Home কথাশিল্প মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱন পৰিক্ৰমাঃ লেটেকুপুখুৰীৰ পৰা ভেলা মধুপুৰলৈ

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱন পৰিক্ৰমাঃ লেটেকুপুখুৰীৰ পৰা ভেলা মধুপুৰলৈ

by admin
0 comment
madhab

অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ অন্যতম হোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ অসমীয়া জাতীয়-জীৱন, সমাজ-সংস্কৃতি আৰু আধ্যাত্মিক জগতৰ বাবে চমকপ্ৰদ। ঐতিহাসিক মুহূৰ্তৰ গুৰুদুজনাক পৃথককৈ চোৱাৰ অৱকাশেই নাই। উভয়ে উভয়ৰ পৰিপূৰক। এজনক বাদ দি অন্যজনক কল্পনাই কৰিব নোৱাৰি। গুৰুৰ চৰণত নিজৰ সমস্ত চিন্তা-চেতনাক সমৰ্পণ কৰি মহাপুৰুষ মাধৱদেৱে বিশ্বত বিৰল গুৰুভক্তিৰ নিদৰ্শন দেখুৱাই গ’ল। বৈষ্ণৱ ধম-সংস্কৃতিয়ে পূৰ্ণাংগ ৰূপ নাপালেহেঁতেন, অসমৰ সুকুমাৰ পৰিশীলিত জীৱনবোধ প্ৰগাIÿ স্থিতি নাপালেহেঁতেন; যদিহে শ্ৰীশ্ৰীমাধৱদেৱৰ কাষ্ঠা, ঐকান্তিক ভক্তি, মানৱপ্ৰেম, ত্যাগ আৰু সৃজনীশীলতা তাত সংযোগ নহ’লহেঁতেন। সেইবাবেই মহাপুৰুষ মাধৱদেৱ অনন্য; তেৰাৰ অপৰিসীম বৰঙণিও অনন্য সাধাৰণ।

          বৰ্ণিল, বিচিত্ৰ জীৱন পথ মহাপুৰুষজনাৰ। ৰজা আৰু ৰাজবিষয়াৰ পৃষ্ঠপোষকতাত অভিজাত জীৱন শৈলীৰ পৰা দৰিদ্ৰপীড়িত ভিক্ষাৰী জীৱনৰ কাৰুণ্যৰে ভৰা মাধৱদেৱৰ জীৱন নানা ঘটনা-উপঘটনা, উত্থান-পতনৰ সাক্ষী। ১৪১ৰ শক [১৪৮৯ খ্ৰীষ্টাব্দ]ৰ পহিলা জেঠ ৰব্বিাৰৰ দোভাগ নিশা বৰ্তমান লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত মহাপুৰুষজনাৰ জন্ম হয়। অৱশ্যে তেৰাৰ জন্মৰ সময়ক লৈ চৰিতপুথিসমূহত মতদ্বৈধ দেখা যায়। সকলো চৰিত পুথি চালি-জাৰি চাই পণ্ডিতসকলে উক্ত তাৰিখটোকে গুৰুজনাৰ জন্মৰ প্ৰমাণ্য সময় হিচাপে স্বীকাৰ কৰিছে। মহাপুৰুষ মাধৱদেৱৰ পিতৃ গোবিন্দ ভূঞাই বণ্ডুকাৰ ৰজা প্ৰতাপৰায়ৰ অধীনত কাকতীৰ বাব খাই আছিল। কাকতী গোবিন্দই অনুচিতা নামে এগৰাকী কন্যাৰ পাণিগ্ৰহণ কৰে যদিও দামোদৰ নামে এটি পুত্ৰ জন্ম দিয়াৰ পিছত পত্নীৰ অকাল বিয়োগ ঘটাত গোবিন্দ হতাশাত ভাগি পৰে। মাথো দামোদৰক ডাঙৰ-দীঘল কৰাৰ চিন্তাত তেওঁ দ্বিতীয় ব্বিাহো নকৰিলে। দামোদৰ যৌৱনপ্ৰাপ্ত হোৱাত শচী নামৰ এগৰাকী কন্যাৰ লগত ব্বিাহ সম্পন্ন কৰাৰ কিছু দিনৰ পিছতে সংসাৰৰ প্ৰতি বিৰাগ ভাৱ ওপজাত তেওঁৰ ৰাজকীয় দায়িত্ব পুত্ৰ দামোদৰক অৰ্পণ কৰি বণ্ডুকাৰ পৰা কামৰূপলৈ আহে। কামৰূপলৈ অহাৰ এটা কাৰণো আছিল। কামৰূপৰ ৰজা দূৰ্লভ নাৰায়ণে গৌড়ৰ পৰা যি চৈধ্যঘৰ মানুহ আনিছিল তাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষসকলো আছিল। একে সময়তে গৌড়ৰ পৰা গোবিন্দৰ উপৰিপুৰুষসকলো আহি বণ্ডুকাত থিতাপি লৈছিল। স্বাভাৱিকতে তেওঁলোকৰ আত্মিক সম্পৰ্ক আছিল। সেয়ে ইষ্ট-কুটুম্বসকলক লগ পাবলৈ গোবিন্দৰ এই কামৰূপ যাত্ৰা। তেওঁ অহাৰ সময়ত শ্ৰীমন্ত শংকৰদেৱ আৰু বহুতো ভূঞা আলিপুখুৰীৰ পৰা টেম্বুৱনীলৈ উঠি গৈছিল। গোবিন্দই শ্ৰীমন্ত শংকৰদেৱক তাতে লগ পালে আৰু নিগাজীকৈ থাকিবলৈ ল’লে। অকলশৰীয়া গোবিন্দক শ্ৰীমন্ত শংকৰদেৱে নিজৰ খুড়াকৰ জীয়েক মনোৰমাৰ লগত ব্বিাহ দিয়ে। উদাসীন হ’ব বিচৰা গোবিন্দ পুনঃ সংসাৰী হ’ল। ব্বিাহৰ পিছত শ্ৰীমন্ত শংকৰদেৱে তেওঁক ভূঞা ৰাজ্যতে ৰৌতা নদীৰ পাৰত একুৰি লোকৰ ওপৰত ‘বৰা’ বিষয়বাব দি থাপে। কিছুদিনৰ পিছত এটা অথন্তৰ ঘটিল। ৰৌতা অঞ্চলটিত পূৰ্বৰে পৰা ভুটীয়া আৰু ডফলা লোকসকলে অত্যাচাৰ কৰি আহিছিল। এইবাৰো ১৪৮৮ খ্ৰীষ্টাব্দৰ শেষৰ ফালে ভুটীয়াসকলে ৰৌতা আক্ৰমণ কৰাত পাঁচমহীয়া গৰ্ভৱতী পত্নীক লৈ ঘৰ-দুৱাৰ এৰি প্ৰয়োজনীয় দুই-এপদ সম্পদ লৈ গোবিন্দই ব্ৰহ্মপুত্ৰৰ চাপৰিত আশ্ৰয় লয়। তাতে লগত নিয়া বস্তুবোৰ, আনকি পিন্ধা কাপোৰ-কানিও শঠ প্ৰকৃতিৰ লোকে কা¿Iÿ নিয়ে। নিজৰ দুৰ্ভাগ্যক ধিয়াই গোবিন্দই নদীৰ পাৰত ৰৈ থাকোতে দেখে কেইবাখনো নাও উজাই আহি চাপৰিৰ কাষ পায়হি। নাৱৰ পৰা সেই নিৰ্জন চাপৰিত মানুহ দেখি নাৱৰ লোক গৈ তেওঁলোক পতি-পত্নীক উদ্ধাৰ কৰি আনে। নামনিত বণিজ-বেহালৈ যোৱা নাওসমূহৰ গৰাকী আছিল হৰিসিংহ বৰা বা হৰিশিঙা উজীৰ। গোবিন্দ ভূঞাৰ সকলো বৃত্তান্ত শুনাৰ পিছত হৰিশিঙাই উভয়কে নিজৰ পিতৃ-মাতৃ জ্ঞান কৰি সেৱা ধৰে আৰু তেওঁৰ আবাস নাৰায়ণপুৰলৈ লৈ আহে। গোবিন্দ আৰু হৰিশিঙাৰ আকষ্মিক সংযোগেই নাৰায়ণপুৰ অঞ্চলক ধন্য কৰি এটি মহা জীৱনদান কৰিলে।

          মহাপুৰুষ মাধৱদেৱ ধৰ্ম সাধনাৰ জৰিয়তে মানৱ সেৱা আৰু গুৰুভক্তিত উৎসৰ্গিত জীৱনটোৰ কোনো নিৰ্দিষ্ট ঠিকনা নাছিল। বিশ্বৰ অন্য অৱতাৰী পুৰুষসকলৰ দৰেই সঘনে ঠিকনা সলাই বিচৰণ কৰা সমগ্ৰ ভূমিখণ্ডকে নিজৰ ঘৰ বুলি জ্ঞান কৰিছিল মহাপুৰুষ মাধৱদেৱে। অৱশ্যে মহাপুুৰুষ শ্ৰীমন্ত শংকৰদেৱো তাৰ ব্যতিক্ৰম নাছিল। লেটেকুপুখুৰীৰ পৰা আৰম্ভ হোৱা এই সুদীৰ্ঘ যাত্ৰাপথত য’ত য’ত মহাপুৰুষজনাৰ পদৰেণুৰ স্পৰ্শ হৈছিল, তাতেই পৰৱতী কালত গ¿Iÿ উঠিছিল একো একোখন পুণ্যতীৰ্থ আৰু সুকুমাৰ জীৱন বোধৰ কৰ্ষণ ক্ষেত্ৰ। মহাপুৰুষজনাৰ জীৱন পৰিক্ৰমাক লৈ চৰিতপুথিত থকা তথ্যসমূহৰ উপৰি বহু জনশ্ৰুতি শুনা যায়। য’ত কামৰূপ-বেহাৰৰ প্ৰায়বোৰ অঞ্চলেই মহাপুৰুষ মাধৱদেৱৰ চৰণৰ পৰশ পাইছিল। ডঙ্ম মহেশ্বৰ নেওগ ডাঙৰীয়াই গুৰু চৰিত পুথিৰ ব্যাপক অধ্যয়ন আৰু গৱেষণাৰ ভিত্তিত তেৰাৰ জীৱন-যাত্ৰাৰ এটি স্পষ্ট বিৱৰণ শ্ৰীশ্ৰীমাধৱদেৱ পুথিত সন্নিবিষ্ট কৰিছে। সেইমতে ৯৫ বছৰীয়া গুৰুজনাৰ জীৱন কালত কটোৱা বিভিন্ন স্থান আৰু সময় এনেধৰণৰ–

স্থান      বছৰ     মাহ      দিন

ৰ] জন্ম হৰিসিংহ বৰাৰ ঘৰত        চ্ছ্ৰ       –         –

2] বৰাৰ বাৰীৰ গৃহকৈ      চ্ছ্ৰ       –         –

3] লেটেকুপুখুৰীৰ পাৰত    চ্ছ্ৰ       –         –

চ্ছ্ৰ] বৰ আকালত ভাগি ফুৰাত        –         ছ        –

প্ত] ঘাঘৰি মাজিৰ গৃহত     জ্জ্ব       –         –

ছ] মাজিৰ বাৰীত গৃহকৈ    ছ        –         –

জ্জ] হোকৰাকুছিত –         ছ        –

জ্জ্ব] বণ্ডুকাত পিতৃচলা, পIÿা, কৃষি কৰোৱা,   প্ত        –         –

  মজিন্দাৰ হোৱাত

জ্ঝ] ভৰঁালীডুবিত থাকি বেলগুৰিলৈ ৰৰ      –         –

  আহি-গৈ গুৰুসেৱা কৰাত

১০] হাতীধৰা জগৰত, পোৰানগৰ বৰদুৱাৰ মুখত,       –         ছ        –

  আঁহতগুৰিত

ৰৰ] কপলাত      –         ছ        –

১২] বাৰাদিত      3        –         –

১৩] দীঘলা কাযৰ কলানিকুছিত      –         ছ        –

১৪] তাম্ৰধ্বজ নোৱাচুৰ ভিটাত        –         চ্ছ্ৰ       –

১৫] গণককুছিত   ১৮      –         –

১৬] আইগোঁসানীৰ লগে পাটবাউসীত ৰ        –         –

১৭] সোন্দৰাত খিৰুমৰলৰ বাৰীত    –         ছ        –

১৮] সুন্দৰীত      ১৪       –         –

১৯] গোমূৰাত     –         ছ        –

২০] হেৰেমদত    –         ছ        –

২১] বৰপেটাত    জ্জ       ছ        –

২২] জবৰিকুছিত মুৰাৰি কোচৰ গৃহত –         –         ১৩

২৩] পাছৰাৰ তাত –         –         প্ত

২৪] বিজয়পুৰৰ বাখৰ-ভঁৰালত       –         ছ        –

২৫] ঘেঁাৰামৰাত –         3        –

২৬] ঢোপগুৰিত লক্ষ্মীকান্ত আতৈৰ ঠাইত       –         3        –

২৭] সালদৈৱাত   –         3        –

২৮] বৰভূঁইত     –         2        –

২৯] মাগুৰিৰ ভূষণগুৰুৰ ঠাইত       –         ৰ        ১৫

৩০] ক্ষেত্ৰিৰ চৰাবাৰিত     –         –         জ্জ

৩১] অমৃতাকৰ দলৈৰ গৃহৰ সভালৈ নিয়াত     –         প্ত        –

৩২] ৰামচৰণ ঠাকুৰৰ পাটগোহালিত  –         ছ        –

৩৩] হাজোৰ ৰামদিয়া বালিত         –         ছ        –

৩৪] সাতঘাটত    –         –         ২৩

৩৫] বিজয়পুৰৰ বলাই-নৰসিংহৰ ঠাইত        –         –         ২০

৩৬] ভৃগু বান্তাৰ ঠাইত      –         –         প্ত

৩৭] মাইদৰা গোপালৰ তাত          –         –         জ্জ

৩৮] বেহাৰত ৰামৰাম আতৈৰ বাৰীত          –         ছ        –

৩৯] খৰিয়া দলৈৰ বাৰীত ভেলা মধুপুৰত      2        –         –

        মুঠ                       ৯৫ বছৰ  ৬ মাহ  ৫ দিন

          মহাপুৰুষ মাধৱদেৱৰ জীৱন কালৰ আটাইতকৈ ডাঙৰ সংঘটনাটো হ’ল মহাপুৰুষ শংকৰদেৱৰ সান্নিধ্য লাভ। ১৫২২ খ্ৰীষ্টাব্দৰ শৰৎ কালত মহাপুৰুষ দুজনাৰ ঐতিহাসিক সংযোগ ঘটে। যাক লক্ষ্মীনাথ বেজবৰুৱাই মণি-কাঞ্চন সংযোগ বুলি অভিহিত কৰিছে। এই সংযোগেই দৰাচলতে অসমৰ জাতীয় জীৱনৰ নব্য বুনিয়াদ গঠন কৰে। প্ৰথম অৱস্থাত লেতেকুপুখুৰীত ১২-১৪ বছৰ শান্তিৰে কটোৱাৰ পিছত গোবিন্দৰ পৰিয়াললৈ অথন্তৰ নামি আহে। আহোম ৰাজ বিষয়-ববীয়াৰ ওচৰত খল প্ৰকৃতিৰ পাইকসকলে মাধৱদেৱৰ পিতৃৰ বিৰুদ্ধে গোচৰ তৰাত উজীৰৰ পৰামৰ্শক্ৰমে তেওঁ ১৫০৩ খ্ৰীষ্টাব্দত নাৰায়ণপুৰ ত্যাগ কৰে। তদুপৰি উজীৰে গোবিন্দ ভূঞা আৰু মনোৰমাক পিতৃ-মাতৃৰ দৰে সেৱা কৰিছিল যদিও তেওঁৰ পৰিয়ালৰ মানুহে উজীৰে নজনাকৈ তেওঁলোকক দুৰ্ব্যৱহাৰ কৰিছিল– এইটোও এটা নাৰায়ণপুৰ ত্যাগৰ ভিতৰুৱা কাৰণ আছিল। ইফালে গোবিন্দ ভূঞা সেই সময়তে ৰোগগ্ৰস্ত হৈ পৰাত চিকিৎসা আদিৰ বাবে সাঁচতীয়া ধনকেইটাও শেষ হোৱাত তেওঁলোকে ভিক্ষাৰ অন্নৰে মাথোঁ এসাজ খাই এসাজ লঘোণ দি জীয়াই থাকিব লগীয়া হয়। ‘য’তে ৰাতি ত’তে কাতি’ হৈ এনেদৰে ছমাহ অতিক্ৰম কৰাৰ পিছত পুৰণি ইষ্ট-মিত্ৰৰ সন্ধান কৰি বণ্ডুকাত থকা কালত উপকাৰ সাধন কৰা হাবুঙৰ গোবিন্দ মাজিৰ ঘৰ পায়গৈ। পূৰ্বৰ উপকাৰৰ কৃতজ্ঞতাৰূপে হাবুং দেশৰ ঘাঘৰ [ঘাগৰ] নদীৰ পাৰত বাস কৰা মাঝিয়ে গোবিন্দ ভূঞাৰ পৰিয়ালটিক আশ্ৰয় দি নিজৰ বুলি ভাবি নতুনকৈ নিজৰ বাৰীতে এটা নতুন ঘৰ সাজি দিয়ে। তাতে পুত্ৰ-পত্নীৰ সহিতে গোবিন্দ ভূঞাই ১৪ বছৰ কাল বাস কৰে। মনোৰমা আয়ে উৰ্বশী নামে এটি কন্যাৰো জন্ম দিয়ে। গোবিন্দ ভূঞাই পুত্ৰ মাধৱৰ চূড়াকৰণ অনুষ্ঠান তাতে সম্পন্ন কৰে। ১৪ বছৰ অতিক্ৰম কৰাৰ পিছত পুত্ৰ-কন্যাৰ বাবে উপযুক্ত পাত্ৰ-পাত্ৰীৰ সন্ধানত মাঝিৰ পৰামৰ্শক্ৰমে ঘাগৰ এৰিবলৈ সিদ্ধান্ত কৰে। যিহেতু ব্বিাহ কৰিব পৰাকৈ উপযুক্ত পৰিয়াল সেই ঠাইত নাছিল। তাৰ পৰা আহি তেওঁলোক ভৰাৰিডুবি পায়গৈ। তাতে গোবিন্দগিৰিয়ে উৰ্বশীক গয়পাণি বা ৰামদাস নামৰ এজন কায়স্থৰ লগত ব্বিাহ দিয়ে। ছমাহ তাত থকাৰ পিছত ১৫১৮ খ্ৰীষ্টাব্দৰ প্ৰথম ভাগত গোবিন্দগিৰিয়ে পুত্ৰ মাধৱদেৱক লগত লৈ নিজৰ পুৰণা ঠাই আৰু প্ৰথম পুত্ৰ দামোদৰক মাধৱৰ লগত চিনাকি কৰি দিয়াৰ মানসেৰে বণ্ডুকালৈ যায়। বণ্ডুকাত ককায়েক দামোদৰে মাধৱক পুত্ৰৰ দৰে স্নেহ কৰি ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত নামভৰ্ত্তি কৰি দিয়ে। এবছৰৰ ভিতৰত মাধৱদেৱে ব্যাকৰণ, মহাভাৰত, পুৰাণত গভীৰ বু্যৎপত্তি প্ৰদৰ্শন কৰে অসামান্য বুদ্ধিমত্তাৰ পৰিচয় দাঙি ধৰে। এনেতে হঠাৎ মাধৱ পুৰুষৰ পিতৃৰ বিয়োগ ঘটে। পিতৃৰ কাজ-কৰ্মৰ অন্তত মাতৃক সাক্ষাৎ কৰিবলৈ বুলি বণ্ডুকাৰ পৰা ভৰালিডুবিলৈ প্ৰত্যাৱৰ্তন কৰে। ভৰালিডুবি পোৱাৰ পিছদিনা মাধৱদেৱে মাতৃৰ অসুখ হোৱাৰ বাবে পূৰ্বতে দেৱীলৈ আগবেIÿাৱা ছাগলী কিনিবলৈ ৰামদাসক দায়িত্ব দিয়ে। ৰামদাসে ইতিমধ্যে মহাপুৰুষ শংকৰদেৱৰ সান্নিধ্যত ভক্তিসৰ্বস্ব বৈষ্ণৱ ধাৰণাৰ প্ৰতি গভীৰভাৱে অনুৰক্ত হৈছিল। সেয়ে ছাগলী কিনি বলি দিয়াৰ বিপৰীতে মাধৱদেৱক শ্ৰীমন্ত শংকৰদেৱৰ কাষলৈ নিয়াৰহে পৰিকল্পনা কৰে। শাক্ত মাধৱদেৱেও গুৰুজনক প্ৰত্যাহ্বান জনাবলৈ বুলি ৰামদাসৰ কথামতে ১৫২২ খ্ৰীষ্টাব্দত তৰ্ক যুদ্ধৰ মানসেৰে শংকৰদেৱৰ ওচৰত উপস্থিত হৈ তৰ্কবাদ আৰম্ভ কৰে। এক দীঘলীয়া তৰ্কৰ অন্তত মাধৱদেৱে পৰাজয় স্বীকাৰ কৰি নিজকে এজন সত্য, শুদ্ধ বৈষ্ণৱলৈ পৰিৱৰ্তন কৰি শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত শৰণ লয়। গুৰুজনেও সিদিনাৰ পৰা মাধৱক নিজৰ বান্ধৱৰূপে, শিষ্যৰূপে, নিজৰ অভিন্নৰূপে জ্ঞান কৰে। মহাপুৰুষ মাধৱদেৱে কিন্তু শকংৰদেৱক ভগৱন্তৰ প্ৰতিৰূপ ভাবি গুৰুৰূপেহে ভজন কৰিলৈ দিহা কৰে।

          দুজনা গুৰুৰ মিলনৰ পিছত ‘ধুৱাহাটা’ই এক অনন্য অৱস্থান লাভ কৰিলে। ভগৱৎ কথাৰ নৈমিষ ক্ষেত্ৰলৈ পৰিৱৰ্তন হ’ল। হৰিনামৰ ধ্বনিৰে চৌদিশে মুখৰিত হৈ পৰিল। ইতিমধ্যে কৰ্মকাণ্ডী ব্ৰাহ্মণসকল এই সময়ত মহাপুৰুষ দুজনাৰ বিৰোদ্ধে খৰ্গগ্ৰস্থ হৈ পৰে। দেৱী দুৰ্গাৰ পূজা, শ্ৰাদ্ধ আদিৰ বিৰুদ্ধাচৰণ কৰা বুলি তেওঁলোকে ৰজাঘৰত গোচৰো দিলেগৈ। বিচাৰ চলিছিল যদিও মহাপুৰুষজনাৰহে জয় হ’ল। তথাপি এই ব্ৰাহ্মণসকলৰ পৰা ধাৰাবাহিকভাৱে গুৰু দুজনাই অশান্তি পায়েই থাকিল। এনে পৰিস্থিতিৰ মাজতে মহাপুৰুø মাধৱদেৱে পূৰ্বতে পিতৃয়ে নেঘেৰিটিঙৰ ওচৰত তেৰাৰ বাবে জোৰোণ পিন্ধাই থোৱা কন্যাগৰাকীৰ অভিভাৱকক লগ ধৰি বুদ্ধিৰ চলেৰে নাকচ কৰাই সাংসাৰিক মায়া ত্যাগ কৰে। ধুৱাহাট ভৰালিডুবিত অৱস্থান লৈ থাকোতেই আহোম ৰজা চুক্নেনমুঙে সেনাবাহিনীত থকা হাতীৰ সংখ্যা এহেজাৰলৈ বৃদ্ধি কৰাৰ মানসেৰে বাৰভূঞাসকলকো হাতী ধৰাৰ দায়িত্ব দিয়ে। কিন্তু হাতী ধৰাত নিয়োজিত হোৱা ভূঞাসকল লগতে স্বয়ং মাধৱপুৰুষো ৰাজৰোষত পৰিবলগীয়া হ’ল, যিহেতু তাৰাই সমস্তই গড় বান্ধি হাতী ধৰি ৰাখিব নোৱাৰিলে, গড় ভাঙি হাতী পলাই গ’ল। ফলশ্ৰুতিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাৰিল যদিও হৰি আৰু মাধৱদেৱ আহোম ৰজাৰ চাউদাঙৰ হাতত বন্দী হ’ল। যথা সময়ত বিচাৰ চলিল। হৰিৰ প্ৰাণদণ্ড হ’ল, মাধৱদেৱক কেও-কিছু নাই কেৱলীয়া ভকত– তেৰাৰ বিয়োগত দুখ কৰিবলৈও কোনো নাই বুলি তেৰাক মুক্তি কৰি দিলে। হৰিৰ আসন্ন মৃতু্যত মহাপুৰুষ মাধৱদেৱে এটি গীত ৰচনা কৰি তেওঁক সংসাৰৰ মায়া ত্যাগ কৰিবলৈ উপদেশ দিলে–

ভায়ো ভাই সাৱধান, যাবে নাহি ছুটে প্ৰাণ।

গোবিন্দৰ ফৰমান নিকাট মিলিব জান।।

          হৰিৰ মৃতু্যৰ পিছতো বৰদুৱাৰৰ সন্মুখত আঁহত গছ এজোপাৰ তলত এটি বহা সাজি মাধৱদেৱ তাতে বহুদিন থাকিল। এদিন ৰজাই শেনৰ যুঁজ চাবলৈ আহি ব্ৰহ্মচাৰী বেশৰ মাধৱদেৱক তাত দেখা পাই তেওঁনো ক’ৰ জানিব বিচৰাত মাধৱ পুৰুষৰ বন্দীৰ ইতিহাসটো দুৱৰীয়ে ক’লে। তেওঁক মৃতু্যৰ পৰা ৰেহাই দিয়া হ’ল যদিও যাবলৈ ৰাজআজ্ঞা দিয়া নহ’ল। সেইবাবে হোজা প্ৰকৃতিৰ লোকজনে এনেদৰে অৱস্থান কৰিছে বুলি জানি ৰজাই তেওঁক ঘৰলৈ যাবলৈ অনুমতি দিয়ে। ৰজাৰ আদেশ পোৱাত মাধৱদেৱে দুখে-কষ্টে, ভোকে-লঘোণে বাটকুৰি বাই ধুৱাহাট পায়গৈ। মাধৱৰ বিে2ছদত গুৰুজন ব্যথিত হৈ আছিল। যথাসময়ত মাধৱদেৱ আহি গুৰুজনাক সেৱা জনোৱাত শ্ৰীমন্ত শংকৰদেৱে তেওঁক সাৱটি ধৰিলে। চকুপানীৰে দুয়োৰে শৰীৰ আৰ্দ্ৰ কৰি তুলিলে। মহাপুৰুষ গুৰুজনে প্ৰকৃতিস্থ হৈ এটি ঘোষা আৰম্ভ কৰিলে–

বন্দু মাধৱহে তুৱা বিনে আছে

আৰ তাৰক কে।

          ঢেকীয়াখোৱা বৰনামঘৰৰ ইতিবৃত্ত মতে, হৰিৰ মৃতু্যৰ পিছদিনা পুৱা মাধৱদেৱক এৰি দিয়ে। তেৰা সন্ধ্যা আহি বুIÿা-বুIÿী এহালৰ ঘৰত অতিথি হয়। বুIÿীয়ে ঘৰত থকা ঢেঁকীয়া শাকেৰে মাধৱদেৱক অমৃতোপম চাউল সিজোৱা খুৱালে। অতি দুখীয়া অৱস্থাৰ এই বৃদ্ধ পৰিয়ালৰ আদৰ-আপ্যায়নত মুগ্দ্ধ হৈ পিছদিনা পুৱা তেৰাই সমীপৰে ভকত জনচেৰেকক মাতি তাতে নাম-কীৰ্তন কৰি এগছি বন্তি প্ৰজ্বলন কৰে। তেতিয়াৰে পৰা স্থানীয় ৰাইজে বন্তিগছি নুমাবলৈ নিদিয়াকৈ পবিত্ৰ তীৰ্থৰূপে সেৱা-ভক্তি নিবেদন কৰি আজিলৈকে জ্বলাই ৰাখিছে– সেয়াই হৈছে বৰ্তমানৰ ঢেঁকীয়াখোৱা বৰনামঘৰ।

          দীননাথ বেজবৰুৱাৰ মতে– বন্দী হোৱাৰ বহুদিনৰ পিছলৈকে মাধৱদেৱ ঘূৰি নহাত মাধৱদেৱৰ মংগল কামনাৰে শ্ৰীমন্ত শংকৰদেৱে সাতদিন পালনাম পাতে আৰু শেষৰ দিনা নামৰ প্ৰভাৱতে মাধৱদেৱ আহি ওলায়হি। এয়াই প্ৰকৃততে পালনামৰ আৰম্ভণি।

          মহাপুৰুষ মাধৱদেৱক লগ পোৱাৰ পিছত নিজৰ নিৰাপত্তাৰ বাবেই আহোম ৰাজ্য এৰি ভূঞা আৰু ভক্তসকলক লগত লৈ মাধৱদেৱৰ সৈতে শ্ৰীমন্ত শংকৰদেৱ কামৰূপ ৰাজ্যলৈ নাৱেৰে যাত্ৰা কৰে। কামৰূপ ৰাজ্য তেতিয়া কোচ ৰাজ্যৰ ভিতৰুৱা আছিল। ৰাজবিষয়া গাভৰু খাঁৰ বদান্যতাত বৰপেটাৰ চুনপোৰা নামে ঠাইত বসবাস কৰিবলৈ গুৰুজনে ৰাজ আজ্ঞা লাভ কৰে। ইয়াৰ আগতে অৱশ্যে কপলাবৰি নামে ঠাইত তেৰা সমস্ত ছমাহ কাল আছিল। তাতেই মাধৱপুৰুষৰ মাতৃৰ বিয়োগ ঘটে। মাতৃৰ পাৰলৌকিক কৰ্ম শেষ কৰাৰ পিছত চুনপোৰাত কিছুদিন থাকে। চুনপোৰাত থাকোতেই অসমৰ ধৰ্ম-সংস্কৃতিৰ ইতিহাসৰ এক বৰ্ণিল নতুন অধ্যায়ৰ সুচনা হয়। চৈতন্যপন্থী লোকেৰে পৰিবেষ্টিত অঞ্চলত বাস কৰা ভবানন্দ ঠাকুৰে গঞাৰ দাবীত চৈত্যনীয়া দীক্ষা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছিল যদিও সৌভাগ্যক্ৰমে তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সাক্ষাৎ কৰি শৰণ লয়। গুৰুজনাই ভবানন্দৰ সলনি তেওঁক ‘নাৰায়ণ’ নামকৰণ কৰাত পূৰ্বৰ ভৱানন্দ ঠাকুৰ গুছি এতিয়া তেওঁ হ’ল নাৰায়ণ দাস ঠাকুৰ আতা। গুৰুজনাই মহাপুৰুষ মাধৱদেৱৰ লগত নাৰায়ণ দাসক সখি পাতি দিয়ে। মাধৱ আৰু নাৰায়ণ অভিন্ন হৈ নামধৰ্মৰ ভেটি অধিক সুদৃIÿ কৰি বান্ধে। নাৰায়ণ দাসৰ প্ৰেৰণাত মহাপুৰুষ মাধৱদেৱৰ শক্তি সামৰ্থ স্বাভাৱিকতে বৃদ্ধি হয়। বাৰাদিত থাকোতেই [বাৰাদিও বৃহত্তৰ বৰপেটা এলেকাৰে অধীনত] মাধৱদেৱৰ ভাগিন উৰ্বশীৰ পুত্ৰ ৰামচৰণ ঠাকুৰৰ জন্ম হয়। ৰামচৰণ ঠাকুৰৰ জন্মও অসমৰ ধৰ্ম-সমাজ-সংস্কৃতিৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ ঘটনা। চুনপোৰাৰ পৰিৱেশ হুলস্থ²লীয়া হোৱাৰ বাবে ছমাহমানৰ পিছত শ্ৰীমন্ত শংকৰদেৱ ভকতসকলৰ সৈতে কুমাৰকুছিলৈ আহে। কুমাৰকুছিত থাকোতেই– এজন মৃতকৰ বাবে পত্নীয়ে ইনাই-বিনাই কান্দি থকাৰ দৃশ্যটো দেখি শংকৰ গুৰুৰ অনুৰোধত মাধৱদেৱে কৰুণ আবেদনসমৃদ্ধ যুগজয়ী বিলাপ গীত ৰচনা কৰে। যাক কাকুতি ঘোষা বুলি জনা যায়।

কি মতে ভকতি কৰিবো তোমাত হৰি এ।।

মঞি মূIÿমতি নজানো তাৰ উপায় ৰাম ৰাম।।

          ইয়াৰ পিছত শংকৰদেৱে ভকত বৈষ্ণৱক লগতলৈ বৰপেটা বিল পাৰ হৈ এঘৰ গণকৰ গৃহত উপনীত হ’ল। গণকগৰাকীয়ে গুৰুজনৰ ইচ্ছা অনুসৰি এখন বাৰী. ঘৰ-দুৱাৰসহ গণকগৰাকীয়ে তেৰাৰ চৰণত সমৰ্পণ কৰিলে। গুৰুজনে মাধৱপুৰুষক তাতে থাকিবলৈ দিলে। তেতিয়াৰ পৰা ঠাইখনৰ নাম গণককুছি হ’ল। গণককুছিত থাকোতে মহাপুৰুষ গুৰুজনাৰ লগত মাধৱদেৱে ভকতসকলৰ লগ হৈ পাটবাউসীৰ পৰা শ্ৰীক্ষেত্ৰলৈ যাত্ৰা কৰিলে। মাধৱদেৱে অজুহাত উলিয়াই মাথোঁ বৃন্দাবনলৈ গুৰুজনাক যোৱাৰ পৰা বিৰত কৰিলে। যিহেতু বৃন্দাবনলৈ গ’লে নিজৰ লীলাভূমি পাই গুৰুজন ঘূৰি নাহিব, সেয়ে গুৰুপত্নীৰ এনে আশংকা মাধৱপুৰুষে সতৰ্কতাৰে নিৰসন কৰিলে। এয়া গুৰুজনাৰ দ্বিতীয়বাৰৰ তীৰ্থভ্ৰমণ। এনেদৰে ছমাহ ভ্ৰমণ কৰি পাটবাউসী পালেহি। তাৰ পিছতে অন্য এটা উল্লেখযোগ্য ঘটনা গুৰুজনৰ ভক্তি ৰত্নাৱলী গ্ৰন্থ প্ৰাপ্তি। মাগুৰিৰ পণ্ডিত কণ্ঠভূষণে বাৰাণসীৰ ব্ৰহ্মানন্দৰ পৰা গ্ৰন্থখন আনি গুৰুজননক দিলে। গুৰুজনে ভাঙনিৰ দায়িত্ব ‘বৰাৰ পো’ক অৰ্পণ কৰিলে। যাৰ ফলশ্ৰুতিত মহাপুৰুষ মাধৱদেৱৰ অমৃত লেখনিত প্ৰকাশিত হ’ল– বৈষ্ণৱ ধৰ্মৰ অন্যতম গ্ৰন্থ ‘ভক্তি ৰত্নাৱলী’। এই সময়ছোৱাতে শংকৰদেৱ ৰাজৰোষত পৰিৱলগীয়া হয়। কুচক্ৰীসকলে কোচ ৰজা নৰনাৰায়ণক গুৰুজনাৰ বিৰুদ্ধে গোচৰ তৰাত চিলাৰায় দেৱানে গ্ৰেপ্তাৰ কৰা চলেৰে সুৰক্ষা দি নিজৰ লগত ৰাখে। শেষত ৰজাৰ মন বুজি একো অপকাৰ নহয় বুলি জনাৰ পিছত শ্ৰীমন্ত শংকৰদেৱক নৰনাৰায়ণৰ সমীপত হাজিৰ কৰোৱায়। নৰনাৰায়ণে সন্ত শংকৰৰ মহিমা দেখি অভিভূত হ’ল। যথোযোগ্য সন্মানহে প্ৰদৰ্শন কৰিলে। বিঘিনিশূন্য হোৱাৰ পিছত চিলাৰায়ে তোৰোচা নদীৰ দক্ষিণপাৰে ভেলা নামৰ ডোবা এটাৰ কাষত মহাপুৰুষজনাক এটি গৃহ নিৰ্মাণ কৰাই দিয়ে। তাতে কিছুদিন থকাৰ পিছত মাধৱ সমন্বিতে ভক্তসকলক লগ কৰিবলৈ পাটবাউসীলৈ আহে। এই সাক্ষাতত মহাপুৰুষজনাই চিলাৰায় দেৱানে যোগান ধৰা ‘জন্মপুৰাণ’ গ্ৰন্থখনিৰ পদভাঙণি কৰিবলৈ মহাপুৰুষ মাধৱক দায়িত্ব দিলে। অনি2ছা স্বত্বেও গুৰু আজ্ঞা শিৰে ধৰি মাধৱে ‘জন্মপুৰাণ’ৰ ভাঙণি কৰিলে। সেয়াই ‘জন্ম ৰহস্য’ নামৰ অমূল্য গ্ৰন্থ। ভাঙনি পুথিখনি চাই গুৰুজনে উচ্চ প্ৰশংসা কৰে লগতে ক’লে– “এতিয়া দেখো ভুৰোকাটোতে গজহাতীটো ভৰালা। মই কথা বIÿাবহে পাৰো, টুটাব নোৱাৰো। তুমি হ্ৰস্বও কৰিব পাৰা, দীৰ্ঘও কৰিব পাৰা দহোঁ।” এয়া মাধৱদেৱৰ পাণ্ডিত্যৰ অনন্য স্বীকৃতি। এই সময়তে আন এটা ঐতিহাসিক কাৰ্যসম্পন্ন হয়। নৰনাৰায়ণৰ অনুৰোত মহাপুৰুষজনাই মাধৱ পুৰুষৰ সহযোগত তাঁতীকুছি [বৰপেটা]ত ছকুৰি হাতৰ বৃন্দাৱনী বস্ত্ৰ তাঁতীসকলৰ হতুৱাই বোৱাই উলিয়ায়। অন্যহাতে গুৰুৰ আজ্ঞাতে মাধৱদেৱে এইসময়তে নকুৰি এঘাৰটা বৰগীত ৰচনা কৰি অসমীয়া সংগীতৰ স্বকীয় ভেটি স্থাপন কৰে। ইয়াৰ পিছতে গুৰুজনৰ পুনৰ বেহাৰ যাত্ৰা আৰম্ভ হয়। যোৱাৰ আগদিনা শংকৰ গুৰুৱে নিজৰ ভক্তি, বল, পৰাক্ৰম সবাকে মাধৱ পুৰুষক অৰ্পণ কৰে। যাবৰ সময়ত ঘোষা নামে এখনি গ্ৰন্থ প্ৰণয়নৰ দায়িত্ব মাধৱদেৱক অৰ্পণ কৰি আবেগ বিধুৰ এটা মুহূৰ্তত গুৰুজনে যাত্ৰা কৰিলে। এয়াই গুৰু দুজনাৰ শেষ দেখা সাক্ষাৎ। কিছুদিনৰ পিচত অৰ্থাৎ ১৪৯০ শকৰ ২১ ভাদত শ্ৰীমন্ত শংকৰগুৰুৱে নৰনাট সামৰিলে। গুৰুজনাৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত শংকৰ পুত্ৰ ৰামানন্দৰ ই2ছাতে সকলো ভকতে মাধৱ পুৰুষক গুৰু আসনত প্ৰতিষ্ঠা কৰে। ধৰ্মাধিকাৰ হোৱাৰ পিছত মহাপুৰুষ মাধৱদেৱ পাটবাউসীৰ পৰা সোন্দৰাত খীৰামৰলৰ বাৰীত ৰামচৰণ ঠাকুৰৰ পাট গোহালিত থাকেগৈ। তাতে পূৰ্বতে পোৱা ভক্তি ৰত্নাৱলীৰ পদ ভাঙে। ছমাহৰ পিচত সুন্দৰীদিয়াত সত্ৰ পাতি গুৰুজন তাতে থিতাপি ল’লেগৈ। ইয়াতে পাঁচনি আৰু বৰ বিষ্ণু আতা, ভবানীপুৰীয়া গোপাল আতা, হৰিহৰ আতা, বংশী গোপালদেউ, আধলিয়া যদুমণি আদি বহুজনক ধৰ্মাচাৰ্য হিচাপে নিয়োগ কৰি উজনি-নামনিত ধৰ্মপ্ৰচাৰত ৰত হয়। এটা সময়ত সুন্দৰীদিয়াৰ পৰা পুনৰ বৰপেটাতে থাকিবলৈ লয়। তাতে মথুৰা দাস বুIÿা আতাৰ সহযোগত ‘ৰঙ্গাৱন গৃহ’ বা ৰঙীয়াল ঘৰ নিৰ্মাণ কৰে। এয়াই বৰ্তমানৰ অসমৰ দ্বিতীয় বৈকুণ্ঠস্বৰূপ শ্ৰীশ্ৰীবৰপেটা সত্ৰ। প্ৰথম সত্ৰাধিকাৰ হ’ল মথুৰা দাস বুIÿা আতা। বৰপেটাত থকাৰ পিছত পুনঃ গুৰুজনৰ বেহাৰ যাত্ৰা আৰম্ভ হ’ল। বেহাৰত মাধৱপুৰুষে মধুপুৰ সত্ৰ পূৰ্ণাংগ ৰূপত নিৰ্মাণ কৰিলে। এইটো মাধৱপুৰুষৰ জীৱনৰ এটি অন্যতম উল্লেখযোগ্য কীৰ্তি। কোচ বেহাৰত থকাৰ এই সময়চোৱাত ৰাজ বিষয়াৰ পৰা সাধাৰণ মানুহলৈকে লানি নিচিগা সেঁাতেৰে সকলোৱে গুৰু ধৰ্মত শৰণ ল’লেহি। ইয়াতো এক অথন্তৰ ঘটিল। কৰ্মকাণ্ডী শাক্তপন্থীসকলে পুনৰ মাধৱদেৱৰ লগত তৰ্কযুদ্ধ আৰম্ভ কৰিলে যদিও মাধৱ পুৰুষৰে জয় হ’ল। কোচ ৰজাই সকলো সন্ত-মহন্তৰ ওপৰতহে মহাপুৰুষ মাধৱদেৱক অধিকাৰ পাতিলে।

          মহাপুৰুষ মাধৱদেৱৰ মহিমা আৰু অসাধাৰণ আধ্যাত্মিক ব্যক্তিত্বৰ ওচৰত নতজানু হৈ গুৰু ধৰ্মৰ মহিমা অনুভৱ কৰি ৰজা লক্ষ্মীনাৰায়ণে মাধৱ গুৰুৰ ওচৰত শৰণ কামনা কৰিছিল যদিও ১৫৯৬ খ্ৰীষ্টাব্দ [১৫১৮ শক]ৰ ভাদ মাহৰ ২৭ দিনৰ দিনা কৃষ্ণা পঞ্চমী তিথিত মাধৱপুৰুষে নৰনাট সামৰে। ৰজাক শৰণ দিয়া নহ’ল শ্ৰীমন্ত শংকৰদেৱৰ দৰেই। এনে দৰে ধৰ্ম, মানুহ আৰু গুৰুৰ অৰ্থে উৎসৰ্গিত জীৱনৰ পৰিসমাপ্তি ঘটে। উপৰিউক্ত জীৱবৃত্তত মাথোঁ বিহংগম দৃষ্টিহে দিয়া হৈছে এয়া পূৰ্ণাংগ জীৱনী নহয়।

সহায়ক গ্ৰন্থঃ

গুৰুচৰিত কথা – ড মহেশ্বৰ নেওগ

শ্ৰীশ্ৰী মাধৱদেৱ – ড মহেশ্বৰ নেওগ

পূৰ্ণাংগ কথাগুৰু চৰিত – ড সঞ্জীৱ কুমাৰ বৰকাকতী

— অৰুণ কুমাৰ গোস্বামী

সম্পৰ্কীয় লেখা

Leave a Comment

* By using this form you agree with the storage and handling of your data by this website.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept