সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

অসমীয়া খাদ্য

অসমীয়া খাদ্য বা অসমীয়া আহাৰ বিভিন্ন আৰ্য আৰু আৰ্যভিন্ন উপাদানেৰে গঠিত হৈছে। অসমৰ খাদ্যৰ তালিকা বা খাদ্যসম্ভাৰ ইয়াৰ ভৌগলিক কাৰণত গঢ় লৈ উঠিছে।

ইয়াৰ বিচিত্ৰ ভৌগলিক বাতাবৰণৰ বাবেই খাদ্য বা আহাৰ তথা ৰন্ধন প্ৰণালীও ভিন্ন ভিন্ন। অসমৰ জলবায়ুৰ মৌলিকতাৰ বাবেই ইয়াত বিভিন্ন ধৰণৰ গছ-বন-লতা-তৰু-তৃণ আদিৰ ব্যাপকতা দেখা যায়।

অসমীয়া খাদ্য বা অসমীয়া আহাৰৰ ৰন্ধন প্ৰণালীত যথেষ্ট পৰিমাণে বিধি সন্মত ব্যৱস্থা দেখা পোৱা যায়। এই ব্যৱস্থাৰ দ্বাৰাই অসমীয়া লোকসকলে গ্ৰহণ কৰা খাদ্য স্বাস্থ্য সন্মত বুলি ক’ব পাৰি।

কি খাদ্যবস্তুৰ লগত আন কি খাদ্যবস্তু লগ লাগিলে পুষ্টিকৰ খাদ্য তৈয়াৰ হয় বা খোৱাৰ উপযোগী নহয় সেই বিষয়ে অসমীয়ালোকে ভালদৰে জানে। 

আনকি খাদ্য বস্তু কোন পাত্ৰত থ’লে খোৱাৰ উপযুক্ত বা অনুপযোগী হয় সেই ভিন্নতাও অসমীয়া সমাজ জ্ঞাত।

ইয়াৰ বাদেও দিনটোৰ কোন সময়ত কি খাব লাগে, কোন মাহত কি খাদ্য স্বাস্থ্যৰ বাবে উপকাৰী, ঋতু ভেদে কি খাদ্য খালে শৰীৰ সতেজ হৈ থাকে, সেইবিলাক বিষয়ো অসমীয়া সমাজত বহুল ভাৱে প্ৰচলিত।

খোৱা খাদ্যৰ আৰম্ভণি আৰু শেষ কি খাদ্যৰে কৰিব লাগে তাৰ বিস্তৃত ব্যাখ্যা অসমীয়া সমাজত পোৱা যায়।

অসমৰ মানুহ কৃষিজীৱী। ইয়াৰ জলবায়ু কৃষিকাৰ্যৰ বাবে অতি উপযোগী।

জলবায়ুৰ ওপৰত ভিত্তি কৰি খাদ্য হিচাপে ধানখেতিয়েই অসমীয়া সকলৰ জীৱন-ধাৰণৰ প্ৰধান সম্বল হিচাপে পৰিচিত। ধানখেতিৰ বাবে অসমৰ ভূমি অতি উপযোগী।

ধান খুন্দি তৈয়াৰ কৰা চাউলেৰে অসমীয়া মানুহে ভাত ৰান্ধি প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰে। অসমত অসংখ্য প্ৰকাৰৰ ধান পোৱা যায়। প্ৰত্যেক বিধ ধানৰ সোৱাদ আৰু গুণাগুণ বেলেগ বেলেগ।

নানা বিধ ধানৰ চাউলেৰে নানান প্ৰকাৰৰ সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰি পৰিবেশন কৰাত অসমীয়া ৰান্ধনি অতি পাকৈত।

সাধাৰণভাৱে ভাতেই হ’ল অসমীয়া মানুহৰ প্ৰধান আহাৰ। ধানৰ পৰা জলপান প্ৰস্তুত কৰিও অসমীয়া মানুহে খায়। ইয়াৰ বাদেও বিভিন্ন প্ৰকাৰৰ শাক-পাচলি, মাছ, মাংস, ডাইল, ফল-মূল আদিৰ ব্যাপক প্ৰচলন আছে।

অসমীয়া খাদ্যৰ কেইটিমান সাধাৰণ বৈশিষ্ট্য

  • বিভিন্ন সুস্বাদু চাউলেৰে ভাত প্ৰস্তুত কৰা হয়।
  • প্ৰয়োজনোসৰি সেউজীয়া শাক-পাচলিৰ ব্যৱহাৰ কৰা হয়।
  • মছলা জাতীয় খাদ্যৰ ব্যৱহাৰ অতি কম পৰিমাণে কৰা হয়।
  • ঔষধিযুক্ত খাদ্য-শষ্য প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰা হয়।
  • উপযুক্ত সময়ত স্বাস্থ্য-উপযোগী টেঙা আৰু তিতা খাদ্যৰ ব্যৱহাৰ কৰা হয়।
  • প্ৰচুৰ পৰিমাণে মাছৰ ব্যৱহাৰ হয়।
  • খাৰ অসমীয়া আহাৰৰ বিশেষ দ্ৰব্য বিচাপে বিবেচিত।
  • জলপান অসমীয়া মানুহৰ বিশেষ আহাৰ।
  • প্ৰায় প্ৰতিসাজ আহাৰ লগত পিটিকা বা থলুৱা পদ্ধতিৰে তৈয়াৰী আচাৰৰ ব্যৱহাৰ কৰা হয়।
  • আহাৰ গ্ৰহণৰ শেষত মুহুদি বা মুখশুদ্ধি কৰা।

অসমীয়া খাদ্য বা আহাৰৰ প্ৰকাৰ

সাধাৰণভাৱে অসমীয়া খাদ্যক দুই ভাগত ভাগ কৰিব পাৰি

  • মুখ্য আহাৰ আৰু
  • গৌণ আহাৰ

মুখ্য আহাৰৰ ভিতৰত ভাতেই প্ৰধান। আনহাতে গৌণ আহাৰৰ ভিতৰত – জলপান, ফলাহাৰ, পিটিকা, চাটনি, খাৰ আদি।

অসমীয়া খাদ্যৰ উপকৰণসমূহ

ধান-চাউল

চাউল অসমীয়া খাদ্য বা আহাৰৰ মূল উপাদান। চাউল তৈয়াৰ কৰা হয় ধানৰ পৰা

খেতি কৰাৰ সময়, ধানৰ আকাৰ – প্ৰকাৰ, স্বাদ-গুণাগুণ আদি বিভিন্ন বৈশিষ্ট্যৰ বাবে অসমত সাধাৰণতে তিনি প্ৰকাৰৰ ধান খেতি কৰা হয় – আহু, শালি আৰু বাও ধান।

অসমত অনেক প্ৰকাৰৰ ধান খেতি কৰা হয়। তাৰে কিছুমান হ’ল এনে ধৰণৰ –

ধানৰ নাম

মাণিকীমধুৰি, বৰা, জহা, সুৱাগমণি, সৰুসুৱাগমণি, বৰসুৱাগমনি, প্ৰসাদভোগ, ভোগজহা, কৃষ্ণজহা, শালি জহা, বগা জহা, ক’লা জহা, টুনি জহা, খৰিকা জহা, মালভোগ জহা, নবাবী জহা, কুণকুণি জহা, কণজহা, মাগুৰি জহা, কেতেকী জহা, চকোৱা, আইজুং, কপৌ শালি, অগ্নিশালি, বৰ শালি, লাহি শালি, আখি শালি, ক’লা শালি, বগা শালি, মুগী শালি, ৰঙা শালি, হাতী শালি, নগা শালি, আহোম শালি, মনোহৰ শালি, গাৰো শালি, বকুল বৰা, নল বৰা, পাখৰি বৰা, ক’লা বৰ, মিৰি বৰা, লঠৌ বৰা, চকোৱা বৰা, গমিৰি বৰা, বুদুমণি, মাগুৰি, ক’লা মাগুৰি, ভোগ মাগুৰি, নেঘেৰী, বৰ নেঘেৰী, জাহিঙ্গা, বোকা জাহিঙ্গা, নেকেৰা, শলপোনা, আঘোণী, ভোগালী, ৰাঙলী, নবীন, ৰঞ্জিত, মৌগুটিয়া, নানিয়া, বুদুমণি গুৱামালী, কচুডলা, মলসৰ, আমনা, আমপাখি ইত্যাদি।

ওপৰত উল্লেখিত সকলো ধানৰে গুণাগুণ অনুসৰি ব্যৱহাৰ বেলেগ বেলেগ হয়। সকলো ধানৰ চাউল ভাত খাবৰ বাবেই ব্যৱহাৰ কৰা নহয়। অসমত চাউলৰ সাধাৰণভাৱে পৰা কি কি তৈয়াৰ কৰা হয় তাৰ এখন তালিকা উদাহৰণ স্বৰূপে দিয়া হ’ল

চাউলৰ পৰা তৈয়াৰী খাদ্য সমূহ

১) ভাত

২) জলপান

৩) পিঠা-পনা

৪) চিৰা

৫) মুৰি

৬) আখৈ

৭) পায়স

৮) সুৰা

৯) কোমল চাউল বা বোকা চাউল ইত্যাদি

ভাতৰ প্ৰকাৰ

অসমীয়া মানুহে ভাত কেইবা প্ৰকাৰে পৰিবেশন কৰে

১) গৰম ভাত বা তপত ভাত

২) পইতা ভাত

৩) বাহী ভাত

৪) কৰ্কৰা ভাত

৫) জকৰা ভাত ইত্যাদি।

আঞ্জা বা ডাইল

অসমীয়া খাদ্য সম্ভাৰত ডাইলৰ ব্যৱহাৰো প্ৰচুৰ ভাৱে হয়। মাহজাতীয় শষ্য যেনে – মাটিমাহ, মগু মাহ আদিৰ খেতি কৰি ভাতৰ লগত খাবৰ বাবে প্ৰস্তুত কৰে। মাটি মাহ খাৰ দি বা ঔ টেঙাৰ সৈতে অতি জুতি লগাকৈ অসমীয়া ৰান্ধনিয়ে প্ৰস্তুত কৰিব পাৰে।

খাৰৰ প্ৰচলন অসমত বহুল। খাৰ সাধাৰণতে দুবিধ – কলখাৰ আৰু সৎখাৰ। ইয়াৰ বাদেও আৰু অনেক প্ৰকাৰৰ আঞ্জাৰ প্ৰচলন আছে। তলত উল্লেখিত বিষয় সমূহতো প্ৰসংগক্ৰমে এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ব।

শাক-পাচলি

অসমত প্ৰচুৰ পৰিমাণে শাক পাচলিৰ উৎপাদন আৰু ব্যৱহাৰ কৰা হয়। প্ৰায় প্ৰত্যেক অসমীয়া মানুহৰ ঘৰতেই একোখনকৈ শাকনি বাৰী থকাতো পৰিলক্ষিত হয়। বছৰটোৰ প্ৰায় সকলো সময়তেই উক্ত শাকনি বাৰীত শাক পাছলি উৎপাদন কৰি ব্যৱহাৰ কৰা হয়।

শাক

বন পাচলিৰ ব্যৱহাৰ বিশেষ তাৎপৰ্যপূৰ্ণ। বন পাচলি ৰোপন কৰি উৎপাদন কৰা নহয়। ই প্ৰাকৃতিক ভাৱেই অসমীয়া মানুহৰ বাৰী বা অন্য স্থানত উপলব্ধ হয়।

এই বন পাচলি সমূহ অত্যন্ত ঔষধি গুণেৰে যুক্ত হয়। ইয়াৰ কোনো পাৰ্শ্ব  প্ৰতিক্ৰিয়া নাথাকে। মাত্ৰ সময়, সুবিধা আৰু পৰিবেশ অনুসৰিহে এইবোৰ প্ৰয়োগ কৰাৰ বিধি পোৱা যায়।

ইয়াৰে কিছুমান শাক সিজাই, ভাজি কৰি আৰু আন কিছুমান শাক কেঁচাই খোৱা হয়।

এই শাক সমূহৰ কিছুমান হ’ল এনেধৰণৰ –

মাণিমুনি, খুঁতৰা, ঢেকীয়া, জিলমিল, টেঙা মৰা, পালেং, বন জালুক, বাবৰি, মচন্দৰি, মধুসোলেং, পনৌনোক্টা, কচু, মৰিচা, মাটি কাদুৰি, লাই, লফা, সৰিয়হ, কলমৌ, টেঙেচী, পূৰৈ, ভেদাই লতা, নৰ সিংহ, দুপৰ টেঙা, মাটি কাদুৰি, দ্ৰোণ, পচতীয়া, মৰাপাটৰ আগ, ভাঙৰ আগ, ৰঙালাওৰ আগ আৰু ফুল, শুকলতি, বিভিন্ন ধৰণৰ কেহা আৰু টেঙা শাক ইত্যাদি।

পাচলি

জাতি লাও, ৰঙা লাও, কোমোৰা, জিকা, ঢুন্দুলি, কুন্দুলি, তিতা, কেৰেলা, ভাত কেৰেলা, তিয়হ, কল পচলা, বাঁহ গাঁজ, কল ডিল, তিতা ফুল, শেৱালী ফুল, কচু, কচুৰ ঠাৰি, ঔটেঙা, কঠালৰ মুচি, কঠালৰ গুৰি, ৰঙালাওৰ গুটি, জলকীয়া, লেচেৰা মাহ, বিলাহী, বেঙেনা, কবি, চজিনা, কাচকল, অমিতা, আদা, আলু, গাজৰ, বিট, হালধি, আদি হ’ল অসমীয়া মানুহৰ খাদ্যত অন্তভূক্ত পাচলি সমূহৰ ভিতৰত অন্যতম কিছুমান পাছলি।

অসমীয়া খাদ্য সম্ভাৰত সাধাৰণতে দুই বা ততোধিক পাচলি লগ লগাই সুস্বাদু ভাৱে ৰন্ধা হয়।

এই খিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, কোন বিধ পাচলিৰ লগত কোন বিধ খাব পাৰি বা নোৱাৰি তাৰ বৰ্ণনা অসমীয়া মানুহৰ মুখে মুখে উপলব্ধ।

ওপৰোক্ত পাচলি সমূহৰ কিছুমান বাৰিষা কালত আৰু আন কিছুমান খৰালী কালত উৎপন্ন হয়। অন্য কিছুমান বছৰটোৰ সকলো সময়তে উৎপন্ন হয়। কিছুমান পাছলি খৰালী উৎপাদন কৰি বাৰিষা খাবৰ কাৰণে উপযুক্ত ভাৱে সাঁচি ৰাখে।

পাচলি সমূহ কেঁচাই, ভাজি, পুৰি, সিজাই – এই ভিন্ন উপায়েৰে খাব পাৰি। সৰিয়হৰ খাৰলি আৰু মাটিমাহৰ লগত কল খাৰ অসমীয়া খাদ্যৰ ভিতৰত অন্যতম সুস্বাদু ব্যঞ্জন। মিঠা আলু, কঠালৰ গুটি, পোৰা মাছৰ পিটিকাৰ সোৱাদ এবাৰ ল’লে পাহৰিব নোৱাৰি।


FAQ on অসমীয়া খাদ্য

অসমীয়া খাদ্য বা আহাৰৰ মূল উপাদান কি?

চাউল অসমীয়া খাদ্য বা আহাৰৰ মূল উপাদান

কেইবিধ মান অসমীয়া ধানৰ নাম

মাণিকীমধুৰি, বৰা, জহা, সুৱাগমণি, সৰুসুৱাগমণি, বৰসুৱাগমনি, প্ৰসাদভোগ, ভোগজহা, কৃষ্ণজহা, শালি জহা, বগা জহা, ক’লা জহা, টুনি জহা, খৰিকা জহা, মালভোগ জহা, নবাবী জহা, কুণকুণি জহা, কণজহা, মাগুৰি জহা, কেতেকী জহা, চকোৱা, আইজুং, কপৌ শালি, অগ্নিশালি, বৰ শালি, লাহি শালি, আখি শালি, ক’লা শালি, বগা শালি, মুগী শালি, ৰঙা শালি, হাতী শালি, নগা শালি, আহোম শালি, মনোহৰ শালি, গাৰো শালি আদি।


ইয়াৰ লগতে পঢ়কঃ


ইয়াৰ লগত জানিব পাৰিব তলত উল্লেখ কৰা বিষয় সমূহৰ বিষয়ে

অসমীয়া খাদ্যাভ্যাস | অসমীয়া সংস্কৃতি | অসমীয়া পিঠা নাম | আহোমৰ খাদ্য | অসমীয়া জলপান | মিচিং খাদ্য | বিহুৰ খাদ্য | অসমীয়া পিঠা নাম | অসমৰ থলুৱা খাদ্য | তিল পিঠা | ফেনী পিঠা | মাঘ বিহুৰ পিঠা | অসমীয়া খাদ্য সম্ভাৰ | অসমৰ খাদ্য বা অসমীয়া আহাৰ | অসমীয়া খাদ্য প্ৰণালী | থলুৱা খাদ্যসম্ভাৰ | অসমীয়া খাদ্য আৰু ৰন্ধন | অসমীয়া মানুহৰ প্ৰধান খাদ্য হল ভাত | থলুৱা খাদ্যৰ গৌৰৱ | অসমীয়া খাদ্য ৰেচিপি | অসমীয়া থলুৱা খাদ্য সম্ভাৰ | পৰম্পৰাগত খাদ্য | খাদ্য আৰু পাকঘৰ | দৈনন্দিন খাদ্য তালিকা | অসমৰ প্রধান খাদ্য | খাদ্যৰ উপাদানসমূহ | খাদ্য সামগ্ৰী | প্ৰাক আহোম যুগৰ খাদ্য

Leave a Comment

error: Content is protected !!