সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

ভক্তিপ্ৰধান সাহিত্যত নৱৰসৰ প্ৰকাশঃ

শঙ্কৰদেৱৰ অঙ্কীয়া নাটৰ বিশেষ উল্লিখন

ৰস কি?

সাহিত্যৰ প্ৰাণবস্তু হৈছে ৰস। ৰসৰ অবিহনে সাহিত্য নিজীৱ। গতিকে বৈচিত্ৰ্যপূৰ্ণ ৰস সৃষ্টি কৰি পাঠকক এক অনিৰ্বচনীয় আনন্দৰ সন্ধান দিয়াটোৱেই সাহিতি্যকৰ মূল লক্ষ্য।

অৱশ্যে ৰসোপলব্ধিৰ ক্ষেত্ৰত এটা কথা লক্ষণীয় যে, কেৱল সহৃদয়জনেহে ইয়াৰ অস্তিত্ব সত্যৰূপে উপলব্ধি কৰিব পাৰে।

ৰস সম্বন্ধে বিভিন্ন আলঙ্কাৰিকে সংজ্ঞা আগবঢ়াইছে। নাট্যশাস্ত্ৰৰ প্ৰণেতা ভৰতৰ মতে – ‘ন ৰসাদৃতে কশ্চিদৰ্থ প্ৰৱৰ্ত্ততে‘। অৰ্থাৎ ৰসৰ অবিহনে কাব্যৰ কোনো অৰ্থই হ‘ব নোৱাৰে।

ভৰতৰ মতে, বিভাৱ, অনুভাৱ আৰু সঞ্চাৰী ভাৱৰ সংযোগত ৰসৰ নিষ্পত্তি হয়।

সাহিত্য দৰ্পণত কোৱা হৈছে বিভাৱ, অনুভাৱ আৰু সঞ্চাৰী ভাৱৰ সহযোগত স্থায়ীভাৱেই ৰূপান্তৰিত হৈ ৰস হয়

আলঙ্কাৰিক বিশ্বনাথৰ মতে, ‘ৱাক্যং ৰসাত্মকং কাৱ্যম‘ৰ অৰ্থাৎ ৰসাত্মক বাক্যই কাব্য

এনেদৰে আলঙ্কাৰিকসকলে ৰস সম্বন্ধে বিভিন্ন সংজ্ঞা আগবঢ়ালেও সকলোৱে একমুখে স্বীকাৰ কৰিছে যে, ৰস হ‘ল সৌন্দৰ্যবোধৰ পৰা ওপজা মনৰ এক অতি জাগতিক আনন্দময় অৱস্থা আৰু এই আনন্দ সকলো লৌকিক আনন্দৰ উৰ্দ্ধত

ৰসৰ প্ৰকাৰ

প্ৰাচীন আলঙ্কাৰিকসকলে ৰসৰ প্ৰকাৰ নটা বুলি উল্লেখ কৰিছে। সেইকেইটা যথাক্ৰমে – আদি বা শৃঙ্গাৰ, বীৰ, ভয়ানক, কৰুণ,  বীভৎস, হাস্য, শান্ত, অদ্ভুত আৰু ৰৌদ্ৰ

মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ভক্তি ৰস বুলি আন এটি ৰসৰ সৃষ্টি কৰিছে। বাৎসল্য ৰসকো ৰস হিচাপে স্বীকৃতি দিয়া হৈছে।

এই নৱবিধ ভক্তিৰ উপাদানস্বৰূপ ন-বিধ স্থায়ীভাৱ হ‘ল–অনুৰাগ বা ৰতি, উৎসাহ, ভয়, সম, হাস, বিস্ময়,  ক্ৰোধ, শোক আৰু জুগুপ্সা।

সাহিত্যৰ অন্যতম বিভাগ নাটকত ৰসৰ সমাবেশ অপৰিহাৰ্য। ৰসহীন নাটক তেল-লোণ নোহোৱা ব্যঞ্জনৰ দৰে। নাটক যিহেতু শ্ৰূয়মান দৃষ্টিবেদ্য শিল্পকৰ্ম।

শ্ৰব্য আৰু দৃশ্যৰ গুণসমন্বিত এইবিধ কাব্যই মানুহৰ মানসিক উৎকৰ্ষ সাধন কৰে আৰু লগতে আনন্দ প্ৰদান কৰে।

অসমীয়া নাট্যসাহিত্যৰ প্ৰণেতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অঙ্কীয়া নাট-ভাওনা সৃষ্টি কৰাৰ মূলতে আছিল তদানীন্তন কালৰ লিখিব- পঢ়িব নজনা, আখৰবোধ নথকা নিৰক্ষৰ জনসাধাৰণৰ মাজত কৃষ্ণভক্তি মাহাত্ম্য প্ৰচাৰ কৰা।

শঙ্কৰদেৱে যি সময়ত অঙ্কীয়া নাট সৃষ্টি কৰিছিল সেই সময়ত সমাজৰ সৰহ সংখ্যক লোকেই আছিল নিৰক্ষৰ। তদুপৰি অঙ্কীয়া নাট আছিল এক অভিনৱ কলা।

শঙ্কৰদেৱৰ পূৰ্বতে অসমত তেনে কোনো লিখিত নাটৰ প্ৰচলন নাছিল।

অৱশ্যে ওজাপালি, পুতলানাচ, ঢুলীয়া নাচ আদি লোকধৰ্ম অনুষ্ঠানৰ প্ৰচলন আছিল। আনহাতে সংস্কৃত নাটৰ প্ৰচলন পূৰ্বৰে পৰাই আছিল যদিও নিৰক্ষৰতাৰ কাৰণে জনসাধাৰণে সংস্কৃত নাটক বুজি নাপাইছিল।

সৰ্বসাধাৰণ মানুহৰ বাবে সংস্কৃত নাটক প্ৰকৃততে ৰচিত হোৱা নাছিল। এনে নাটকৰ অভিনয় চোৱাৰ সুযোগ পাইছিল কেৱল সমাজৰ মুষ্টিমেয় কেইজনমান ব্ৰাহ্মণ ক্ষত্ৰিয়ইহে।

সমাজৰ নিম্ন শ্ৰেণীৰূপে পৰিগণিত শূদ্ৰসকলক সংস্কৃত নাটৰ অভিনয় চাবলৈ দিয়া হোৱা নাছিল।

সমাজৰ এনে দ্বন্দমুখৰ পৰিস্থিতিত মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বিভিন্ন গীত-পদ ৰচনা কৰাৰ লগতে অঙ্কীয়া নাট ৰচনা কৰি সিবিলাকত বিভিন্ন ৰসৰ সমাবেশ ঘটাই অভিনয়ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।

মূলতে শঙ্কৰদেৱৰ নেতৃত্বত গঢ় লৈ উঠা বৈষ্ণৱ সাহিত্য ভক্তিপ্ৰধান যদিও অঙ্কীয়া নাটত নৱৰসৰ প্ৰকাশ হৈছে। ইয়াৰ জৰিয়তে সহজতে মানুহৰ মন জয় কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰা হৈছিল।

শঙ্কৰদেৱৰ নাটত কোৱা হৈছে যে কৃষ্ণ বা ৰামৰ লীলা দৰ্শন-শ্ৰৱণ কৰিলে পাপ দূৰ হয়, ভক্তি বাঢ়ে আৰু মুক্তি লাভ হয়, গতিকে ‘নিৰন্তৰে হৰি বোল‘।

শঙ্কৰদেৱৰ প্ৰথম সফল প্ৰচেষ্টা ‘চিহ্নযাত্ৰা‘ অভিনয়। কথা গুৰু চৰিতত উল্লেখ থকামতে প্ৰথমবাৰ তীৰ্থ ভ্ৰমণৰপৰা  ঘূৰি আহি শঙ্কৰদেৱে এই অভিনয় প্ৰদৰ্শন কৰিছিল আৰু আশ্চয্যজনকভাৱে সাফল্যও লাভ কৰিছিল।

চিহ্নযাত্ৰা অভিনয়ৰ পাছত তেৰাই  ছয়খন নাট ৰচনা কৰে

পত্নীপ্ৰসাদ, কালিয়দমন,কেলিগোপাল, ৰুক্মিণী-হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়। এই আটাইকেইখন নাট বিচাৰ কৰি চালে প্ৰাচীন আলঙ্কাৰিকসকলৰ নৱবিধ ৰসৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়।

অৱশ্যে ভক্তিপ্ৰধান সাহিত্য হিচাপে শঙ্কৰদেৱৰ আটাইকেইখন নাটতে ভক্তিৰসক অন্তৰাৱৰণ স্বৰূপে লৈ নৱৰসৰ প্ৰকাশ হৈছে ।

এতিয়া ক্ৰম অনুসৰি এই  ৰসসমূহৰ প্ৰয়োগ সম্পৰ্কে এটি পৰ্যালোচনা কৰা হৈছে–

আদি বা শৃঙ্গাৰ ৰস

আলঙ্কাৰিকৰ ভাষাত ‘শৃংগ‘ মানে কামোদ্ৰেক আৰু ‘আৰ‘ মানে আগমন। গতিকে কামোদ্ৰেক হলে স্ত্ৰী-পুৰুষৰ যি অৱস্থা বিশেষ হয় তাকে শৃঙ্গাৰ বোলে। সাহিত্যত এনে অৱস্থাৰ বৰ্ণনাৰ যোগেদি শৃঙ্গাৰ ৰস প্ৰকাশ পায়।

ইয়াৰ স্থায়ী ভাৱ অনুৰাগ বা ৰতি। শৃঙ্গাৰ ৰসৰ প্ৰকাৰ দুটা–সম্ভোগ শৃঙ্গাৰ আৰু বিপ্ৰলম্ভ শৃঙ্গাৰসম্ভোগ অৱস্থাৰ বৰ্ণনাৰ পৰা যি ৰস সৃষ্টি হয় সেয়ে সম্ভোগ শৃঙ্গাৰ ৰস

আনহাতে নায়ক-নায়িকাৰ বিয়োগ অৱস্থাৰ পৰা ৰতি ভাৱক লৈ অভিব্যক্ত বিপ্ৰলম্ভ শৃঙ্গাৰ ৰস বিৰহ, পূৰ্বৰাগ, ঈষা আদিৰ বাবে সৃষ্টি হয়

শঙ্কৰদেৱৰ ছয়খন নাটৰ ভিতৰত চাৰিখন নাট– ‘কেলিগোপাল‘, ‘ৰুক্মিণীহৰণ‘, ‘ পাৰিজাত হৰণ‘ আৰু ‘ ৰামবিজয়‘ত শৃঙ্গাৰ ৰসাত্মক বৰ্ণনা পোৱা যায়। 

কেলিগোপাল‘ত গোপীসকলৰ লগত শ্ৰীকৃষ্ণৰ প্ৰেমভাৱ আৰু বিভিন্ন অৱস্থাৰ বৰ্ণনা নাটৰ গীতসমূহত প্ৰকাশ পাইছে। স্বাভাৱিকতে এইখন নাটত শৃঙ্গাৰ ৰসৰ আধিক্য পৰিলক্ষিত হয়।

গোপীসকলৰ শ্ৰীকৃষ্ণৰ মিলনৰ পথত বাধা জন্মাত বিপ্ৰলম্ভ শৃঙ্গাৰ ৰস প্ৰকাশ পাইছে।

‘‘হৰিক গোপী দেখয়ে নপাই
অধিক মিলন মোহ বিৰহ দহনু
দহে তনু ধৰণ নজাই।”

অৱশ্যে ‘কেলিগোপাল‘ত শৃঙ্গাৰ ৰসৰ বাহুল্য আছে যদিও নাট্যকাৰে এটা কথা সকীয়াই দিছে–

‘আহে লোকাই, পেখু পেখু অজ্ঞানী, অনাচাৰী গোপীসৱ কামভাৱে কেৱল কৃষ্ণ চৰণ চিন্তি তৎকালে পৰম গতি পাৱল। হৰি ভকতিক মহিমা কি কহব। ইহা জানি নিৰন্তৰে হৰি বোল হৰি।‘ 

গতিকে লৌকিক প্ৰেমাভিব্যক্তিৰ বিভিন্ন অৱস্থাৰ মাজেৰে শৃঙ্গাৰ ৰসক ৰূপ দিয়া হৈছে যদিও এই প্ৰেম আধ্যাত্মিক স্তৰৰ প্ৰেম।

ৰুক্মিণীহৰণ

ৰুক্মিণীহৰণ‘ নাটত ভাটৰ মুখেদি যেতিয়া কৃষ্ণই  ৰুক্মিণীৰ ৰূপ-গুণৰ কথা শুনিছে তেতিয়া তেওঁৰ পূৰ্বৰাগ জন্মিছে–‘ৰুক্মিণীৰ ৰূপ গুণ শুনিয়ে শ্ৰীকৃষ্ণ হেঠ মাথ কয় নিশ্বাস ফোকাৰি ঘন ঘন ৰুক্মিণীক মাত্ৰ ধিয়ান কয়ে ৰহল।‘ 

তদনুৰূপ  ৰুক্মিণীৰ হৃদয়তো পূৰ্বৰাগ জন্মিছে–‘কৃষ্ণৰ ৰূপলাৱণ্য শুনিয়ে মোহিত হৈয়া যৈচে কৃষ্ণক চৰণ চিন্তি ৰহল।

ৰুক্মিণীৰ স্বয়ম্বৰ সভাত উপস্থিত থকা ৰাজন্যবৰ্গৰ কামাতুৰ আচৰণত শৃঙ্গাৰ ৰস ফুটি উঠিছে– ‘ৰুক্মিণীক নবীন যৌৱন ৰূপ দেখিয়ে যত ৰাজাসৱ কামবাণে মূৰ্চিত হৈয়া আসন হন্তে ঢলি ঢলি পৰল। বিহ্বলভাৱে কাহু কৰযোৰি বোল– হে প্ৰাণেশ্বৰী কামসাগৰে নিস্তাৰ কৰহ।‘ 

বিবাহৰ পাছত কৃষ্ণ- ৰুক্মিণীৰ বিহাৰ বৰ্ণনাত সম্ভোগ শৃঙ্গাৰ ৰস ফুটি উঠিছে–

‘‘ঘন ঘন নয়ন পংকজ মুহ হেৰি
হেৰি কৰত কানু কেলি।
আলিঙ্গি অঙ্গ অঙ্গ ৰস ৰসিক
ৰমনীক ভুজ মেলি।”

পাৰিজাত হৰণ’

‘পাৰিজাত হৰণ’ নাটত ঠায়ে ঠায়ে শৃঙ্গাৰ ৰসাত্মক বৰ্ণনা পোৱা যায়। শ্ৰীকৃষ্ণই অভিমানিনী পত্নী সত্যভামাক আলিঙ্গন কৰি যি আশ্বাস দিছে সেই বৰ্ণনাত শৃঙ্গাৰ ৰস প্ৰকাশ পাইছে।

শ্ৰীকৃষ্ণই সত্যভামাক ‘আলিঙ্গি কোলে তুলি বৈঠাৱল, পীতবস্ত্ৰে  শৰীৰক ধুলি জাৰল, কেশ বান্ধল। নিজ হস্তে কপূৰ তাম্বুল ভুঞ্জাৱল।‘ 

নাটৰ শেষত ৰমনীসকলৰ লগত কৃষ্ণৰ কামকেলিৰ বৰ্ণনা দিয়া হৈছে।

‘‘ ধ্ৰুং: জগজন জীৱন মধাই।
কৰু কৌতুক কেলি কামিনী মিলাই।।

পদঃ  কুঞ্চিত চাৰু চিকুৰ চিবুকে ধৰিয়ে
কৰু চুম্বন বনমালী।
কাঞ্চুৰি ফোৰি   ভোৰে ৰসিক কানু
কুচ নখ ঘনে ঘন ঘালি।।

ৰামবিজয়‘ নাটত সীতাৰ ৰূপ-লাৱণ্যৰ বৰ্ণনাৰ মাজেৰে শৃঙ্গাৰ ৰস ফুটি উঠিছে।

‘‘কি কহব ৰূপ কুমাৰীক ৰাম।
কনক পুতলি তুল তনু অনুপাম।।
…………………………………….
নৱ যৌৱন তন বদৰী প্ৰমাণ।
উৰু কৰিকৰ কটি ডমৰুক ঠান।।”

ৰামবিজয়

‘ৰুক্মিণীহৰণ‘ৰ দৰে ‘ৰামবিজয়‘তো সীতাৰ পাণিপ্ৰাৰ্থী ৰাজন্যবৰ্গৰ কামাতুৰ আচৰণত শৃঙ্গাৰ ৰস প্ৰকাশ পাইছে–

‘‘ৰাজনন্দিনীক নৱ যৌৱন ৰূপলাৱন্য নিৰেখি ৰাজাসৱ কামবানে পিৰল, অচেতনে মূৰ্চিত হুয়া পৰল‘… ইত্যাদি।

সেইদৰে নাটখনৰ শেষলৈ এটি গীতত সম্ভোগ শৃঙ্গাৰ ৰসৰ বৰ্ণনা পোৱা যায়।

‘‘এ কৰু ৰময়া ৰস কেলি
কাঞ্চোৰ চোৰ ফোৰ কুচ চুচুক
ৰতি কৌতুকে কৰাৱলি।                          

নৱ বধু ধৰিয়ে অধৰ মধু ধঞ্চল
লোচন মুদি ৰহু মাই
কৰত সুৰত মত্ত মাতঙ্গ গামিনী
কামিনী যামিনী যাই।

বীৰ ৰস

উৎসাহমূলক কথা বা কাৰ্যৰ যোগেদি বীৰ ৰস সৃষ্টি হয়। ইয়াৰ স্থায়ী ভাৱ উৎসাহ

যুদ্ধ-বিগ্ৰহ আদিৰ বৰ্ণনাত এই ৰসৰ সঞ্চাৰ হয়। শঙ্কৰদেৱৰ তিনিখন নাট–‘পাৰিজাত হৰণ‘, ‘ৰুক্মিণীহৰণ‘ আৰু ‘ৰামবিজয়‘ত বীৰ ৰসৰ প্ৰয়োগ লক্ষ্য কৰা যায়। 

‘পাৰিজাত হৰণ‘ মুখ্যত বীৰ ৰস প্ৰধান নাট। নাটখনিৰ কেইবা ঠাইতো এই ৰসৰ প্ৰয়োগ লক্ষণীয়।

নৰক বধৰ নিমিত্তে উদ্যত কৃষ্ণৰ লগত নৰকৰ যুদ্ধৰ বৰ্ণনা দিয়া হৈছে এনেদৰে–

‘‘ধাৱে মুৰ নৰকাসুৰ ৰাগি।
খাণ্ডা ফিঙ্কাৰয় কৃষ্ণক লাগি।।
হৰি টঙ্কাৰল সাৰঙ্গ ভিৰি।
বৰিষল বাণ দৈত্য কহোঁ পিড়ি।।

পাৰিজাত ফুলৰ কাৰণে ইন্দ্ৰ-উপেন্দ্ৰৰ মাজত হোৱাযুদ্ধৰ বৰ্ণনাত বীৰ ৰস প্ৰকাশ পাইছে। যেনে

‘‘গৰজি বাসৱে বাণ প্ৰহাৰা।
আজু জীৱ লেহু তোহাৰা।।

‘ৰুক্মিণীহৰণ‘ নাটত শিশুপাল সহ অন্যান্য পাণিপ্ৰাথী ৰাজন্যবৰ্গৰ লম্ফজম্ফ আচৰণত বীৰ ৰসৰ সঞ্চাৰ হৈছে–

 ‘‘কোপে নৃপসৱ কামোৰে বাহু।
চান্দক খেদি যাই যচ ৰাহু।।
হাতে শৰ ধনু ধৰি সৱ ধাৱে।
কম্পিত মেদিনী এ পদ ঘাৱে।।

ৰজাসকলৰ লগত শ্ৰী কৃষ্ণৰ যুদ্ধৰ বৰ্ণনা দিয়া হৈছে গীতৰ মাজেৰে

‘‘কাহুক বাহু কাহুক উৰু কৰ কাটি
 হৃদয় বিদাৰল বাণ ৰে।।

 আকৌ উদ্ধত ৰুক্মবীৰৰ বীৰসূলভ বচন আৰু কৃষ্ণ-ৰুক্মীৰ যুদ্ধৰ বৰ্ণনাত বীৰ ৰস প্ৰকাশ পাইছে–

 ‘‘কাটল বাণ কৃষ্ণ শৰ মাৰি।
 গৰজে ৰুকুমীৰ পুনু বাণ প্ৰহাৰি।।
 ……   ……….     ……………
 ঘন্টা লাৰি ঘাৰ কৰয় মোড়।
 ৰুকুমী হৃদয়ে মাৰল গোড়।। ইত্যাদি।

 ‘ৰামবিজয়‘ নাটৰ আৰম্ভণি ভটিমাতে শ্ৰী ৰামৰ বীৰত্ব প্ৰকাশ পাইছে এনেদৰে–

 ‘‘সমৰক নাগৰ নাগৰ সাগৰ
 শিলা সেতু কয় বন্ধ।
 ভকতক  ভীতা সীতা নিতা
 যুদ্ধে বধিয়ে দশ স্কন্ধ।।”

‘ৰামবিজয়‘ত বীৰ ৰসৰ প্ৰচুৰ সমাবেশ লক্ষ্য কৰা যায়।

তাৰকা মাৰিচ সুবাহু বধ,স্বয়ম্বৰ সভাত পাণিপ্ৰাথী ৰাজন্যবৰ্গৰ লগত হোৱা যুদ্ধৰ বৰ্ণনা আৰু অযোধ্যামুখী পথত পৰশুৰামৰ লগত হোৱা বিশ্বামিত্ৰৰ যুদ্ধৰ বৰ্ণনা আৰু পৰশুৰামৰ প্ৰতি ৰাম-লক্ষ্মণৰ বীৰসূলভ বচন আদিৰ মাজেদি ঘাইকৈ বীৰ ৰসৰ সঞ্চাৰ হৈছে।

ভয়ানক ৰস

ভীতিজনক কথা-বতৰা বা কাৰ্যৰ যোগেদি ভয়ানক ৰস সৃষ্টি হয়। ইয়াৰ স্থায়ী ভাৱ ভয়। শঙ্কৰদেৱৰ তিনিখন নাটত ভয়ানক ৰস সঞ্চাৰ হৈছে।

ৰুক্মিণীহৰণ‘ নাটত কৃষ্ণৰ বিপক্ষে ৰজাসকলৰ তৰ্জন-গৰ্জনত ভয় খাই ৰুক্মিণীৰ যি অৱস্থা হৈছে সেই বৰ্ণনাত কম পৰিমাণে হ‘লেও ভয়ানক ৰস সৃষ্টি হৈছে। 

ৰামবিজয়‘তো বিপক্ষীয় ৰজা আৰু পৰশুৰামৰ আচৰণত সীতাৰ অৱস্থা তদনুৰূপ হৈছে। 

কালিয়দমন‘ নাটত কালিনাগৰ ক্ৰুৰতাৰ বৰ্ণনাত এই ৰস ফুটি উঠিছে– ‘‘হাজাৰেক ফণা তুলিঃকৃষ্ণক চাই ফোফাইঃ কোপে চক্ষু আৰকতঃ জিহ্বাএ কোৱাৰি চেলেকঅঃ নাকে মুখে বিষবহ্নি বৰিষয়।

কৰুণ ৰস

ইষ্ট বা বাঞ্চিত বস্তুৰ বিয়োগ আৰু অবাঞ্চিতৰ সৈতে সংযোগ হোৱা দেখিলে কৰুণ ৰসৰ সঞ্চাৰ হয়। ইয়াৰ স্থায়ী ভাৱ শোক

শঙ্কৰদেৱৰ প্ৰায় আটাইকেইখন নাটতে কম বেছি পৰিমাণে কৰুণ ৰসৰ প্ৰয়োগ লক্ষ্য কৰা যায়।

‘পাৰিজাত হৰণ‘ত পাৰিজাত বঞ্চিতা সত্যভামাৰ সন্তাপৰ মাজেদি কৰুণ ৰস প্ৰকাশ পাইছে।

‘‘মানিনী মাই নয়ন পংকজ ঝুৰে বাৰি।
ফোকাৰয়ে শ্বাসা হ্ৰাসা ভেলি দেহা
ঘন ঘন দেখো আন্ধিয়াৰী।।

নৰক বধৰ পাছত মাতৃ বসুমতীৰ বিলাপ আৰু নাতি ভগদত্তৰ প্ৰতি কাতৰ উক্তিত কৰুণ ৰস ফুটি উঠিছে।

কৃষ্ণৰ ওচৰত ভগদত্তক সমৰ্পন কৰি ‘‘ওহি ভগদত্ত নাতিক তোহাৰি পাৱ সমৰ্পল, আহেক ৰক্ষা কৰহ। হামাৰ সন্ততি ৰহোক ” বুলি কৰা কাতৰ উক্তিয়ে সকলো মাতৃ আৰু সংসাৰী লোকৰ হৃদয়তে কৰুণাৰ উদ্ৰেক কৰে।

‘ৰুক্মিণীহৰণ‘ নাটত কৃষ্ণৰ বিৰহত ৰুক্মিণীৰ যি অৱস্থাৰ বৰ্ণন সেই বৰ্ণনাত কৰুণ ৰস ফুটি উঠিছে– ‘‘শ্ৰী কৃষ্ণক নৈৰাশা শুনিয়ে দিশদশ আন্ধিয়াৰী দেখিয়ে মূৰ্চিত হৈয়া তত্তকালে পৰলঃ যৈছে কদলিক বাতে উপাৰল।” 

সেইদৰে বিপক্ষ ৰজাসকলৰ আচৰণত আৰু ৰুক্মীৰ প্ৰাণভিক্ষা মাগি কৃষ্ণৰ ওচৰত কৰা ৰুক্মিণীৰ বিলাপ-বিননিয়ে গভীৰ বেদনাৰ উদ্ৰেক কৰে।

‘ৰামবিজয়‘ নাটত সীতাৰ বিলাপ বিননি আৰু দশৰথৰ কাৰুণ্যৰ মাজেদি কৰুণ ৰস ফুটি উঠিছে। নাটৰ কেইবাঠাইতো সীতাই  বিলাপ কৰা দেখা যায়। আৰম্ভণিতে সীতাই পূৰ্বজন্মৰ কথা সুঁৱৰি সখীসকলৰ আগত বিলাপ কৰিছে–

‘‘বিলাপতি মৈথিলী মাই।
ও নীৰ নয়ন জুৰাই।।
ঘন ঘন শ্বাস ফোকাৰত ।
এ তনু চেতন নাই।।”

স্বয়ম্বৰত উপস্থিত ৰাজন্যবৰ্গৰ বিৰূদ্ধাচৰণত আৰু পৰশুৰামৰ আক্ৰমণত ভয়ত আতুৰ হৈ স্বামী ৰামৰ প্ৰতি সীতাই যিদৰে বিলাপ কৰিছে সেয়া অতি মৰ্মস্পশী।

ঋষি বিশ্বামিত্ৰই ৰাক্ষসবধৰ নিমিত্তে ৰাম-লক্ষ্মণ দুই পুত্ৰক যেতিয়া তেওঁৰ লগত যাবলৈ অনুমতি বিচাৰিলে তেতিয়া পুত্ৰবৎসল দশৰথ মূচ্ছাগত।

ঋষিৰ চৰণত পৰি বিলাপ কৰিছে এনেদৰে–

‘‘কৰিয়ো কৰুণা ঋষি সুত দান দেহু।
কোন মুহে কহব ৰামক তুহু লেহু।।”

সেইদৰে পৰশুৰামৰ আক্ৰমণত ৰামৰ অনিষ্ট আশংকা কৰি গলবস্ত্ৰ হৈ পৰশুৰামৰ চৰণত পৰি কৰা কাতৰ উক্তিয়ে কৰুণ ৰসৰ উদ্ৰেক কৰে।

কেলিগোপাল‘ নাটত কৃষ্ণক বিচাৰি নাপাই গোপীসকলে কৰা বিলাপৰ মাজেদি কৰুণ ৰস নিগৰি ওলাইছে–‘‘ হা হা কৃষ্ণ বোলিয়ে ঢলি ঢলি পৰল। কতিহু উনমত মনে বৃন্দাবন পশিয়ে পুনু কৃষ্ণ কৃষ্ণ বোলি বিচৰয়ে লাগল।” 

আকৌ অচেতন বৃক্ষক যেতিয়া গোপীসকলে কৃষ্ণৰ সংবাদ সুধিছে সেই দৃশ্য অতি মৰ্মস্পশী –

‘‘বকুল বন্দুলি কদম্ব বক তুলসী।
তোহো সব পৰম উপকাৰী
কহ কাহে গেল বন্ধু মধাই হামাৰি।”

‘কালিয় দমন‘ নাটত কালি হ্ৰদত জপিয়াই পৰা কৃষ্ণৰ অৱস্থা দেখি গোপ-গোপী,নন্দ-যশোদাৰ যি কাতৰ অৱস্থাৰ বৰ্ণন তাৰ মাজেদি কৰুণ ৰস ফুটি উছিছে।

পুত্ৰশোকত ব্যাকুলা জননী যশোদাৰ মৰ্মস্পশী বিলাপ-বিননিয়ে সকলোৰে চিত্ত কৰুণ ৰসেৰে সিক্ত কৰি তোলে।

‘‘কাহা যাৱ অগনি জানিয়া মেৰি গাৱ।
কোন আসি হামাক বোলব অব মাৱ।।
ধুলা ঝাৰি কাহাকো ধৰবো বুকে তুলি।
হৃদয়ে ঢাকুৰে যশোমতী উহি বুলি।।”

সেইদৰে স্বামীৰ শাস্তি দেখি নাগপত্নীসকলে যেনেদৰে বিলাপ কৰিছে তাৰ মাজেদি কৰুণ ৰসৰ সঞ্চাৰ হৈছে।

পত্নীপ্ৰসাদ‘ত ব্ৰাহ্মণে কৃষ্ণভক্তা ব্ৰাহ্মণীক ঘৰতে বন্দী কৰি থোৱাত কৃষ্ণৰ বিৰহত ব্ৰাহ্মণীয়ে প্ৰাণত্যাগ কৰা বৰ্ণনা অতি কৰুণ ৰসাত্মক–

‘‘হৰিপদ পেখয়ে না পাৱলি মাই।
ফোকাৰয় ঘনে ধন নয়ন ঝুৰাই।।
বন্ধু বিয়োগ আসি প্ৰাণ ফুটি যাই।
অৰুণ চৰণ মনে ৰহলি ধিয়াই।।”

বীভৎস ৰস

জুগুপ্সাজনিত কথা-বতৰা বা কাৰ্যৰ যোগেদি বীভৎস ৰসৰ সৃষ্টি হয়। ইয়াৰ স্থায়ী ভাৱ ঘৃণা [জুগুপ্সা]।

 শঙ্কৰদেৱৰ নাটকেইখনত আন ৰসৰ দৰে বীভৎস ৰস প্ৰয়োগ হোৱা নাই বুলিয়েই ক‘ব পাৰি।

মাথোন ‘কেলিগোপাল‘ নাটত শংখচূড়ে গোপী হৰণ কৰিবলৈ কৰা প্ৰচেষ্টা আৰু ‘ৰুক্মিণীহৰণ‘,‘ৰামবিজয়‘ৰ স্বয়ম্বৰ সভাত উপস্থিত থকা ৰাজন্যবৰ্গৰ কামাতুৰ আচৰণক নাট্যকাৰে বীভৎস ভাৱনা বুলি উল্লেখ কৰিছে।

হাস্য ৰস

বিকৃত বেশভূষা আৰু অস্বাভাৱিক কথা-বতৰা বা কাৰ্যৰ যোগেদি যেতিয়া হাঁহিৰ উদ্ৰেক হয় তেতিয়াই হাস্যৰস সৃষ্টি হয়। ইয়াৰ স্থায়ী ভাৱ হাস। শঙ্কৰদেৱে তেৰাৰ নাটৰাজিত গহীন পৰিবেশৰ মাজে মাজে হাস্য ৰসৰ সঞ্চাৰ কৰিছে।

মহাপুৰুষজনাই  জনসাধাৰণৰ আনন্দ বিনোদনৰ বাবেই এনে কৰা যেন লাগে। তেৰাৰ ‘পাৰিজাত হৰণ‘, ‘ৰুক্মিণী হৰণ‘ আৰু ‘ৰামবিজয়‘ত হাস্য ৰসৰ সমল বিচাৰি পোৱা যায়।

‘পাৰিজাত হৰণ‘ত নাৰদৰ কাৰ্যকলাপে যথেষ্ট হাঁহিৰ খোৰাক যোগাইছে। অ‘ৰ কথা ত‘ত লগোৱা টুটকীয়া মনোবৃত্তিৰ নাৰদ চৰিত্ৰৰ বৈশিষ্ট্য আৰু ইয়ে দৰ্শকক পাৰ্যমানে হহুঁৱায়।

এপাহি মাত্ৰ পাৰিজাত ফুলৰ কাৰণেই নাৰদে কৃষ্ণ-ৰুক্মিণী আৰু সত্যভামাৰ মাজত যি গৃহ কন্দল সৃষ্টি কৰিলে সেই দৃশ্যই প্ৰচুৰ হাস্য ৰসৰ যোগান ধৰে।

নাটৰ মুখ্য চৰিত্ৰ শ্ৰী কৃষ্ণৰ তিৰোতা সেৰুৱা স্বভাৱৰ অন্তৰালতো হাস্য ৰসৰ উমান পোৱা যায়। সেইদৰে শচী সত্যভামাৰ বাক – বিতণ্ডাখিনি অতি আমোদজনক।

সাধাৰণ গ্ৰাম্য তিৰোতাৰ আচৰণেৰে ইজনীয়ে সিজনীক ইতৰ ভাষাৰে গালি পাৰিছে। উদাহৰণস্বৰূপে–

শচী বোল– ‘‘অয়ে সত্যভামা, তোহাৰি স্বামী মাধৱক কথা হামু সৱ জানি, ওহি গোপী বিটাল গোপাল, উনিকৰ আগু গোকুলক স্ত্ৰী নাহি  ৰহল । দেখু,……… ঐচন অনাচাৰী কৃষ্ণত গৰৱ কয়ে কহু হামাক পাৰিজাত নিয়া যাৱ।”

সত্যভামা –‘‘অয়ে নিলাজীনি, মৰিতে নযাৱ, তোহাৰি স্বামী ইন্দ্ৰক কথা কহিতে ঘৃণাসে উপজে, দেখো অম্ৰাৱতীক যত বেশ্যা তোহাক স্বামীক সে নাহি আন্টল…….. অয়ে পামৰী, ঐচন ইন্দ্ৰক হামাক আগু বখানহ।”

এনেধৰণৰ উক্তিয়ে বিসঙ্গতিৰ সৃষ্টি কৰিছে আৰু সিয়ে দৰ্শক-পাঠকক হাঁহিৰ সমল যোগাইছে।

‘ৰুক্মিণী হৰণ‘ নাটত বেদনিধিৰ চৰিত্ৰই হাস্যৰসৰ প্ৰচুৰ সমল যোগাইছে।

কৃষ্ণৰ ৰথৰ বায়ুবেগ সহিব নোৱাৰি বেদনিধিৰ অৱস্থা তথৈবচ– ‘‘তথি আলোল্য ব্ৰাহ্মণ বেদনিধি ৰথবেগে শ্ৰতিভঙ্গ হৈয়া পৰলঃ হাত পাৱ থিৰ ভেলঃ পেট উফন্দল…..শ্ৰী কৃষ্ণ হাঁ হাঁ বুলি শিৰে জল সিঞ্চিয়ে ফুঙ্কি ফুঙ্কি ধাতু আনল।” 

তদুপৰি জ্ঞান পাই বেদনিধিযে কৃষ্ণক কৈছে– ‘‘হে বাপু তুহু বা কে, হামু বা কোন· কি নিমিত্ত এথা আৱল থিক।” এনে পৰিস্থিতিয়ে দৰ্শক পাঠকক হাঁহিৰ সমল যোগাইছে।

আকৌ কৃষ্ণ -ৰুক্মিণীৰ বিবাহত হোম যজ্ঞ কৰোঁতে ৰুক্মিণীৰ ৰূপ-লাৱণ্যত মোহিত হৈ ব্ৰহ্মাৰ যি অৱস্থা হৈছে সিয়ে হাস্য ৰসৰ যোগান ধৰিছে।

‘ৰামবিজয়‘ নাটত দেখা যায়, সীতাৰ ৰূপ-লাৱণ্যত বিমোহিত পাণিপ্ৰাথী ৰাজন্যবৰ্গৰ কামাতুৰ আচৰণত হাস্য ৰস সৃষ্টি হৈছে।

তদুপৰি অজগৱ ধনুত গুণ লগাবলৈ যোৱা ৰজাসকলৰ অৱস্থা হাঁহি উঠা হৈছে–‘‘শতধনু নাম ৰায়া পৰন আড়ম্বৰে কাচি গিয়া পহিলেহি ধনুক ধৰল, দশন কামুৰি গুণ দিতে চিত হুয়া পৰল তদনন্তৰ চন্দ্ৰকেতু ধনুধৰি কহো কথং কথমপি উল্লাসি ধনু সহিতে পৰল।” 

আকৌ হোমযজ্ঞ কৰোঁতে সীতাৰ ৰূপ দেখি ঋষি বিশ্বামিত্ৰ আত্মহাৰা,মূচ্ছাগত। এনে চিত্ৰই দৰ্শকক হাঁহিবলৈ অৱকাশ দিয়ে।

শান্ত ৰস

শম বা শান্তি ভাৱজনিত কথা-বতৰা বা কাৰ্যৰ যোগেদি যি ৰস সৃষ্টি হয় সেয়ে শান্ত ৰস

ইয়াত কোনো আনন্দ বা সুখৰ কামনা নাথাকে, থাকে মাথোন সকলো বিলোপ কৰি পৰম ব্ৰহ্মত মিলিত হোৱাৰ ঐকান্তিক হেঁপাহ। শান্ত ৰসৰ স্থায়ী ভাৱ শম বা নিৰ্বেদ [বৈৰাগ্য]।

শঙ্কৰদেৱৰ ‘পাৰিজাত হৰণ‘ , ‘ৰামবিজয়‘ আৰু ‘কালিয়দমন‘ নাটত শান্তৰসৰ অভিব্যক্তি দেখা যায়।

‘পাৰিজাত হৰণ‘ত শ্ৰীকৃষ্ণৰ হাতত পৰাজিত হৈ দেৱৰাজ ইন্দ্ৰৰ গৰ্ব চূৰ্ণ হ‘ল আৰু তেওঁৰ মনত পৰম বৈৰাগ্যই দেখা দিলে। ইন্দ্ৰই  দণ্ডৱতে পৰি কৃষ্ণক তুতি কৰিছে এনেদৰে–

‘‘ তোহাৰি মায়া মোহিত অন্ধ।
কয়লো যুদ্ধ দেৱ হামু মন্দ।
আত অপৰাধ সহহি হৰি মোই।
চৰণে শৰণ লেলো অৱ তোই।।

ইয়াৰ যোগেদি শান্ত ৰস প্ৰকাশ পাইছে।

‘ৰামবিজয়‘ নাটত শান্ত ৰসৰ প্ৰকাশ ঘটিছে আৰম্ভণী ভটিমাতে–

‘‘ অসাৰত সাৰত কাৰত ভাৰত
নৰতনু বিফলেহি যাই।
পদ অৰবিন্দ অনিন্দ গোবিন্দ
হৃদি পংকজ ধৰু ভাই।।”

কালিয়দমন‘ নাটত কালিৰ দৰ্প চূৰ্ণ হোৱাৰ পাছত কৃষ্ণক যেনেদৰে স্তুতি কৰিছে.সেই স্তুতিত শান্ত ৰস প্ৰকাশ পাইছে–

যাহাৰ চাৰিও মুখ্য মূৰ্ত্তি অনুপাম।
ৰাম ৰাম অনিৰূদ্ধ বাসুদেৱ নাম।।
হেন ভগৱন্ত কৃষ্ণ দেৱতাৰ দেৱ।
তোহাৰি চৰণে কৰোঁ শত কোটি সেৱ।।

অদ্ভূত ৰস

সাহিত্যত যেতিয়া কোনো অসাধাৰণ ঘটনা নাইবা অলৌকিকতাৰ সন্নিবেশ হয় তেতিয়াই অদ্ভূত ৰস সৃষ্টি হয়। ইয়াৰ স্থায়ী ভাৱ বিস্ময়

শঙ্কৰদেৱৰ নাটকেইখনৰ ভিতৰত ‘কালিয় দমন ‘ নাটত অদ্ভূত ৰসৰ পূৰ্ণ পয়োভৰ দেখা যায়।

শ্ৰী কৃষ্ণই কালিনাগৰ ফণাত উঠি নৃত্য কৰা আৰু বনাগ্নি পান কৰা দৃশ্যই অদ্ভূত ৰসৰ সৃষ্টি কৰিছে– ‘‘ওহি বুলি ঈশ্বৰ চেষ্টা দেখাই তত্তকালে সে প্ৰচণ্ড বহ্নিক মুখে পান কয়লঃ দুঘোৰ ব¿হ্ন যৈচে জল পবিত্ৰ তত্তকালে নিববাণ গেল।

‘পত্নীপ্ৰসাদ‘ত ৰূদ্ধকোঠাত হৰিনাম কীৰ্ত্তন কৰি প্ৰাণত্যাগ কৰা ঘটনাও কিছু পাৰমাণে অলৌকিক।

ৰৌদ্ৰ ৰস

ৰৌদ্ৰ ৰসৰ মূলতে আছে স্থায়ীভাৱ ক্ৰোধ। ক্ৰোধমূলক কথা-বতৰা বা কাৰ্যৰ যোগেদি এই ৰস সৃষ্টি হয়

শঙ্কৰদেৱৰ ‘ৰাম বিজয়‘ নাটত অঙ্গীকাৰবদ্ধ দশৰথে বিশ্বামিত্ৰৰ লগত ৰাম-লক্ষ্মণক পঠাবলৈ অস্বীকাৰ কৰাত বিশ্বামিত্ৰ অতিশয় ক্ৰোধান্বিত হৈছে আৰু ইয়াৰ যোগেদি ৰৌদ্ৰ ৰস সৃষ্টি হৈছে।

সেইদৰে পৰশুৰামৰ চৰিত্ৰৰ যোগেদিও ৰৌদ্ৰ ৰসৰ প্ৰকাশ ঘটিছে। অজগৱ ধনু ভঙ্গ শুনি পচণ্ড মূৰ্তিৰে ‘‘আঃ আজু তোহাৰ কন্ধ ৰুধিৰে পুনু নিকা কৰব”  বুলি ৰামক আক্ৰমণ কৰিছে।

আলোচিত নৱৰসৰ উপৰিও  বাৎসল্য ৰসকো কোনো কোনো আলঙ্কাৰিকে নৱৰসৰ লগতে স্থান দিব খোজে।  পুত্ৰ বা সন্তান আদিৰ প্ৰতি অনুৰক্তি আদি স্থায়ী ভাৱক আশ্ৰয় কৰি বাৎসল্য ৰস সৃষ্টি হয়।

শঙ্কৰদেৱৰ নাটকেইখনৰ ভিতৰত ‘ৰামবিজয়‘ত দশৰথৰ চৰিত্ৰত আৰু ‘কালিয়দমন‘ত নন্দ-যশোদাৰ জৰিয়তে বাৎসল্য ৰস ফুটি উঠিছে।

যজ্ঞ ৰক্ষাৰ্থে ঋষি বিশ্ৰামিত্ৰই যেতিয়া কৈছে ‘‘ ৰাম-লক্ষ্মণ দুহো কুমাৰক হামাৰ সঙ্গে পথাৱ”। তেতিয়া দুৰন্ত চিন্তাত দশৰথ মূচ্ছাগত।

ঋষিৰ চৰণত পৰি কাকুতি কৰিছে এনেদৰে– ‘‘হামাৰ পুত্ৰ ৰাম-লক্ষ্মণ সে বালক। তাহেক ৰাক্ষসক হাতে দিতে চাৱ/ ওহি কোন বেৱহাৰ। হাঁ হাঁ ঋষিৰাজ, যজ্ঞ ৰক্ষা নিমিত্তে হামাক নিয়া যাৱ।” দশৰথৰ এনে উক্তি আৰু আচৰণত বাৎসল্য ৰস প্ৰকাশ পাইছে।

সেইদৰে ‘কালিয়দমন‘ নাটত কালি নাগৰ কবলত পৰা কৃষ্ণৰ অৱস্থা দেখি নন্দ-যশোদাই পুত্ৰৰ প্ৰতি আকুল হৈ যি স্নেহ আৰু মমতা প্ৰকাশ কৰিছে তাৰ জৰিয়তে বাৎসল্য ৰস ফুটি উঠিছে।

এনেদৰে বিচাৰ কৰি চালে দেখা যায়, শঙ্কৰদেৱৰ আটাইকেইখন নাটতে কম-বেছি পৰিমাণে নৱৰসৰ সমাহাৰ হৈছে যদিও তেৰাৰ সমগ্ৰ ৰচনাৰাজিৰ মাজেৰে প্ৰকাশিত মূল ৰস হৈছে ভক্তিৰস

ভগৱানৰ প্ৰতি প্ৰেম বা ৰতি ভাৱেই  হ‘ল ভক্তি। ভগৱানৰ প্ৰতি ভক্তৰ প্ৰেম বা অনুৰক্তি বিভিন্ন ক্ৰিয়া আৰু মনোভাৱৰ মাজেদি প্ৰকাশ পায়।

আলোচকসকলৰ মতে ভগৱানৰ প্ৰতি ভক্তৰ ৰতি পাঁচপ্ৰকাৰ আৰু এই ৰতিৰ পৰিণতিতেই  পাঁচপ্ৰকাৰ  ভক্তিৰস – শান্ত ভক্তিৰস, বাৎসল্য ভক্তিৰস,দাস্য ভক্তিৰস, সখ্য ভক্তিৰস আৰু শঙ্গাৰাত্মক ভক্তিৰস আদি প্ৰকাশ পায়।

শঙ্কৰদেৱৰ নাটসমূহতো ভক্তি ৰসৰ প্ৰাধান্য আছে। ভগৱান কৃষ্ণ বা ৰামৰ ঐশ্বৰিক মহিমা বেকত কৰি ভক্তিৰসৰ সঞ্চাৰ কৰা হৈছে।

‘ৰুক্মিণীহৰণ‘ত বিভিন্ন ৰসৰ সমাহাৰ ঘটিলেও ভক্তি ৰস সকলোৰে ওপৰত জিলিকি আছে। ৰুক্মিণীয়ে ভক্তিৰ দ্বাৰা ভগৱান কৃষ্ণক বশ কৰিছে আৰু কৃষ্ণই  ভক্তা ৰুক্মিণীৰ মনোবাঞ্চা পূৰণ কৰিছে।

নাটত কোৱা হৈছে–‘‘ ওহি পৰকাৰে ভকতক কৃপালু শ্ৰী কৃষ্ণ ৰুক্মিণীক ভকতি বশ্য হুয়া, বিবিধ বিহাৰ মদন-খেলা লীলা কেলি কৌতুক কয়ল।” 

ইয়াত ৰুক্মিণীৰ পৰিচয় এগৰাকী প্ৰেমিকা নহয়, ভক্তাৰূপে আৰু কৃষ্ণৰো পৰিচয় ভকতৰ কৃপালু ৰূপেহে।

‘ৰামবিজয়‘ নাটতো তদ্ৰুপ ভক্তা সীতাৰ মনোবাঞ্চা পুৰণাৰ্তে ভগৱানে ৰামচন্দ্ৰ ৰূপত স্বামীৰূপে ধৰা দিছে–‘‘ঐচন পৰম কামৰসে কেলি কয় সীতাক মনোৰথ পুৰি ৰামচন্দ্ৰ অনুদিনে আনন্দ মন্দিৰে ৰহল।” 

নাটৰ শেষত–‘‘জয়তু জয়তু নিত্য ঈশ্বৰ কৃষ্ণক কেলি লিলা ৰস জান”– বুলি ঈশ্বৰৰ গুণ লীলা বৰ্ণনা বুলিহে উল্লেখ কৰা হৈছে।

সেইদৰে ‘কেলিগোপাল‘ নাটখন শংগাৰ ৰসেৰে ভৰপূৰ বুলি কোৱা হয় যদিও ইয়াত মুখ্যত ভক্তি ৰসৰহে প্ৰকাশ ঘটিছে। গোপীসকলেও কৃষ্ণক সাধাৰণ প্ৰেমিক বুলি ভবা নাই।

জগতৰ ঈশ্বৰ বা স্বামী ৰূপেহে জ্ঞান কৰিছে। গোপীসকলৰ দ্বাৰা পাৰ্থিৱ প্ৰেম,ভোগ-বিলাস ত্যাগ কৰি ঈশ্বৰৰ চৰণত কেনেকৈ সৰ্বস্ব অৰ্পণ কৰি ভগৱানক পাব পাৰি তাকে দেখুওৱা হৈছে।

‘কালিয়দমন‘ নাটতো ঘাইকৈ ভক্তিৰে অভিব্যঞ্জনা হৈছে– ‘‘ওহি গোপালক কালিদমন বনাগ্নি পান লীলা যাত্ৰা যে সৱ লোকে গুনে,ভনে তাহেক কৃষ্ণ চৰণে পৰম প্ৰেম ভকতি বাঢ়ব।” 

নাগ পত্নীসকলৰ স্তুতি আৰু শৰণাগত কালিনাগৰ আত্মনিৱেদনৰ মাজেদি ভক্তিৰস নিগৰি ওলাইছে। মুক্তিমঙ্গল ভটিমাত ভক্তিৰসৰ পকাশ হৈছে–

‘‘শ্ৰী ৰামৰাই হৰি বিনে নাই
যাহেৰি হৃদয় ধ্যান।
ভকতিক শকতি যাহেৰি মিলন
পৰম ঈশ্বৰ জ্ঞান।।”

‘পত্নীপ্ৰসাদ‘ নাটত ভক্তিৰ মহিমা বেকত হৈছে। ইয়াত কৃষ্ণক ভক্তবৎসল আৰু ব্ৰাহ্মণ পত্নীসকলক কৃষ্ণ ভক্তি পৰায়ণা ৰূপত দেখুওৱা হৈছে।

‘পাৰিজাত হৰণ‘তো সকলোৰে ভিতৰত ভক্তিৰসে প্ৰাধান্য লাভ কৰিছে।

নাটত নাৰদ আৰু ৰুক্মিণীৰ মুখেৰে ভগৱান কৃষ্ণৰ মহিমা প্ৰকাশ কৰি কৃষ্ণক অৱতাৰী পুৰুষ হিচাপে চিত্ৰিত কৰি ভক্তিৰস উপলব্ধি কৰোৱা হৈছে।

পৰিশেষত, মহাপুৰুষ শঙ্কৰদেৱৰ নাটসমূহত আটাইবোৰ ৰসৰে সমাবেশ হ‘লেও এটা কথা প্ৰণিধানযোগ্য যে মূলত ইয়াৰ ঘাই সুঁতি ভক্তিৰস।

কিয়নো নাটৰ নায়ক কৃষ্ণ বা ৰামৰ কাৰ্যত মানৱৰ ব্যৱহাৰ আৰোপ কৰিলেও সেইয়া তেওঁৰ ঐশ্চৰ্য বা মহিমা

গতিকে নাটত প্ৰকটিত হোৱা শৃঙ্গাৰ,কৰুণ, বীৰ ৰস আদি ভক্তিৰসৰে বিভিন্ন অভিব্যক্তি বুলিব পাৰি।

পাদটীকাঃ . বিশ্বনাথ কবিৰাজৰ সাহিত্য- দৰ্পণ,পৃষ্ঠা-৩২

প্ৰসঙ্গ পুথিঃ

গোস্বামী, ত্ৰৈলোক্যনাথ – নন্দনতত্ত্বঃ প্ৰাচ্য আৰু পাশ্চাত্য, বাণী প্ৰকাশ, তৃতীয় সংস্কৰণ,২০০৬
দেৱগোস্বামী, কেশৱানন্দ
 – শঙ্কৰদেৱ অধ্যয়ন প্ৰসংগ ঐতিহ্য আৰু পৰম্পৰা, বাণীমন্দিৰ, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০০৫
 – অঙ্কমালা,বনলতা, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, ১৯৭৯
বৰা, মহিম [সম্পাদনা] – শঙ্কৰদেৱৰ নাট, অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ, ১৯৮৯
মহন্ত ,ৰুবী
 – শঙ্কৰদেৱৰ সাহিত্যৰ নন্দনতাত্ত্বিক অধ্যয়ন, প্ৰথম প্ৰকাশ, ১৯৯৯
মেধি,কালিৰাম [সম্পাদনা]
 – অঙ্কাৱলী, লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী, প্ৰথম প্ৰকাশ, ১৯৯৭
শৰ্মা, সত্যেন্দ্ৰনাথ– অসমীয়া নাট্য সাহিত্য, সৌমাৰ প্ৰিন্টিং এণ্ড পাব্লিছিং প্ৰাইভেট লিমিটেড, গুৱাহাটী, ১৯৮৩
শৰ্মা, ডিম্বেশ্বৰ – মহাপুৰুষ শঙ্কৰদেৱৰ সাহিত্যত ৰস, লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী,প্ৰথম প্ৰকাশ, ১৯৯৫
শাস্ত্ৰী, বিশ্বনাৰায়ণ [অনুবাদ আৰু সম্পাদনা]ঃ  বিশ্বনাথ কবিৰাজৰ সাহিত্য- দৰ্পণ, শৰাইঘাট  প্ৰকাশন, দ্বিতীয় প্ৰকাশ, ১৯৯৯

ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!