সংস্কৃতিৰ সংজ্ঞা
সংস্কৃতি সম্পৰ্কে ‘সংস্কৃতি বুলিলে কি বুজা‘ নামৰ লেখাটোত বিস্তৃতভাৱে আলোচনা কৰা হৈছে।
এই আলোচনাটোক মাত্ৰ সংস্কৃতি সম্পৰ্কে বিভিন্ন পণ্ডিত, দাৰ্শনিক, সমাজ বিজ্ঞানী, আদিয়ে দিয়া সংজ্ঞা সমূহৰ বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰা হৈছে।
হেলেন ষ্পেনচাৰ অ‘টেয়িৰ মতে, ’সংস্কৃতি হৈছে জীৱন, বিশ্বাস, নীতি, প্ৰক্ৰিয়া, আৰু আচৰণৰ প্ৰতি মৌলিক ধাৰণা, মূল্যবোধ আৰু মনোভাৱৰ এক অস্পষ্ট সংহতি, যিটো এটা গোটৰ লোকৰ অংশীদাৰ আৰু সেই গোটে গোটটোৰ প্ৰতিজন সদস্যৰ আচৰণ আৰু তেওঁৰ ওচৰৰ আন এজন সদস্যৰ আচৰণৰ অৰ্থ বা সংজ্ঞা প্ৰভাৱিত কৰে কিন্তু নিধাৰণ নকৰে‘।
সমাজতত্ববিদ ই. বি. টেইলৰৰ মতে, ‘মানুহৰ জ্ঞান, কলা, নৈতিকতা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আৰু সামাজিক জীৱনত মানুহে আহৰণ কৰা অন্যান্য সকলো অৰ্হতা আৰু অভ্যাসৰ সমন্বিত ধাৰণাকে সংস্কৃতি বুলি ক‘ব পাৰি‘।
মেথিউ আৰ্নল্ড নামৰ পণ্ডিতজনৰ মতে, ‘মাধুৰ্য আৰু আলোকেই সংস্কৃতি‘।
সেই দৃষ্টিকোণৰ পৰা সংস্কৃতিক এক শোধন প্ৰক্ৰিয়া বুলি ক‘ব পাৰি। আচলতে প্ৰকৃতিৰ উৰ্ধক্ৰম প্ৰক্ৰিয়াই হ‘ল সংস্কৃতি‘।
গিলিন নামৰ দাৰ্শনিক জনে দিয়া সংস্কৃতিৰ উক্তি অনুসৰি, ’সংস্কৃতি ক্ৰিয়া বা কাৰ্য কলাপ নহয়, কাৰ্য কলাপৰ প্ৰতিদৰ্শ মানুহে নিজে সৃষ্টি নকৰে, গতিকে জীৱনৰ প্ৰকৃত আচৰণ আৰু সংস্কৃতিক একেলগে সামৰিব নোৱাৰি‘।
বিষ্ণু প্ৰসাদ ৰাভাৰ মতে, ’বাস্তৱ প্ৰয়োজনত যাৰ জনম মানুহৰ জীৱন সংগ্ৰামত যি শকতি, জীৱন যাত্ৰাৰ বাস্তৱ উদ্দেশ্য সিদ্ধিত যি মুকুতি সেয়ে আচল কৃষ্টি, প্ৰকৃত সংস্কৃতি‘।
জ্যোতি প্ৰসাদ আগৰৱালাৰ মতে, ’সংস্কৃতি হৈছে সুন্দৰৰ পূজা‘।
জ্যোতি প্ৰসাদ আগৰৱালাই আন এটা উক্তি মতে, ’সাধাৰণতে সংস্কৃতি বুলিলে সুকুমাৰ কলাকে বুজায়, আৰু বিশেষভাৱে তাকে বুজাবলৈ সংস্কৃতি শব্দ ব্যৱহাৰ কৰা হয়। কিন্তু দৰাচলতে, সংস্কৃতিয়ে মানুহৰ সমস্ত চিন্তা আৰু কৰ্মক সামৰি ধৰিছে। জীৱনটোৱেই এটা সাংস্কৃতিক অভিযান। মানুহৰ ক্ৰমবিকাশৰ বুৰঞ্জী হৈছে মানুহৰ সংস্কৃতিৰ আৰু বৈপ্লৱিক ৰূপান্তৰৰ বুৰঞ্জী’।
লিনটনৰ মতে, ’মানৱৰ সামগ্ৰীক জীৱন পদ্ধতিক বাস্তৱ সত্বা বুলিব লাগিব, আৰু ইয়াৰ চিন্তা চৰ্চাক বুলিব লাগিব বাস্তৱ সত্বাৰ উপলব্ধি। এই বাস্তৱ সত্বাই হ‘ল সংস্কৃতি আৰু ইয়াৰ চিন্তা চৰ্চাক সংস্কৃতি নিৰ্মাণ ৰূপে আখ্যা দিব পাৰি‘।
সমাজতত্ববিদ ৰেডফিল্ডৰ মতে, ’সংস্কৃতি হ‘ল, সমসাময়িক মূল্য বোধৰ এক সংগঠিত প্ৰকাশ, যি কলা, আৰু ঐতিহ্যৰ সহায়ত জীয়াই থাকে‘।
কাৰ্লেটন এচ ক‘নৰ মতে, ’সংস্কৃতিক আমি জ্ঞানৰ জড়িয়তে পুৰুষানুক্ৰমে লাভ কৰা জীৱন ধাৰণৰ সমষ্টিৰ প্ৰণালী বুলি ক‘ব পাৰো‘।
ডি বিডনি নামৰ দাৰ্শনিক জনে ’থিয়ৰিতিকেল এনথ্ৰপল‘জি‘ নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে, সংস্কৃতি হৈছে সমাজৰ পৰা আৰ্হিত বা কৰ্ষিত আচৰণ, সংস্কৃতি হৈছে সমাজৰ ব্যক্তিৰ চিন্তা। সমাজৰ ব্যক্তিয়ে বৌদ্ধিক, শৈল্পিক, সামাজিক, আদৰ্শগত আৰু অনুষ্ঠানৰ লগত জৰিত হৈ থাকে, আৰু সেইবিলাকৰ সৈতে একাংগীভূত হ‘বলৈ যত্ন কৰে।
ঐতৰেৱ ব্ৰাহ্মণৰ মতে, ’আত্ম সংস্কৃতিৰ্বাৰ শিল্পানী, ছন্দোময়ং বা এতৈৰ্যজমান আত্মানাং সস্কুৰুতে‘।
কাছিৰাৰ, চৰকিন আৰু মেকল্ভাৰৰ মতে, ’মানৱৰ নৈতিক, আধ্যাত্মিক আৰু বৌদ্ধিক বিকাশেই সংস্কৃতি‘।
নৃতত্ববিদ ব্ৰনিচল মালিনৱচকিয়ে দিয়া মত অনুসৰি, ’সংস্কৃতিয়ে বংশানুক্ৰমিক হস্তান্তৰ কৰা শিল্প, কাৰিকৰী প্ৰক্ৰিয়া, ধাৰণা, অভ্যাস আৰু মূল্যবোধৰ সামৰি লয়‘।
ৰবাৰ্ট ৰেডফিল্ডৰ মতে, ’শিল্প সামাজিক সংযুক্তি আৰু প্ৰতীকৰ জৰিয়তে বিমূৰ্তিত পৰম্পৰাগত অৰ্থৰ সমষ্টিয়েই সংস্কৃতি‘।
হাৰ্কভিটচৰ মতে, ’মানৱ সৃষ্ট পাৰি পাৰ্শ্বিক অংশ বোৰেই সংস্কৃতি‘।
জন হনিমান নামৰ পণ্ডিত জনে সংস্কৃতৰ সংজ্ঞা এনেদৰে দিছে, ’মানৱ সৃষ্ট শিল্প বস্তু, জন সাধাৰণৰ দ্বাৰা অভিব্যঞ্জিত ক্ৰিয়া কলাপ, আৰু তেওঁলোকৰ আদৰ্শ আৰু অনুভূতি আদিৰ সমষ্টিকেই সংস্কৃতি বুলি ক‘ব পাৰি। জন সাধাৰণৰ জীৱন পদ্ধতিয়েই সংস্কৃতি‘।
হেভিলেণ্ড নামৰ সমাজ বিজ্ঞানী জনে দিয়া উক্তি অনুসৰি, ’সংস্কৃতি কিছুমান নিয়মৰ সংযুক্তি বা পৰিমাপক। এইবোৰে কোনো এখন সমাজৰ অংগীভূত ব্যক্তি সকলক প্ৰভাৱাম্বিত কৰাৰ বাবে সেই সমাজখনৰ অংগীভূত ব্যক্তিসকলৰ বাবে উপযুক্ত আৰু গ্ৰহণযোগ্য বিভিন্ন আচৰণৰ সৃষ্টি হয়। এই আচৰণ বিলাকৰ সমষ্টিয়েই সংস্কৃতি বুলি ক‘ব পৰা যায়‘।
চেমুৱেল পুফেনদৰ্থেৰ মতামত অনুসৰি সংস্কৃতিক এনেদৰে বুজিব পাৰি, ’সংস্কৃতিয়ে, মানৱজাতিয়ে তেওঁলোকৰ প্ৰকৃত প্ৰাকৃতিক সত্বাক অতিক্ৰম কৰাৰ আৰু বিভ্ৰান্তিকৰ কৌশলৰ জৰিয়তে, সম্পূৰ্ণ মানুহ হোৱাৰ উপায়ক বুজায়‘।
ড০ নবীন চন্দ্ৰ শৰ্মাৰ মতে, ’একেটা ক্ৰিয়াৰ বাৰম্বাৰ কৰা আচৰণ, বা আবৃত্তিক কৰ্ষণ বা কৃষ্টি আখ্যা দিব পাৰি, আৰু এই কৃষ্টিক সংস্কাৰ কৰি লোৱাটোৰ নামেই হ’ল সংস্কৃতি‘।
বিশ্ব নাৰায়ণ শাস্ত্ৰীয়ে দিয়া সংস্কৃতিৰ মতামত অনুযায়ী, ’কৃষ্টি হ‘ল এটা জাতিয়ে কৰা, সকলো কামৰে সমষ্টি, আৰু সংস্কৃতি হ‘ল সেই জাতিটোৰ চিন্তা, কল্পনা, আৰু কামৰ শ্ৰেষ্ঠ অংশখিনি। ইয়াৰ প্ৰভাৱ জাতিটোৰ মনত থাকি যায়, সেই প্ৰভাৱেই জাতিটোৰ জাতীয় আদৰ্শ গঢ় দিয়ে আৰু কামত অনুপ্ৰেৰণা দিয়ে‘।
দাৰ্শনিক ডেভিড বিন্দিৰ মতে, ’কোনো এক ভৌগলিক পৰিবেশৰ মাজত মানৱ প্ৰকৃতিৰ উৎকৰ্ষ সাধনেই সংস্কৃতি। বিভিন্ন সংস্কাৰৰ মাধ্যমত সামূহিক জীৱনত লাভ কৰা অৱস্থাৰ আন এটা নাম হৈছে সংস্কৃতি।
সমাজ বিজ্ঞানী ৰিচাৰ্ড লেপাৰিয়ে সংস্কৃতি সম্পৰ্কে দিয়া মতামত মতে, ’মানুহে বংশ পৰম্পৰা ৰক্ষা কৰি সমাজ পাতি বস বাস কৰিবলৈ লোৱাৰে পৰা সামাজিক প্ৰাণী হিচাপে বিভিন্ন পৰিস্থিতিত সেই সমাজৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ বিশ্বাস অবিশ্বাস ধৰ্ম পৰম্পৰা আদি শিকে গতানুগতিক ভাৱেই শিকা দেখা যায়। এই ৰীতি নীতি আচাৰ ব্যৱহাৰ আদি সামগ্ৰিক ৰূপ টোকেই সংস্কৃতি আখ্যা দিয়া হয়‘।
লীলা গগৈৰ ‘অসমৰ সংস্কৃতি‘ নামৰ গ্ৰন্থত থকা আন এটা উক্তি মতে, ’সংস্কৃতি শব্দ নিষ্পন্ন হৈছে সম + কৃতি হৈ। কৃতি, কৰ্ম। যি শিল্প কৰ্মত সম্যক সৃজনিশীলতা আছে, সৌন্দৰ্য আছে, মানৱতা আছে, সিয়েই সংস্কৃতি‘।
লীলা গগৈৰ মতে, ’সংস্কৃতি এটা জাতিৰ জাতীয় জীৱনৰ বোৱতী সুঁতি। নৈৰ গতিয়েই সংস্কৃতিৰ গতি। নৈয়ে যেনেকৈ নিৰৱচ্চিন্ন গতিৰে চিৰদিন বৈ থাকে, সংস্কৃতিও তেনেকৈ ধাৰাবাহিক গতিৰে চলি থাকে‘।
ড০ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে, ’একাধাৰে সভ্যতা – তৰুৰ পুষ্প আৰ তাৰ আভ্যন্তৰ প্ৰাণ বা মানসিক অনুপ্ৰেৰণা যা, তাই হচ্ছে Culture‘।
ওপৰত উল্লেখ কৰা সংস্কৃতি সৰ্ম্পকীয় প্ৰতিটো সংজ্ঞাই সংস্কৃতি সম্পৰ্কে এটা স্পষ্ট ধাৰণা দিয়া দেখা গৈছে। কিন্তু এটা কথা স্পষ্ট যে, প্ৰায় প্ৰতিটো সংজ্ঞাই সংস্কৃতিৰ এটা বিশেষ দিশৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে।
শেষত এটা কথাই ক‘ব পাৰি যে, সংস্কৃতিৰ বোৱতী নৈত যুগে যুগে নতুন নতুন উপাদান যোগ হৈছে, আৰু এই উপাদান সমূহে ঘটোৱা সংযোগ, সমন্বয়ে সংস্কৃতিক এই চিৰ প্ৰবাহিত ধাৰাটোক এক নতুন গতিশীলতা প্ৰদান কৰিছে।
( সম্পূৰ্ণ সংগৃহিত তথ্যৰ আধাৰত )
আপোনালোকৰ তথ্যৰ পৰা বহুত উপকৃত হলো, ধন্যবাদ। এনেদৰে আৰু তথ্য প্ৰেৰণ কৰি থাকিব।
ধন্যবাদ