Home প্ৰবন্ধ মহাপুৰুষ মাধৱদেৱ- যুৱপ্ৰজন্ম আৰু আমাৰ কৰণীয়

মহাপুৰুষ মাধৱদেৱ- যুৱপ্ৰজন্ম আৰু আমাৰ কৰণীয়

by admin
0 comment
মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদে

মহাপুৰুষ মাধৱদেৱ

ল’ৰালিৰ পৰাই ‘বৰগীত’ৰ শেষত প্ৰায়ে ‘কহয় মাধৱদাসে’ বাক্যাংশটি শুনি ভাবিছিলো কিয়নো ৰচয়িতাই নিজকে ‘দাস’ বুলি কৈছে` । সত্ৰত জ্যেষ্ঠসকলৰ লগত ‘নাম’ গাওঁতে কথাবোৰ অলপ ধৰিব পৰা হ’লো। পাঠ্যপুথিত অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যই লিখা ‘অসম গৌৰৱ’ কবিতাত ‘মাধৱদেৱ এক সুকবি প্ৰধান; অসভ্য দেশত জন্মি নষ্টনাম’ পঢ়া মন-মগজুত ভীষণ ক্ৰিয়া হ’ল। ‘মাধৱদেৱৰ ৰচনাত ভক্তিৰস’ শীৰ্ষক প্ৰৱন্ধ এটিও আমাৰ পাঠ্যপুথিত আছিল। চাকৰিসূত্ৰে মাধৱদেৱ মহাবিদ্যালয়ত কাম কৰাৰ সুযোগ পালো। মহাপুৰুষ দুগৰাকীৰ ভক্তি আন্দোলনৰ সেন্দুৰীয়া পথৰ এটা বিন্দুত উপস্থিত হোৱাৰ সৌভাগ্য থকা যেন লাগে মহাপুৰুষ মাধৱদেৱৰ গুণ-গৰিমা বখানি শেষ কৰিব পাৰিম জানো· ‘নামঘোষা’ৰ একোটি ঘোষাই একোখন দৰ্শন পুথি। এটি বৰগীতেই একোখন বৃন্দাবন, এখন ঝুমুৰা ৰসৰ অপূৰ্ব সমাহাৰত গঢ় লয় সমুদ্ৰ।

সামান্য বিচাৰ বুদ্ধিৰে আমাৰ চৌপাশৰ পৃথিৱীখনক বিভিন্ন ৰূপত দেখাৰ চেষ্টা কৰো। বিজ্ঞানৰ দৃষ্টিভংগীৰে বিশ্বখনক চোৱাটোৱেই আধুনিক মানুহৰ মূল কাম। প্ৰকৃতিৰ নিয়মসমূহক বিজ্ঞানে যথাসম্ভৱ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে আৰু বহুক্ষেত্ৰত সমৰ্থ হয়। এচাম মানুহে ‘ধৰ্ম বনাম বিজ্ঞান’ৰ তুলনা কৰি পানী ঘোলা কৰে আৰু দুয়োটা গভীৰ বিষয়ৰ তাৎপৰ্য হানি কৰে। বিজ্ঞানৰো এক ধৰ্ম আছে আৰু ধৰ্ময়ো বিজ্ঞানক এৰি চলিব নোৱাৰে। শিৱ মন্দিৰৰ ত্ৰিশূলপাতৰ লগতে ব্ৰজনিবাৰক লোৰ দণ্ড থাকে। অৰ্থাৎ বৈজ্ঞানিক পদ্ধতিৰে ধৰ্মমূলক কাম কৰিব পাৰি। থাপনাত দিয়া বন্তি তেল নোহোৱাকৈ জ্বলি নাথাকে। কিন্তু বিজুলীশক্তিৰে বন্তি জ্বলালে আধ্যাত্মিকতাৰ অভাৱ যেন লাগে। বস্তুবাদ আৰু ভাৱবাদৰ সীমাৰেখাডাল স্পষ্টকৈ আঁকিবলৈ বৰ উজু নহয়।

নৱবৈষ্ণৱ আন্দোলনতো তৎকালীন বৈজ্ঞানিক মানসিকতাৰ প্ৰভাৱ বিদ্যমান। বলিবিধানৰ দৰে বীভৎস কাণ্ডৰ বিপৰীতে ভক্তিৰ জৰিয়তে ঈশ্বৰ সাধনা আৰু ইয়াৰ সমান্তৰালভাৱে সমাজখনক সাহিত্য-সংস্কৃতিৰ নতুন ভাৱধাৰাৰে উজ্জীৱিত কৰাৰ যি নিৰন্তৰ প্ৰয়াস সেয়া বিশ্বৰ ইতিহাসতে বিৰল ঘটনা। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ লগতে আন বৈষ্ণৱ আতাসকলে আমাক দি থৈ যোৱা বিশাল ৰত্নভাণ্ডাৰক আমি কেনেদৰে সংৰক্ষণ কৰিব পাৰো তাৰ ওপৰতেই আমাৰ ভৱিষ্যত অস্তিত্ব নিৰ্ভৰ কৰিব। কিন্তু নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব পৰাকৈ আমি বিদ্যায়তনিক দিশত যি ব্যৱস্থা ল’ব লাগিছিল সেয়া লোৱাত যেন সম্পূৰ্ণ সফল হ’ব পৰা নাই। আধ্যাত্মিক আৰু ঈশ্বৰৰ মহিমাৰ কথা আমি যিমান নক’লেও আজিৰ যুৱপ্ৰজন্মই সকলো কথাৰে বাস্তৱতাক ফঁহিয়াই চাব বিচাৰে। আজিৰ প্ৰতিটো কথাই জীৱন আৰু জীৱিকাৰ লগত সম্পৰ্কিত। এই কথাও ঠিক যে জীৱিকাৰ তাড়ণা থাককেই বা নাথাকক বহু মানুহ হৈ পৰিছে অত্যন্ত লোভী। ৰাতিয়ে দিনে ৰাম নাম লৈ বাহি্যকতাৰে চমক সৃষ্টি কৰা মানুহেও ৰাজহুৱা ধনৰ অপচয় কৰি সমাজৰ উন্নতিত বাধা দিছে। ভক্তিমূলক অনুষ্ঠানত মানুহৰ প্ৰদৰ্শনকামিতা বাঢ়িছে। বাহ্যিকতাই অনুষ্ঠানৰ সাৰমৰ্মক ঢাকি পেলাইছে। এইবোৰৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। সেয়ে পুনৰ আহিছো মহাপুৰুষ মাধৱদেৱৰ প্ৰসংগলৈ। তেখেতৰ জীৱনক আদৰ্শৰূপে ল’ব পাৰিলে আমি বহু পৰিমাণে নিয়ন্ত্ৰিত হ’ব পাৰিম। আমাৰ অহংকাৰ, ভোগলিপ্সা আৰু মতিভ্ৰম দূৰ কৰাত ‘নামঘোষা’ই সহায় কৰিব। উদাহৰণ স্বৰূপে–

“তোমাৰেসে অবিদ্যায়    আমাক মুহিলে হৰি
নাজানোহো তোমাৰ তত্ত্বক।
তোমাৰ চৰণে হৰি    শৰণে পশিয়া সাৰ
কৰিলোহোঁ তোমাৰ নামক।।”

যুৱপ্ৰজন্মৰ কৰণীয়

সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যে অগ্ৰজসকলে নিজৰ ঘৰত সৃষ্টি কৰা পৰিৱেশ। যুৱপ্ৰজন্মই বয়স বৃদ্ধিৰ লগে লগেই সংসাৰৰ বিভিন্ন ঘটনা আৰু পৰিঘটনাৰ দ্বাৰা প্ৰভাৱিত হয়। সমগ্ৰ ভাদ মাহজুৰি অসমৰ নামঘৰসমূহত যি সুন্দৰ পৰিৱেশে বিৰাজ কৰে তাৰ তুলনা নাই। কিন্তু ভাদমাহৰ পৰা ব’হাগৰ বিহু পৰ্যন্ত বিৰাজ কৰা পৰিৱেশত আধ্যাত্মিকতাতকৈ আন ক্ৰিয়া-কাণ্ডইহে প্ৰভাৱ বিস্তাৰ কৰে। ভাদমাহৰ দৰে সমগ্ৰ বছৰটো নচলিলেও ভক্তিৰ নামত মাত্ৰাধিক কৰ্মকাণ্ড বা ভক্তিৰ নামত এক বিন্দু সময়ো ব্যয় কৰিবলৈ অনীহাৰ পৰিৱেশে আমাৰ সমাজখনক মানসিকভাৱে পংগু কৰি পেলাইছে। যতমানে অপকৰ্ম কৰি ৰামনামৰ পৰা সিবোৰৰ পৰা ৰক্ষা পোৱাৰ পথো নাই। “মনৰ সৎবাঞ্ছিত পূৰ্ণ হওক” বুলিহে সেৱকীক ভকতসকলে আশীৰ্বাদ দিয়ে। তেনেক্ষেত্ৰত আমাক প্ৰয়োজন নৈতিক শিক্ষাৰ। কিন্তু কোনে দিব এই নৈতিক শিক্ষা· মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম, সত্ৰাধিকাৰৰ বাণী, পণ্ডিসকলৰ ভাষ্য, প্ৰচাৰ মাধ্যমৰ অনুষ্ঠান, পিতৃ-মাতৃ, সমাজৰ মান্যৱন্ত লোক– সকলোতে যেন পৰিপূৰ্ণতাৰ অভাৱ নাই। ইয়াৰ কাৰণ আমাৰ কথা আৰু কামৰ মাজত থকা বিৰাট ব্যৱধান। সমাজতত্ত্ববিদ আৰু দাৰ্শনিকসকলে এনে সন্ধিক্ষণত মহৎবাণী প্ৰচাৰ কৰিছিল। যি কাম কৰিছিল আমাৰ গুৰু দুজনাই। আজি সেইসকলৰ পূৰ্ণ জনম হোৱা হ’লে হয়তো আমাৰ সংকট কিছু পৰিমাণে কমিলেহেঁতেন। এতিয়া সেইসকলৰ মতাদৰ্শক প্ৰচাৰ আৰু প্ৰসাৰ কৰাই আমাৰ হাতত থকা আমোঘ অস্ত্ৰ। তেতিয়াহ’লে আমি পদ্ধতিগত আৰু পৰিকল্পিতভাৱে, উদ্ভাৱণী কৌশলৰ প্ৰয়োগেৰে নৱপ্ৰজন্মৰ মাজত শংকৰ-মাধৱৰ অৱদানৰ সম্প্ৰসাৰণ ঘটাব পাৰো। নৃত্য-গীত, সাহিত্য আৰু অভিনয়ৰ দৰে শক্তিশালী কলাৰ প্ৰতি আকৰ্ষণ অনুভৱ নথকাসকলৰ সংখ্যাও কম নহয়, কিন্তু নৱপ্ৰজন্মৰ বুজন অংশ এটাক আকৃষ্ট কৰিব পাৰিলেই আমি সামাজিকভাৱে বাচি থাকিব পাৰিম।

বিদেশৰ মানুহে যেতিয়া আমাৰ ঐতিহ্যক গুৰুত্ব দিয়ে তেতিয়াহে আমি বুজি পাওঁ আমি কিমান সম্পদশালী/ কিন্তু তেতিয়া সময় হৈ পৰে অতীত। আজি বৈষ্ণৱযুগৰ ঐতিহ্যসমূহ জহি-খহি গৈছে। সাহিত্য-সংস্কৃতিৰ উল্লেখনীয় গৱেষণা হোৱা বুলি ক’বও নোৱাৰি। যদিওবা হৈছে সেয়া কোনোবা গৱেষকৰ শৈক্ষিক উত্তৰণতে সীমাবদ্ধ হৈ আছে। সমাজৰ উত্তৰণত অৰিহণা দিব পৰাকৈ সন্তুষ্ট হ’ব নোৱাৰি। ধৰক আমাৰ অঞ্চললৈ দেশ-বিদেশৰ পৰা পৰ্যটক বা গৱেষক আহিছে। আমি বাৰু সেইসকলক মহাপুৰুষসকলৰ বিষয়ে কি জনাম· তেখেতসকলৰ কৰ্মৰাজিৰ অভ্যাস কেনেকৈ দিম· তেওঁলোক পতিয়ন যাব পৰাকৈ আমাৰ হাতত কি কি তথ্যপাতি আছে· আছেনে চিত্ৰসম্বলিত ত্ৰিভাষিক [ধৰক ইংৰাজী, হিন্দী আৰু অসমীয়া] পুস্তিকা আৰু ইলেক্ট্ৰনিক সামগ্ৰী যিয়ে মুহূৰ্তৰ ভিতৰতে তেওঁলোকৰ বাবে দৃশ্য-শ্ৰব্য পৰিৱেশ এটাৰ সৃষ্টি কৰিব পাৰে।

ঠাই বিশেষে কিছুমান কাম কৰা হৈছে কিন্তু সেইখিনিয়েই যথেষ্ট নহয়। প্ৰশ্ন হয় এই কামবোৰ কৰিব কোনে· কিহৰ তাগিদাত কৰিব· ক’ৰ পৰা আহিব অৰ্থ· কোনে নিষ্ঠা আৰু সততাৰে কামবোৰ কৰিব· চৰকাৰ, শিক্ষানুষ্ঠান, সাংস্কৃতিক আৰু সত্ৰসমূহকে ধৰি ধমীয় অনুষ্ঠান, ইচ্ছুক বিদ্বানসকলৰ সহযোগত এখন মঞ্চৰ সৃষ্টি হওক যি মঞ্চই সমগ্ৰ বিশ্বৰ আগত মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজি আৰু আদৰ্শক তুলি ধৰিবলৈ প্ৰয়াস কৰিব পাৰো। ‘অসমীয়া বিশ্বকোষ’ প্ৰস্তুতিৰ দৰে মহান কাৰ্য সম্পন্ন কৰাত আমি আজি গৌৰৱান্বিত আৰু সুৰক্ষিত অনুভৱ কৰো। একেটা কথাই এই ক্ষেত্ৰতো প্ৰযোজ্য। আজিৰ যুগতো তথ্যৰ যুগ, প্ৰমাণৰ যুগ আৰু জ্ঞান বিস্ফোৰণৰ যুগ। এই যুগ ধৰ্ম অনুধাৱন কৰিব পাৰিলেহে একোটা জাতি, ভাষা আৰু সংস্কৃতি বৰ্তি থাকিব। আমাৰ ভৱিষ্যত প্ৰজন্মৰ এটা অংশই নামঘৰলৈ নোযোৱাকৈয়ো সাংস্কৃতিক পৰিৱেশৰ সুঘ্ৰাণ পোৱাৰ ব্যৱস্থা কৰিব লাগিব। এতিয়া বহুতো গাঁৱত শুনিবলৈ পোৱা কথাষাৰ হ’ল– “জ্যেষ্ঠসকল পাৰ হৈ যোৱাৰ লগে লগে সকলো হেৰাল।” এনেদৰে দিনবোৰ যাবলৈ দিলে আমি নিচ্ছিন্ন হ’ব লাগিব। কেৱল সত্ৰই শেষ ভৰসা হ’লে নহ’ব। সত্ৰৰ সীমাবদ্ধতা সম্পৰ্কে আমি কম-বেছি পৰিমাণে জানো।

নৱপ্ৰজন্মৰ একাংশৰ উদণ্ড স্বভাৱ হয়তো বয়সৰ লগে লগে সলনি হ’ব পাৰে। কিন্তু তেতিয়ালৈকে বহু সময় পাৰ হৈ যাব। যিসকল যুৱক-যুৱতীয়ে অগ্ৰজসকলৰ পৰা কিবা এটা পাম বুলি আশা কৰি আছে তেওঁলোকক আমি বিমুখ নকৰি সহৃদয়তাৰে সাংস্কৃতিক বাতাবৰণৰ লগত পৰিচিত কৰাব লাগিব। আনহে নালাগে নিজৰ সন্তানৰ পৰাই পিতৃ-মাতৃয়ে এই কাম আৰম্ভ কৰিলে ব্যাপকতা লাভ কৰিব। ঠেক গণ্ডীৰ চিন্তা-ভাৱনাক পৰিহাৰ কৰি অকণমান সময় ব্যয় সকলোৱে কৰো– ভক্তি, সংস্কৃতি, তাত্ত্বিক আলোচনা যি বুলিয়েই নহওক ই আমাৰ জীৱনৰেখা হওক। মহাপুৰুষগৰাকীৰ বাণীৰে–

শুদ্ধে বা অশুদ্ধে এক নাম    শুনে বা মনে স্মৰে
অপৰাধহীন পুৰুষক সদ্যে তাৰ।
দেহ ধন জন অৰ্থ লোভে    পাষণ্ড বুদ্ধিয়ে যিটো লৱ
সিটো হৰিনামে তাৰিতে শীঘ্ৰে নপাৰে।।

দুলাল চন্দ্ৰ মহন্ত

সম্পৰ্কীয় লেখা

Leave a Comment

* By using this form you agree with the storage and handling of your data by this website.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept