সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

অসমীয়া সাহিত্যৰ আদি যুগ

অসমীয়া সাহিত্যৰ যুগ বিভাজন সম্পৰ্কে বিভিন্ন পণ্ডিত লেখকে দিয়া মতামত সমূহ অসমীয়া সাহিত্যৰ যুগ বিভাজন নামৰ লেখাটোত বিস্তৃত ভাৱে আলোচনা কৰা হৈছে।

এই আলোচনাত কেৱল উক্ত যুগ বিভাজন সমূহৰ ভিতৰত সাহিত্যৰ আদি যুগটোৰ কথাহে আলোচনা কৰা হ‘ব।

উপৰোক্ত লেখাটোত আলোচনা কৰোতে পোৱা হৈছে যে, অসমীয়া সাহিত্যৰ প্ৰথম যুগটোৰ বিষয়ে বিভিন্ন পণ্ডিতে বিভিন্ন মত দাঙি ধৰিছে।

এই যুগটোক পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে গীতি যুগ বুলি উল্লেখ কৰিছে। তেওঁ এই যুগৰ সময় সীমা ৬০০ ৰ পৰা ৮০০ খ্ৰীষ্টাব্দলৈ হ‘ব বুলি নিধাৰণ কৰিছে।

কিন্তু যুগ বিভাজন কৰোতে পৰৱৰ্তী সময়ত আন আন লোক সকলে এই মতটোক শুদ্ধ বুলি বিবেচনা কৰা দেখা নাযায়

কিয়নো এই সময়চোৱাৰ ভিতৰত কোনো লিখিত সাহিত্যৰ নিদৰ্শন পোৱা নাযায়।

অৱশ্যে পণ্ডিত গোস্বামীয়ে মন্ত্ৰ আৰু ভনিতাৰ যুগ বুলি দ্বিতীয়তে যিটো যুগক আখ্যা দিছে, সেই যুগটোৰ ভিতৰত কিছু লিখিত সাহিত্যৰ নিদৰ্শন দেখিবলৈ পোৱা যায়।

দেবেন্দ্ৰ নাথ বেজবৰুৱাই আদি যুগ বুলি উল্লেখ কৰা যুগটোক অসমীয়া ভাষাৰ আৰম্ভণিৰ পৰা শংকৰদেৱৰ সময়লৈকে সামৰি লোৱা দেখা গৈছে।

দেৱানন্দ ভৰালী আৰু কালিৰাম মেধিয়ে উক্ত যুগটোত প্ৰাক শংকৰী যুগ নামেৰে উল্লেখ কৰিছে।

তেওঁলোকে ইয়াৰ সময় সীমা ১০০০ ৰ পৰা ১৩০০ শতিকা বা অতীতৰে পৰা শংকৰদেৱৰ সময়লৈকে বুলি নিধাৰণ কৰিছে।

ডিম্বেশ্বৰ নেওগে ওপৰোক্ত পণ্ডিত কেইজনতকৈ কিছু পৃথক ভাৱে আদি যুগৰ সময় সীমা সামৰি লোৱা দেখা যায়।

তেওঁ ৬০০ ৰ পৰা ১১০০ খ্ৰীষ্টাব্দলৈ আদি যুগৰ সময় নিধাৰণ কৰিছে।

ড০ বাণীকান্ত কাকতিয়ে আদি যুগত এয়োদশৰ শতিকাৰ আগৰ কোনো সাহিত্য সামৰি লোৱা দেখা নাযায়।

তেওঁ এয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈকে আদি যুগৰ সাহিত্যৰাজিক স্বীকৃতি দিছে।

ড০ মহেশ্বৰ নেওঁগে এই যুগটোক বৌদ্ধ যুগ বুলি উল্লেখ কৰা দেখা পোৱা যায়।

ড০ নেওঁগে অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকালৈ এই যুগৰ সময় নিধাৰণ কৰিছে।

অসমীয়া সাহিত্যৰ যুগ বিভাজনত ড০ সত্যেন্দ্ৰ নাথ শৰ্মাৰ যুগ বিভাজনকেই বেছিকৈ প্ৰাধান্য দিয়া হয় আৰু যুক্তি সম্পন্ন বুলি ভৱা হয়।

ড০ শৰ্মাই আদি যুগটোক ৯০০ ৰ পৰা ১৩০০ শতিকাৰ ভিতৰত বুলি যুক্তি দাঙি ধৰিছে।

হৰিনাথ শৰ্মাদলৈয়ে অসমীয়া সাহিত্যৰ প্ৰথম যুগটোক প্ৰাৰম্ভিক বা উদ্ধৱ কালীন যুগ বুলি ৮০০ ৰ পৰা ১৩০০ শতিকালৈ সময় নিৰ্ধাৰণ কৰা দেখা যায়।

এই আলোচনাত উপৰোক্ত সকলো পণ্ডিতৰ মতামত তথা সময় সমূহ বিচাৰ কৰি সাহিত্যৰ পণ্ডিত সকলে যুক্তি সম্পন্ন বুলি ভৱা ড০ মহেশ্বৰ নেওগ আৰু ড০ সত্যেন্দ্ৰ নাথ শৰ্মাৰ যুগ বিভাজনৰ ভিত্তিতে আদি যুগৰ পৰিচয় দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।

আদি যুগৰ অসমীয়া সাহিত্যক উদ্ভৱ কালৰ সাহিত্য বুলিও কোৱা হয়।

কিয়নো এই সময়ত সৃষ্টি হোৱা সাহিত্য সমূহ অসমীয়া ভাষাই এটা ৰূপ লোৱাৰ প্ৰাকক্ষণতে সৃষ্টি কৰা হৈছিল।

ড০ সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে, চতুৰ্দশ শতিকাৰ আগতে সৃষ্টি হোৱা অসমীয়া ভাষাৰ লিখিত সাহিত্যৰ সংখ্যা অতি নগন্য।

অৱশ্যে ইয়াৰ কিছুমান কাৰণো তেওঁ ব্যাখ্যা কৰিছে।

বিভিন্ন প্ৰাকৃতিক কাৰণ, যেনে, জলবায়ু, বৰষুণ বা বানপানী, সংৰক্ষণৰ অভাৱ, দেশৰ বিভিন্ন বিপৰ্যয়, অনাদৰ আদিৰ ফলত প্ৰাচীন পুথি লোপ পোৱাৰ আশংকা তেওঁ ব্যক্ত কৰিছে।

তেওঁ উল্লেখ কৰা সময়চোৱাৰ ভিতৰত বিভিন্ন মৌখিক গীত মাত ৰচিত হৈছিল যদিও সেইবোৰৰ কোনো লিপিবদ্ধ ৰূপ পোৱা হোৱা নাছিল।

ড০ শৰ্মাৰ যুগ বিভাজন অনুসৰি ৯৫০ ৰ পৰা ১৩০০ শতিকাৰ ভিতৰত খুৱ কম সংখ্যক নিদৰ্শনহে পোৱা যায়।
এই সমূহৰ ভিতৰত প্ৰধান হ‘ল চৰ্যাপদ সমূহ

চৰ্যাপদ

চৰ্যাপদৰ বিষয়ে চৰ্যাপদ নামৰ লেখাত বিস্তৃত ভাৱে আলোচনা কৰা হৈছে।

হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপাল ৰাজদৰবাৰৰ পৰা উদ্ধাৰ কৰি অনা চৰ্যাপদ সমূহতেই অসমীয়া সাহিত্যৰ প্ৰথম নিদৰ্শন দেখিবলৈ পোৱা যায়।

চৰ্যাপদ সমূহ সহজযানী বৌদ্ধধৰ্মৰ ধৰ্ম সম্বলিত গীত বুলি আখ্যা দিয়া হয়।

সেইবাবেই হয়তো ড০ মহেশ্বৰ নেওগে তেওঁৰ যুগ বিভাজনত এই সময়চোৱাক বৌদ্ধ যুগ বুলি অভিহিত কৰিছে।

চৰ্যাপদ সমূহ ৰচনা কৰিছিল ২৪ জন সিদ্ধাচাৰ্যই।

এই সকলৰ ভিতৰত কেইবাজনো অসমীয়া সিদ্ধপুৰুষ আছিল বুলি পণ্ডিত সকলে ভাষা আৰু সাহিত্য তথা সংস্কৃতিৰ বৈশিষ্ট্যৰ ভিত্তিত প্ৰমাণ কৰিছে।

চৰ্যাপদ ৰচনা কৰা অসমীয়া ৰচকসকল আছিল – ভুসুকপাদ, কাহ্নপাদ, সৰহপাদ, লুইপাদ, শান্তিপাদ, মহীধৰপাদ, শবৰপাদ, ডোম্বীপাদ, ঢেণ্ঢনপাদ, আৰু দাৰিকপাদ

অৱশ্যে ভাষাৰ মিল সমূহ লক্ষ্য কৰি হিন্দী, উৰিয়া, বঙলা, মৈথিলী আদি ভাষায়ো চৰ্যাপদ সমূহ নিজ ভাষাৰ বুলি দাবী কৰি আহিছে।

চৰ্যাপদৰ বৈশিষ্ট্য

এই চৰ্যাপদ সমূহৰ কিছুমান বৈশিষ্ট্য দেখা পোৱা যায়-

চৰ্যাপদ সমূহক বৌদ্ধগান বা দোহা বুলি কোৱা হয়।

ই হ‘ল বৌদ্ধধৰ্মৰ সহজযান পন্থৰ ধৰ্মসাধনৰ গীত।

চৰ্যাপদ সমূহৰ প্ৰকৃত অৰ্থ বুজা অতি কঠিন। সেইবাবেই ইয়াক সান্ধ্যভাষা বুলিও কোৱা হয়।

গুৰু অবিহনে চৰ্যা সমূহৰ মৰ্ম তথা তত্ব বুজিব পৰা নাযায়।

চৰ্যাপদ সমূহ প্ৰতীক ধৰ্মী

চৰ্যাপদ সমূহত কেইবাটাও ভাষাৰ বৈশিষ্ট্য সন্নিবিষ্ট হৈ আছে। অসমীয়া, বঙলা, হিন্দী, মৈথিলী আৰু উৰিয়া ভাষাৰ জন্মৰ পূৰ্বক্ষণৰ লক্ষণ সমূহ ইয়াত দেখা পোৱা যায়।

চৰ্যাসমূহে সাধাৰণতে দুটা অৰ্থ প্ৰকাশ কৰা দেখা যায়। ইয়াৰে এটা সাধাৰণ অৰ্থ আৰু আনটো যাক উদ্দেশি্য সেয়া ৰচনা কৰা হৈছে তাৰ অৰ্থ।

চৰ্যা পদ সমূহ হ‘ল সহজযানী পন্থৰ বৌদ্ধধৰ্মৰ ধৰ্ম প্ৰচাৰৰ অন্যতম আহিলা।

চৰ্যাপদ সমূহত বৌদ্ধধৰ্মৰ সহজযানী পন্থৰ নিৰ্বান লাভৰ তত্ব কথাবোৰ সাংকেতিক ৰূপত কৰা হৈছে।

চৰ্যাপদ সমূহত সেই সময়ৰ সমাজখনৰ বিভিন্ন ৰূপ প্ৰকাশ কৰা হৈছে।

চৰ্যাপদ সমূহত বিভিন্ন ৰাগৰ উল্লেখ পোৱা যায়। সেয়ে ইয়াক ৰাগৰ জৰিয়তেহে গোৱা হৈছিল বুলি অনুমান কৰিব পাৰি।

চৰ্যাপদ সমূহত বিভিন্ন নৈতিক আৰু আধ্যাত্মিক উপদেশৰ পয়োভৰ দেখা পোৱা যায়।

শ্ৰীকৃষ্ণ কীৰ্তন

অসমীয়া সাহিত্যৰ আদি যুগৰ নিদৰ্শন হিচাপে বডু চণ্ডীদাসৰ দ্বাৰা ৰচিত শ্ৰীকৃষ্ণ কীৰ্তনকো সামৰি ল‘ব পাৰি বুলি পণ্ডিত সকলে মত দাঙি ধৰিছে।

অৱশ্যে শ্ৰীকৃষ্ণ কীৰ্তনত বঙলা ভাষাৰ প্ৰভাৱ অতি ষ্পষ্ট ভাৱেই থকা দেখিবলৈ পোৱা যায়।

ড০ বাণীকান্ত কাকতিয়ে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাগত দিশ সমূহ বিচাৰ কৰি ইয়াৰ ভাষা অসমীয়া আৰু বঙলা ভাষাৰ উদ্ভৱৰ সময়ৰ বুলি মত পোষণ কৰিছে।

শ্ৰীকৃষ্ণ কীৰ্তন উদ্ধাৰ কৰ্তা তথা সম্পাদক বসন্তৰঞ্জন ৰায়ৰ মত অনুসৰি, এই পুথিখন শেষজন লিপিকাৰৰ হাতত পৰাৰ আগতেই অসম বা সেই সময়ৰ কামৰূপ পৰিভ্ৰমণ কৰি আহিছিল।

বঙলা ভাষাত এই পুথিখনৰ কেইবাটাও সংস্কৰণ প্ৰকাশ পাইছে যদিও অসমীয়া ভাষাত ইয়াৰ সংখ্যা অতি নগন্য।

এই পুথিখনত বঙলা ভাষাত ব্যৱহাৰ নোহোৱা কিন্ত পূৰ্বৰে পৰা অসমীয়া ভাষাত চলি অহা অনেক শব্দৰ প্ৰকাশ ঘটিছে।

ডিম্বেশ্বৰ নেওগৰ মতেও অসমীয়া ভাষাৰ যথেষ্ট লক্ষণ শ্ৰীকৃষ্ণ কীৰ্তনত দেখা পোৱা যায়।

ড০ মহেশ্বৰ নেওগেও এই পুথিখনৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সাদৃশ্যৰ ক্থা উল্লেখ কৰিছে।

শ্ৰীকৃষ্ণ কীৰ্তনৰ ৰচনাকাৰ বড়ু চণ্ডীদাসৰ বিষয়েও ড০ সত্যেন্দ্ৰ নাথ শৰ্মাই তেওঁৰ ‘অসমীয়া সাহিত্যৰ সমিক্ষাত্মক ইতিবৃত্ত‘ত উল্লেখ কৰা পোৱা যায়।

বড়ু শব্দটো অসমীয়া সকলৰ বৰুৱা উপাধিৰ এটা ৰূপান্তৰ বুলি তেওঁ উল্লেখ কৰিছে।

ইয়াৰোপৰি অসমীয়া ভাষাৰ ব্যাকৰণৰ কিছুমান বিশেষত্ব শ্ৰীকৃষ্ণ কীৰ্তনত পোৱা যায় বুলি ড০ শৰ্মাই উল্লেখ কৰিছে।

তেওঁৰ মতে যদিও শ্ৰীকৃষ্ণ কীৰ্তনত বঙলুৱা ঠাঁচ আছে তথাপিও আদি যুগৰ অসমীয়া ভাষাৰ লক্ষণ সমূহ ইয়াত খুৱ স্পষ্ট ৰূপত আছে।

অসমীয়া ভাষাত শ্ৰীকৃষ্ণ কীৰ্তনৰ আলোচনা অতি নগন্য। ইয়াৰ কাৰণো নথকা নহয়।

মূল কাৰণ হিচাপে ইয়াৰ বিষয়বস্তুকে ল‘ব পাৰি।

শ্ৰীকৃষ্ণ কীৰ্তনৰ মূল বিষয়বস্তু হৈছে ৰাধা কৃষ্ণৰ প্ৰেম লীলা

মুঠ বাৰটা খণ্ডেৰে বিভক্ত শ্ৰীকৃষ্ণ কীৰ্তন গ্ৰন্থখন মাত্ৰ তিনিটা চৰিত্ৰৰ দ্বাৰাই প্ৰকাশ কৰা হৈছে।

অসমীয়া সমাজত আদিৰস যুক্ত পৰকীয়া প্ৰেমলীলা সংলগ্ন কৃষ্ণক উপাসনা কৰা নহয় বাবেই হয়তো এই গ্ৰন্থখন তথা ইয়াৰ বিষয়বস্তুয়ে অসমীয়া সমাজত স্থান লাভ কৰা নাই।

এই খিনিতে উল্লেখ কৰিব পাৰি যে, শ্ৰীকৃষ্ণ কীৰ্তনৰ এটি সম্পাদিত ৰূপ ড০ লীলাৱতী শইকীয়া বৰাই অসমীয়া ভাষাত প্ৰকাশ কৰিছে।

Leave a Comment

error: Content is protected !!