সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

লোকবিশ্বাস আৰু অন্ধবিশ্বাস

লোকবিশ্বাস

লোকবিশ্বাস সম্পৰ্কে ‘অসমৰ লোকবিশ্বাস‘ আৰু ‘অসমীয়া লোকবিশ্বাসত নাপায় আৰু নালাগে‘ নামৰ প্ৰবন্ধ দুটাত কিছু কথা উত্থাপন কৰা হৈছে।

লোকবিশ্বাস বুলি ক‘লেই এখন সমাজৰ বিভিন্ন আচাৰ, আচৰণ, উৎসৱ, অনুষ্ঠান, ধৰ্মীয় ৰীতি নীতি, আদিৰ এক অলিখিত সংবিধান বুলিলে ক‘ব পাৰি।

অসমীয়া লোকবিশ্বাসত নাপায় আৰু নালাগে নামৰ প্ৰবন্ধত উল্লেখ কৰা হৈছে যে, লোকবিশ্বাস সমূহৰ সৃষ্টি একেদিনাই নহয়।

যুগ যুগ ধৰি প্ৰত্যক্ষ কৰা বিভিন্ন ক্ৰিয়া কাণ্ডৰ পৰ্যবেক্ষণৰ ফলাফলৰ ওপৰতহে এই বিশ্বাস সমূহে গঢ় লৈ উঠে।

সমাজ এখন সুচাৰুৰূপে চলি থাকিবলৈ কিছুমান কৰণীয় আৰু আন কিছুমান বৰ্জনীয় কামৰ উপাদান থাকে।

এই কাম বিলাকৰ সত্যতাৰ ওপৰতেই এটা বিশ্বাস প্ৰতিষ্ঠিত হয়।

এই লোকবিশ্বাস সমূহে এটা জাতিৰ সাংস্কৃতিক, ধৰ্মীয়, আদি দিশসমূহৰ ওপৰতো প্ৰভাৱ পেলায়।

লোকবিশ্বাস সমূহৰ সৃষ্টি সম্পৰ্কে পণ্ডিত সকলে বিভিন্ন মতপোষণ কৰা দেখা পোৱা যায়।

কিন্তু লোকবিশ্বাস সৃষ্টিৰ ব্যাখ্যা কৰাটো অতি জটিল বিষয় বুলি সকলোৱেই মতপোষণ কৰে।

কিয়নো লোকবিশ্বাস সমূহ পৰম্পৰা গত ভাৱে একো একোখন সমাজৰ মাজত চলি থাকে।

ড০ বিৰিঞ্চি কুমাৰ বৰুৱাই তেওঁৰ ’অসমৰ লোকসংস্কৃতি‘ নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে, ’মানৱ জাতিয়ে যুগ যুগ ধৰি যি অভিজ্ঞতা লাভ কৰিলে, যি কথা শিকিলে, যি সমূহ বিষয় চৰ্চা কৰিলে – সেই সকলোৰে সঞ্চয় ভাণ্ডাৰ হ‘ল লোকসাহিত্য আৰু লোক-বিশ্বাস‘

সময়ৰ লগে লগে যেনেদৰে মানৱ সমাজৰ পৰিবৰ্তন হয় ঠিক একেদৰেই একো একোটা লোকবিশ্বাসৰ সময়ৰ লগে লগেই জন্মও হয় বা ইয়াৰ মৃত্যুও ঘটিব পাৰে।

লোকবিশ্বাস সমূহক বিভিন্ন ভাগত ভাগ কৰিব পাৰি, যেনে,

ধৰ্ম সম্পৰ্কীয় লোকবিশ্বাস

জীৱ জন্তু সম্পৰ্কীয় লোকবিশ্বাস

চৰাই সম্পৰ্কীয় লোকবিশ্বাস

খাদ্য সম্পৰ্কীয় লোকবিশ্বাস

যাত্ৰা সম্পৰ্কীয় লোকবিশ্বাস

উদ্ভিদ সম্পৰ্কীয় লোকবিশ্বাস

অলৌকিকতা সম্পৰ্কীয় লোকবিশ্বাস

মানুহৰ আচৰণ সম্পৰ্কীয় লোকবিশ্বাস

দিন বাৰ গ্ৰহ নক্ষত্ৰ আদি সম্পৰ্কীয় লোকবিশ্বাস

কৃষি সম্পৰ্কীয় লোকবিশ্বাস

প্ৰকৃতি সম্পৰ্কীয় লোকবিশ্বাস

সপোন সম্পৰ্কীয় লোকবিশ্বাস

মঙ্গল অমঙ্গল সম্পৰ্কীয় লোকবিশ্বাস ইত্যাদি

লোকবিশ্বাস সৃষ্টিৰ কাৰণ

এই লোকবিশ্বাস সমূহ সৃষ্টিৰ কাৰণ সমূহ বিচাৰি চালে কিছুমান সাধাৰণ কথা আমাৰ চকুত পৰে।

মানুহে সমাজ পাতি জীৱন নিৰ্বাহ কৰোতে দৈনন্দিন জীৱন যাত্ৰাত অনেক সমস্যাৰ সন্মুখীন হৈছিল।

এই সমস্যা সমূহৰ পৰা পৰিত্ৰাণ পাবলৈকে তেওঁলোকে কিছুমান বিভিন্ন উপায় অৱলম্বন কৰিব লগা হৈছিল।

এই উপায় সমূহেই হয়তো সয়মৰ লগে লগে একো একোটা বিশ্বাসলৈ ৰূপান্তৰিত হৈছিল।

উদাহৰণ স্বৰূপে, কৃষিৰ বতৰত যেতিয়া খৰাং অৱস্থাৰ সৃষ্টি হয়, তেতিয়া মানুহে ভেকুলি বিয়া পাতি বৰষুণ অনাৰ চেষ্টা কৰিছিল।

অসমীয়া কৃষিভিত্তিক উৎসৱ ভেকুলি বিয়া‘ নামৰ প্ৰবন্ধত এই বিষয়ে বিস্তৃতকৈ বৰ্ণনা কৰা হৈছে।

আকৌ, কিছুমান সমস্যা যুক্তি তৰ্ক বা ক্ৰিয়া-কাণ্ডৰ সহায়ত সমাধান কৰিব নোৱাৰাৰ বাবে সেইবোৰৰ আধাৰত লোক বিশ্বাসৰ সৃষ্টি হৈছিল।

বিভিন্ন প্ৰাকৃতিক বা সামাজিক পৰিঘটনাৰ বাবে সৃষ্টি হোৱা ভয়ৰ বাবেও লোক বিশ্বাসৰ সৃষ্টি হোৱাটোক নুই কৰিব নোৱাৰি।

এখন সমাজ শান্তিপূৰ্ণ আৰু শৃংখলিত ভাৱে চলিবৰ বাবেও কিছুমান লোক বিশ্বাসৰ সৃষ্টি হৈছিল।

কিন্তু এই লোক বিশ্বাস সমূহত কোনো বৈজ্ঞানিক যুক্তি যুক্ততা বিচাৰি পোৱা নাযায়।

কেৱল মাত্ৰ নাপায় নালাগে অমঙ্গল হ‘ব পৰম্পৰা ভংগ হ‘ব আদি বিভিন্ন ধৰণেৰে ভয় দেখুৱাইও সমাজৰ শৃংখলা বজাই ৰাখিবলৈ লোক বিশ্বাস কিছুমান পৰম্পৰাগত ভাৱে যুগ যুগ ধৰি চলি অহা দেখিবলৈ পোৱা যায়।

অন্ধবিশ্বাস

লোক বিশ্বাসৰ লগত অন্ধবিশ্বাস ওতঃপ্ৰোত ভাৱে জড়িত হৈ থকা দেখিবলৈ পোৱা যায়।

অন্ধবিশ্বাস মূলতে লোক বিশ্বাসেই।

ইয়াৰ লগত আচাৰ আচৰণ আৰু মানুহৰ কৰ্ম কাণ্ডও জড়িত হৈ থাকে।

অন্ধ বিশ্বাসত অপাৰ্থিৱতাৰ পৰিৱৰ্তে পাৰ্থিৱতাৰ প্ৰয়োভৰ বেছিকৈ দেখা যায়।

যি সমূহ লোকবিশ্বাস কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈ, কোনো ধৰণৰ বৈজ্ঞানিক যুক্তিযুক্ততা নথকাকৈ বিশ্বাস কৰা হয় সেইবোৰেই অন্ধবিশ্বাস বুলি ক‘ব পাৰি।

লোকবিশ্বাস সমূহক সাধাৰণতে যুক্তিৰ ওপৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব পাৰি।

কিন্তু যিবোৰ লোকবিশ্বাসৰ কোনো ধৰণৰ যুক্তি নাই, মাত্ৰ নিজৰ মতৰ ওপৰতে নিৰ্ভৰশীল সেইবোৰেই অন্ধ বিশ্বাস ।

কিছুমান লোক বিশ্বাস ৰ বৈজ্ঞানিক যুক্তিযুক্ততা অতি কম পৰিমাণে হ‘লেও লক্ষ্য কৰা যায়, কিন্তু য‘ত বিজ্ঞানৰ পৰিমান শূন্য তাতেই অন্ধ বিশ্বাসে গঢ় লৈ উঠা দেখা যায়।

সাধাৰণতে অশিক্ষিত অনগ্ৰসৰ সমাজত অন্ধবিশ্বাসৰ প্ৰাদূৰ্ভাৱ অতি বেছিকৈ দেখা পোৱা যায়।

কিন্তু শিক্ষিত সমাজৰ মাজতো অন্ধ বিশ্বাসৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়।

লোক বিশ্বাস সমূহে সমাজৰ অপকাৰ হ‘ব পৰা কোনো আচৰণ কৰা দেখা নাযায়।

কিন্তু অন্ধ বিশ্বাসে লোক সমাজৰ কোনো ধৰণৰ উপকাৰ কৰা দেখা নাযায়।

অন্ধ বিশ্বাসৰ ফলত সমাজত প্ৰেম মানৱতা আদিৰ লোপ পোৱা দেখা যায়।

যাৰ ফলত এখন সমাজ বিপৰ্যস্ত আৰু অশান্ত হৈ পৰা দেখা যায়।

অন্ধ বিশ্বাসৰ উৎকৃষ্ট নিদৰ্শন হিচাপে অসমত প্ৰচলন হৈ থকা ডাইনী হত্যাৰ কথা বহলাই নকলেও হ‘ব।

অন্ধ বিশ্বাসৰ ফলত যি সমূহ কৰ্ম কাণ্ড সমাজত প্ৰচলন হৈ থাকে সেইবোৰেই কুসংস্কাৰৰ নাম পায়।

এখন সমাজত সাধাৰণতে যিবোৰ কাৰণ অন্ধ বিশ্বাস আৰু কুসংস্কাৰে বিস্তাৰ লাভ কৰে তাৰ কিছুমান কাৰণ আছে।

কোনো বিষয়ৰ প্ৰতি মানুহৰ জ্ঞানৰ অভাৱত অন্ধ বিশ্বাসে ঠাই পাব পাৰে।

শিক্ষাৰ অভাৱে অন্ধ বিশ্বাস প্ৰভাৱিত কৰাত সহায় কৰা দেখা যায়।

নঞাৰ্থক দৃষ্টিভংগীৰ প্ৰভাৱৰ বাবে সমাজত অন্ধ বিশ্বাস আৰু কুসংস্কাৰে জীপ লৈ উঠা দেখা যায়।

সমাজত বাস কৰা এচাম অসাধু ব্যক্তিৰ স্বাৰ্থ সিদ্ধিৰ বাবেও কিছুমান অন্ধ বিশ্বাস বা কুসংস্কাৰে গঢ় লৈ উঠে।

বিজ্ঞানৰ প্ৰতি অজ্ঞানতা বা অনিহাৰ বাবেও অন্ধবিশ্বাস বা কুসংস্কাৰে সমাজত স্থান লাভ কৰা দেখা যায়।


FAQs on লোকবিশ্বাস আৰু অন্ধবিশ্বাস

লোকবিশ্বাস কাক বোলে

লোকবিশ্বাস বুলি ক‘লেই এখন সমাজৰ বিভিন্ন আচাৰ, আচৰণ, উৎসৱ, অনুষ্ঠান, ধৰ্মীয় ৰীতি নীতি, আদিৰ এক অলিখিত সংবিধান বুলিলে ক‘ব পাৰি।

অন্ধবিশ্বাস মানে কি

অন্ধবিশ্বাস মূলতে লোক বিশ্বাসেই। ইয়াৰ লগত আচাৰ আচৰণ আৰু মানুহৰ কৰ্ম কাণ্ডও জড়িত হৈ থাকে।


ইয়াৰ লগতে পঢ়কঃ

2 thoughts on “লোকবিশ্বাস আৰু অন্ধবিশ্বাস”

Leave a Comment

error: Content is protected !!