সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

অসমীয়া সাহিত্যৰ যুগ বিভাজন

অনুমানিক নৱম দশম শতিকামানতে অসমীয়া ভাষাৰ উদ্ভৱ হৈছিল। কিন্তু লিখিত সাহিত্যৰ নিদৰ্শন সমূহ চতুদশ শতিকাৰ প্ৰাৰম্ভৰ পৰাহে পোৱা যায়।

সপ্তম শতিকাত অসমত ৰজা ভাস্কৰ বৰ্মাই ৰাজত্ব কৰিছিল। সেই সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাঙ উত্তৰ পূবলৈ আহিছিল আৰু তেওঁৰ টোকাত লিখিছিল যে, ভাৰতৰ অন্য প্ৰান্তত ব্যৱহাৰ হোৱা ভাষা সমূহতকৈ উত্তৰ পূৰ্বাঞ্চলৰ ভাষাটোৰ কেতবোৰ পৃথক বৈশিষ্ট আছে।

অসমীয়া ভাষাৰ উদ্ভৱ হৈছিল ইন্দো ইউৰোপীয়ান ভাষা পৰিয়ালৰ অন্যতম মূল ভাষা সংস্কৃতৰ পৰা।

অসমীয়া ভাষাই সংস্কৃতৰ উদ্ভৱ হৈ কেতিয়া অসমীয়া ভাষাৰ ৰূপ গ্ৰহণ কৰিলে তাৰ কোনো নিশ্চিত প্ৰমাণ পোৱা নাযায়।

অৱশ্যে লিখিত ৰূপ পোৱাৰ আগতেই অসমীয়া ভাষাত যথেষ্ট পৰিমাণে মৌখিক সাহিত্যৰ উদ্ভৱ হৈছিল। এটা ভাষাৰ বুৰঞ্জী নিৰ্ণয় কৰিব পাৰি ভাষাটোৰ লিখিত সাহিত্যৰ জৰিয়তে।

অসমীয়া ভাষা সাহিত্য বুৰঞ্জী প্ৰণেতা সকলে এটা কথাত প্ৰায় সহমত পোষণ কৰা দেখা যায় যে, চৰ্যা পদ সমূহ ৰচনাকালৰে পৰা অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰম্ভ হৈছে।

কিন্ত যুগ বিভাজনৰ ক্ষেত্ৰত বিভিন্ন পণ্ডিতৰ মাজতে সময়, বিষয়বস্তু, ভাৱধাৰা আৰু প্ৰকাশিত ৰূপৰ মতভেদ দেখা যায়।

হেমচন্দ্ৰ গোস্বামীৰ অসমীয়া সাহিত্যৰ যুগ বিভাজন

সৰ্বপ্ৰথমে অসমীয়া সাহিত্যৰ যুগ বিভাজন কৰিছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে। তেওঁ ‘অসমীয়া সাহিত্যৰ চানেকি’ নামৰ পুথিখনত অসমীয়া সাহিত্যৰ যুগ বিভাগ সমূহ এনেদৰে কৰিছিল –

  • গীতি যুগ – ৬০০ – ৮০০ খ্ৰীষ্টাব্দ
  • মন্ত্ৰ আৰু ভণিতা যুগ – ৮০০ – ১২০০ খ্ৰীষ্টাব্দ
  • প্ৰাক্ বৈষ্ণৱ যুগ – ১২০০ – ১৪৫০ খ্ৰীষ্টাব্দ
  • বৈষ্ণৱ যুগ – ১৪৫০ – ১৬০০ খ্ৰীষ্টাব্দ
  • বিস্তাৰ যুগ – ১৬০০ – ১৮০০ খ্ৰীষ্টাব্দ
  • বৰ্তমান যুগ – ১৮০০ – বৰ্তমানলৈকে

হেমচন্দ্ৰ গোস্বামীয়ে উল্লেখ কৰা ওপৰোক্ত যুগ বিভাজনক সম্পূৰ্ণ শুদ্ধ নহয় বুলি পণ্ডিত সকলে মত পোষণ কৰে।

কাৰণ, তেওঁ উল্লেখ কৰা দৰে গীতি যুগৰ সময় খিনিত কোনো লিখিত সাহিত্যৰ নিদৰ্শন পাবলৈ নাই, বা মৌখিক গীত মাত বোৰ কেৱল এটা বিশেষ যুগতেই সৃষ্টি হোৱা নাই।

সময়ৰ লগে লগে প্ৰায় সকলো যুগতেই এই মৌখিক গীত মাতৰ সৃষ্টি হৈয়েই আছে। আৰু এটা কথা উল্লেখ কৰিব পাৰি যে তেওঁৰ যুগ বিভাজনৰ সময় নিৰূপনৰ ক্ষেত্ৰত পৰবৰ্তী আন কোনো পণ্ডিতৰে যুগ বিভাজনৰ মিল দেখা নাযায়।

দেবেন্দ্ৰ নাথ বেজবৰুৱাৰ সাহিত্যৰ যুগ বিভাজন

ইয়াৰ পিছতে ‘অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী’ নামৰ গ্ৰন্থত (১৯১২ চন) দেবেন্দ্ৰ নাথ বেজবৰুৱাই দিয়া এটি যুগ বিভাজন পোৱা যায়। সেই অনুসৰি –

১) আদি যুগ

এই সময় খিনিত তেওঁ অসমীয়া ভাষা আৰম্ভণিৰ পৰা শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ সময়লৈকে সামৰি লৈছে। মৌখিক সাহিত্য আৰু চতুৰ্দশ শতিকাৰ অনুবাদমূলক সাহিত্যৰাজিক তেওঁ এই যুগত প্ৰাধান্য দিয়া দেখা গৈছে।

২) মাজৰ বা উন্নতিৰ যুগ

এই সময় খিনিৰ ভিতৰত তেওঁ শংকৰদেৱৰ জন্মৰ সময়ৰ পৰা ইংৰাজসকলে দেশৰ শাসন ভাৰ লোৱা পৰ্যন্ত সাহিত্যৰ বিকাশৰ ধাৰাটিক সামৰি লোৱা দেখা গৈছে।

৩) বৰ্তমান বা আধুনিক যুগ

এই সময় ছোৱাৰ ভিতৰত তেওঁ ইংৰাজ আগমনৰ পৰা বৰ্তমানলৈকে ১৯১২ চন পৰ্যন্ত সামৰি লোৱা দেখা গৈছে। মিছনেৰী সাহিত্য, ৰোমান্টিক সাহিত্য আৰু যুদ্ধোত্বৰ যুগৰ সাহিত্য – বৰ্তমান যুগৰ ভিতৰত ৰখা হৈছে।

দেবানন্দ ভৰালীৰ অসমীয়া সাহিত্যৰ যুগ বিভাগ

অসমীয়া সাহিত্যৰ যুগ সমূহক দেবানন্দ ভৰালীয়ে তিনিটা প্ৰধান ভাগ কৰা দেখা যায়।

১) প্ৰাক বৈষ্ণৱ যুগ – ১০০০ ৰ পৰা ১৩০০ শতিকালৈকে
২) বৈষ্ণৱ যুগ – ১৩০০ ৰ পৰা ১৬০০ শতিকালৈকে
৩) নতুন যুগ – ১৬০০ শতিকাৰ পৰা বৰ্তমানলৈকে

কালিৰাম মেধিৰ যুগ বিভাজন

কালিৰাম মেধিয়েও অসমীয়া সাহিত্যৰ ইতিহাসক দেবানন্দ ভৰালীৰ দৰেই তিনিটা যুগত ভাগ কৰা দেখা গৈছে –

১) প্ৰাক বৈষ্ণৱ যুগ – অতীতৰ পৰা শংকৰদেৱৰ জন্মৰ সময়লৈকে
২) বৈষ্ণৱ যুগ – শংকৰদেৱৰ জন্মৰ সময়ৰে পৰা ইংৰাজৰ আগমনলৈকে
৩) উত্তৰ বৈষ্ণৱ বা আধুনিক যুগ – ইংৰাজৰ আগমনৰ পৰা বৰ্তমান সময়লৈকে

ডিম্বেশ্বৰ নেওগৰ অসমীয়া সাহিত্যৰ যুগ বিভাজন

অসমীয়া সাহিত্যৰ বুৰঞ্জীক ডিম্বেশ্বৰ নেওগে পাঁচটা মূখ্য ভাগত বিভক্ত কৰিছে

১) আদি যুগ – ৬০০ ৰ পৰা ১১০০ খ্ৰীষ্টাব্দলৈ
২) প্ৰাক বৈষ্ণৱ যুগ – ১১০০ ৰ পৰা ১৪৫০ খ্ৰীষ্টাব্দলৈ
৩) বৈষ্ণৱ যুগ – ১৪৫০ ৰ পৰা ১৬৫০ খ্ৰীষ্টাব্দলৈ
৪) উত্তৰ বৈষ্ণৱ যুগ – ১৬৫০ ৰ পৰা ১৮২৬ খ্ৰীষ্টাব্দলৈ
৫) আধুনিক যুগ – ১৮২৬ ৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দলৈ

যতীন্দ্ৰ নাথ গোস্বামীয়ে কৰা অসমীয়া সাহিত্যৰ যুগ সমূহ

যতীন্দ্ৰ নাথ গোস্বামীয়েও ‘অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী’ত হেমচন্দ্ৰ গোস্বামী আৰু ডিম্বেশ্বৰ নেওগে কৰা যুগ বিভাজনকে কিছু সাল সলনি কৰি পাঁচটা ভাগত ভাগ কৰিছে –

১) আদি যুগ
২) প্ৰাক বৈষ্ণৱ যুগ
৩) বৈষ্ণৱ যুগ
৪) উত্তৰ বৈষ্ণৱ বা বিস্তাৰ যুগ
৫) বৰ্তমান যুগ

ড০ বাণীকান্ত কাকতিয়ে কৰা যুগ বিভাজন

ড০ বাণীকান্ত কাকতিয়ে তেওঁ ‘আচামিজ : ইটচ ফৰমেশ্যন এণ্ড ডেভেলপমেন্টক্স’ (Assamese: Its Formation and Development) নামৰ গৱেষণা গ্ৰন্থত অসমীয়া সাহিত্যক তিনিটা যুগত ভাগ কৰি দেখুৱাইছে –

১) আদি বা প্ৰাচীন অসমীয়া যুগ – ত্ৰয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈ
২) মধ্য যুগীয় অসমীয়া – সপ্তদশৰ পৰা উনবিংশ শতিকালৈ
৩) আধুনিক অসমীয়া যুগ – উনবিংশ শতিকাৰ বৰ্তমান সময়লৈকে

কিন্তু ড০ কাকতিৰ এই যুগ বিভাজনত ত্ৰয়োদশ শতিকাৰ আগৰ সাহিত্য কৰ্মৰাজিক সামৰি লোৱা দেখা নাযায়।

চৰ্যাপদ, শূন্য পুৰাণ আদি সাহিত্যৰাজিক তেওঁৰ যুগ বিভাজনত সামৰি নোলোৱাৰ বাবে পৰবৰ্তী ভাষাতত্ববিদ সকলে ইয়াৰ আগতো এটা যুগ আছিল বুলি অভিহিত কৰিব বিচাৰে।

ড০ মহেশ্বৰ নেওগৰ অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ যুগ বিভাজন

ড০ মহেশ্বৰ নেওগে তেওঁৰ ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’ নামৰ গ্ৰন্থত পাঁচটা ভাগত অসমীয়া সাহিত্যৰ বুৰঞ্জীক ভাগ কৰিছে।

১) বৌদ্ধ যুগ

অষ্টমৰ পৰা দ্বাদশ শতিকালৈ ৰচিত বৌদ্ধ ধৰ্মৰ তত্ব সম্বলিত চৰ্যা পদ সমূহকে এই যুগৰ ভিতৰত ধৰা হৈছে।

২) প্ৰাক শংকৰী যুগ

ত্ৰয়োদশ শতিকাৰ পৰা পঞ্চদশ শতিকালৈ সৃষ্টি হোৱা সাহিত্যসমূহ, যেনে মাধৱ কন্দলি, হেম সৰস্বতী, বডু চণ্ডীদাস, হৰিবৰ বিপ্ৰ আদি সাহিত্যকৰ সাহিত্যৰাজিক প্ৰাক শংকৰ যুগৰ ভিতৰত ৰাখিছে।

৩) শংকৰী যুগ

পঞ্চদশৰ পৰা ষষ্ঠদশ শতিকালৈ শংকৰদেৱ, মাধৱদেৱ তথা তেওঁলোকৰ উত্তৰসূৰী গোপাল আতা বা বৈকুণ্ঠ নাথ ভট্টদেৱৰ সময়লৈকে সৃষ্টি হোৱা সাহিত্য ৰাজিক শংকৰী যুগৰ ভিতৰত ৰখা হৈছে।

৪) শংকৰোত্তৰ যুগ

সপ্তদশ শতিকাৰ পৰা উনবিংশ শতিকাৰ প্ৰায় দ্বিতীয় দশকলৈ, এই সময়ছোৱাৰ ভিতৰত ৰচিত সাহিত্য ৰাজিক শংকৰোত্তৰ যুগৰ ভিতৰত ধৰা হৈছে। এই সময়ছোৱাৰ ভিতৰত চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য বা অন্যান্য ব্যৱহাৰিক সাহিত্যসমূহ সৃষ্টি হৈছিল, আহোম, কোচ, কছাৰী আদি ৰজাসকলৰ পৃষ্ঠপোষকতাত।

৫) আধুনিক যুগ

১৮২৬ খ্ৰীষ্টাব্দৰ পৰা বৰ্তমানলৈকে

ড০ নেওগে আধুনিক যুগটোক চাৰিটা ভাগত ভাগ কৰা দেখা গৈছে

ক) আদি ব্ৰিটিছ যুগ

১৮২৬ চনত বৃটিছ আগমনৰ পৰবৰ্তী সময়ত বেপ্টিস্ত মিছনেৰী আৰু আনন্দৰাম ঢেকীয়াল ফুকনৰ সাহিত্য তথা ১৮৪৬ চনত প্ৰকাশ হোৱা ‘অৰুণোদয় কাকত’ৰ সাহিত্য ৰাজিক এই যুগৰ ভিতৰত ৰখা হৈছে।

খ) হেমচন্দ্ৰ বৰুৱাৰ কাল

১৮৭০ চনত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ পাছত ১৯৮৯ চনলৈকে গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি সাহিত্যকৰ সাহিত্যৰাজিক এই সময়ছোৱাৰ ভিতৰত ৰখা হৈছে।

গ) ৰোমান্টিক যুগ বা বেজবৰুৱাৰ যুগ

১৯৮৯ চনৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ সময়লৈকে সময়ছোৱাক এই যুগৰ ভিতৰত ৰখা হৈছে। অসমীয়া সাহিত্যৰ বৰ ভেটি গঢ় দিওতা পুৰোধা ব্যক্তি বেজবৰুৱাৰ নামেৰে এই যুগৰ নামকৰণ কৰা হৈছে। এই সময়ৰ সাহিত্যত পাশ্চাত্যৰ ৰোমান্টিক সাহিত্যৰ প্ৰভাৱ পৰা কাৰণে এই যুগক ৰোমান্টিক যুগ বুলিও কোৱা হয়।

ঘ) বৰ্তমান সাহিত্য

দ্বিতীয় বিশ্ব যুদ্ধৰ প্ৰভাৱ, আৰু তাৰ পৰবৰ্তী বৰ্তমানৰ সকলো সাহিত্যকে এই ভাগৰ ভিতৰত ৰখা হৈছে।

ড০ সত্যেন্দ্ৰনাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ যুগ বিভাগ

ড০ সত্যেন্দ্ৰনাথ শৰ্মাই ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ত অসমীয়া সাহিত্যৰ যুগ সমূহক তিনিটা প্ৰধান ভাগত বিভক্ত কৰিছে।

ইয়াৰ লগতে তেওঁ প্ৰত্যেকটো মূল ভাগৰে কিছু উপ ভাগৰো সৃষ্টি কৰিছে। ড০ শৰ্মাই কৰা যুগ বিভাজন সমূহ এনে ধৰণৰ –

১) আদি যুগ

৯০০ ৰ পৰা ১৩০০ খ্ৰীষ্টাব্দ। এই সময় ছোৱাৰ ভিতৰত চৰ্যাপদ, মন্ত্ৰ সাহিত্য, শ্ৰীকৃষ্ণ কীৰ্তন আদি সকলো উদ্ভৱকালৰ সাহিত্যক সামৰি লৈছে।

২) মধ্য যুগ

১৩০০ ৰ পৰা ১৮২৬ খ্ৰীষ্টাব্দ। মধ্য যুগৰ সাহিত্যক তেওঁ তিনিটা ভাগত ভাগ কৰিছে

ক) প্ৰাক শংকৰী যুগৰ সাহিত্য – ১৩০০ ৰ পৰা ১৪৪৯ খ্ৰীষ্টাব্দ
খ) শংকৰী যুগৰ সাহিত্য – ১৪৪৯ ৰ পৰা ১৭০০ খ্ৰীষ্টাব্দ
গ) শংকৰোত্তৰ যুগৰ সাহিত্য – ১৭০০ ৰ পৰা ১৮২৭ খ্ৰীষ্টাব্দলৈ

৩) বৰ্তমান যুগ

১৮২৬ ৰ পৰা বৰ্তমানলৈকে। অসমীয়া সাহিত্যৰ বৰ্তমান যুগক ড০ শৰ্মাই চাৰিটা ভাগত ভগাইছে –

ক) মিছনেৰী যুগৰ সাহিত্য – ১৮২৬ ৰ পৰা ১৮৭০ লৈকে
খ) হেমচন্দ্ৰ-গুণাভিৰামৰ যুগ – ১৮৭০ ৰ পৰা ১৮৯০ লৈকে
গ) ৰোমান্টিক যুগ – ১৮৯০ ৰ পৰা ১৯৪০ লৈকে
ঘ) সাম্প্ৰতিক কাল – ১৯৪০ ৰ পৰা বৰ্তমানলৈকে

হৰিনাথ শৰ্মা দলৈৰ যুগ বিভাজন

হৰিনাথ শৰ্মা দলৈয়ে ‘অসমীয়া সাহিত্যৰ পূৰ্ণ ইতিহাস’ নামৰ গ্ৰন্থত অসমীয়া সাহিত্যৰ যুগ বিভাজন কৰা দেখা গৈছে –

১) প্ৰাৰম্ভিক বা উদ্ভৱ কালীন যুগ – ৮০০ ৰ পৰা ১৩০০ খ্ৰীষ্টাব্দ
২) আদি যুগ বা প্ৰাক বৈষ্ণৱ যুগ – ১৩০০ ৰ পৰা ১৪৯০ খ্ৰীষ্টাব্দ
৩) মধ্য যুগ বা বৈষ্ণৱ-যুগ – ১৪৯০ ৰ পৰা ১৮২৬ খ্ৰীষ্টাব্দ
৪) বৰ্তমান যুগ – ১৮২৬ ৰ পৰা বৰ্তমানলৈকে

বৰ্তমান যুগটোক তেওঁ পাঁচটা ভাগত ভাগ কৰিছে –

ক) প্ৰাক অৰুণোদই স্তৰ – ১৮২৬ ৰ পৰা ১৮৪৬ খ্ৰীষ্টাব্দ
খ) অৰুণোদই স্তৰ বা মিছনেৰী প্ৰভাৱিত স্তৰ – ১৮৪৬ ৰ পৰা ১৮৬০ খ্ৰীষ্টাব্দ
গ) অৰুণোদই যুগ বা হেমচন্দ্ৰ-গুণাভিৰাম প্ৰভাৱিত স্তৰ, বা মাৰ্জিত স্তৰ – ১৮৬০ ৰ পৰা ১৮৮৯ খ্ৰীষ্টাব্দ
ঘ) জোনাকী যুগ, বা উন্নত স্তৰ, বা ৰমন্যাসিক স্তৰ বা বেজবৰুৱা-গোঁহাঞিবৰুৱা প্ৰভাৱিত স্তৰ – ১৮৮৯ ৰ পৰা ১৯৪০ খ্ৰীষ্টাব্দ

৫) সাম্প্ৰতিক স্তৰ – ১৯৪০ ৰ পৰা বৰ্তমানলৈকে

ওপৰত উল্লেখ কৰা সকলো পণ্ডিতৰ মত আৰু যুগ বিভাজনৰ সকলো দিশ আলোচনা কৰিলে দেখা পোৱা যায় যে, অসমীয়া সাহিত্যৰ বুৰঞ্জীক প্ৰধানকৈ তিনিটা মুখ্য ভাগত কৰিব পৰা যায় –

১) আদি যুগ
২) মধ্য যুগ
৩) আধুনিক যুগ

অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ ক্ষেত্ৰত পণ্ডিত সকলৰ মাজত যথেষ্ট মত পাৰ্থক্য থকা দেখা যায়। প্ৰত্যেকজনেই সাহিত্যিক নিদৰ্শন, সময় আদিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ মত প্ৰকাশ কৰিছে।

সকলোখিনি মত বিচাৰ কৰি চালে ড০ সত্যেন্দ্ৰনাথ শৰ্মাই দাঙি ধৰা সাহিত্যৰ যুগ বিভাজনটোকেই যুক্তি সন্মত যেন অনুমান হয়। তেওঁ অসমীয়া সাহিত্যৰ আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈকে সকলোখিনি দিশকে সামৰি তেওঁৰ মত আগবঢ়াইছে।


FAQ on অসমীয়া সাহিত্যৰ যুগ বিভাজন

অসমীয়া সাহিত্যৰ যুগ বিভাজন বুলিলে কি বুজা

অসমীয়া ভাষা সাহিত্য বুৰঞ্জী প্ৰণেতা সকলে এটা কথাত প্ৰায় সহমত পোষণ কৰা দেখা যায় যে, চৰ্যা পদ সমূহ ৰচনাকালৰে পৰা অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰম্ভ হৈছে।

অসমীয়া সাহিত্যৰ যুগ বিভাজন প্ৰথম কোনে কৰিছিল

সৰ্বপ্ৰথমে অসমীয়া সাহিত্যৰ যুগ বিভাজন কৰিছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে।

অসমীয়া সাহিত্যৰ যুগ বিভাজন সমস্যা কি?

অনুমানিক নৱম দশম শতিকামানতে অসমীয়া ভাষাৰ উদ্ভৱ হৈছিল। কিন্তু লিখিত সাহিত্যৰ নিদৰ্শন সমূহ চতুদশ শতিকাৰ প্ৰাৰম্ভৰ পৰাহে পোৱা যায়।

অসমীয়া ভাষা সাহিত্য বুৰঞ্জী কেতিয়াৰ পৰা আৰম্ভ হৈছিল

অসমীয়া ভাষা সাহিত্য বুৰঞ্জী প্ৰণেতা সকলে এটা কথাত প্ৰায় সহমত পোষণ কৰা দেখা যায় যে, চৰ্যা পদ সমূহ ৰচনাকালৰে পৰা অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰম্ভ হৈছে।


ইয়াৰ লগতে পঢ়কঃ


ইয়াৰ লগত জানিব পাৰিব তলত উল্লেখ কৰা বিষয় সমূহৰ বিষয়ে

অসমীয়া সাহিত্যৰ ইতিহাস | অসমীয়া সাহিত্যৰ যুগ বিভাজন সম্পর্কে | অসমীয়া সাহিত্যৰ ইতিহাস | অসমীয়া সাহিত্যৰ বুৰঞ্জী ডিম্বেশ্বৰ নেওগ | অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত | অসমীয়া সাহিত্যৰ দৃষ্টিপাত | অসমীয়া সাহিত্যৰ প্ৰথম লিখিত নিদৰ্শন | অসমীয়া সাহিত্যৰ যুগ বিভাজন প্ৰথম কোনে কৰিছিল | অসমীয়া সাহিত্যৰ ইতিহাস | অসমীয়া ভাষাৰ উৎপত্তি | অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা কোন | অসমীয়া সাহিত্যৰ চানেকি | প্ৰত্ন অসমীয়া সাহিত্যৰ পৰিচয়

4 thoughts on “অসমীয়া সাহিত্যৰ যুগ বিভাজন”

Leave a Reply to anbinetindia Cancel reply

error: Content is protected !!