Home কবিতা স্বপ্ন-ছায়া

স্বপ্ন-ছায়া

by admin
0 comment
satirtha image-10

মৌনতাৰে পখালি লোৱা বৰ্ণিল অথচ স্বপ্নিল

এহালি জুৰ পৰা চকু নিয়ৰ মুকুতাৰ কথাকোৱা

শব্দহীন মনৰ গোন্ধ কপূৰ হৈ উৰে।

কৃষ্ণচূড়া ফুলাৰ দিনত আকাশৰ বেলিটো উতলি

ধেঁাৱা হোৱাৰ পৰত স্বপ্নৰ আঁচল উৰুৱাই

বাখৰ মুকুতা গলি নৈ হৈ বৈছিল।

নৈখনে ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দিছিল।

তেওঁ উভতি অহাৰ কবিতা পঢ়ি মেঘ হৈ নাচিছিল

সেমেকা বতাহত কঁপিছিল মোৰ ওঁঠ, হাত, কণ্ঠ

চকুমেলি চাই দেখিলো সন্মুখত বিষন্নতাৰ স্বৰলিপি।

মই জানিছিলো তুমি আকৌ উলটি আহিবা।

— দৰ্শনা কেওট

 

অজামিল উপাখ্যান
লেখক: শ্ৰীশ্ৰী শঙ্কৰদেৱ

ঘোষা।।

জয় জগন্নাথ অনাথ বন্ধু
মাধৱ মুকুন্দ ৰাম।।

পদ।।

হৰিৰ নামৰ        শুনিয়ো মহিমা
সাৱধান কৰি চিত্ত।
অজামিল নামে        আছিল ব্ৰাহ্মণ
বেশ্যাত ভৈলা পতিত।।
বিপ্ৰৰ ঔৰসে        বেশ্যাৰ গৰ্ভত
দশ পুত্ৰ জাত ভৈল।
আতি দয়াতৰে        কনিষ্ঠ পুত্ৰৰ
নাৰায়ণ নাম থৈল।।
জাতি কুল ক্রিয়া        সমস্তে তেজিল
মিলিল কৰ্ম্ম বিপাক।
যত মহাপাপ        সিজিল সমস্ত
পোষন্তে পুত্ৰ ভাৰ্য্যাক।।
অনেক অধৰ্ম্ম        কৰন্তে বিপ্ৰৰ
আয়ু ভৈল সমাপত।
ভয়ঙ্কৰ তিনি        গোটা যমদূত
আগে ভৈল উপগত।।
হাতে পাশ জৰী        চক্ষু টেৰ কৰি
থূলন্তৰ তাৰ জাঙ্গ।
কৃষ্ণবৰ্ণ কায়        দেখি ধাতু যায়
হাতত লোহাৰ ডাঙ্গ।।
ব্ৰাহ্মণক ধৰি        জীৱ বাজ কৰি
বান্ধিলেক হাত তুলি।
ভয়ে অজামিলে        পুত্ৰক ডাকিল
আইস নাৰায়ণ বুলি।।
মৰন্তে বিপ্ৰৰ        মুখত শুনিয়া
হৰিৰ কীৰ্ত্তন বাণী।
প্ৰভুনাম লৱৈ        বুলি খেদি আইল
বিষ্ণুদূত চাৰি প্ৰাণী।।
যমৰ দূতক        খেদায়া বিপ্ৰৰ
কাটিল বান্ধ হাতৰ।
কোন তোমাসৰ        বুলিয়া সোধয়
ডৰিয়া যম কিঙ্কৰ।।
সৱাৰো সুন্দৰ        শ্যাম কলেৱৰ
পীত বস্ত্ৰে আতি ৰঞ্জৈ।
চাৰিৰো        প্ৰসন্ন বদন মণ্ডলে
পূৰ্ণ চন্দ্ৰমাকো গঞ্জৈ।।
পদ্মপত্ৰ সম        আয়ত লোচন
ভ্ৰূৱযুগে কৰৈ কান্তি।
নাসা তিলফুল        অধৰ ৰাতুল
দশন মুকুতা পান্তি।।
শিৰত ৰত্নৰ        কিৰীটি কৰ্ণত
মকৰ কুণ্ডল জ্বলে।
চাৰিৰো আজানু        লম্বিত পদ্মৰ
মালা শোভা কৰৈ গলে।।
হিয়াত বিচিত্ৰ        ৰত্ন বিৰচিত
গজমুকুতাৰ হাৰ।
চাৰু চতুৰ্ভুজ        কেয়ূৰ কঙ্কণে
কৰৈ আতি জাতিষ্কাৰ।।
শঙ্খ চক্র গদা        পদ্ম শাঙ্গ ধনু
সৱে ধৰি আছা হাতে।
ৰত্নৰ মেখলা        কৰটিমাজে জ্বলৈ
সোণাৰ কিঙ্কিণী তাতে।।
কৰিকৰ সম        উৰু নিৰুপম
পাৱ নৱ পদ্মকোষ।
সমান বয়স        চাৰিৰো দেখস্তে
মনত মিলৈ সন্তোষ।।
সূৰ্য্য সম সৱে        জ্বলন্তে আছাহা
সমস্ত দিশ প্ৰকাশি।
মহাপাপী ইটো        বিপ্ৰক নেহন্তে
কিসক বাধিলা আসি।।
হেন শুনি হাসি        চাৰি বিষ্ণুদূতে
দিলন্ত পাছে উত্তৰ।
কোন পাপ পুণ্য        একো নজানস
শুনৰে যম কিঙ্কৰ।।
মৰিবাৰ বেলা        ইটো অজামিলে
নাৰায়ণ নাম লৈল।
কোটি জনমৰ        যত মহাপাপ
তাৰো প্ৰায়শ্চিত্ত ভৈল।।
ব্ৰহ্মবধ পিতৃ        বধ সুৰাপান
অগম্যাগমন কৰৈ।
গৰু তিৰী মাৰৈ        সুৱৰ্ণক হৰৈ
মিত্ৰৰ দ্ৰোহ আচৰৈ।।
সংসাৰত যত        আনো অসংখ্যাত
আছৈ মহা পাপীগণ।
সৱাৰো এহিসে        মুখ্য প্ৰায়শ্চিত্ত
হৰিৰ নাম কীৰ্ত্তন।।
মাধৱৰো মতি        হোৱৈ তাক প্ৰতি
যি ফুৰৈ নাম সুমৰি।
ইটো মোৰ দাস        নছাৰন্ত পাশ
ৰাখিয়া ফুৰন্ত হৰি।।

ঘোষা।।

তাৰিয়া নিয়োক        নাথ নাৰায়ণ
চৰণে শৰণ লৈলো।।

পদ।।

হৰিৰ কীৰ্ত্তনে        মহা পাতকক
যিমতে কৰৈ নিৰ্য্যাণ।
আন প্ৰায়শ্চিত্তে        পৱিত্ৰ কৰিবে
নৱাৰৈ তাৰ সমান।।
যিটো পাতকৰ        প্ৰায়শ্চিত্ত কৰৈ
দুনাই তাতে মন মজৈ।
চিত্তৰ শোধন        হৰিৰ কীৰ্ত্তন
পাপৰ আলু উভঞ্জৈ।।
পুত্ৰ নাম ধৰি        উপহাস্য কৰি
হেলাতো যি বোলৈ হৰি।
তাহাৰো সমস্ত        পাতক দহৱৈ
জানা আক নিষ্ঠ কৰি।।
পৰৈ বা পিছলৈ        সৰ্পে বা দংশৱৈ
জ্বৰে তাপে পীড়া কৰৈ।
এতেকতে যদি        হৰি নাম লৱৈ
যম যাতনাক তৰৈ।।
হৰিনামে সৱ        পাতক দহৱৈ
জ্ঞানে বা অজ্ঞানে বোলৈ।
যেন হুতাশনে        শুখান কাষ্ঠক
আতি অপ্ৰয়াসে পোলৈ।।
প্ৰমাদত থাকি        যিটো হৰি বোলৈ
সিও সৱ দুখ তৰৈ।
যেন মহৌষধি        নজানি ভুঞ্জিলে
তাৰো গৰ্ভৰোগ হৰৈ।।
প্ৰভুৰ নামৰ        অনন্ত মহিমা
কতেক কহিবো আমি।
হেন হৰিনাম        লৈলেও বান্ধস
কিনো তোৰা অধোগামী।।
ব্ৰাহ্মণক এৰি        প্ৰাণ ৰক্ষা কৰি
সত্বৰে ঐৰ অন্তৰ।
শুনি দূতচয়        হুয়া মহাভয়
পশিলা যম নগৰ।।
নাৰায়ণ নাম        বুলিবাৰ ফলে
নিস্তাৰিল অজামিল।
বিষ্ণুক চিন্তিয়া        চতুৰ্ভুজ ৰূপে
বৈকুণ্ঠত আৰোহিল।।
পাছে দূতগণে        যমৰ আগত
দুখ সাক্ষী দেয় কান্দি।
কৈৰ চাৰি সিদ্ধে        কাঢ়িয়া নিলেক
পাপীক আনন্তে বান্ধি।।
সিটো অজামিলে        বুলিলেক মাত্ৰ
আইস পুত্ৰ নাৰায়ণ।
এতেকতে আসি        কাঢ়িয়া লৈলেক
তযু আজ্ঞা কৰি ছন্ন।।
আমাসাৰ পৰা        কাড়িয়া নিবেক
কৈত অধিকাৰী আছে।
হেন শুনি যমে        বিষ্ণুক স্মৰিয়া
দূতক মাতিলা পাচে।।
শুনা দূতগণ        প্ৰভু নাৰায়ণ
আছন্ত জগত স্বামী।
তাহান আজ্ঞাক        শিৰত ধৰিয়া
প্ৰজাক নিয়মো আমি।।
তানে দূতচয়        সদায়ে ভ্ৰময়
বৈষ্ণৱক ৰক্ষা কৰি।
মাধৱৰ বেশ        ভূষণে ভূষিত
হাতে চাৰি অস্ত্ৰ ধৰি।।
দেৱ ঋষি নৰ        সিদ্ধ বিদ্যাধৰ
গন্ধৰ্ব্ব চাৰণগণে।
হৰিৰ নামৰ        গোপ্য মহিমাক
তেসম্বো কেহো নজানে।।
ব্ৰহ্মা মনু হৰ        কপিল কুমাৰ
শুক ভীষ্ম বলিৰায়।
প্ৰহ্লাদ নাৰদ        জনক আমিসি
বাঢ়জন সমুদায়।।
পৰম গুপুত        হৰিনাম ধৰ্ম্ম
জানি আছো শুদ্ধভাৱে।
যাক আচৰিলে        ঠাৱতে বসিয়া
দুৰ্ল্লভ মুকুতি পাৱে।।
হৰিত ভকতি        কৱৈ সৰ্ব্বদায়
কৰিয়া কীৰ্ত্তন কৰ্ম্ম।
মনুষ্য লোকৰ        এহিমানে মাত্ৰ
পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম্ম।।
হৰিনাম ধৰ্ম্ম        স্মৰণ মহিমা
দেখিয়ো দূত সম্প্ৰতি।
পাপী অজামিলে        নাৰায়ণ বুলি
পাইলেক পৰম গতি ।।
হেন বিমৰিষি        যিটো জ্ঞানীসবে
ফুৰৈ হৰিনাম গাই।
কুল উদ্ধাৰিল        আপোন তৰিল
এৰাইল আহ্মাৰ দায়।।

পৰৱৰ্তী অ‍ংশ

সম্পৰ্কীয় লেখা

Leave a Comment

* By using this form you agree with the storage and handling of your data by this website.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept