সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

সপোন এক নুবুজা শিহৰণ

সপোন এক নুবুজা শিহৰণ…

সপোনৰ সংজ্ঞা বিচাৰি বাট বুলিছিলো তোমাৰ পদূলিলৈ।

তুমি আহিছিলা; মোৰ জীৱনৰ পদূলিত থিয় হৈ আগবঢ়াই দিছিলা সপোনৰ সংজ্ঞা

অবুজন নে বুজিও নুবুজা মই।

উচুপিছিলা তুমি, অভিমানী হৈ পৰিছিলা।

লাহে লাহে সপোনৰ সংজ্ঞা লৈ তুমি সোমাই আহিছিলা মোৰ পদূলিয়েদি মোৰ হৃদয়ৰ একোঠলীয়া ঘৰটোলৈ।

আঁকি দিছিলা অনেক সপোন।

সপোনৰ পাছে পাছে হাতত হাত ধৰি আমি দৌৰিছিলো মিঠা সপোনক বাস্তৱ কৰিবলৈ।

সপোনৰ ঠিকনা আকাশৰ সীমনা।

গৈ গৈ ভাগৰ লগা অন্তহীন যাত্ৰা; ৰৈ গৈছিলা তুমি… হয়তো ভাগৰত ঢলি পৰিছিলা।

নভৱাকে, নজনাকে হঠাতে ভাগি পৰিছিল মিঠা সপোনৰ কাঁচঘৰ।

অবুজ শিশুৰ দৰে উচুপিছিলো জীক্নৱৰ গতি স্তব্ধ হোৱাৰ বেদনাত।

সপোন…।

সপোনক কেৱল সপোন হৈয়েই ৰৱলৈ দিব নোৱৰো।

জীৱনৰ বাটত হাৰিব নোখোজা মোৰ মন

দুচকুত অলেখ স্বপ্ন… দুবাহুত শক্তি, ৰণুৱা ঘোঁৰাৰ দৰেই দৌৰিব খোজো মই।

সপোনে পূৰ্ণতা পাব, নীলিম আকাশত ৰামধেনু ওলাব… সপোনৰ মধুময় ক্ষণবোৰ বাস্তৱ ৰূপ ল’ব; তাৰ বাবে মই প্ৰতিশ্ৰুতিবদ্ধ।

— ৰাজীৱ ফুকন

ইয়াৰ লগতে পঢ়কঃ


শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থানত অভিনয় কলাৰ অনুশীলন ছাঁ-পোহৰেদি এভুমুকি

লেটেকুপুখুৰী

শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান, লেটেকুপুখুৰী উদ্ধাৰ হোৱাৰ পূৰ্বে বিংশ শতিকাৰ আগভাগতেই অঞ্চলটোৰ গাঁওসমূহ গঢ় লৈ উঠিছিল।

এই গাঁওসমূহৰ ভিত্তিভূমি গঠন কৰাত যিহেতু নামঘৰসমূহে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল আৰু এই নামঘৰসমূহত অংকীয়া আৰু মাতৃভাষা– এই দুয়োটা মাধ্যমতে ভাওনা [কেতিয়াবা পাল্লা] ৰূপায়ণ হোৱাটো আছিল এটা নৈমিত্তিক কথা।

কাজেই এই কলা-কৃষ্টিৰ সাধকসকলৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থানতো উদ্ধাৰকালীন সময়ৰ পৰাই কলা-কৃষ্টিৰ উল্লেখযোগ্য অনুশীলন-পৰিশীলন চলি আহিছে।

গড় হিচাপে বছৰি নূ্যনতম ১০ [দহ]খনকৈ ভাওনা ৰূপায়ণ হোৱা বুলি ধৰি ল’লেও ক’ব পাৰি অদ্যৱধি জন্মস্থানত ৰূপায়ণ হোৱা ভাওনাৰ সংখ্যাই সৰ্বাধিক হ’ব।

এই পাৰিসাংখ্যিক তথ্যৰ পৰাই গুৰুজনাৰ কলা-কৃষ্টিৰ অনুশীলনৰ ক্ষেত্ৰত শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থানক অসম ভূমিৰ ভিতৰতে এক উল্লেখযোগ্য সাংস্কৃতিক পীঠ হিচাপে অভিহিত কৰিব পাৰি।

জন্মস্থানৰ সাংস্কৃতিক ঐতিহ্য বা পৰম্পৰা বৰ্ণাঢ্য আৰু এই সাংস্কৃতিক পৰিক্ৰমাত জন্মস্থানখনিৰ নিকটৱৰ্তী গাঁওসমূহৰ গৰিষ্ঠসংখ্যক ব্যক্তি প্ৰত্যক্ষ কিম্বা পৰোক্ষভাৱে জড়িত হৈ আছিল বা আছে।

বিশেষকৈ লক্ষীমপুৰ জিলাৰ নামনি ভাগত আৰু সাধাৰণভাৱে সমগ্ৰ অসমৰ সাংস্কৃতিক পৰিমণ্ডললৈ জন্মস্থানখনিৰ ভূমিকা অনবদ্য।

কিন্তু পৰিতাপৰ কথা এয়ে যে জন্মস্থানখনিত চৰ্চা হোৱা কলা-সংস্কৃতিৰ এই বৰ্ণাঢ্য পৰিক্ৰমাটোৰ এখন যথাযথ চিত্ৰ আঁকিবৰ বাবে আমাৰ হাতত প্ৰণালীবদ্ধ তথা লিপিবদ্ধ তথ্যৰ বাৰুকৈয়ে অভাৱ।

সেয়েহে জন্মস্থানখনিত ৰূপায়ণ হোৱা বিশেষকৈ অভিনয় কলাৰ এখনি ছবি আধাডুখৰীয়াকৈ হ’লেও অংকন কৰিবৰ কাৰণে আমি এই অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ কাষ চাপিছিলোঁ আৰু সেইসকল কলাৰসিকৰ বক্তব্যৰ ভিত্তিত এই প্ৰতিবেদনটি যুগুত কৰা হৈছে।

উল্লেখযোগ্য যে প্ৰায় সত্তৰ বছৰীয়া এই সুদীৰ্ঘ পৰিক্ৰমাটি যুগুত কৰিবলৈ লওঁতে আমি  দহবছৰীয়া একোটিকৈ কাল নিৰূপণ কৰি, জ্যেষ্ঠতাৰ ভিত্তিত সেই সেই কালছোৱাৰ একোখন ছবি প্ৰতিফলন ঘটাবলৈ প্ৰয়াস কৰিছোঁহক।

নিম্ন উল্লিখিত তথ্যসমূহ সেইসকল কলামোদী ব্যক্তিৰ সাক্ষাৎমূলক বক্তব্যৰ সম্পাদিত ৰূপ। 

১৯৫১-৫২ চনত [মাঘ মাহত] পোনপ্ৰথম লেটেকুপুখুৰীত উত্তৰ কমলাবাৰী সত্ৰৰ ভকত- বৈষ্ণৱসকলে ‘সুৰথ উদ্ধাৰ’ নামৰ এখন ভাওনা কৰিছিল।

সেই বছৰতে গুৰুজনাৰ জন্মজয়ন্তী উৎসৱত চৌধ্যপুনীয়া গাঁৱৰ ৰাইজেও ‘ৰক্তমুকুট’ নামৰ এখন ভাওনা পাতিছিল। এই দুইখন ভাওনা বৰ্তমান নাটঘৰ নিৰ্মাণ কৰি থকা ঠাইত হৈছিলচ ভাওনা দুখনে ৰাইজক সন্মোহিত কৰিছিল।

১৯৫৪-৫৫ চনত শঙ্কৰদেৱৰ জন্মোৎসৱভাগি বৰবালিৰ ‘শঙ্কৰদেৱ জন্মোৎসৱ সমিতিয়ে গুৰুজনাৰ থানত তিনিদিনীয়াকৈ উদযাপন কৰিছিল।

এই উৎসৱৰ সভাপতি আছিল সোণাৰিপাৰ সত্ৰৰ সত্ৰাধিকাৰ চন্দ্ৰকমল গোস্বামী, উপ-সভাপতি আছিল যুগল চন্দ্ৰ হাজৰিকা, যুটীয়া সম্পাদক আছিল শ্ৰী মধুপ্ৰসাদ দত্ত আৰু প্ৰয়াত হিতেশ্বৰ বৰুৱা।

মূল তিথিৰ দিনা অঙ্কীয়া নাট আৰু বাকী দুদিনত মাতৃভাষাৰ ভাওনা পাতিছিল। এই উৎসৱত পোৰাবিলৰ পৰা ‘ৰুক্মিণী হৰণ’, ভোগদৈগুৰি গাঁৱৰ পৰা  ‘শাল দৈত্য বধ’ আৰু শ্ৰীভূঞা চমুৱা গাঁৱৰ পৰা ‘ভীষ্ম পৰ্ব’ ভাওনা পতা হৈছিল।

‘ৰুক্মিণী হৰণ’ ভাওনাত পোৰাবিলৰ তুৱাই বৰা বায়নৰ নেতৃত্বত  গায়ন-বায়ন আৰু সেই সময়ৰ বৃদ্ধ ব্ৰজনাথ বৰুৱা আৰু যুগল চন্দ্ৰ হাজৰিকাই অঙ্কীয়া গীত পৰিৱেশন কৰিছিল।

সেই ভাওনাৰ সূত্ৰধাৰী লোৱা মানুহজন হঠাতে আহিব নোৱৰাত উত্তৰ কমলাবাৰী সত্ৰৰ ভকতসকলৰ দ্বাৰা সূত্ৰধাৰী নৃত্য পৰিৱেশন কৰোৱা হৈছিল।

মাধৱদেৱৰ জন্মোৎসৱ

১৯৫৬-৫৭ চনত মাধৱদেৱৰ জন্মোৎসৱত বদলা সত্ৰৰ বৈষ্ণৱসকলে চালি নৃত্য, নটুৱা নাচ আৰু ওজাপালি নৃত্য পৰিৱেশন কৰিছিল। মূল তিথিৰ দিনা অঙ্কীয়া ভাওনা হৈছিল

কাঁচিকটা গাঁৱৰ ৰাইজে ‘জংঘাসুৰ বধ’ ভাওনা পাতিছিল।

সেই বছৰৰে শঙ্কৰদেৱৰ জন্মোৎসৱত সমগ্ৰ পোৰাবিল গাঁৱৰ ৰাইজ মিলি ‘ত্ৰিপুৰাসুৰ বধ, গয়াসুৰৰ পাদপদ্ম লাভ’ ভাওনা পাতিছিল।

ইয়াৰ উপৰি বিভিন্ন সময়ত বিভিন্ন উপলক্ষত গুৰুজনাৰ জন্মস্থানত বয়সীয়ালসকলে ভাওনা প্ৰদৰ্শন কৰিছিল। এইবিলাকৰ ভিতৰত ‘দ্ৰোণ পৰ্ব’, ‘প্ৰবীৰ পতন’, ‘ভীষ্ম পৰ্ব’, ‘শকুনিৰ প্ৰতিশোধ’ ‘কৰ্ণ পৰ্ব’, ‘মহাৰথী কৰ্ণ’ আদি অন্যতম।

গায়ন-বায়ন

এবাৰ শঙ্কৰোৎসৱত প্ৰদৰ্শিত ‘সীতা সয়ম্বৰ’ ভাওনাত আমি গায়ন-বায়ন পৰিৱেশন কৰিছিলোঁ।

উক্ত নাটকত প্ৰয়াত মোহোৰাম নেওগ, তনুৰাম বৰা, বাপুৰাম বৰা, মুহিৰাম হাজৰিকা, মণি বৰা, কলিৰাম দত্ত [সকলোৰে নাম মনলৈ অহা নাই] আদিয়ে ‘জাকৈয়া ৰজা’ৰ ভাও কৰিছিল। আমাৰ পোৰাবিল গাঁৱৰ ৰাইজে থানত কেইবাবাৰো অঙ্কীয়া ভাওনা অনুষ্ঠিত কৰিছিল।

থানৰ পৰিচালক প্ৰয়াত ডিম্ব শইকীয়াই [আতৈ] সূত্ৰ নাচিছিল। তদুপৰি প্ৰয়াত কিনাৰাম আতৈৰ অনুৰোধত পোৰাবিল গাঁৱৰ নামঘৰত বাৰ্ষিক সবাহৰ দিনা অনুষ্ঠিত হোৱা ভাওনাখনো থানত কেইবাবাৰো অনুষ্ঠিত কৰা মনত পৰে।

১৯৫৭-৫৮ চনত ভোলাবৰি, ৰবৰ চাপৰি গাঁৱৰ ৰাইজে শঙ্কৰদেৱৰ জন্মোৎসৱত দুদিন দুখন ভাওনা পাতিছিল।  ভাওনাৰ নাম পাহৰণিৰ গৰ্ভত। উল্লেখ্য যে গুৰুজনাৰ জন্মস্থানত হোৱা উৎসৱসমূহত প্ৰতিবছৰেই বিভিন্ন ঠাইৰ পৰা ৰাইজ আহি ভাওনা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছিল। গাঁওসমূহৰ নাম বৰ্তমান মনত নাই।

১৯৬০ চনত মাধৱদেৱ কৃষ্টি সংঘৰ জন্ম হয়। ইয়াৰ প্ৰথম সভাপতি আছিল মুহিৰাম হাজৰিকা আৰু সম্পাদক আছিল কলিৰাম দত্ত।  সেই একে বছৰতে লেটেকুপুখুৰীত শঙ্কৰী সঙ্গীত বিদ্যালয় প্ৰতিষ্ঠা হয়। ইয়াৰ সভাপতি আছিল থান পৰিচালনা সমিতিত থকা প্ৰয়াত মোহন চন্দ্ৰ ভূঞা আৰু সম্পাদক আছিল প্ৰয়াত তোষেশ্বৰ নেওগ।

১৯৬৬ চনৰ পৰা লেটেকুপুখুৰীত শ্ৰীকৃষ্ণৰ ৰাসলীলা উৎসৱ আৰম্ভ হয়। এই ৰাস থানৰ কীৰ্তন ঘৰত মুকলিকৈ অনুষ্ঠিত হৈছিল।  বদলা সত্ৰৰ পৰা নাটক বিচাৰি আনি পুৰণি ঠাঁচত এই ৰাস অভিনয় কৰা হৈছিল। স্ত্ৰী চৰিত্ৰৰ ভাও পুৰুষেই কৰিছিল। এই ৰাস অভিনয়ে ইমানেই জনপ্ৰিয়তা অৰ্জন কৰিছিল যে পিছলৈ দৰ্শকক নিয়ন্ত্ৰণ কৰিবলৈ সামান্য দৰ্শনী লোৱাৰ ব্যৱস্থা কৰা হৈছিল। সেই কীৰ্তন ঘৰতে অস্থায়ী মঞ্চ সাজি বাৰান্দাত বাঁহৰ বেৰ লগাই ওপৰত টিঙৰ চালি দি ৰাস পতা হৈছিল।

ইয়াৰ পিছত বছৰি দুই- তিনিদিনীয়াকৈ ৰাস অনুষ্ঠিত কৰোঁতে হোৱা অত্যন্ত খৰচলৈ চাই ইয়াক আৰ্থিকীকৰণ কৰাৰ মানস কৰি লগতে ইয়াৰ স্ত্ৰী চৰিত্ৰসমূহ কিশোৰীসকলৰ দ্বাৰা ৰূপায়ণ কৰাৰ প্ৰয়াসেৰে কীৰ্তন ঘৰৰ ভেটিৰ পৰা নমাই আনি কাঠৰ খুঁটা লগাই খেৰ-বাঁহ- বেতেৰে মঞ্চ আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি পূৰ্ণাঙ্গ ৰাসলীলা পাতিবলৈ লোৱা হয়। ইয়াত পৌৰাণিক নাটক আৰু আধুনিক নাটকৰো অভিনয় হয়।

১৯৮০-৮১ চনত চৰকাৰৰ পৰা পোৱা অনুদানেৰে পূৰ্বৰ কাঠ আৰু খেৰ- বাঁহৰ ঘৰ ভাঙি স্থায়ী ৰঙ্গমঞ্চ আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি উলিওৱা হয়। 

১৯৬০ চনৰে পৰা থানত গায়ন-বায়ন, নৃত্য, বৰগীত আদিৰ শিক্ষণ চলিছিল।  শ্ৰী যোগেন বৰা আতৈ, শ্ৰী ফণীধৰ আতৈ আৰু প্ৰয়াত মিঠাৰাম বৰুৱাৰ নেতৃত্বত এই শিক্ষণ কাৰ্য চলিছিল। আশীৰ দশকৰ পৰা এই শিক্ষাসমূহ শঙ্কৰী সঙ্গীত বিদ্যালয়ৰ দ্বাৰা চলোৱা হয় আৰু সঙ্গীত বিদ্যালয়খনিৰ নতুন বিষয়ব্বীয়া নিৰ্বাচনেৰে এখনি শক্তিশালী সঙ্গীত বিদ্যালয় পৰিচালিত হৈ আহিছে। বৰ্তমানপৰ্যন্ত এই সঙ্গীত বিদ্যালয়খনিৰ পৰিচালনাৰ দায়িত্ব স্থানীয় সাংস্কৃতিক কৰ্মী শ্ৰী বেথাৰাম বৰাই বহন কৰি থকা পৰিলক্ষিত হৈছে।

খগেন হাজৰিকায মহাপুৰুষ গুৰুজনাৰ জন্মস্থান আৱিস্কাৰ হোৱাৰ পিছতে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত কমলাকান্ত  দেৱগোস্বামীদেৱৰ তত্ত্বাৱধানত জন্মস্থানত গুৰু দুজনাৰ মহান কলা-কৃষ্টিসমূহ বিশেষকৈ নিত্য প্ৰসংগ, ভাগৱত পাঠ, ঘোষা, নাম- কীৰ্তন আদি পৰিচালনা কৰিবৰ কাৰণে সেই সত্ৰৰে বৈষ্ণৱ ভকত প্ৰয়াত কিনাৰাম হাজৰিকা বুঢ়াভকতক ৰাখিছিল আৰু প্ৰভূ ঈশ্বৰো আহি মাজে মাজে ইয়াত আছিলহি। প্ৰভূ ঈশ্বৰে সেই সময়ৰ বৃদ্ধসকলক লৈ ভাগৱত চৰ্চাৰ কেন্দ্ৰ এটি গঢ় দিছিল যিভাগ অনুষ্ঠান আজিলৈকে চলি আছে। সেই সময়ত ছটা সৰল কাঠৰ খুঁটাৰে এখন চালি দি সজা কীৰ্তনঘৰতে এই সাংস্কৃতিক ক্ৰিয়া-কলাপসমূহ চলিছিল।

অঙ্কীয়া নাট

মহাপুৰুষ গুৰু দুজনাৰ তিথিকে ধৰি অন্যান্য উৎসৱ-পাৰ্বণবোৰত সত্ৰৰ ভকতৰ দ্বাৰা চালি, ঝুমুৰা আদি নৃত্য পৰিৱেশন কৰা হৈছিল। স্থানীয় ৰাইজৰ দ্বাৰা মাতৃভাষাৰ ভাওনা পতাৰ উপৰিও ‘ৰুক্মিণী হৰণ’, ‘পাৰিজাত হৰণ’, ‘সীতা সয়ম্বৰ’, ‘নৃসিংহ যাত্ৰা’ আদি ভাওনাও হৈছিল। ‘ৰুক্মিণী হৰণ’ ভাওনাত মই ৰুক্মিণীৰ ভাও কৰিছিলোঁ, কৃষ্ণৰ ভাও কৰিছিল প্ৰয়াত কিনাৰাম আতৈয়ে। শংকৰ জন্মোৎসৱত ভাওনা প্ৰদৰ্শনৰ বাবে খ’ৰা লাহলিয়াল, জয়পুৰ, মধুপুৰ আদি গাঁৱৰ পৰা ৰাইজ আহিছিল। সেই সময়ত শ্ৰী যোগেন বৰা আতৈয়ে আঞ্চলিক গাঁৱৰ পৰা শিশু-যুৱকক নিমন্ত্ৰণ কৰি আনি শ্ৰী ফণীধৰ আতৈৰ সহযোগত পূৰ্ণাংগ ৰাসৰ আয়োজন কৰিছিল আৰু ৰাইজে বিপুল সঁহাৰি জনাইছিল।

পৰবৰ্তী অংশ

ইয়াৰ লগতে পঢ়কঃ

আকাশ

আকাশ ৰ’দে শুকাই নিয়া আশা বৰষুণে ধুই নিয়া আশা তাৰ পাছে পাছে দৌৰি আমি আমিবোৰ সুখ আৰু দুখৰ এক সমাহাৰ…

মণিকাঞ্চন সংযোগ

মণিকাঞ্চন সংযোগ  শ্ৰীমন্ত শংকৰদেৱৰ লগত মহাপুৰুষ মাধৱদেৱৰ মিলন ঐতিহাসিক মিলন ধুৱাহাটত শ্ৰীমন্ত শংকৰদেৱৰ লগত মহাপুৰুষ মাধৱদেৱৰ মিলন ইতিহাসৰ এক বিৰল ঘটনা। ভাৰতবৰ্ষত…

মাধৱদেৱৰ জন্মস্থান (3rd Part)

মাধৱদেৱৰ জন্মস্থান Read 1st Part and 2nd Part শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থানৰ ইতিবৃত্ত এই সকলো কাম সম্পূৰ্ণ কৰি তুলিবলৈ যথেষ্ট সময়…

মাধৱদেৱৰ জন্মস্থান (2nd Part)

মাধৱদেৱৰ জন্মস্থান Read 1st Part শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থানৰ ইতিবৃত্ত মাধৱদেৱৰ জন্মস্থান ওলোৱাৰ বাতৰি মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান ওলোৱাৰ বাতৰি পাই যোৰহাটৰ বাগ্মীবৰ…

মাধৱদেৱৰ জন্মস্থান (1st Part)

মাধৱদেৱৰ জন্মস্থান শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থানৰ ইতিবৃত্ত বৰ্তমান লক্ষীমপুৰ জিলাৰ পূৰ্বৰ বৰনাৰায়ণপুৰৰ আৰু এতিয়াৰ খেৰাজখাত মৌজাৰ ঐতিহ্যমণ্ডিত সু-প্ৰসিদ্ধ লেটেকুপুখুৰীৰ সমীপস্থ তাহানিৰ…

মানৱতা

মানৱতা আকাশজুৰি ধোঁৱা, ক’লা ধোঁৱাৰ পাহাৰ ধোঁৱাৰ মাজত হেৰাই যায় মানুহ মানুহে পাহৰি পেলায় নিজক পাহৰি যায় নিজৰ দেশক গঢ়ে…

Leave a Comment

error: Content is protected !!