সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

মাধৱদেৱৰ জন্মস্থান (2nd Part)

মাধৱদেৱৰ জন্মস্থান

Read 1st Part

শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থানৰ ইতিবৃত্ত

মাধৱদেৱৰ জন্মস্থান ওলোৱাৰ বাতৰি

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান ওলোৱাৰ বাতৰি পাই যোৰহাটৰ বাগ্মীবৰ স্বগীয় নীলমণি ফুকনদেৱ এইখিনি পায়হি। তেখেতৰ গুৰুৰ জন্মস্থানখনি দেখি শুনি আনন্দ প্ৰকাশ কৰে আৰু ইয়াৰ উন্নয়নৰ কাৰণে চিন্তা কৰে।

সেই উপলক্ষে ২/৫/৫৪ তাৰিখে তেখেতৰ সভাপতিত্বত এখন সভা বহে। এই সভাত নাৰায়ণপুৰ, ধলপুৰ, লক্ষীমপুৰ, বিহপুৰীয়া মৌজাৰ বহুলোকৰ উপস্থিত হৈছিল। শ্ৰী নিত্যানন্দ ভট্টাচাৰ্য এম এ দেৱৰ উদ্বোধনী ভাষণ দিয়ে।

সভাপতি ফুকনদেৱৰ ভাষণত সকলো দিশ চালিজাৰি চোৱাৰ কথা উল্লেখ কৰে আৰু এইখনেই জন্মস্থান হ’ব লাগে বুলি যুক্তি দাঙি ধৰে। তেতিয়াৰ লক্ষীমপুৰৰ বিধায়ক স্বগীয় হেমচন্দ্ৰ হাজৰিকাই জন্মস্থানখন উজ্বলি নুঠাত দুখ প্ৰকাশ কৰে। 

এই সভাত ক্ৰমে স্বগীয় নীলমণি ফুকনদেৱক সভাপতি আৰু শশীচন্দ্ৰ বৰবৰুৱাক [যোৰহাট], স্বগীয় হেমচন্দ্ৰ হাজৰিকা [লক্ষীমপুৰ], শ্ৰী মহানন্দ বৰা, স্বগীয় হৰগোবিন্দ শৰ্মা [তেজপুৰ], স্বগীয় গহন চন্দ্ৰ গোস্বামী [নিকামূল সত্ৰাধিকাৰ, তেজপুৰ], স্বগীয় কেশৱানন্দ বৈষ্ণৱ, স্বগীয় ডিম্বেশ্বৰ নেওগ [কাচিকটা], স্বগীয় যোগেন শইকীয়া [যোৰহাট], স্বগীয় যোগেশ্বৰ বৰুৱা [বিহপুৰীয়া], স্বগীয় দীনাৰাম বৰুৱা, স্বগীয় কিনাৰাম হাজৰিকা [নাৰায়ণপুৰ], স্বগীয় দুতিৰাম ভূঞা [পানবাৰী] আৰু স্বৰ্গীয় খগেন্দ্ৰ নাথ দত্ত [চৌদ্ধপুনীয়া]ক লৈ মুঠ ১৬ জন সদস্যৰে এখন অনুসন্ধান আৰু নিৰ্মাণ সমিতি গঠন কৰা হয়।

সভাত ইয়াৰ উপৰি কেইবাটাও স্থানীয় উন্নয়নমূলক প্ৰস্তাৱ গৃহীত হয় আন এটা প্ৰস্তাৱৰ যোগে শ্ৰীমাধৱদেৱ জন্মস্থান নিৰ্ণয়ৰ ক্ষেত্ৰত চৰকাৰক আশু কাৰ্য ব্যৱস্থা ল’বৰ বাবে অনুৰোধ কৰা হয়।

অৱশ্যে সভাত উপস্থিত থকা সৰ্বাধিক লোকেই এইখনেই জন্মস্থান বুলি দৃঢ়তাৰে মন্তব্য প্ৰকাশ কৰিছিল। ১৯/৪/৫৫ তাৰিখে শ্ৰী ভোগেশ্বৰ ভাগৱতীৰ সভাপতিত্বত বহা সভাত নাৰায়ণপুৰৰ স্বগীয় দুতি ভূঞাই কয় এইখন মাধৱদেৱৰ জন্মস্থান নোহোৱাৰ কোনো যুক্তি থাকিবই নোৱাৰে।

তেওঁ কয় মানৰ আক্ৰমণত আমাৰ বংশৰ মানুহবিলাক স্থানান্তৰ হ’ব লগা হয়। স্বগীয় ভূঞাই নিজক বৰভেটিয়া উজীৰ বংশৰ বুলি পৰিচয় দিয়ে। অন্য এটা প্ৰস্তাৱৰ দ্বাৰা জন্মস্থানখনিৰ শেষ নিৰ্ণয় নোহোৱাত দুখ প্ৰকাশ কৰা হয় আৰু এই বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় যে যিসকলে লেটেকুপুখুৰী পাৰত স্থাপিত জন্মস্থানকে জন্মস্থানৰূপে বিশ্বাস কৰি আহিছে, তেখেতসকলে দান-বৰঙণি আগবঢ়াই স্থায়ীকৰণৰ ব্যৱস্থা কৰা হওক।

মণিকূট নিৰ্মাণ

সেই উদ্দেশ্যে মণিকূট নিৰ্মাণৰ বাবে প্ৰথমতে ১,০০০.০০ টকাৰ [একহাজাৰ] আঁচনি লোৱা হয়।

২৯/১/৫৬ তাৰিখে স্বগীয় নীলমণি ফুকনদেৱৰ সভাপতিত্বত বহা দিনৰ দুই বজাত প্ৰতিনিধিমূলক সভাই জন্মস্থান সম্পৰ্কে আলোচনা কৰে। কিন্তু স্বগীয় শশীচন্দ্ৰ বৰবৰুৱাৰ আপত্তিক্ৰমে গত 2/৫/৫৪ তাৰিখৰ প্ৰস্তাৱকে বাহাল ৰাখি, সমিতিৰ সদস্যসকললৈ জন্মস্থান সম্পকীয় মন্তব্য বিচাৰি লিখিবৰ কাৰণে সম্পাদকৰ ওপৰত ভাৰ দিয়া হয় আৰু এখন প্ৰচাৰ পত্ৰৰ দ্বাৰা এই জন্মস্থান সম্পৰ্কে বিৰুদ্ধ মতামত থাকিলে এমাহৰ ভিতৰত জনাবৰ বাবে সদৌ লক্ষীমপুৰৰ ৰাইজলৈ গোহাৰি জনাই, সংগৃহীত মতামত মাহৰ অন্তত দাখিল কৰিবৰ বাবে সম্পাদকৰ ওপৰত দায়িত্ব অৰ্পণ কৰা হয়।

এই সভাতে চৰকাৰৰ পৰা পোৱা ৬০০০.০০ টকাৰে মণিকূট গৃহনিৰ্মাণ কৰিবৰ বাবে যোৰহাটৰ এজন পাঞ্জাৱী মিস্ত্ৰীক দিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়।

সভাত গোহাৰিযোগে সপক্ষে আৰু বিপক্ষে মতামত বিচাৰি প্ৰচাৰ কৰা সিদ্ধান্ত লয়। কিন্তু উত্তৰ লক্ষীমপুৰৰ স্বগীয় ৰোহিতেশ্বৰ শইকীয়াদেৱে এখন চিঠিৰ দ্বাৰা জনালে, তেখেতে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোতেই লক্ষীমপুৰৰ লেটেকুপুখুৰীৰ পাৰত মাধৱদেৱৰ জন্মস্থান বুলি কোৱা মনত আছে।

বুৰঞ্জীবিদ স্বগীয় বেণুধৰ শৰ্মাদেৱে জনালে, পুৰণি চৰিত পুথিসমূহৰ ক’তো মেপ বা চিত্ৰ আঁকি থৈ যোৱা নাই। সেয়েহে পুৰণি স্মৃতিচিহ্ন, কিংবদন্তি আৰু জনশ্ৰুতিৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰিব লাগিব। তাৰ বাহিৰে কোনো বিৰুদ্ধ মতামত প্ৰকাশ কৰি লিখা চিঠি পোৱা নহ’ল।

তথাপি সৰ্বসন্মত মত সাপেক্ষে নিৰ্ণয় কৰিবৰ উদ্দেশ্যে ৭/২/৫৭ তাৰিখে তেতিয়াৰ অস্থায়ী ৰভা নামঘৰৰ তলতে গড়মূৰীয়া সত্ৰাধিকাৰ প্ৰয়াত পীতাম্বৰদেৱ গোস্বামীৰ সভাপতিত্বত লক্ষীমপুৰ জিলাৰ উপৰি অসমৰ অন্যান্য জিলাৰ ধৰ্মপ্ৰাণ লোকৰ বিৰাট সমাবেশত এখন ৰাজহুৱা সভা বহে।

বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত তেতিয়াৰ অসম বিধান সভাৰ অধ্যক্ষ স্বগীয় কুলধৰ চলিহা, মাজুলীৰ বিধায়ক শ্ৰী কাৰ্ক চন্দ্ৰ দলে, শিৱসাগৰৰ স্বগীয় আনন্দ বেজবৰুৱা, তেজপুৰৰ বিধায়ক গহন চন্দ্ৰ গোস্বামী, লক্ষীমপুৰৰ স্বগীয় সৰ্বেশ্বৰ বৰুৱা, স্বগীয় হেমচন্দ্ৰ হাজৰিকা, শ্ৰী মহানন্দ বৰা, স্বগীয় গোবিন্দ বৰা, স্বগীয় যোগেন শইকীয়া আদি উপস্থিত আছিল। স্বগীয় চলিহাদেৱে সভা উদ্বোধন কৰে। উপস্থিত সমজুৱা ফালৰ পৰা কেইবাজনো সদস্যই ভাষণ দিয়ে।

সভাপতিৰ ভাষণত সত্ৰাধিকাৰ প্ৰভূৱে গুৰুজনাৰ এই পবিত্ৰ ভূমিখণ্ডক জন্মস্থান বুলি স্বীকৃতি দিবৰ বাবে সদৌ অসমবাসীলৈ আহ্বান জনায়। তেখেতে অন্যান্য জাতিৰ জাতীয় স্মৃতি সংৰক্ষণৰ কথাও উল্লেখ কৰি কয়। এই বিৰাট ৰাজহুৱা সভাত সৰ্বসন্মতিক্ৰমে তলৰ প্ৰস্তাৱকেইটা গৃহীত হয়।

                ১৷ মহাপুৰুষ শ্ৰীমাধৱদেৱৰ জন্মস্থানক লৈ যি মতানৈক্য চলি আছে অসমীয়া জাতিৰ কাৰণে ই অতি দুখৰ বিষয়। আজিৰ সভাই বৰ্তমান লেটেকুপুখুৰী পাৰত স্থাপিত আৰু উত্তৰ কমলাবাৰী সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালনা জন্মস্থানখনিকে সৰ্বসন্মত অনুসৰি প্ৰকৃত জন্মস্থান বুলি স্থিৰ কৰে। বিপুল হৰ্ষধ্বনিৰে প্ৰস্তাৱ গৃহীত হয়।

                ২৷ দ্বিতীয় প্ৰস্তাৱৰ দ্বাৰা ৰঙাজান শিলডুবিৰ পাৰত স্থাপন কৰিব খোজা ঠাইখনিৰ পবিত্ৰতা মানি তাত মহাপুৰুষ মাধৱদেৱৰ এটি স্মৃতি মন্দিৰ স্থাপন কৰিবলৈ আজিৰ সভাই সিদ্ধান্ত কৰে। প্ৰকাশ থাকে যে এই জন্মস্থান নিৰ্মাণ সমিতিৰ ওপৰতে উক্ত স্মৃতি মন্দিৰ নিৰ্মাণৰ ভাৰো অৰ্পণ কৰা হওক।

চতুৰ্থ প্ৰস্তাৱৰ দ্বাৰা ৪/১০/৫৬ তাৰিখে সাৰজান নামঘৰত স্বগীয় তীৰ্থনাথ গোস্বামীৰ সভাপতিত্বত বহা সভাত গৃহীত হোৱা ২ নং প্ৰস্তাৱৰ বিৰোধিতা কৰি আজিৰ সভাই তীব্ৰ প্ৰতিবাদ জনায় আৰু মাধৱদেৱৰ জন্মস্থান সম্পৰ্কে চৰকাৰী-বেচৰকাৰী সাহায্য দানৰ বিৰুদ্ধে লোৱা যুক্তিহীন আৰু অমূলক প্ৰস্তাৱৰ তীব্ৰ নিন্দা কৰি জন্মস্থান নিৰ্মাণত বাধা নজন্মাবৰ বাবে, চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা হয়।

বাতৰি কাকত আদিত শ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীক শেষ নিৰ্ণয় কৰি ঘোষণা কৰাৰ পিছত শংকৰ সংঘই ১৯৫৮ চনৰ ডিচেম্বৰ মাহত পুনৰ স্বগীয় কেশৱানন্দই পতা থানকে জন্মস্থান বুলি ঘোষণা কৰাত ২০/৪/৫৮কতাৰিখে শ্ৰী খগেন্দ্ৰ নাথ দত্তৰ সভাপতিত্বত জন্মস্থানত বহা প্ৰতিনিধিমূলক ৰাজহুৱা সভাই সংঘৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি প্ৰতিবাদ জনায় আৰু বাতৰি কাকততো প্ৰতিবাদৰ ধ্বনি উঠে।

৩০/১১/৬৭ তাৰিখে বহা জন্মস্থান নিৰ্মাণ সমিতিৰ বৈঠকে নামঘৰৰ আধাৰশিলা স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু শ্ৰী মোহন হাজৰিকা, শ্ৰী নন্দেশ্বৰ শইকীয়াক আৱশ্যকীয় শিল-বালি, লোহা ধাৰত আনিবৰ কাৰণে ভাৰ দিয়ে।

লগতে জন্মস্থানৰ শ্ৰী ডিম্ব শইকীয়া আৰু শ্ৰী মাণিক শইকীয়াক যুটীয়াভাৱে নিৰ্মাণৰ কাম কৰিবৰ বাবে ৩৫০০.০০ টকাত টিংপাত লগোৱা পৰ্যন্ত কামৰ বাবে দিবলৈ সিদ্ধান্ত লোৱা হয়।

ইং ১৪/১২/৬৭ তাৰিখে পুৱা আঠ বজাত অসম সাহিত্য সভাৰ সভাপতি তেতিয়াৰ যোৰহাটৰ বিধায়ক প্ৰয়াত বাগ্মীবৰ নীলমণি ফুকনদেৱে বিপুল হৰ্ষধ্বনি মংগলবাদ্য আৰু জয়ধ্বনিৰ মাজত মহাপুৰুষ শ্ৰীমাধৱদেৱৰ বৰ্তমান নিৰ্মিত নামঘৰৰ আধাৰশিলা স্থাপন কৰে।

এই উদ্দেশ্যে বিয়লি বহা ৰাজহুৱা সভাত ভাষণ দি তেখেতে কয় যে চাকিটোতকৈ জোৰ তাৰ আৰু তৰাতকৈ জোনৰ পোহৰ বেছি ডাঙৰ, আৰি এটাৰ পোহৰো কম। চন্দ্ৰ-সূৰ্যৰ পোহৰৰ আগত তুলনা কৰি জন্মস্থানৰ পোহৰ কেনেকৈ সমগ্ৰ অসমতে সম্প্ৰসাৰিত হৈছে, বুজাই কয়।

জন্মস্থানৰ চৰকাৰীভাৱে পোৱা স্বগীয় হৰগোবিন্দ শৰ্মাৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি আধাৰশিলা স্থাপনৰ লগে লগেই শদিয়াৰ পৰা ধুবুৰীলৈকে কেনেকৈ ব্যাপক প্ৰচাৰ কৰিব পৰা হয় পৰামৰ্শ আগবঢ়ায়। এই কথা প্ৰকাশ নকৰি নোৱাৰি যে এই পবিত্ৰ আৰু মহৎ অনুষ্ঠানটোৰ বাবে ১৯৬৭ চনৰ পৰা ১৯৮০ চনলৈকে ‘জনপ্ৰিয়’ কংগ্ৰেছ চৰকাৰৰ পৰা কোনো উল্লেখযোগ্য সহানুভূতিসুচক আৰ্থিক অনুদান পোৱা নাই।

১৯৭৯/৮০ ত স্বগীয় বিজয় শৰ্মা ৰাজহ মন্ত্ৰী থাকোতে অসম লটাৰীৰ পৰা স্মৃতি গ্ৰন্থাগাৰৰ বাবে ৫,০০০.০০ টকা দিয়া হৈছিল যদিও ৰঙাজান থান সমিতিৰ কোনোৱে জাল ঠিকনা দি টকাটো আনে আৰু যথাসময়ত উপযোগিতাৰ প্ৰমাণ পত্ৰ দিবলৈ সম্পাদক, সভাপতি বিচাৰি নাপায় আমাৰ পৰাহে পুনৰ ২০০০.০০ টকা চেক দি প্ৰমাণ পত্ৰ নিব লগাত পৰে।

৬/১০/৬৮ তাৰিখে জন্মস্থানত শ্ৰীমাধৱদেৱ স্মৃতিগ্ৰন্থাগাৰ নামে এটি পুথিভঁৰাল পতাৰ কাম হাতত লোৱা হয়। শ্ৰীমণি বৰাক সভাপতি আৰু শ্ৰীলক্ষী নেওগক সম্পাদক হিচাপে নিয়োগ কৰা হয়। কলা-কৃষ্টি চৰ্চা কৰিবৰ বাবে ১৯৬০ চনতে শ্ৰীমাধৱদেৱ কৃষ্টি সংঘ নামেৰে এটি অনুষ্ঠান জন্ম দিয়া হয়। কৃষ্টি সংঘই প্ৰতিবছৰে ৰাসোৎসৱ আৰু ৰাস অভিনয় কৰি আহিছে।

চৰকাৰৰ লগত টকা-পইচাৰ ক্ষেত্ৰত আদান-প্ৰদান কৰাৰ সুবিধাৰ বাবে অনুষ্ঠানটি পৃথকে পঞ্জীয়ন কৰা হৈছে। ১৯৮৭ চনত এই অনুষ্ঠানে ২ লাখ টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰেক্ষাগৃহাদি নিৰ্মাণ কৰিবলৈ মঞ্জুৰী পাইছে। তাৰ দ্ৰুতগতিত নিৰ্মাণৰ কাম কৰি আছে। ইয়াৰ সভাপতি শ্ৰী লক্ষী নেওগ আৰু সম্পাদক শ্ৰী খগেন হাজৰিকাই বৰ্তমান দায়িত্ব লৈ কাম চলাই আহিছে।

শংকৰী কলা-কৃষ্টি

কলা-কৃষ্টিৰ বিশেষকৈ শংকৰী কলা-কৃষ্টিৰ শিক্ষাৰ বাবে লেটেকুপুখুৰী শংকৰী সংগীত বিদ্যালয় নামে এটি অনুষ্ঠান ১৯৮২ চনত স্থাপিত হয়। এই অনুষ্ঠানৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে।

জন্মস্থানৰ মূল বস্তু নামঘৰৰ মণিকূটৰ উপৰি এই পবিত্ৰ ভূমিখণ্ডক এখন তীৰ্থস্থান আৰু জ্ঞান ভক্তি কলা-কৃষ্টি গৱেষণা কেন্দ্ৰত পৰিণত কৰিবৰ উদ্দেশ্যে নিৰ্মাণ সমিতিকে ক্ৰমে নামঘৰ মণিকূট, গুৰুগৃহ [উজীৰৰ ভেটিৰ ওচৰত স্মৃতি মন্দিৰ] অতিথি ভৱন, শ্ৰীমন্ত শংকৰদেৱ কলা ভৱন [অদূৰ ভৱিষ্যতে গৱেষণা কেন্দ্ৰ হ’ব] পৰিচালকৰ আবাস, লেতেকুপুখুৰী শংকৰী সংগীত বিদ্যালয়, শ্ৰীমাধৱদেৱ স্মৃতি গ্ৰন্থাগাৰ, বাটচ’ৰা তোৰণ, স্থায়ীবেৰা, শৌচ-প্ৰস্ৰাৱগাৰ আদিৰ স্থায়ী নিৰ্মাণৰ পৰিকল্পনা লোৱা আছে।

পৰৱৰ্তী অংশ

Leave a Comment

error: Content is protected !!