অসমীয়া নাৰীৰ সাজপাৰ চাদৰ
লজ্জা নিবাৰণৰ বাবে বস্ত্ৰ
সভ্যতাৰ বাটত খোজ দিয়াৰ পৰাই মানুহে লজ্জা নিবাৰণৰ বাবে বস্ত্ৰৰ ব্যৱহাৰ কৰিছিল। লাহে লাহে বিভিন্ন কৌশল অৱলম্বন কৰি নতুন ধৰণেৰে সাজপাৰ ব্যৱহাৰ কৰিবলৈ শিকিলে।
জলবায়ু ভেদে বস্ত্ৰ
জলবায়ু ভেদে নিজৰ দেহক ৰক্ষা কৰিবলৈও বিভিন্ন ধৰণৰ সাজপাৰ প্ৰস্তুত কৰি সেয়া পৰিধান কৰিবলৈ ল’লে। সময় বাগৰাৰ লগে লগে সাজপাৰ মানুহৰ জীৱনৰ এক প্ৰধান অংগ হৈ পৰিল।
জলবায়ুৰ বৈচিত্ৰতাৰ বাবেই অসমতো বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন সাজপাৰ পৰিধান কৰা হয়। একেদৰেই বিভিন্ন সামাজিক পৰিস্থিতিতো বিভিন্ন ধৰণৰ সাজপাৰে প্ৰভাৱ পেলোৱা দেখা যায়।
সাজপাৰ তথা ইয়াৰ পৰিধান কৰা নীতি-নিয়ম তথা বিধি অনুসৰি বয়স, লিঙ্গ, বিবাহিত, অবিবাহিত আদিৰো অনুমান কৰিব পাৰি। সাজপাৰে ধনী-দুখীয়া, ধৰ্ম-বৰ্ণ, আদি প্ৰভেদৰো স্পষ্টতা দাঙি ধৰে।
সাজপাৰৰ জৰিয়তেই এটা জাতিৰ সৌন্দৰ্যপ্ৰিয়তা, শ্লীলতা, আৰ্থিক অৱস্থা তথা শিল্পীসুলভ প্ৰতিভাৰ বিষয়ে অনুমান কৰিব পাৰি।
অসমত সাজপাৰৰ প্ৰচলন
অতি পুৰণি কালত অসমত কি কি সাজপাৰৰ প্ৰচলন আছিল তাৰ বিৱৰণ সম্পূৰ্ণকৈ পোৱা নাযায়।
কালিকা পুৰাণ, যোগিনীতন্ত্ৰ, হৰ্ষ চৰিত আদি পুথিৰ মাধ্যমেৰেহে অসমীয়া পুৰণি সাজপাৰৰ বিষয়ে কিছু সম্যক আভাষ পাব পাৰি। প্ৰাচীন মূৰ্তি সমূহৰ পৰাও পুৰণি অসমীয়া সাজপাৰৰ এটি ধাৰণা পাব পৰা যায়।
অসমীয়া নাৰীৰ সাজ
পুৰণি দিনৰ পৰাই অসমীয়া নাৰীৰ সাজপাৰ ৰুচি সন্মত আৰু দেখাত অতি মনোৰম। অতীততে অসমীয়া নাৰীয়ে শাৰী পৰিধান কৰিছিল বুলি বৈষ্ণৱ তথা প্ৰাক বৈষ্ণৱ যুগৰ কবি সকলৰ ৰচনা সমূহত উল্লেখ আছে।
অসমীয়া নাৰীয়ে পৰিধান কৰা ৰিহা-মেখেলাৰ ৰিহাখন উক্ত ‘শাৰী’ৰে এটি সংস্কৰণ বুলি ভাৱিবৰ থল আছে।
ৰিহাৰ লগত পৰিধান কৰা মেখেলাখনক অতীততে কটিবস্ত্ৰ বুলি বুজোৱা হৈছিল। এই ৰিহা-মেখেলা সাজটি কোনো কোনো পণ্ডিতে তিব্বত বৰ্মী আহোম সকলৰ কৰা অহা বুলি মত পোষণ কৰে।
অসমৰ লোক সংস্কৃতি
ৰিহা-মেখেলা পৰিধানৰ বিষয়ে ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘অসমৰ লোক সংস্কৃতি’ নামৰ গ্ৰন্থত বিস্তৃত বিৱৰণ দিয়া আছে – “উচ্চ শ্ৰেণীৰ তিৰোতাই ভৰিৰ সৰু গাঁঠীলৈকে পেলাই সমুখৰ পিনে দুটামান দীঘল ভাঁজ ৰখাই মেখেলা পিন্ধে। বুকুৰ পৰা কঁকাল – তপিনা লৈকে ঘূৰাই ঘূৰাই ৰিহা লয়। ৰিহাই কাঁচলি বা স্তন পট্টৰো কাম কৰে আৰু ৰিহা লোৱাৰ এই ভঙ্গিমাই পিঠি সম্পূৰ্ণভাৱে আচ্ছাদিত কৰে। পিছপিনে ৰিহাৰ একাংশই মেখেলাৰ ওপৰত তপিনা টানি ঢাকি ধৰাৰ হেতু বতাহত মেখেলাই ঢৌ খেলিব নোৱাৰে; তদুপৰি, এই প্ৰথাই আধুনিক কৰ্চেটৰ দৰে লাহী কঁকাল আৰু তপিনাৰ বতুল ৰেখা সুস্পষ্ট কৰে।”
ৰিহা
অতীতৰে পৰা অসমীয়া তিৰোতাই কেইবা প্ৰকাৰৰ ৰিহা পৰিধান কৰাৰ কথা পোৱা যায়। তাৰ ভিতৰত, দৰি অলীয়া ৰিহা, গঁৰিয়লী ৰিহা, গুণা কটা ৰিহা, কেছ বছা ৰিহা, আঁচু অলীয়া ৰিহা, বৰৈ লগা ৰিহা, আঁচলে পাৰি দিয়া ৰিহা ইত্যাদি।
চাদৰ
চাদৰ হ’ল অতীততে ৰিহাৰ ওপৰত মেৰিয়াই লোৱা এখনি বস্ত্ৰ; যাৰ ব্যৱহাৰ পৰৱৰ্তী কালত অতি ব্যাপক।
চাদৰ সাধাৰণতে বিভিন্ন উৎসৱ-পাৰ্বন, বিয়া সবাহ আদিত ৰিহাৰ ওপৰত লোৱা হৈছিল। চাদৰ হ’ল নাৰী দেহৰ সৰ্বাঙ্গ আচ্ছাদনৰ এখন বস্ত্ৰ।
‘অসমৰ লোক-সংস্কৃতি’ত উল্লেখ থকা মতে, ‘নাৰীদেহৰ কোনো অঙ্গই যাতে লোক দৃষ্টিৰ গোচৰীভূত নহয়, সেই ভাৱৰ পৰাই অসমীয়া তিৰোতাই চাদৰ – চেলেং ব্যৱহাৰ কৰে। পৰবৰ্তী সময়ত ৰিহা অবিহনেও চাদৰ লোৱাৰ প্ৰথা আৰম্ভ হ’ল।
চাদৰ-মেখেলা
চাদৰ হৈছে অসমীয়া তিৰোতাই পৰিধান কৰা ‘চাদৰ-মেখেলা’ৰ এটি অংগ। চাদৰৰ অবিহনে মেখেলা বা মেখেলাৰ অবিহনে চাদৰ – অসমীয়া তিৰোতা সমাজত সাধাৰণতে নচলে। দুয়োৰে অংগাগী সম্বন্ধ।
নাৰীৰ গাম্ভীৰ্য, সৌন্দৰ্য, ৰুচিবোধত চাদৰ
চাদৰ খনেৰে শৰীৰৰ ওপৰৰ ভাগ আৰু মেখেলা খনেৰে শৰীৰৰ তলৰ অংশ আচ্ছাদিত কৰি ৰখা হয়। চাদৰ মেখেলাই অসমীয়া নাৰীৰ গাম্ভীৰ্য, সৌন্দৰ্য, ৰুচিবোধৰ পৰিচয় দাঙি ধৰে। লগে লগে ই পৰিবেশৰ লগত খাপ খুৱাই ৰাখিব পৰা এবিধ বস্ত্ৰ।
সুৰুচিপূৰ্ণ ভাৱে পৰিধান কৰা মেখেলা চাদৰ যোৰে তিৰোতাৰ ব্যক্তিত্বও দাঙি ধৰে। অসমীয়া সকলো বোৰ উৎসৱ-পাৰ্বন অসমীয়া মহিলাৰ এই সাজ যোৰে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধিতো অৰিহনা যোগায়।
চাদৰ কি ?
চাদৰ হৈছে ৰিহাতকৈ বহল আৰু দীঘলীয়া এবিধ কাপোৰ। সাধাৰণতে অসমীয়া মহিলাসকলে পৰিধান কৰা এখন চাদৰ দীঘলে প্ৰায় আঢ়ৈৰ পৰা তিনি মিটাৰ বা ততোধিক হয়।
ঠিক একেদৰে বহলে প্ৰায় এক মিটাৰৰ পৰা ডেৰ মিটাৰ পৰ্যন্ত হয়। ইয়াৰ দীঘল আৰু বহলৰ জোখটো তিৰোতা গৰাকীৰ ৰুচি, পৰিধানৰ নিয়ম আৰু শাৰীৰিক অৱয়বৰ ওপৰতো কিছু নিৰ্ভৰ কৰে।
চাদৰ কেনেকৈ পিন্ধে?
সাধাৰণতে চাদৰৰ স্থান হ’ল মহিলাৰ শৰীৰৰ ওপৰ অংশ। ইয়াৰ জৰিয়তে নাৰী শৰীৰৰ ওপৰ অংশটো প্ৰায় সম্পূৰ্ণ ৰূপে ঢাক খাই থাকে।
চাদৰ খনৰ মাজৰ অংশটো পেট আৰু বুকুৰ ঠিক ওপৰত ৰাখি এটা আগ মহিলা গৰাকীৰ বাওঁ ফালৰ বাহুৰ ওপৰেৰে পিঠিৰ ফাললৈ নিয়া হয়।
এই অংশটো পিন্ধনৰ ৰুচি অনুযায়ী নিতম্বৰ কিছু তললৈকে বা আঁঠুৰ পিছফাল পৰ্যন্ত পৰি থাকে। বাহুৰ পৰাই এই অংশটো বিশেষ কায়দাৰে জাপ দিয়া হয়।
চাদৰখনৰ আনটো আগ মহিলা গৰাকীৰ পেটৰ সোঁ ফালেদি নি কঁকালৰ পোনেদি বাঁও ফাললৈ লৈ অনা হয়।
ইয়াৰ আগটো নাভিৰ ওচৰত মেখেলাখনত খেঁাচ মাটিৰ দিয়া হয়। পিছফাললে থকা অংশ টোৱে সম্পূৰ্ণকৈ দুয়োটা তপিনা ঢাকি ৰাখে।
আন কিছুমান মহিলাই বাওঁ বাহুৰ ওপৰেৰে যাব লগা অংশটো সোঁ বাহুৰ ওপৰেৰে নিয়া দেখা যায়। তেতিয়া ওপৰত উল্লেখিত পদ্ধতিটো সম্পূৰ্ণ বিপৰীত হয়।
অৱশ্যে ৰুচি বোধ আৰু সৌন্দৰ্য বৰ্দ্ধনৰ বাবে মহিলা সকলে বিভিন্ন ধৰণেৰে চাদৰ পৰিধান কৰিবলৈ দেখা পোৱা যায়।
অসমীয়া চাদৰৰ প্ৰকাৰ
চাদৰ ববলৈ ব্যৱহাৰ হোৱা সূতা, বোৱন পদ্ধতি, সৌন্দৰ্য, ব্যৱহাৰ, আদিৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়া সমাজত কেইবা ধৰণৰো চাদৰৰ প্ৰচলন দেখিবলৈ পোৱা যায়। তাৰে ভিতৰত কেইটামান হৈছে এনে ধৰণৰ –
- কেঁচা সূতাৰ চাদৰ
- পকোৱা সূতাৰ চাদৰ
- গাঁৰিয়লী চাদৰ
- আঁচু দিয়া চাদৰ
- গুণা দিয়া চাদৰ
- পাৰি দিয়া চাদৰ
- বুটা বছা চাদৰ
- ৰিহা চাদৰ
- এৰিয়া চাদৰ ইত্যাদি।
ইয়াৰ উপৰি আৰু এবিধ চাদৰৰ প্ৰচলন অসমত দেখিবলৈ পোৱা যায়। সেয়া হৈছে বিচনা চাদৰ। ইয়াক গাত লোৱা কাৰ্যত ব্যৱহাৰ কৰা নহয়।
বিচনাত তোচক, তুলি বা কেঠাৰ ওপৰত পাৰি দিবলৈ এই কাপোৰ ব্যৱহাৰ কৰা হয়। এই খনক কিছু কিছু ঠাই বৰ চাদৰ বা বৰ কাপোৰ বুলিও জনা যায়। বিচনাত পৰাৰ বাবেই এই কাপোৰৰ নাম বিচনা চাদৰ কোৱা হয়।
চাদৰৰ ব্যৱহাৰ
চাদৰৰ প্ৰকাৰ আৰু নিৰ্মাণ শৈলী অনুযায়ী ইয়াৰ ব্যৱহাৰ ভিন ভিন হয়। এই খিনিতে উল্লেখ কৰিব পাৰি যে অসমীয়া তিৰোতাৰ দৰে অসমীয়া পুৰুষেও সময়, স্থান আৰু পৰিবেশ ভেদে চাদৰ লোৱা প্ৰথা আছে।
এৰি চাদৰ আৰু চেলেং চাদৰ তাৰেই এটি উদাহৰণ।
এৰি চাদৰ সাধাৰণতে শীত কালত লোৱা হয়। শীতৰ পৰা ৰক্ষা পাবলৈ পুৰুষ মহিলা উভয়ে এই চাদৰৰ ব্যৱহাৰ কৰে।
তিৰোতাসকলে ফুলাম এৰি চাদৰ ব্যৱহাৰ কৰে।
চেলেং চাদৰ সাধাৰণতে যিকোনো মাংগলিক কৰ্মত ব্যৱহাৰ কৰা হয়। ই অসমীয়া সমাজৰ এখনি পৰম্পৰাগত বস্ত্ৰ।
চেলেং চাদৰ পৰিধান কৰিবলৈ কিছু কৌশলগত শৈলীৰ প্ৰয়োগ কৰা হয়। এই চাদৰখনৰ সোঁ আচলটো সন্মুখেৰে ঘূৰাই আনি বাঁও কান্ধত পেলাই ৰখা হয়।
সত্ৰ নামঘৰ আৰু ভকত বৈষ্ণৱৰ স্থানত চেলেং চাদৰ লোৱাতো প্ৰায় বাধ্যতামূলকৰ দৰেই।
ভাওনা-সবাহত গায়ন বায়ন সকলেও চেলেং চাদৰ পৰিধান কৰে।
যিকোনো উৎসৱ অনুষ্ঠানত চেলেং চাদৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটি এৰাব নোৱাৰা অংগ।
ভাওনাত সূত্ৰধাৰ আৰু ভাৱৰীয়া প্ৰবেশৰ সময়ত সন্মুখত চেলেং চাদৰ আঁৰি দিয়া হয় তাৰ পাছত আয়তী সকলৰ উৰুলি ধ্বনিৰ পাছতহে প্ৰবেশ ঘটে।
বিবাহ অনুষ্ঠানত দৰা আৰু কইনা উভয়েই চেলেং চাদৰ লয়। ইয়াৰ বাদেও বিবাহৰ লগত জড়িত প্ৰায় প্ৰতিটো অনুষ্ঠানতেই চেলেং চাদৰৰ প্ৰয়োগ উল্লেখযোগ্য।
ৰিহাৰ প্ৰচলন অসমত যথেষ্ট। ওপৰত উল্লেখ কৰি অহাৰ দৰে এই ৰিহাৰ ওপৰত লবলৈ চাদৰৰ ব্যৱহাৰ কৰা হৈছিল।
ওৰণি লোৱা প্ৰথা অসমত সৰ্বজন বিদিত। চাদৰ অবিহনে অসমীয়া নাৰীয়ে ওৰণি লোৱাৰ কথা ভাৱিবই নোৱাৰে। অৱশ্যে ই বিবাহিত নাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য। বিবাহিত নাৰীয়ে বয়োজ্যেষ্ঠ জনৰ আগত চাদৰৰ আঁচলেৰে মূৰত ওৰণি লয়।
FAQ on অসমীয়া নাৰীৰ সাজপাৰ চাদৰ
বস্ত্ৰৰ ব্যৱহাৰ কিয় হৈছিল?
সভ্যতাৰ বাটত খোজ দিয়াৰ পৰাই মানুহে লজ্জা নিবাৰণৰ বাবে বস্ত্ৰৰ ব্যৱহাৰ কৰিছিল।
পুৰণি কালত অসমত কি কি সাজপাৰৰ প্ৰচলন আছিল
কালিকা পুৰাণ, যোগিনীতন্ত্ৰ, হৰ্ষ চৰিত আদি পুথিৰ মাধ্যমেৰে অসমীয়া পুৰণি সাজপাৰৰ বিষয়ে কিছু সম্যক আভাষ পাব পাৰি।
চাদৰ কি ?
চাদৰ হৈছে ৰিহাতকৈ বহল আৰু দীঘলীয়া এবিধ কাপোৰ।
চাদৰ কেনেকৈ পিন্ধে?
চাদৰৰ স্থান হ’ল মহিলাৰ শৰীৰৰ ওপৰ অংশ। ইয়াৰ জৰিয়তে নাৰী শৰীৰৰ ওপৰ অংশটো প্ৰায় সম্পূৰ্ণ ৰূপে ঢাক খাই থাকে।