্ৰীমতি চন্দ্ৰমা গগৈৰ প্ৰবন্ধটি৷ অসমীয়া সংস্কৃতিৰ আৰু অনেক কথা জনাৰ আগ্ৰহ কৰিলো তেখেতৰ লিখনিৰ দ্বাৰা৷
    কৃতজ্ঞতাৰে
    ৰুমা হাজৰিকা
    নৱী মুম্বাই

    Reply

Leave a Comment