মাধৱদেৱৰ সাহিত্য কৃতি
মহাপুৰুষ মাধৱদেৱৰ বিষয়ে ‘মহাপুৰুষ মাধৱদেৱৰ জীৱন পৰিক্ৰমা‘, ‘মহাপুৰুষ মাধৱদেৱ – যুৱ প্ৰজন্ম আৰু আমাৰ কৰণীয়‘, ঝুমুৰা – এই প্ৰৱন্ধকেইটাত বহলকৈ উল্লেখ কৰা হৈছে।
এই প্ৰৱন্ধত আমি কেৱল মাধৱদেৱ সাহিত্য প্ৰতিভা বা মাধৱদেৱৰ সাহিত্য কৃতিৰ বিষয়েহে আলোচনা কৰিম।
মহাপুৰুষ মাধৱদেৱে গীত, নাট, কাব্য, অনুবাদ, আখ্যানমূলক ৰচনা আদি সাহিত্য ৰচনাৰ জড়িয়তে অসমীয়া সংস্কৃতিৰ ভৰাল চহকী কৰি থৈ গৈছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ অনুসৰিয়েই মাধৱদেৱে সাহিত্য সৃষ্টি কৰি নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ মহান উদ্দেশ্য সাৰ্থক কৰিছিল।
স্বকীয় তথা সৃজনীশীল প্ৰতিভাৰ জড়িয়তে ৰচনা কৰা সাহিত্যৰাজিৰ প্ৰভাৱ অসমীয়া জনমানসত বাৰুকৈয়ে অনুভৱ কৰা যায়।
মাধৱদেৱৰ দ্বাৰা ৰচিত সাহিত্য ৰাজিক কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি –
১) আখ্যানমূলক সাহিত্য
২) তত্বমূলক সাহিত্য
৩) নাট আৰু ঝুমুৰা
৪) কাব্য
৫) বৰগীত
৬) ভটিমা
ইয়াৰে, মাধৱদেৱৰ ৰচিত নাট বা ঝুমুৰা সমূহক আৰু দুটা উপ ভাগত বিভক্ত কৰিব পৰা যায় –
ক) সন্দেহ যুক্ত নাট বা ঝুমুৰা
খ) সন্দেহ মুক্ত নাট বা ঝুমুৰা
১) আখ্যানমূলক সাহিত্য
আদিকাণ্ড ৰামায়ণ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদেশ ক্ৰমে মাধৱদেৱে মূল বাল্মীকি ৰামায়ণৰ আদিকাণ্ড অসমীয়া ভাষালৈ অনুবাদ কৰে।
কাবি্যক গুণ, সৰস ভাষা, ছন্দ, অলংকাৰ আৰু সৃজনী প্ৰতিভাৰ সমাহাৰেৰে মাধৱদেৱে আদিকাণ্ড ৰামায়ণক এক মনোমোহা ৰূপ প্ৰদান কৰিলে।
মূল বাল্মীকি ৰামায়ণৰ বহু অপ্ৰয়োজনীয় কাহিনী মাধৱদেৱৰ অনুবাদত বাদ পৰা দেখা যায়।
ইয়াৰ বিপৰীতে ৰামৰ লগত জড়িত বিভিন্ন ঘটনা বা কাহিনীৰ বিৱৰণেহে গুৰুত্ব লাভ কৰা দেখা যায়।
মাধৱদেৱৰ আদিকাণ্ড ৰামায়ণত কৃতিবাসী ৰামায়ণৰ প্ৰভাৱ পৰাও দেখা যায়।
এই সম্পৰ্কে ড০ সত্যেন্দ্ৰ নাথ শৰ্মাৰ ‘অসমীয়া ভাষাৰ সমীক্ষাত্মক ইতিবৃত্ত‘ত এনেদৰে পোৱা যায় – ‘ইয়াৰ বাহিৰেও আদিকাণ্ডৰ বহুখিনি কথা আৰু বৰ্ণনা কৃতিবাসী ৰামায়ণৰ লগত মিলে‘।
এই মিল কথা বৰ্ণনা কৰিবলৈ ড০ শৰ্মাই পুনৰ উল্লেখ কৰে যে, ‘সম্ভৱতঃ বাণ্ডুকাত থাকোতে কৃত্তিবাসী ৰামায়ণৰ লগত মাধৱদেৱৰ পৰিচয় ঘটিছিল, তাৰ প্ৰভাৱ তেওঁৰ আদিকাণ্ডত লক্ষ্য কৰা যায়‘।
কিন্তু, অনুবাদেও হওক বা অন্য প্ৰভাৱেই পৰক, মাধৱদেৱে অসমীয়া জন জীৱনৰ চিত্ৰ আদিকাণ্ড ৰামায়ণত দাঙি ধৰিবলৈ চেষ্টা কৰা দেখা যায়।
উদাহৰণ স্বৰূপে, ৰাম সীতাৰ বিয়াৰ বৰ্ণনা, পঞ্চামৃত খুউৱা আদিয়ে অসমীয়া লোক সংস্কৃতিৰ ছবিয়েই দাঙি ধৰিছে।
2) তত্বমূলক সাহিত্য
নামঘোষা
মাধৱদেৱৰ জীৱনৰ তথা আধ্যাত্মিক অনুভূতিৰ শ্ৰেষ্ঠ ভক্তিতত্ব নিৰূপক তত্বমূলক সাহিত্য গ্ৰন্থখনেই হ‘ল নামঘোষা।
মাধৱদেৱৰ সাহিতি্যক পাণ্ডিত্য, শাস্ত্ৰ জ্ঞানৰ পৰিসৰ, আধ্যাত্মিক জ্ঞান, জীৱনৰ আদৰ্শ, ধৰ্মীয় অনুভূতি, কাবি্যক বিচক্ষণতা আদিৰ বৰ্হি প্ৰকাশ হ‘ল নামঘোষা গ্ৰন্থ।
ড০ বাণীকান্ত কাকতিয়ে, তেখেতৰ ‘পুৰণি অসমীয়া সাহিত্য‘ নামৰ গ্ৰন্থত নামঘোষাক মাধৱদেৱৰ ‘মহা প্ৰাস্থানিকৰ গীত‘ বুলি অভিহিত কৰিছে।
ড০ কাকতিৰ ওপৰোক্ত গ্ৰন্থখনতে উল্লেখ থকা অনুসৰি, ‘নামঘোষাত তিনিটা ভাৱৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে প্ৰৱাহমান হৈছে – পূণ্যশ্লোক স্মৃতি, মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণভক্তি মাহাত্ম্য‘।
হাজাৰী ঘোষা
নামঘোষাখনত এহেজাৰটা ঘোষা সন্নিবিষ্ট হৈ আছে।
সেয়ে ইয়াক হাজাৰী ঘোষা বুলিও কোৱা হয়।
ইয়াৰ ভিতৰৰে চাৰিশ মান ঘোষা তেখেতৰ নিজা সৃষ্টি।
বাকী থকা ছয়শমান ঘোষা বিভিন্ন পুৰাণৰ পৰা সংগৃহিত ভক্তি প্ৰধান শ্লোকৰ অনুবাদ।
যদিও উক্ত শ্লোক সমূহ তেওঁ পুৰাণৰ পৰা সংগ্ৰহ কৰিছে, তথাপিও সেই সমূহত তেখেতৰ স্বকীয় সাহিতি্যক শৈলী বিদ্যমান।
নামঘোষাৰ মূল গ্ৰন্থসমূহ
তেখেতে নামঘোষাৰ বাবে শ্লোক সংগ্ৰহ কৰা মূল গ্ৰন্থসমূহ হ‘ল এনেধৰণৰ –
- ভগৱতগীতা
- বৃহন্নাৰদীয় পুৰাণ
- পদ্ম পুৰাণৰ স্বৰ্গ খণ্ড
- পদ্ম পুৰাণৰ উত্তৰা খণ্ড
- স্কন্ধ পুৰাণ
- ব্ৰহ্মাণ্ড পুৰাণ
- বামন পুৰাণ
- মৎস্য পুৰাণ
- বিষ্ণু পুৰাণ আদি।
নামঘোষাৰ বিষয়বস্তু
ড০ সত্যেন্দ্ৰ নাথ শৰ্মাই তেখেতৰ ‘অসমীয়া সাহিত্যৰ সমিক্ষাত্মক ইতিবৃত্ত‘ নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে,
‘বিষয়বস্তু অনুসৰি নামঘোষাক তিনিটা খণ্ডত ভাগ কৰিব পাৰি।‘
ইয়াৰে প্ৰথম খণ্ডত তেওঁ নামধৰ্মৰ বৈশিষ্টপূৰ্ণ মতবাদ প্ৰতিষ্ঠা হৈছে বুলি উল্লেখ কৰিছে।
মহাপুৰুষৰ ঐকান্তিক আৰু আত্মাবিলুপ্ত ভক্তি ভাৱৰ কবিত্বময়ী প্ৰকাশ দ্বিতীয় খণ্ডত হৈছে বুলি উল্লেখ কৰিছে।
শেষৰ খণ্ড ঈশ্বৰৰ নাম গুণ আদি সুশৃংখলিত ভাৱে কীৰ্তন কৰিবৰ বাবে দিয়া আছে বুলি উল্লেখ কৰিছে।
জন্ম ৰহস্য
জন্ম পুৰাণৰ শ্লোক ভাঙি মাধৱদেৱে জন্ম ৰহস্য নামৰ তত্বমূলক পুথিখন ৰচনা কৰিছিল।
এই পুথিখন বীৰ চিলাৰায়ৰ পত্নী ভূৱনেশ্বৰীৰ আদেশত ৰচনা কৰা হৈছিল বুলি, ড০ সত্যেন্দ্ৰ নাথ শৰ্মাই তেখেতৰ গ্ৰন্থত উল্লেখ কৰিছে।
আন এটা মত অনুসৰি, চিলাৰায়ে জন্ম পুৰাণ নামৰ এখন পুথিৰ অনুবাদ শ্ৰীমন্ত শংকৰদেৱক কৰিবলৈ দিছিল আৰু শংকৰদেৱে সেই পুথি অনুবাদৰ ভাৰ মাধৱদেৱক দিছিল।
এই পুথিখন মুঠতে ১৭২ ফাঁকি পদৰ ভিতৰত ৰচনা কৰা হৈছিল।
ই মূলত এখন ভক্তি তত্বৰে পৰিপূৰ্ণ এখন পুথি।
শ্ৰীবিষ্ণুৰ নানান অৱতাৰৰ সৈতে সৃষ্টি আৰু প্ৰলয়ৰ বৰ্ণনা কৰি মুক্তি লাভৰ কথা এই পুথিত বিষদ ভাৱে উল্লেখ আছে।
ভক্তি ৰত্নাৱলী
ভক্তি ৰত্নাৱলী মূলত এখন সংস্কৃত ভাষাৰ গ্ৰন্থ।
এই গ্ৰন্থখনৰ লেখক আছিল মিথিলাৰ বিষ্ণুপুৰী সন্ন্যাসী নামৰ এজন ব্যক্তি।
কণ্ঠভূষণ নামৰ এজন লোকে এই গ্ৰন্থখন শংকৰদেৱক দিছিল।
পিছত শংকৰদেৱে তেওঁৰ শিষ্য মাধৱদেৱক এই গ্ৰন্থৰ ভাঙণিৰ দায়িত্ব দিছিল।
ড০ সত্যেন্দ্ৰ নাথ শৰ্মাই ভক্তি ৰত্নাৱলীৰ আলোচনাত কৈছে যে, ‘ভক্তি ৰত্নাৱলী‘ত সাহিতি্যক সৌন্দৰ্য নাই যদিও অসমীয়া বৈষ্ণৱ ধৰ্ম আৰু সম্প্ৰদায়ৰ অতি শ্ৰদ্ধাৰ বস্তু…‘।
ভক্তি ৰত্নাৱলীত মুঠতে তেৰটা অধ্যায় বা বিৰচন আছে।
সেই কেইটা হ‘ল –
১) ভক্তি বিৰচন
২) সৎ সঙ্গ বিৰচন
৩) ভক্তি বিশ্লেষণ বিৰচন
৪) শ্ৰৱণ বিৰচন
৫) কীৰ্তন বিৰচন
৬) স্মৰণ বিৰচন
৭) পদ সেৱন বিৰচন
৮) অৰ্চন বিৰচন
৯) বন্দন বিৰচন
১০) দাস্য বিৰচন
১১) সখ্য বিৰচন
১২) আত্ম নিবেদন বিৰচন
১৩) শৰণ বিৰচন
ভক্তি ৰত্নাৱলী গ্ৰন্থখনত ন বিধ ভক্তি, সৎ সংগৰ মাহাত্ম্য, আৰু বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰকাশ পাইছে।
নাম মালিকা
নাম মালিকা হ‘ল মাধৱদেৱৰ জীৱন কালৰ আটাইতকৈ শেষৰখন গ্ৰন্থ।
নাম মালিকা গ্ৰন্থখনৰ মূল হ‘ল উৰিষ্যাৰ পুৰুষোত্তম গজপতিয়ে ৰচনা কৰা ‘নাম মালিকা‘ নামৰ পুথি।
পুৰুষোত্তম গজপতিয়ে উক্ত পুথিখনত বিভিন্ন পুৰাণ তথা অন্য ধমীয় শাস্ত্ৰৰ পৰা নামৰ মাহাত্ম্যসূচক শ্লোকসমূহ সংগ্ৰহ কৰি ৰচনা কৰিছিল।
পৰবৰ্তী সময়ত কোচ ৰজা লখ্মীনাৰায়ণৰ বিষয়া বিৰূপাক্ষ কাজিয়ে উক্ত গ্ৰন্থখন মাধৱদেৱক ভাঙণি কৰিবলৈ দিয়ে।
কিন্তু ‘… মূল সংস্কৃত গ্ৰন্থখন শৃংখলাবদ্ধ নোহোৱাৰ কাৰণে মাধৱদেৱে এই গ্ৰন্থখন অনুবাদ কৰি নিজেই সন্তুষ্ট হ‘ব নোৱাৰিছিল‘ – বুলি ড০ সত্যেন্দ্ৰ নাথ শৰ্মাই উল্লেখ কৰিছে।
মাধৱদেৱে নিজেও উক্ত কথাষাৰ ‘নাহিকে শৃংখল গ্ৰন্থ আতি নিৰণ্ঠুক‘ বুলি উল্লেখ কৰিছে।
৩) নাট আৰু ঝুমুৰা
মাধৱদেৱৰ নাট সমূহক বিশ্লেষণ কৰি চালে আমি তেওঁৰ নামত প্ৰচলন হৈ থকা দুই প্ৰকাৰৰ নাট দেখা পাওঁ।
ক) সন্দেহ মুক্ত নাট আৰু
খ) সন্দেহ যুক্ত নাট
সাহিতি্যক পণ্ডিত সকলৰ মতামত অনুসৰি আমি মাধৱদেৱ নামত থকা পাঁচ খন নাটক তেওঁ ৰচনা কৰা বুলি ক‘ব পাৰো।
সেই পাঁচখন নাটক হ‘ল –
ক) অৰ্জ্জুন ভঞ্জন
খ) চোৰধৰা
গ) পিম্পৰা গুচোৱা
ঘ) ভূমি লোটোৱা
ঙ) ভোজন বেহাৰ
এই পাঁচ খন নাটৰ ভিতৰতো দুই প্ৰকাৰৰ নাটৰ ভাগ পোৱ যায়।
ক) নাট
খ) ঝুমুৰা
নাট
মাধৱদেৱ ৰচিত অজ্জুন ভঞ্জন নাটক খনত এটি পূৰ্ণাংগ কাহিনী তথা নাটত থাকিব লগীয়া গুণ সমূহ দেখা পোৱা যায়।
কিন্তু নাটৰ কিছু বৈশিষ্ট যেনে, নান্দী গীত, প্ৰৰোচনা, প্ৰস্তাৱনা আদিৰ ব্যৱহাৰ এই নাটখনত হোৱা নাই।
এই খন নাটৰ কাহিনী মাধৱদেৱে ভাগৱতৰ দশম খণ্ডৰ পৰা লৈছে।
অৰ্জ্জুন ভঞ্জনকহে কেৱল নাট বুলি কোৱা হয়।
ঝুমুৰা
চোৰধৰা, পিম্পৰা গুছোৱা, ভোজন বেহাৰ আৰু ভূমি লেটোৱা – মাধৱদেৱৰ এই কেইখনক ঝুমুৰা বুলি কোৱা হয়।
ঝুমুৰা সমূহৰ বিষয়ে ঝুমুৰা মানে কি নামৰ প্ৰবন্ধত বিশদ ভাৱে আলোচনা কৰা হৈছে, সেয়ে ঝুমুৰাৰ বিষয়ে উক্ত প্ৰবন্ধ চাবলৈ অনুৰোধ জনোৱা হ‘ল।
ওপৰত উল্লেখিত মাধৱদেৱৰ নাট সমূহৰ বাহিৰেও আৰু এটি ভাগ লক্ষ্য কৰা যায়।
এই ভাগটোৰ ভিতৰত থকা নাট কেইখনৰ উল্লেখ চৰিত পুথিত পোৱা যায় কিন্তু বাস্তবিকতে বৰ্তমান এই নাটকেইখন পাবলৈ নাই।
সেই কেইখন হ‘ল –
ক) গোৱৰ্দ্ধন যাত্ৰা
খ) নৃসিংহ যাত্ৰা
গ) ৰাম যাত্ৰা
গ্ৰন্থখনৰ মূল উদ্দেশ্য – নামৰ মাহাত্ম্য আৰু নামৰ ফল লাভ সম্পৰ্কে বৰ্ণনা কৰা।
পৰৱৰ্তী অংশ অতি শীঘ্ৰেই প্ৰকাশ হব