Home কবিতা পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহ

পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহ

by admin
0 comment
satirtha image-18

‘প্ৰগতি’ মানুহৰ কষ্টৰ ফল

মানুহ হৈ উটে জীৱশ্ৰেষ্ঠ

ঈশ্বৰে কৰে সহায়

শংকৰ-মাধৱ আজান ফকীৰে

গঢ়ে অসমীয়া জাতি

পাপক ক্ষয় কৰি

পূণ্যৰ সাগৰ সাজে

গঢ় দিয়ে

জীয়াই থাকিবলৈ এখন পৃতিৱী

প্ৰকৃতি তাৰ প্ৰাণ।

— মণীষা বৰুৱা

 

কালিয় দমন
লেখক: শ্ৰীমন্ত শঙ্কৰদেৱ

আগৰ অংশ

সূত্ৰ-নাগনাৰীসব ঐছন স্বামীক সন্তাপে বিলাপ কৰি কহু কৃষ্ণক আগু পৰি ৰহল। নয়নক নীৰ ঝুৰে। হা স্বামী বোলি হৃদএ মুঠি হানি আৰ্ত্তৰাৱ কৰিএ থিক।

শ্লোক

নিশম্য নাগনাৰীণাং কৰুণাং কমলেক্ষণঃ।
কালিয় শিৰসঃ কৃষ্ণঃ কৃপায়াৱতাৰ সঃ॥

সূত্ৰ-তদনন্তৰ, নাগবধূসবক পৰম সন্তাপে পেখিএ শ্ৰীকৃষ্ণ কৃপা উপজল। নাগনাৰী সবক সম্বোধি বোলল॥

শ্ৰীকৃষ্ণ-আহে কালিক ভাৰ্য্যা নাগিনীসব সন্তাপ চোড়হ।

সূত্ৰ-ওহি বুলি ডেৱ দিয়া নামি সৰ্পক ফণাহন্তে অন্তৰ হুআ ৰহল।

শ্লোক

ততো বিমূৰ্চ্ছিতঃ কালিঃ শনৈঃ সম্প্ৰাপ্য চেতনাম্।
তুতোষ শিৰসা নত্বামত্যা কৃষ্ণং মহেশ্বৰম্॥

সূত্ৰ-যমপুৰ পাই, কালি কথঙ্কথমপি প্ৰাণে নিবৰ্ত্তল। মহা পীড়া পাই ফোফাৱত। আপদ ঔষধি পাই, সৰ্পক দৰ্পক চুৰ ভেল। চিত্ত শান্ত হুৱা আখি মেলি কৃষ্ণক আগু দেখিএ বোলল। এহি কোটি ব্ৰহ্মাণ্ড ঈশ্বৰ নাৰায়ণ জানি ত্ৰাহি স্বামী কৃষ্ণ বোলি শিৰে চৰণ পৰশিএ পৰণাম কয়ল পশ্চাত্ জানু পাৰি কৰ যোড়ি তুতি আৰম্ভল।

পয়াৰ

জয় জয় জগত মহেশ্বৰ।
ব্ৰহ্মা শঙ্কৰ যাহে কিঙ্কৰ। .
জয় ভকতক ভয়হাৰী।
নমো হৰি চৰণ তোহাৰি॥
তব পানে অতএ সাধি।
মঞি পাপী অপৰাধী॥
দংশল দেৱ নজানি।
মৰষ দোষ পদ্ম পাণি॥
ক্ৰুৰ সৰ্প অহঙ্কাৰী।
স্ৰজনা তোহাৰি মুৰাৰি॥
মোহল মন তুৱা মায়া।
আজু কয়লি দেঅ দায়া॥
গৰব গুচাৱলি মোৰ।
বিষয় আপদ ঘোৰ॥
দূৰ কৰ অব মোঞী।
চিন্তো চৰণক তোই॥
দেহু হৰি মোহি ওহি শিক্ষা॥
মাগিএ ভূঞ্জিব ভিক্ষা।
ভৰমো তুৱা গুণ গাই।
কৰহু অতএ কৰুণা গোসাঁঞি॥

কালি-সৰ্পঃ-হে পৰম-পুৰুষ নাৰায়ণ শ্ৰীকৃষ্ণ, ওহি পৰম আপদ বিসম জঞ্জাল দূৰ কৰহ; গলে কন্থা বান্ধিঃ ভিক্ষা মাগিঃ তোহাৰি চৰণ চিন্তিঃ গুণ নাম গাই বেড়াঞঃ। বাপ জগন্নাথঃ ত্ৰাহি ত্ৰাহিঃ।

সূত্ৰ-ওহি বোলি কালি শ্ৰীকৃষ্ণক আগু পৰল॥

শ্লোক

বীক্ষ্য ভক্তিস্ততস্তস্য তুষ্টঃকৃষ্ণো জগাদ তম্।
মাভৈৰ্ভুজগতীৰ্ণোহসি মম মায়াং দুৰত্যয়াম্॥

শ্ৰীকৃষ্ণ-আহি কালি সৰ্প-ৰাজ, তোহো বয় কৰবি নাহি। হামাক প্ৰাসাদে ওহি মায়া সংসাৰ তোহো নিস্তৰল। সাম্প্ৰত ওহি যমুনাক হ্ৰদ ছোড়ি তোহাৰি পূৰ্ব স্থান ৰমণক দ্বীপ তাহেক লাগি সপৰিবাৰে চলহ, ঐ চলহ। গৰুড়ক কিছো শঙ্কা কৰবি নাহি। হামাৰ চৰণক চিহ্ন ধ্বজ-বজ্ৰ-পঙ্কজ তোহাৰি ফণাত লাগি ৰহল তাহে পেখি হামাক ভএ গুড়ে কিছো কৰৱ নাহি। বিলম্ব চোড়ি এই চলহ।

শ্লোক

নিশম্য নিৰ্ভয়াং বাণীং কৃষ্ণস্য ভুজগস্তদা।
নত্বা সপৰিবাৰণে যযৌ ৰমণকং মুদা॥

সূত্ৰ-শ্ৰীকৃষ্ণক পৰম নিৰ্ভয় বাণী শুনিয়ে মহা হৰিষে কালি সপৰিবাৰে কৃষ্ণক প্ৰণাম কয়ল। চৰণক ধূলি লেলহ। হে স্বামী কৃষ্ণ বিদায় কয়ল’-বুলি, প্ৰেমে সলোতক নয়নে যৈছে চলল, তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি॥

গীত॥ ৰাগ-কানাড়া॥ পৰিতাল॥

ধ্ৰুং-কৃষ্ণক চৰণে কৰিএ বিদাই।
চললি কালি ৰমণক লাই॥

পদ-ফণা মণি ঝিকমিক কৰি পৰকাশে।
নাগ ৰমণী চলয় লয় লাসে॥
যাহিতে হৰিষে হৰি-গুণ গাৱে
কহ শঙ্কৰ গতি গোবিন্দ পাৱে॥

সূত্ৰ-ঐছন পৰকাৰে কালিক দমিএ হ্ৰদহন্তে দূৰ কৰি কহু শ্ৰীকৃষ্ণ কৌতুকে কালিন্দী তীৰে আৱল, দেখি আনন্দে গোপীসব জয় কৃষ্ণ বুলি বেঢ়ল। মুখ-পঙ্কজক যৈছে নয়ন ভ্ৰমৰে পান কৰৈছে, নন্দ-যশোদা বাহু মেলি গলে বান্ধি ধৰল, ঘনে ঘনে শিৰ শুঙি লোতকে শৰীৰ তিয়াৱল। গদ গদ বাক্যে বোলল।

যশোদা-আহে পুতাঃ কি নিমিতেঃ হ্ৰদক মাঝে ঝাম্প দেলহ;অঃ হামাক মাৰিতে চাঅলঃ তোহাৰি সন্তাপে আজু প্ৰাণ চাড়ল হোই।

সূত্ৰ-ওহি বুলি মৃতক পুত্ৰক পাই, পৰমানন্দে নন্দ-যশোদা ৰহল। তদন্তৰ কৃ্ষ্ণক প্ৰভাৱ জানি হাসি হাসি আসি বলভদ্ৰে আলিঙ্গি ধৰল ঐছন পৰকাৰে কৃষ্ণক আৱৰি কৌতুকে হাসিতে মাতিতে দিৱস অৱসান ভেল ৰাত্ৰি মিলল। তাহে পেখি শ্ৰীকৃষ্ণ বোলল॥

শ্ৰীকৃষ্ণ-হে মাতা, হে পিতা, হে গোপ-গোপীসব, আজু ৰাত্ৰি বজ্ৰ যাইতে পাৰএ নাহি। যব সবেহি ভল্ল দেখহ, তবে এথাতে ৰজনী বঞ্চহ।

সূত্ৰ-শ্ৰীকৃশ্ণক ঐছন বাক্য অনুমানি যত গোকুলবাসীসব যমুনাক তীৰে শুতি ৰহল। ক্ষুধাএ-তৃষ্ণাএ হাৰাশস্তি হুৱা নিৰ্ভএ নিদ্ৰা গেলহ।

শ্লোক

ততোঃ লোকাঃ সমুত্তস্থুঃ বেষ্টিতা বনৱহ্নিনা।
চুক্ৰুশুঃ কৃষ্ণ কৃষ্ণেতি ত্ৰাহি ত্বং নিজকিঙ্কৰান্।

সূত্ৰ-তদনন্তৰ নিদ্ৰাতে ব্ৰজবাসীক বনাগ্নি বেঢ়ল। তাহেক প্ৰচণ্ড শব্দ শুনিএ নিদ্ৰাভঙ্গ ভেল। বিস্ময় হুআ জাগল, প্ৰচণ্ড বহ্নি পেখিয়ে শৰীৰ কাম্পে। পৰম ত্ৰস্ত হুআ ত্ৰাহি ত্ৰাহি কৃষ্ণ বোলি কোলাহল কৰিতে লাগল।

গোপ-গোপীসৱ-হে অনাথক নাথ, হে দীন-দয়াল স্বামী কৃষ্ণ হামাক ওহি শৰীৰ আৱশ্যক পৰব, ইহাক চিনতা নাহি নাথ। ওহি সংসাৰ তাৰক তোহাৰি অৰুণ চৰণ তাহে পুনৰ্বাৰ নাহি দেখব। এহি দুখনলে হৃদয় দাহ কৰে।

সূত্ৰ-ওহি বোলি যৈছে আৰ্ত্তৰাৱে ক্ৰন্দন কঅ লাগল-তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি॥

গীত॥ ৰাগ-শ্ৰীগান্ধাৰ॥ পৰিতাল॥

ধ্ৰুং-আৱে হৰি হৰি গোপাল প্ৰাণ।
মিলে মৰণ হামাৰু ৰে।
অৰণ্য-অনলে দহে মধাই উধাৰু॥

পদ-নাহি ওহি দুখঃ মোহি জীৱ জব যাই।
নিচিন্তিত হামুঃ এহি মৰণক লাই॥
অৰুণ চৰণ আৰঃ নেদেখো তোহাৰি।
ওহি দুখে দহে দেহাঃ মধাই হামাৰি॥
আৰাৱে কাতৰ কৰে ঐ বন্ধু মধাই।
বাপ চাপ সমীপ খানিক থাকো চাই॥
আজু আশা দূৰ গেল তুৱা দৰশনে।
কহতু শঙ্কৰ গতি গোবিন্দ চৰণে॥

গীত॥ ৰাগ-ভাটিয়ালী॥

ধ্ৰুং-ত্ৰাহি ত্ৰাহি হেৰ প্ৰাণ         নাৰায়ণ হৰায়ী ঐ বাপ
শৰণে পশিলোঁ।
বন-বহ্নি দহে         নৰহে জীৱন
আবেসে নাশিলোঁ॥

পদ-নাহি এহি শোক         মৰণ মিলোক
আৰ নিচিন্তোহো হামি।
তোমাৰ অৰুণ         চৰণ-পঙ্কজ
পুনু নেদেখব স্বামী॥
সন্নিহিত চাপ         গোপাল এ বাপ
খানিক দেখিএ থাকো।
কমল নয়ন         এ ব্ৰজ জীৱন
তোৰ ভৃত্যসবে ডাকো॥
ৰূপে মদন         এ চান্দ বদন
দেখিতে নাপাইবো আৰ।
তোহাৰি বিয়োগ         আগি পীড়ে প্ৰাণ
অধিক কৰি হামাৰ॥
আপদে মগন         গোপ-গোপীগণ
আৰাৱে কাতৰ কৰে।
মাধৱ বান্ধৱ         উদ্ধাৰ কৰতু
কহয় কৃষ্ণ কিঙ্কৰে॥

সূত্ৰ-ঐছন ভকতসৱক আৰ্ত্তৰাব শুনিএ শ্ৰীকৃষ্ণক পৰম কৰুণা উপজল, হৃদয় আকুল ভেল।

শ্লোক

ততোহ তিভীতান্ ভগৱান্ গোপানাশ্বাস্য সত্বৰম্।
মুখেন বহ্নিমপবিত্ মহাযোগেশ্বৰো হৰিঃ॥

সূক্ষ-ভকতক ভীতি পেখিএ শ্ৰীকৃষ্ণ বোলল।

শ্ৰীকৃষ্ণ-আহে গোপ-গোপীসব হামু বিদ্যামান থাকিতে কোন চিন্তা থিক। নিৰ্ভএ ৰহ।

সূত্ৰ-ওহি বুলি ঈশ্বৰ চেষ্টা দেখাইঃ ততকালে সে প্ৰচণ্ড বহ্নিক মুখে পান কয়লঃ দুৰ্ঘোৰ বহ্নি যৈচে জল পৰিএঃ ততকালে নিৰ্বান গেল। তাহে পেখি গোপ-গোপীসব, জয় কৃষ্ণ জয় কৃষ্ণ বোলি জোকাৰ পাৰল।

শ্লোক

শ্ৰীকৃষ্ণস্যাদ্ভূতং কৰ্ম দৃষ্টাসৰ্ব্বেপি বিস্মিতাঃ।
অনোহন্যমিতি প্ৰত্যুচুৰ্ন্ন নৰো নন্দনন্দনঃ॥

সূত্ৰ-শ্ৰীকৃষ্ণক আশ্বৰ্য্য মহিমা পেখিএ পৰম বিস্ময় হুয়া অন্যোঅন্যে সম্বোধি বোলল॥

ব্ৰজবাসী-আহে ভাইসবঃ দেখো দেখো ওহি নন্দ-নন্দন মানুষ নোহে; প্ৰচণ্ড বহ্নিক ততকালে মুখে পান কয়লঃ ওহি কি মনুষ্যক কামঃ অঃ জানল, সে পৰম পুৰুষ পুৰুষোত্তম, সনাতন নাৰায়ণ, সে ভূমিক ভাৰ হৰণ নিমিত্তে অৱতাৰ হয়ে থিক। ইহাত কিছো শঙ্কা নাহি অঃ হামাক ভাগ্যক মহিমা কি কহব। এহি জগতক গুৰু নাৰায়ণ সহিত হামাক সঙ্গ ভেল হামু নিস্তৰল।

সূত্ৰ-ওহি বুলি শ্ৰীকৃষ্ণক প্ৰশংসিয়ে আৱৰি গোপ-গোপীসব নয়ন ভ্ৰমৰে মুখ-পঙ্কজক প্ৰেমে প্ৰাণ কৰিএ ৰহল।

শ্লোক

গোবিন্দো ৱাদয়ন্ ৱেণুং গোকুলং গোপীগোপকৈঃ।
সাৰ্দ্ধং যযৌ জগন্নাথো হৰ্ষয়ন্ সুহৃদো মুদা॥

সূত্ৰ-তদনন্তৰ কালি-দমন বন বহ্নি পান পৰম ঈশ্বৰ লীলা দৰশিএ শ্ৰীকৃষ্ণ গোপ-গোপী সহিতে ধেনুসৱ আগ কঅ চলয়। কৃষ্ণ-গুণ গাই, বংশী-শঙ্খ-শিঙ্গা বজাই গোপীসৱ যাই। গোপীসৱ পৰম প্ৰেমভাবে পৰম প্ৰেমভাবে হৰি গুণ গাই কৃষ্ণ মুহ-পঙ্কজ কটাক্ষে নিৰেখিএ গোকুল চললি। তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি॥

গীত॥ ৰাগ-কল্যাণ॥ খৰমান॥

ধ্ৰুং-গোকুল চলেৰে মুৰাৰু।
নীল শৰীৰ ৰঞ্জিত পীত জ্যেতি,
চাৰু হীৰ হেমহাৰু॥

পদ-বাৱত বেণু         ধেনু ৰেণু তনু
কানু কৌতুক কয় যাই।
গোপ শিশু সঙ্গ         অঙ্গ ত্ৰিভঙ্গিম
ৰূপে ভুৱন ভুলাই॥
সঙ্গিনী ৰঙ্গিনী         গোপিনী গাৱে
ভাৱে নীৰ ঝুৰাৱে।
কানুক কমল         অমল মুহ হেৰি
চললি লহু লহু পাৱে॥
শ্ৰীৰাম ৰায়া         হৰি ৰস পায়া
মায়া কৰু নিৰযান।
একু কৃষ্ণক         চৰণ পৰায়ণ
শঙ্কৰ হৰি-গুণ গান॥

সূত্ৰ-ঐছন পৰম কৌতুক কেলি কঅ শ্ৰীকৃষ্ণ গোপ-গোপী সহিতগোকুল পাই পৰম আনন্দে ৰহল। এহি গোপালক কালি-দমন, বনাগ্নি পান, লীলা-যাত্ৰা যে সব লোকে শুনে, ভণে তাহেক কৃষ্ণ চৰণে পৰম প্ৰেম ভকতি বাঢ়ব, ইহা জানি নিৰন্তৰে হৰি বোল হৰি।

শ্লোক

কৃষ্ণস্য কালি দমনং নাম যাত্ৰ চকাৰিতা।
যতন্যূনমধিক দোষং ক্ষমতাং ভগবান প্ৰভোঃ॥
নমঃ কৃষ্ণায় ৰামায় কামায় মহতে নমঃ
নমো অৰবিন্দনেত্ৰায় সদানন্দায় ভাস্বতে॥

॥ ভটিমাঃমুক্তি মঙ্গল॥

দৈৱকী উদৰে         উদয় যোহি দেৱা
কয়লি ভকতক ত্ৰাণ।
অঘ বক ধেনুক         কেশী সবংশক
কংসক ধ্বংসল প্ৰাণ॥
বিৰিন্দা বিপিন         বিহাৰ বিশাৰদ
শাৰদ চন্দ্ৰ সমান।
শোহি জগত গুৰু         তেৰি সততে কৰু
মুকুতি মঙ্গল বিধান॥
যোহি গোপ বধূ         বিবিধ বিধ্বংসল
পৰিৰম্ভল ভুজ মেলি।
যোহি যমুনা জল         যামিনী কামিনী
মিলি কয় ৰঙ্গ কেলি।
দুষ্ট অৰিষ্টক         মুষ্টিক মোড়ল
শঙ্খচূড় লেল প্ৰাণ।
সোহি জগত গুৰু         তেৰি সততে কৰু
মুকুতি মঙ্গল বিধান॥
যোহি ভূমি কহু         ভাৰ উত্তাৰল
নিজ জন পুৰিএ কাম।
পাপী পাপক         মূল উপাৰে
উচাৰি যাকেৰি নাম॥
যাহে নাম শুনি         নীচ শ্বপচ মুনি
দোহো হোৱে একু সমান।
সোহি বৈকুণ্ঠক         কৃষ্ণক নাটক
উত্পাটক দুখমূল।
পূণ্যক সঞ্চল         কলিমল ধ্বংসল
নাহি নাহি ওহি তুল।
শুন সভাসদ         দেখু বিচাৰি
ভেলহ লোক একাকাৰ।
ধৰমক কৰমক         আশা দূৰ কৰ
হৰি বিনে গতি নাহি আৰ॥
শ্ৰীৰাম ৰাই         হৰি বিনে নাই
যাহেৰি হৃদয় ধিয়ান।
ভকতিক শকতি         যাহেৰি মিলল
পৰম ঈশ্বৰ গিআন॥
পাষণ্ড দণ্ডন         মণ্ডন ভকতক
হৰি ৰস ৰসিক সুজান।
কালি দমন         কৰাৱত নাটক
কৃষ্ণ কিঙ্কৰ ওহি ভাণ॥
শুন সব লোই         বচনক মোই
সৱ তেজি ভজ হৰি পাৱ।
ওহি ভৱ দুৰ্গম         সাগৰ তৰণে
কৃষ্ণ পাদ-পল্লব নাৱ॥
দেৱক উপৰি         ৰাজা মাধৱ
ধৰমক উপৰি নাম।
কৌটি কল্পক         পাতক নাশক
ডাকি বোলহ ৰাম ৰাম॥

ইতি কালিদমন যাত্ৰা নাটকম্ সমাপ্তম।

সম্পৰ্কীয় লেখা

Leave a Comment

* By using this form you agree with the storage and handling of your data by this website.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept