সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

অসমীয়া খেতিৰ সঁজুলী নাঙল

অসম এখন কৃষি প্ৰধান ঠাই। অসমৰ পাহাৰে ভৈয়ামে বসবাস কৰা প্ৰায় সকলো লোকৰে প্ৰাথমিক আৰু প্ৰধান জীৱিকাৰ উৎস হৈছে কৃষি বা ধান খেতি।

অসমত বতৰ অনুযায়ী আহু, শালি আৰু বাও ধানৰ খেতি কৰা হয়। পাহাৰত বসবাস কৰা লোক সকলে ঝুম খেতি কৰে।

ধান খেতিৰ উপৰিও খৰালি কালত সৰিয়হ, ঘেঁহু, কুঁহিয়াৰ, মৰাপাট বা অন্যান্য শাক পাছলিৰ খেতি কৰা দেখা যায়।

এই কৃষি কাৰ্য কৰিবৰ বাবে অসমীয়া লোকে বিভিন্ন ধৰণৰ সা-সঁজুলী ব্যৱহাৰ কৰা দেখা যায়।

এই সঁজুলী সমূহ অসমত বসবাস কৰা বিভিন্ন জাতি-জনজাতিৰ মাজত বিভিন্ন নাম আৰু আকাৰেৰে পৰিচিত। হ‘লেও প্ৰায় বিলাক সঁজুলীৰে কাম একেই উপলক্ষ্যত ব্যৱহাৰ কৰা হয়।

আৰ্য সভ্যতাৰ সময়ৰে পৰা ভাৰতত কৃষি কৰ্মৰ প্ৰচলন আছিল বুলি পণ্ডিত সকলে ক‘ব খোজে।

মিথিলাৰ ৰজা জনকে যজ্ঞভূমি চাহ কৰোতে নাঙলৰ সীৰলুত সীতাক লাভ কৰা বুলি ৰামায়ণৰ বৰ্ণনাত উল্লেখ আছে।

একেদৰেই শ্ৰীকৃষ্ণৰ ককায়েক বলৰামৰ প্ৰধান অস্ত্ৰ হ‘ল নাঙল, তেওঁক হলধৰ বুলিও জনা যায় – মহাভাৰতত এই কথাৰ উল্লেখ আছে।

কৃষি কাৰ্য কৰিবলৈ মানুহে শিকাৰ পৰাই ইয়াত প্ৰয়োজন হোৱা সঁজুলী সমূহো তৈয়াৰ কৰিবলৈ লয়।

অসমৰ খেতিত প্ৰয়োজন হোৱা এই সঁজুলী সমূহৰ বিষয়ে ডাকৰ বচন, চৰ্যা পদ, কালিকা পুৰাণ আদিত পোৱা যায়।

অসমীয়া লোকে সাধাৰণতে কৃষি কাৰ্যত ব্যৱহাৰ কৰা কেইবিধ মান সঁজুলী হ‘ল এনেধৰণৰ –

নাঙল, যুঁৱলী, মৈ, কোৰ, এচাৰি, জাপি, ভাঙৰি, জোঁট জৰী, জবকা, লেহেতি বা লাঢ়নী, হোলোং বা সোলোং মাৰি, কঠিয়াৰ বাবে টোম, বিৰিয়া, টমাল, কাঁচি, দলিমৰা আদি।

তলত এই সমূহ সঁজুলীৰ প্ৰধান নাঙল যুঁৱলীৰ বিষয়ে কিছু কথা প্ৰকাশ কৰিবলৈ যত্ন কৰা হ‘ল –

নাঙল

অসমীয়া খেতিৰ সঁজুলী নাঙল

কৃষিজীৱী সমাজৰ কৃষিৰ বাবে আটাইতকৈ প্ৰয়োজনীয় আৰু প্ৰধান সঁজুলীটোৱেই হ‘ল নাঙল। ইয়াৰ প্ৰধান কাম হৈছে মাটি চহ কৰা

নাঙল কিহেৰে তৈয়াৰ কৰা হয় ?

নাঙল তৈয়াৰ কৰিবলৈ অসমীয়া কৃষকে সাধাৰণতে জামু, ঔ-টেঙা, শিলিখা, কঠাল, পমা বা সোণাৰু আদি গছৰ কাঠ ব্যৱহাৰ কৰে।

এই সমূহ গছৰ কিছু বেকা পুৰঠ অংশ ৫ পৰা ৬ ফুট মান দীঘলকৈ কাটি আনি চাঁচি চাঁচি নাঙলৰ ৰূপ দিয়া হয়।

নাঙলত ব্যৱহাৰ হোৱা কাঠ সম্পৰ্কেও অসমীয়া সমাজত কিছু বিশ্বাস প্ৰচলিত হৈ আছে।

যেনে – ঔ-টেঙা গছৰ পৰা সজা নাঙলেৰে হাল বালে মাটি সোনকালে গেলে আৰু ধানত পোক নধৰে।

শিলিখা গছৰ পৰা তৈয়াৰ হোৱা নাঙলেৰে হাল বালেও খেতিত পোক নালাগে বুলি বিশ্বাস।

নাঙলৰ কাম কি কি ?

নাঙলৰ প্ৰধান কাম হ‘ল মাটি চহ কৰা। ধান বা অন্য শস্যৰ বীজ বা কঠিয়া ৰোপন কৰিবলৈ মাটি চহ কৰা হয়।

ইয়াকে হাল বোৱা বুলিও কোৱা হয়। ধান খেতি কৰিবলৈ এডৰা মাটিত অতি কমেও পাঁচ বাৰকৈ নাঙলেৰে হাল বোৱা বা চহোৱা হয়।

প্ৰতি চাহ বাওঁতে ব্যৱহাৰ হোৱা নাঙল আৰু ইয়াৰ বোৱা প্ৰণালী বেলেগ বেলেগ হয়।

প্ৰথম বাৰ কঢ়োৱা, দ্বিতীয় বাৰ সমাৰ বোৱা, তৃতীয় বাৰ মৈ দিয়া, চতুৰ্থ চাহ কঠীয়া তোলা, পঞ্চম চাহ বোকা দিয়া বা বোকা তোলা আদি।

নাঙলৰ প্ৰধান কামবোৰ

১) নাঙলেৰে হাল বাওঁতে মূৰৰ অংশটোৱে মাটি কাটি লুটিয়াই দিয়ে।

2) এই লুটিয়াই দিয়া অংশটো নাঙলটোৰ পিছৰ শকত অংশ এটাই চেপেটা কৰি ভাঙি দিয়ে

এইদৰে নাঙলেৰে মাটি কাটি দিয়াৰ উদ্দেশ্য হ‘ল, মাটিবোৰ পৃষ্ঠভূমিৰ কিছু তললৈকে গুৰি কৰি দি বীজ ৰোপনৰ বাবে সাজু কৰা

এই কাৰ্যত ফলত তলৰ মাটি ওপৰলৈ আহে, আৰু ওপৰত থকা জাবৰ জোঁথৰ তথা বন আদি তললৈ সোমাই গৈ সাৰলৈ ৰূপান্তৰিত হয়।

নাঙলেৰে হাল বোৱাৰ ফলত মাটিত বায়ু চলাচল অধিক হয় আৰু আদ্ৰতাৰ পৰিমাণো বৃদ্ধি পায়।

নাঙলৰ আকৃতি বা গঠন

নাঙলটো দেখিবলৈ প্ৰায় ইংৰাজীৰ এল আখৰটোৰ দৰেই হয়। ইয়াক সাঁজিবলৈ গছৰ বেঁকা অংশৰ ব্যৱহাৰ হয় বুলি পূৰ্বতে কোৱা হৈছে।

নাঙলেৰে হাল বাওঁতে বাওতাজনে সাধাৰণতে বাওঁ বা সোঁ হাতেৰে ধৰি হাল বায়। এই হাতেৰে ধৰা অংশটোক মুঠি বা কুটি বুলি কোৱা হয়।

মাটিত লাগি থকা অংশটোক ফাল বুলি কোৱা হয়। ইয়াত মাটি কৰ্ষণ কৰাৰ সুবিধাৰ অৰ্থে এচটা লো সংযোগ কৰা হয়।

ফালখন নাঙলত লাগি থাকিবলৈ আগটোত খোলনি কটা হয় আৰু এডাল বাঁহৰ শলা বা বেঙাৰ সহায়ত ইয়াত মজবুতকৈ লগোৱা হয়।

ফালৰ পিছফালৰ অংশটো শকত আৰু কিছু গধুৰ হয়। যাৰ বাবে ফালেৰে ফলা মাটি চেপেটা হৈ যোৱাত ই সহায় কৰে।

নাঙলৰ মাজৰ ভাঁজটোত এটা ফুটা কৰি এডাল দীঘল বাঁহৰ শলা লগোৱা হয়। এই ডালক ডিলা বুলি কোৱা হয়।

ইয়াৰ দৈৰ্ঘ ৬-৭ ফুট মান হয়। ইয়াক জাতি বাঁহেৰে সজা হয়।

ইয়াক গুৰিৰ কিছু অংশৰ সৈতে কাটি আনি লগোৱা হয়। এই ডালৰ নাম ইহ মাৰি বুলি জনা যায়।

ইয়াক টানকৈ নাঙলৰ লগত লগাবৰ বাবে বাঁহৰ সৰু টুকুৰা এটা লগোৱা হয়। ইয়াক পাতি বুলি কয়।

ইহ মাৰিত পাতি লগোৱাৰ কিছু নিয়ম আছে। বাৰিষা বোৱা নাঙলেৰে খৰালী শুকান মাটিত হাল বাব নোৱাৰি।

বাৰিষা নাঙল মাটিৰ কিছু তললৈকে সোমাব লাগে আৰু টনা গৰু মহৰ ভৰিও বোকাত সোমাই থাকে।

সেয়ে, পাতি ডোখৰ ইহ মাৰি ডালৰ ওপৰফালে লগোৱা হয়। ইয়াক সেও নাঙল বুলি কোৱা হয়।

আকৌ খৰালী বোৱা নাঙলৰ পাতি ডোখৰ ইহ মাৰিৰ তলৰ ফালে লগোৱা হয়। ইয়াক উভ নাঙল বুলি কোৱা হয়।

নাঙলেৰে হাল বোৱা পদ্ধতি

নাঙলেৰে হাল বাবলৈ কেইবাটাও বস্তুৰ প্ৰয়োজন হয়। তাৰ ভিতৰত, বাবলৈ হালোৱা, টানিবলৈ গৰু বা ম‘হ, নাঙল যুঁৱলী, গৰু বা ম‘হ খেদিবলৈ এচাৰি

হালোৱাই গৰু বা ম‘হ টনা নাঙলৰ খুটি বা কুটিত ধৰি পথাৰত ঘুৰাই ঘুৰাই হাল বায়।

এটা নিৰ্দিষ্ট অংশ হাল বাই শেষ হ‘লে সেই অংশটোক আউচ বুলি কোৱা হয়। আউচৰ কোনো নিৰ্দিষ্ট সীমা নাথাকে।

সেই আউচৰ সংলগ্ন কৰি আন এটা অংশলৈ এপাক এপাককৈ পুনৰ বোৱা হয়। এইদৰে বাই শেষ হ‘লে এচাহ মৰা হ‘ল বুলি কোৱা হয়।

নাঙলৰ প্ৰকাৰ

নাঙলৰ প্ৰকাৰ বা ভাগ সম্পৰ্কে অনেক তথ্য পোৱা যায়। প্ৰকৃততে আকৃতি আৰু কামৰ প্ৰয়োজনীয়তাৰ ভিত্তিতে নাঙলৰ ভাগ বোৰ কৰা হয়।

এটা মত অনুসৰি, নাঙল দুই প্ৰকাৰৰ, চিংফৌ নাঙল আৰু পাতি নাঙল

দ্বিতীয়টো মত অনুসৰি নাঙল তিনি প্ৰকাৰৰ,

১) গোটা নাঙল
২) ফাংফলীয়া নাঙল
৩) গুটীয়া নাঙল

নাঙলক পূণ্য লতা গোহাঁইয়ে ‘অসমৰ লোক-কলা‘ নামৰ গ্ৰন্থত তিনিটা ভাগত ভাগ কৰি দেখুৱাইছে,

১) পাতি নাঙল বা সেজুফলীয়া নাঙল
২) ফাংফলীয়া নাঙল বা চিংফৌ নাঙল বা গোটা নাঙল
৩) কাকফলীয়া নাঙল

নাঙলৰ বৈশিষ্ট্য

গোটা নাঙলৰ বৈশিষ্ট্য

দীঘলীয়া তৰা পাতৰ দৰে হয়। ইয়াৰ কৰ্ষণ কৰা অংশটো ত্ৰিভুজাকৃতিৰ।

ইয়াত তিনি আঙুলমান বহল আৰু এফুটমান দীঘল ফাল লগোৱা হয়। এই নাঙলৰ দ্বাৰা মাটি ফলাহে হয়, ই মাটি লুটিয়াব নোৱাৰে

পুৰণি দিনত লোহাৰ ফালৰ সলনি বাঁহৰ ফাল লগোৱাৰ নিয়ম আছিল।

ফাং-ফলীয়া নাঙলৰ বৈশিষ্ট্য

এই নাঙলৰ কোনো সিৰ নাথাকে। ইয়াৰ ফাল চটাৰ তলৰ ফালটো জোঙা আৰু ওপৰৰ ফালে ক্ৰমান্বয়ে বহল হয়।

ইয়াক মাটি লুটিয়াবৰ বাবে ব্যৱহাৰ কৰা হয়।

পাতি নাঙলৰ বৈশিষ্ট্য

ফাং ফলীয়া নাঙলৰ দৰেই পাতি নাঙলৰ কোনো সিৰ নাথাকে। ইয়াৰ ফাল চটা চেপেটা আৰু নাঙলটোৰ গাত লাগি থাকে।

গুটিয়া নাঙলৰ বৈশিষ্ট্য

গুটিয়া নাঙল সাধাৰণতে এটা গৰু বা মহেৰে বাব পৰাকৈ প্ৰস্তুত কৰা হয়।

ই দেখাত আন নাঙলৰ দৰেই হয়। কিন্তু এটাৰে বাব পৰাকৈ ইয়াত নাঙলৰ লগত কিছু অংশ সংযোগ কৰি দিয়া হয়।

ইয়াত নাঙলৰ লগত সংযোগী ডিলা ডালৰ লগত পথালিকৈ এডাল শলখা লগোৱা হয়। তাত ৰচি লগাই যুঁৱলীৰ লগত বান্ধি দিয়া হয়।

তৰা সেজীয়া নাঙলৰ বৈশিষ্ট্য

এই নাঙলৰ ভাঁজটো সাধাৰণ নাঙলতকৈ বেছি হয়। গৰু-ম‘হ আৰু হালোৱাৰ দূৰত্ব এই নাঙলেৰে হাল বাওঁতে বেছি হয়।


FAQ on অসমীয়া খেতিৰ সঁজুলী নাঙল

নাঙলৰ কাম কি কি

নাঙলৰ প্ৰধান কাম হ‘ল মাটি চহ কৰা। ধান বা অন্য শস্যৰ বীজ বা কঠিয়া ৰোপন কৰিবলৈ মাটি চহ কৰা হয়।

নাঙলৰ আকৃতি বা গঠন কেনেকুৱা ?

নাঙলটো দেখিবলৈ প্ৰায় ইংৰাজীৰ এল আখৰটোৰ দৰেই হয়। ইয়াক সাঁজিবলৈ গছৰ বেঁকা অংশৰ ব্যৱহাৰ হয়।

নাঙল কিহেৰে তৈয়াৰ কৰা হয় ?

নাঙল তৈয়াৰ কৰিবলৈ অসমীয়া কৃষকে সাধাৰণতে জামু, ঔ-টেঙা, শিলিখা, কঠাল, পমা বা সোণাৰু আদি গছৰ কাঠ ব্যৱহাৰ কৰে।

নাঙলৰ কেই প্ৰকাৰৰ ?

পাতি নাঙল বা সেজুফলীয়া নাঙল, ফাংফলীয়া নাঙল বা চিংফৌ নাঙল বা গোটা নাঙল, কাকফলীয়া নাঙল আদি।


ইয়াৰ লগতে পঢ়কঃ


ইয়াৰ লগত জানিব পাৰিব তলত উল্লেখ কৰা বিষয় সমূহৰ বিষয়ে

পথাৰৰ বিষয়ে | মৈ | নাঙলৰ ছবি | নাঙলৰ সীৰলু | গৰু গাড়ী | পথাৰ ৰচনা | লাঙল | নাঙল বিহু | অসমৰ কৃষি পদ্ধতি | আধুনিক কৃষি পদ্ধতি | অসমৰ ধান খেতি । অসমৰ খেতিৰ সঁজুলি । অসমৰ ধান খেতি । কোৰ । নাঙলৰ ছবি । অসমীয়াৰ কৃষি কাৰ্য্যৰ সঁজুলি । অসমৰ ধান খেতিৰ সঁজুলিসমূহ । অসমৰ পৰম্পৰাগত কৃষি সঁজুলি । চহা কৃষকৰ আপোন সঁজুলি কেইপদ | ডাকৰ বচনত খেতি-বাতি । নাঙল মাটি । নাঙল ধোৱা পৰ্ব । নাঙলৰ সকলো অংগ-প্ৰত্যঙ্গ । আদিম মানুহৰ কৃষি কাৰ্য । অসমৰ কৃষি বিপ্লৱ । হলধৰ

Leave a Comment

error: Content is protected !!