অ ভা উ সা সভা
অ ভা উ সা সভা বা অসমীয়া ভাষা উন্নতি সাধিনী সভা
‘মোৰ জীৱন সোৱৰণ‘ত লখ্মীনাথ বেজবৰুৱাই অ ভা উ সা সভা বা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম সম্পৰ্কে উল্লেখ কৰিছে যে, ‘১৯৮০ শকৰ ভাদ মাহত (১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখ) ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ বহাত হোৱা ‘টি পাৰ্টি‘ত অসমীয়া ভাষাৰ উন্নতি সাধিবৰ অৰ্থে এখন সভা কৰিবৰ প্ৰস্তাৱ হৈ সেই প্ৰস্তাৱ কাৰ্যত পৰিণত হোৱাৰ ফল স্বৰূপে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা‘ৰ জন্ম হয়‘।
পটভূমি বিচাৰ কৰিলে পোৱা যায় যে, অসমীয়া ভাষাৰ হেৰোৱা গৌৰৱ উদ্ধাৰৰ বাবে কলিকতাত পঢ়ি থকা কেইজনমান অসমীয়াই প্ৰায় ১৮৭২ চন মানত জন্ম দিছিল ‘অসমীয়া সাহিত্য চ‘ৰা‘ বা ‘অসমীয়া সাহিত্য সভা’ বা ‘অসমীয়া ছাত্ৰৰ সাহিত্য সভা‘ নামৰ এটি অনুষ্ঠানৰ।
এই অনুষ্ঠাটিৰ গুৰি ধৰোতা আছিল গঙ্গা গোবিন্দ ফুকন।
১৮৮৫ চন মানলৈকে চলি থকা এই অনুষ্ঠানটি কিন্তু সময়ৰ লগে লগে লাহে লাহে নাইকীয়া হৈ গ‘ল।
সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰ সকলৰ মাজত প্ৰতি সপ্তাহৰ বুধ বাৰ বা শনি বাৰে ‘টি পাৰ্টি‘ এটা উল্লেখযোগ্য অনুষ্ঠান আছিল।
এই টি পাৰ্টিত অসমীয়া ভাষা সাহিত্যৰ বিষয়ে আলোচনা হোৱা এটি প্ৰস্তাৱৰ আলমতেই ওপৰত উল্লেখিত লখ্মীনাথ বেজবৰুৱাই কৰা উক্তিৰ দৰেই সৃষ্টি হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা বা চমুকৈ অ ভা উ সা সভাৰ।
অসমীয়া ভাষা উন্নতি সাধিনী সভা জন্মৰ সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰ সকলৰ ভিতৰত প্ৰধান আছিল –
চন্দ্ৰ কুমাৰ আগৰৱালা,
লখ্মীনাথ বেজবৰুৱা,
হেমচন্দ্ৰ গোস্বামী,
পদ্মনাথ গেঁাহাঞি বৰুৱা,
সত্যনাথ বৰা,
কনকলাল বৰা,
ৰমাকান্ত বৰকাকতি,
শিৱনাথ শৰ্মা বৰদলৈ,
লক্ষেশ্বৰ শৰ্মা,
বেণুধৰ ৰাজখোৱা,
তীৰ্থনাথ কাকতি,
লক্ষী প্ৰসাদ চলিহা,
কৃষ্ণকুমাৰ বৰুৱা,
ৰমাকান্ত বৰকাকতি,
কমল চন্দ্ৰ শৰ্মা,
ৰমাকান্ত বৰুৱা, আদি।
শিৱনাথ শৰ্মা বৰদলৈয়েই আছিল এই সভাৰ প্ৰথম সম্পাদক।
অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধনেই আছিল এই সভাৰ মূল উদ্দেশ্য।
ওপৰত উল্লেখিত তাৰিখত অনুষ্ঠিত হোৱা সভাত অ ভা উ সাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সংকল্প গ্ৰহণ কৰা হৈছিল।
সেই সমূহৰ ভিতৰত –
১) পুৰণি পুথি সমূহ সংগ্ৰহ কৰা আৰু সেই সমূহ প্ৰকাশৰ ব্যৱস্থা কৰা।
২) যিহেতু সেই সময়ত বঙলা ভাষাৰ প্ৰভাৱ অসমৰ বিদ্যালয় সমূহত কিছু পৰিমাণে আছিল, গতিকে সেই সকলো শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ প্ৰচলন কৰা।
৩) অসমীয়া ভাষা অশুদ্ধ ভাৱে প্ৰচলন হৈ থকা ব্যাকৰণ আৰু বৰ্ণ বিন্যাস সমূহ বিচাৰ কৰি সেই সমূহৰ ঠাইত শুদ্ধ ব্যাকৰণ আৰু বৰ্ণ বিন্যাসৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা।
৪) অনুবাদৰ ওপৰত গুৰুত্ব প্ৰদান কৰি, সংস্কৃত ভাষা বা আন যিকোনো ভাষাৰ ভাল ভাল পুথি সমূহ অসমীয়া ভাষালৈ অনুবাদ কৰা।
৫) অসমত প্ৰচলন হৈ থকা সামাজিক ৰীতি-নীতি তথা ধৰ্মীয় কথা সমূহ সংগ্ৰহ কৰা আৰু বুৰঞ্জী প্ৰণয়ন কৰা।
৬) অসমীয়া ভাষাত সাহিত্য সম্পৰ্কীয় গ্ৰন্থ আৰু বিদ্যালয়ৰ বাবে প্ৰয়োজনীয় পাঠ্যপুথি সমূহৰ অভাৱ দূৰ কৰা।
ড০ মহেশ্বৰ নেওঁগে ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা‘ নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে, ‘.. .. অ ভা উ সা সভাই হ‘ল এক প্ৰৱল সাহিতি্যক আন্দোলনৰ মূল। সভাৰ উচ্চাকাঙ্খা আছিলঃ কেচুৱা মাতৃভাষা কেনেকৈ ডাঙৰ দীঘল হ‘ব; কেনেকৈ সি পৃথিৱীৰ আন আন ধনী আৰু উন্নতিশীল ভাষাৰ সমান হৈ আপোন গৌৰৱ-বেলিৰ পোহৰ চাৰিওফালে পেলাই দুখিয়া আৰু এন্ধাৰ অসমৰ মুখ পোহৰাব পাৰিব..‘।
১৮৮৯ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ হিচাপে জোনাকী নামৰ আলোচনীখন প্ৰকাশ হয়।
এই আলোচনীখনৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা।
জোনাকী আলোচনীৰ বিষয়ে জোনাকী যুগৰ সাহিত্য নামৰ প্ৰৱন্ধটোত বিস্তৃত ভাৱে উল্লেখ কৰা হৈছে।
সেয়ে ইয়াত বহলাই আলোচনা কৰা নহ‘ল।
জোনাকী আলোচনীৰ জন্মৰ লগে লগেই অসমীয়া ভাষা সাহিত্যৰ এক নতুন দিগন্তৰ উদয় হয়।
জোনাকীৰ দৰেই বান ৰঙ্গমঞ্চও অ ভা উ সাৰ আন এক ফচল।
অসমীয়া অভিনেতা সকলে এসময়ত বেঙ্গলী অভিনেতাসকলৰ সৈতে একে লগে অভিনয় কৰিছিল।
কিন্তু মতানৈক্যৰ সৃষ্টি হোৱাত অসমীয়া অভিনেতাসকল বিভক্ত হৈ আহি ১৯০৭ চনত বান থিয়েটাৰ পাৰ্টী গঠন কৰিছিল।
পৰৱতী সময়ত অসমীয়া ভাষা উন্নতি সাধিনী সভাই অসমৰ বিভিন্ন প্ৰান্তত তাৰ শাখা প্ৰসাৰিত কৰিছিল।
ইয়াৰ ফলশ্ৰুতিতেই ১৯১৬ চনত প্ৰতিষ্ঠা হৈছিল অসম সাহিত্য সন্মিলনীৰ।
১৯১৭ চনত এই অসম সাহিত্য সন্মিলনীয়ে ইয়াৰ অধিবেশন আয়োজন কৰিছিল আৰু ইয়াৰ নাম অসম সাহিত্য সভালৈ ৰূপান্তৰিত কৰিছিল।
এক সূদীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰি অসমীয়া ভাষা উন্নতি সাধিনী সভা বা অ ভা উ সাই অসমীয়া ভাষা সাহিত্যলৈ স্মৰণীয় অৱদান আগবঢ়াই থৈ গ‘ল।