সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

লোকউৎসৱ আৰু অসমৰ লোকউৎসৱ

লোক উৎসৱ

লোক উৎসৱ বুলি ক’লে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰম্পৰাগতভাৱে পৰিয়াল বা লোকসমাজে উদযাপন কৰা লোক সংস্কৃতিৰ এটা প্ৰধান অংগ লোকাচাৰ সমূহৰ এটা ভাগক বুজা যায়।

লোক উৎসৱ সমূহ পতাৰ সময় আৰু উদ্দেশ্য নিৰ্দিষ্ট।

লোক উৎসৱ সমূহ বিচাৰ কৰি চালে ইয়াৰ বহুকেইটা মুখ্য ভাগ দেখা পোৱা যায়।

তাৰে ভিতৰত কেইটামান হৈছে এনে ধৰণৰ –

১) কৃষি ভিত্তিক লোক উৎসৱ

২) ধৰ্মীয় লোক উৎসৱ

৩) ঋতু সম্পৰ্কীয় লোক উৎসৱ

৪) পঞ্জিকা উল্লেখিত লোক উৎসৱ

৫) সমাজ জীৱনৰ লগত জড়িত লোক উৎসৱ আদি

লোক উৎসৱ সমূহ এদিনতে সৃষ্টি নহয়, ই অতীতৰে পৰা পৰম্পৰাগত ভাৱে চলি থকা এটি সামাজিক লোকাচাৰ

লোক উৎসৱ সমূহত সমাজ জীৱনৰ বিভিন্ন অভিজ্ঞতা, বিশ্বাস, কলা, সাংস্কৃতিক চিন্তা চৰ্চা আদিৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়।

লোক উৎসৱৰ লগত লোক বিশ্বাসৰ কথাও জড়িত হৈ থকা দেখিবলৈ পোৱা যায়।

লোক বিশ্বাস সম্পৰ্কে ’অসমীয়া কৃষি ভিত্তিক উৎসৱ ভেকুলী বিয়া’, ’অসমীয়া লোক বিশ্বাসত নাপায় আৰু নালাগে’, ’অসমৰ লোক বিশ্বাস’, ’লোক বিশ্বাস আৰু অন্ধবিশ্বাস’ আৰু ’অসমীয়া কৃষিকেন্দ্ৰিক লোক বিশ্বাস’ নামৰ প্ৰৱন্ধ কেইটাত আলোচনা কৰা হৈছে।

অতীতৰে পৰা মানুহে প্ৰাকৃতিক দুযোগ, প্ৰাকৃতিক ঘটনা, মাৰি মৰক, কৃষি সম্পৰ্কীয় কথা, লোক বিশ্বাস, জীৱনৰ সুৰক্ষা আদি বিভিন্ন কাৰণত পৰিয়াল কেন্দ্ৰিক বা সামাজিক ভাৱে নানান উৎসৱ উদযাপন কৰা দেখা যায়।

সাধাৰণতে আদিম অৱস্থাৰ পৰাই মানুহে প্ৰাকৃতিক দুযোগ বা নেদেখা জনৰ সন্তুষ্টিৰ বাবে শান্তিৰে জীৱন যাপন কৰিবৰ বাবে এই ধৰণৰ উৎসৱ সমূহ আয়োজন কৰা বুলি ক’ব পাৰি।

কিন্তু সময়ৰ লগে লগে মানুহৰ চিন্তা চৰ্চা, ৰুচিবোধ আদিৰ বিকাশ ঘটে আৰু উৎসৱ আয়োজন কৰা কাৰণ সমূহো ভিন্ন হৈ পৰে।

ওপৰোক্ত কাৰণ সমূহৰ লগতে নিজৰ ক্ৰিয়া কলাপ তথা আনন্দ আদি ব্যক্ত কৰিবৰ বাবেও একো একোটা উৎসৱৰ আয়োজন কৰিবলৈ ধৰিলে।

উদাহৰণ স্বৰূপে ক’ব পাৰি যে, কৃষিৰ সময়ত বৰষুণ ন’হলে ভেকুলী বিয়াৰ আয়োজন কৰা হয় ইন্দ্ৰ দেৱতাৰ সন্তুষ্টিৰ বাবে কিন্তু যুদ্ধ জয় কৰি অহাৰ পিছত যি উৎসৱ পতা হয় সেয়া নিজৰ বিজয়ৰ আনন্দ প্ৰকাশ কৰিবৰ বাবে।

লোক উৎসৱৰ প্ৰয়োজনীয়তা

১) কৃষি ভিত্তিক লোক উৎসৱ

কৃষি সম্পৰ্কীয় লোক উৎসৱৰ প্ৰথা পৃথিৱীৰ প্ৰায় সকলো জন সমাজতে প্ৰচলিত আছে।

পৃথিৱীৰ সকলো লোকৰে জীৱন ধাৰণৰ মৌলিক প্ৰয়োজনৰ ভিতৰত খাদ্য বা কৃষি হৈছে প্ৰধান।

অতীতৰে পৰা মানুহে কৃষি কৰ্মৰ লগত জড়িত হৈ আহোতে লগে কৃষি সম্পৰ্কীয় বিভিন্ন উৎসৱ সমূহো উদযাপন কৰি আহিছে।

এই উৎসৱ সমূহ পতাৰ কাৰণ সমূহ আমি বিভিন্ন ধৰণেৰে চাব পাৰো-

  • কৃষি ভূমিৰ উৰ্বৰতা বৃদ্ধি
  • কৃষি কৰ্মৰ দ্বাৰা উৎপাদিত শস্যৰ পৰিমাণ বৃদ্ধি
  • কৃষি কৰ্মৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বৰষুণৰ প্ৰয়োজনীয়তা
  • খৰাং বতৰৰ পৰা কৃষিক ৰক্ষা কৰা
  • অতি বৃষ্টি বা বানপানীৰ পৰা কৃষিক ৰক্ষা কৰা
  • কৃষি কৰ্মত প্ৰয়োজন হোৱা জীৱ জন্তুৰ সুস্বাস্থ্য কামনা
  • কৃষি অনিষ্টকাৰী জীৱ জন্তুৰ পৰা কৃষিক ৰক্ষা কৰা
  • কৃষি অনিষ্টকাৰী বিভিন্ন কীট পতংগৰ পৰা কৃষিক ৰক্ষা কৰা ইত্যাদি।

2) ধৰ্মীয় লোক উৎসৱ

অতীততে প্ৰাকৃতিক দুযোগৰ পৰা ৰক্ষা পাবৰ বাবে কোনো এক নিৰ্দিষ্ট দেৱতাক মানি লৈ উৎসৱৰ আয়োজন কৰা হৈছিল।

লোক সমাজৰ ধৰ্ম অনুসৰি উক্ত উৎসৱ পালনৰ নীতি নিয়ম বা ক্ৰিয়া কলাপ সমূহ পৃথক আছিল।

সেইদৰে বেমাৰ-আজাৰ, আকাল আদিৰ ক্ষেত্ৰতো কোনো এক দৈৱিক শক্তিৰ প্ৰভাৱ আছে বুলি জ্ঞান কৰি সেই জনৰ সন্তুষ্টিৰ বাবে উৎসৱৰ আয়োজন কৰা হৈছিল।

অলৌকিক শক্তিৰ প্ৰভাৱৰ পৰা মুক্তি পাবলৈও বিভিন্ন ধৰ্মত ৰীতি নীতিৰে উৎসৱৰ আয়োজন কৰা হৈছিল।

অলৌকিক শক্তিৰ প্ৰভাৱত কিছুমান কাম সিদ্ধ কৰাৰ মানসেৰেও উৎসৱৰ আয়োজন কৰা বুলি ভাৱিব পাৰি।

৩) ঋতু সম্পৰ্কীয় লোক উৎসৱ

কৃষি কাৰ্যত নমাৰ আগতে লোক সমাজত উৎসৱ পালনৰ প্ৰথা আছে। যেনে অসমত বহাগ বিহু পতা হয়।

আকৌ, কৃষি কাৰ্য সামৰণি মাৰি দুখ ভাগৰ মাৰিবলৈ কিছুমান উৎসৱৰ আয়োজন কৰা হয়, যেনে মাঘ বিহু

ঠিক একেদৰে, অসমীয়া সমাজৰ তিনিওটা বিহু উৎসৱ বছৰৰ বিশেষ সময় বা ঋতুতহে অনুষ্ঠিত কৰা হয়।

জন্মাষ্টমী, দৌলযাত্ৰা, মিচিং সকলৰ আলি আই লৃগাং, অম্বুবাচী আদি উৎসৱ সমূহো একো একোটা বিশেষ ঋতুতহে পালন কৰা হয়।

মূলত সমাজত ›চলিত বিভিন্ন উৎসৱ সমূহৰ কিছুমান বিশেষ সময়ত অনুষ্ঠিত কৰা হয়।

এই বিশেষ সময়টোক যদি এটি ঋতু বুলি ধৰি লোৱা হয়, তেনেহ’লে সেই সময়খিনিত পতা উৎসৱ সমূহেই হ’ল ঋতু সম্পৰ্কীয় উৎসৱ

জন মানসত বিশ্বাস আছে যে, এই ধৰণৰ উৎসৱ সমূহ বছৰটোৰ আন কোনো সময়ত পাতিব নোৱাৰি বা পালন কৰা অনুপযোগী।

উদাহৰণ স্বৰূপে, বসন্ত কালৰ আগমনৰ লগে লগে অসমত বহাগ বিহু উৎযাপন কৰা হয়।

এই সময়খিনি হৈছে, কৃষিজীৱী সমাজে কৃষি কাৰ্যত নমাৰ আগৰ সময়।

বসন্তৰ আগমনৰ লগে লগেই নতুন বছৰ আৰম্ভ হয়, গছে নতুন কেঁাহ পাত মেলে।

অনাগত কৃষিকাৰ্যত হ’ব লগা দুখ কষ্টৰ কথা পাহৰি অসমীয়া সমাজে বিভিন্ন ধৰণৰ ৰং ধেমালীৰে এই বহাগ বিহুৰ সময়খিনি কটায়।

কিন্তু এটা কথা মন কৰিব লগীয়া যে, বহাগ বিহু উৎসৱটি কোনো কাৰণতে শীত কালত পাতিব পৰা নাযায়।

কিয়নো এই উৎসৱটিৰ লগত সমাজৰ মন মস্তিস্ক, পৰিবেশ, বায়ু পানী, আদিৰ এনে মিলন ঘটে যে, ই কোনো কাৰণতে আন ঋতুত উৎদযাপন কৰা সম্ভৱ নহয়।

৪) পঞ্জিকা উল্লেখিত লোক উৎসৱ

লোক সমাজত এনেকুৱা কিছুমান উৎসৱ পাৰ্বনো উৎদযাপন কৰা হয়, যাৰ সম্পৰ্ক নিৰ্দিষ্ট দিন বাৰ ক্ষণৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত।

উদাহৰণ স্বৰূপে, অসমীয়া সমাজত পালন কৰা শ্ৰীমন্ত শংকৰদেৱৰ জন্মোসৱ তিথিৰ কথাই ধৰিব পাৰি।

এই তিথি যদি কোনো এটা বছৰৰ এটা নিৰ্দিষ্ট তাৰিখ আৰু বাৰ অনুসৰি উৎযাপন কৰা হয়, তাৰ পিছৰ বছৰত সেই একেটা তাৰিখ বা বাৰত সেই তিথি উৎযাপন কৰা নহবও পাৰে।

কিয়নো, জ্যোতিষ গণনাকাৰী সকলে দিন বাৰ গ্ৰহ নক্ষত্ৰ আদিৰ গণনা কৰি উক্ত তিথি পালন কৰিব দিনটো পঞ্জিকাত অন্তৰ্ভুক্ত কৰে।

সেই অনুসৰিয়েই অসমীয়া সমাজে শংকৰদেৱৰ জন্মোসৱ তিথি পালন কৰা দেখা যায়।

ঠিক সেইদৰে, বিভিন্ন স্বনামধন্য পুৰুধা ব্যক্তিসকলৰ জন্মতিথি, মৃত্যুতিথি, বা শ্ৰীকৃষ্ণ জন্মাষ্টমী, লখমীপূজা, দৌলযাত্ৰা, অম্বুবাচী, ঈদ, দুৰ্গাপূজা, আদি পালন কৰোতে সদায় পঞ্জিকাৰ আশ্ৰয় লোৱা হয়।

৫) সমাজ জীৱনৰ লগত জড়িত লোক উৎসৱ

লোক সমাজত এনে কিছুমান উৎসৱো অনুষ্ঠিত কৰা হয়, যাক পালন কৰিবলৈ কোনো নিৰ্দিষ্ট দিন বাৰ ক্ষণ নাথাকে।

কেৱল মাত্ৰ সময় সুবিধা আদি চায়েই সেই সমূহ উৎসৱ পালন কৰা হয়।

যেনে, অসমীয়া সমাজত পালন কৰা নোৱাই তোলনী বিয়াৰ কথাই ক’ব পাৰি।

ছোৱালী পুস্পিতা হোৱাৰ পিছতেই কোনোবা এটা দিনত অসমীয়া সমাজত তোলনী বিয়া অনুষ্ঠিত কৰা হয়।
তোলনী বিয়াৰ দৰেই বৰ বিয়াৰ কথাও ক’ব পাৰি।

সেইদৰে, অসমীয়া সমাজত প্ৰায় প্ৰতিঘৰ লোকেই বিভিন্ন সময়ত বিভিন্ন দিনত নাম গোৱা সকাম, উপনয়ন, ছুড়াকৰণ আদিৰ দৰে উৎসৱ সমূহ পালন কৰা দেখা যায়।

কিছু পৰিমানে পঞ্জিকাৰ আশ্ৰয় ল’লেও এই ধৰণৰ উৎসৱ কেতিয়া পাতিব তাৰ কোনো নিৰ্দিষ্টতা পূৰ্ব নিৰ্ধাৰিত হৈ নাথাকে।

Leave a Comment

error: Content is protected !!