সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

মাধৱদেৱৰ বিষয়ে চমুকৈ লিখা

মাধৱদেৱৰ বিষয়ে চমুকৈ লিখা
মাধৱদেৱৰ বিষয়ে চমুকৈ লিখা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য, আৰু তেওঁৰ যোগ্য উত্তৰাধিকাৰী, একশৰণ নাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ এজন প্ৰকৃত হোতা আৰু নামঘোষা বা হেজাৰী ঘোষাৰ ৰচকজনেই হ’ল মহাপুৰুষ মাধৱদেৱ।

প্ৰায় ষোল্ল শতিকামানত অসমত নবোন্মেষ ঘটা ধৰ্মীয় সাংস্কৃতিক আন্দোলনৰ গুৰি ধৰোতা সকলৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই মহাপুৰুষ মাধৱদেৱৰ নাম ল’ব পাৰি।

মাধৱদেৱৰ জন্মস্থান

১৪১ৰ শকৰ জেঠ মাহৰ কৃষ্ণা প্ৰতিপদ তিথিত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰঙাজান আৰু কাচিকটা নদীৰ মাজত অৱস্থিত লেতেকুপুখুৰী নামৰ ঠাইত মাধৱদেৱৰ জন্ম হয়।

মাধৱদেৱৰ পিতৃ মাতৃ বৰদোৱাত থকাৰ সময়ত হোৱা কছাৰীৰ উপদ্ৰৱৰ বাবে তেওঁলোক ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ আহি হৰিশিঙা বৰাক লগ পাই, তেওঁৰ ঘৰতে থাকে আৰু হৰিশিঙা বৰাৰ ঘৰতেই মাধৱদেৱৰ জন্ম হয়।

মাধৱদেৱৰ পিতৃ মাতৃ

মাধৱদেৱৰ পিতৃৰ নাম হ’ল গোবিন্দগিৰি ভূঞা।

গোবিন্দগিৰি ভূঞাক বৰকণাগিৰি বুলিও জনা যায়।

মাধৱদেৱৰ মাতৃৰ নাম হ’ল মনোৰমা।

মাতৃ মনোৰমাক গোবিন্দগিৰিয়ে বৰদোৱাত থকা সময়তে বিয়া কৰাইছিল।

মাধৱদেৱৰ গৃহস্থী ধৰ্ম

মাধৱদেৱ চিৰকুমাৰ আছিল।

বিষয়-বাসনাৰ প্ৰতি মাধৱদেৱৰ বিশেষ উৎসাহ নাছিল।

সেয়ে তেওঁ বিবাহ কৰাবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল।

গুৰু শংকৰদেৱৰ দ্বিতীয়পত্নী কালিন্দী আয়ে তেওঁৰ কন্যা বিষ্ণু প্ৰিয়াক মাধৱদেৱলৈ বিয়া দিবলৈ বৰ মন কৰি আছিল।

তেওঁ শংকৰদেৱৰ হতুৱাই এবাৰ মাধৱদেৱক এই কথাতো কাণ চোৱাইছিল।

কিন্তু মাধৱদেৱে –

’তোমাঠেৰ সংগ আমি যি কালে লভিলো।
সেহি কালে জোৰণৰ কন্যা এৰি আইলো।।
তোমাঠেৰ পদ সেৱা কৰিবে ইচ্ছায়।
এতেক বিবাহ কৰিবাক ইচ্ছা নাই।।
অনাদি জনম ভোগ কৰো বিষয়ক।
তাকে এৰাইবাক কহিয়োক উপায়ক।।’ (গুৰুচৰিত)

– বুলি গুৰুজনাই দিয়া প্ৰস্তাৱ পোনচাটেই প্ৰত্যাখ্যান কৰিছিল।

এই কথাখিনিৰ পৰা আৰু এটা জনা যায় যে, শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱৰ বিবাহৰ বাবে জোৰণ পৰ্যন্ত পিন্ধোৱা হৈছিল।

কিন্তু শংকৰদেৱৰ লগ পোৱাৰ পিছত তেওঁৰ বৈবাহিক জীৱনত সোমোৱাৰ সকলো ইচ্ছা ত্যাগ কৰি চিৰকুমাৰ হৈ থাকিবলৈ ব্ৰত লৈছিল।

মাধৱদেৱৰ শিক্ষা

মাধৱদেৱে প্ৰাথমিক স্তৰৰ শিক্ষা গ্ৰহণৰ বাবে উজিৰ হৰিশিঙা বৰাই ব্যৱস্থা কৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ ৰাজেন্দ্ৰ অধ্যাপকৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল।

ৰাজেন্দ্ৰ অধ্যাপকৰ পৰা তেওঁ ব্যাকৰণ, ন্যায়, তৰ্ক, কাব্য আদি নানান বিষয়ৰ শিক্ষা লৈছিল আৰু সকলো বিষয়তে পাৰ্গত হৈ উঠিছিল।

সেই সময়চোৱাত তেওঁ আগম শাস্ত্ৰত অতি পাৰ্গত হৈ পৰিছিল।

মনিকাঞ্চন মিলন বা মনিকাঞ্চন সংযোগ

শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ মনিকাঞ্চন মিলন বা মনিকাঞ্চন সংযোগৰ বিষয়ে আমি ’মনিকাঞ্চন সংযোগ’ নামৰ লেখাত বহলাই আলোচনা কৰিছো। সেয়ে ইয়াত আলোচনা কৰা নহ’ল।

ইচ্ছুক সকলে উক্ত ’মনিকাঞ্চন সংযোগ’ নামৰ লেখাটো চাবৰ বাবে অনুৰোধ কৰা হ’ল।

মাধৱদেৱৰ সাহিত্য

মাধৱদেৱৰ সাহিত্যৰ বিষয়ে ’মাধৱদেৱৰ সাহিত্য কৃতি’ নামৰ লেখাত বহলাই আলোচনা কৰা হৈছে।

মাধৱদেক্টৰ সাহিত্য সমূহক কেইবাটাও ভাগত ভাগ কৰি পাৰি –

১) আখ্যান মূলক সাহিত্য

ৰাজসূয় কাব্য

আদিকাণ্ড ৰামায়ণ

২) তত্ব মূলক সাহিত্য

নামঘোষা

জন্ম ৰহস্য

ভক্তি ৰত্নাৱলী

নামমালিকা

৩) নাট আৰু ঝুমুৰা সমূহ

অজুন ভঞ্জন

চোৰ ধৰা

পিম্পৰা গুছোৱা

ভূমি লেটোৱা

ভোজনবেহাৰ

ইয়াৰ ভিতৰত কেৱল অজুন ভঞ্জন খনকহে নাট বুলি আখ্যা দিয়া হয়, বাকী কেইখনক ঝুমুৰা বুলি কো্বা হয়।

ইয়াৰ বাদেও মাধৱদেৱৰ নাট বুলি উল্লেখ থকা কিন্তু বাস্তৱিকতে পাবলৈ নোহোৱা তিনিখন নাটৰ নাম চৰিত পুথিত পোৱা যায়।

সেই কেইখন হ’ল – ১) গোৱৰ্দ্ধন যাত্ৰা, ২) নৃসিংহ যাত্ৰা আৰু ৩) ৰাম যাত্ৰা

এই সকলো খিনি সাহিত্যৰ ভিতৰত নামঘোষা পুথিখনক মাধৱদেৱৰ জীৱনৰ অন্যতম ৰচনা বুলি গন্য কৰা হয়।

এই পুথি খনত এহেজাৰটা ঘোষা সন্নিবিষ্ট হৈ আছে, সেয়ে ইয়াক হেজাৰী ঘোষা বুলিও জনা যায়।

মাধৱদেৱৰ বৰগীত

মহাপুৰুষ মাধৱদেৱে তেখেতৰ জীৱন কালত বাৰ কুৰি অৰ্থাৎ দুশ চল্লিশ টা বৰগীত ৰচনা কৰিছিল বুলি জনা যায়।

কিন্তু, বৰ্তমান সময়ত প্ৰায় এশ একান্নবৈ টা মানহে বৰগীত পোৱা যায়।

মাধৱদেৱৰ বৰগীত সমূহৰ ভিতৰত এটি শ্ৰেষ্ঠ বৰগীত হ’ল, ’তেজৰে কমলা পতি পৰভাতে নিন্দ’।

মাধৱদেৱৰ ভটিমা

ভটিমা মানে হ’ল প্ৰশস্তি গীত, স্তুতি বা ভাটৰ গীত।

পুৰণি ভাৰত বৰ্ষত ভাট নামেৰে এক শ্ৰেণীৰ গায়কৰ কথা জনা যায়।

তেওঁলোক গোৱা গীত সমূহেই হ’ল ভটিমা।

মাধৱদেৱেও শ্ৰীমন্ত শংকৰদেৱৰ গুণাণুকীৰ্তন কৰি কিছু সংখ্যক ভটিমাৰ সৃষ্টি কৰিছিল।

সেই ভটিমা সমূহক গুৰু ভটিমা বুলি কোৱা হয়, যেনে –

’জয় গুৰু শংকৰ সৰ্ব গুণাকৰ
যাকেৰি নাহিকে উপাম।
তোহাৰি চৰণে ৰেণু শত কোটি
বাৰেক কৰোহো প্ৰণাম।।

মাধৱদেৱৰ মৃত্যু বা দেহাৱসান

১৫৯৬ খ্ৰীষ্টাব্দত মধুপুৰৰ ভেলা মধুপুৰ সত্ৰত শ্ৰীশ্ৰী মাধৱদেৱৰ মৃত্যু বা দেহাৱসান ঘটে।


ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!